Smell of Poem

Smell of Poem Smell of Poem is the page to express the poems..

29/10/2021
29/10/2021

কিমান জনৰ প্ৰেমত পৰিছে আপুনি...

27/11/2020

-------------- প্ৰাচিন ----------

লাহে লাহে গোট খায়
নগৰৰ বেৰাত প্ৰাচিন প্ৰাচুৰ্য
অনিৰ্দিষ্ট আকাৰত ফুলৰ গোন্ধ
কিবা বিজতৰীয়া ৰঙ এটাত
একোচা আহিনৰ মেঘৰ দৰে কেশ
অৰ্থহীন পৰিসীমাত সপোনৰ মাদল

মাদলৰ ঢৌৱে ঢৌৱে দুখৰ বাৰ্তালাপ
মাদলৰ ঢৌৱে ঢৌৱে দুখৰ বাৰ্তালাপ

কোন চাদৰৰ ভাঁ‌জ খুলি
মৰম ছটিয়াব বৰষুণে
স্বপ্নৰ বেসুৰীয়া চাইৰেন
দিচটিউন হোৱা গিটাৰৰ তাঁ‌ৰবোৰ হৈ
গুনগুনাই বিষাদৰ স্বৰগম

ধনশ্ৰী ৰাগ এটা
"কানাইৰ কমলমুখ পেখিতে নয়ন সুখ"

সেইদিনালৈ মোৰ ওচৰা-উচৰিকৈ আছিল
বিষাদগ্ৰস্থ লাওখোলা এটা লৈ
পেঘেনিয়াই পেঘেনিয়াই সোধি আছিল মোক
উত্তেজনামিশ্ৰিত নাভূত-নাশ্ৰুত
কিছুমান উপদেশ দি মই মুকলি হ'ব বিচাৰিলোঁ

তথাপি দুখৰ কাৰণ নহয় এইবোৰ
ৰঙাহোৱাৰ বেলিকা মোৰ কিবাযেন লাগিব
লাহে লাহে গোট খাব খং, হতাশা

বিৰবিৰোৱা শব্দবোৰে
নগৰৰ বেৰাত কোলাহল কৰিব
"ইচ, তুমি এনেই ধুনীয়া চুলিত আকৌ ৰং কিয়"

সৌ দুৰণিত ৰিণি ৰিণি মাদলৰ লহৰ
সৌ দুৰণিত ৰিণি ৰিণি মাদলৰ লহৰ

দিব্যজ্যোতি ডিব্ৰুৱাল

13/03/2019

Hundoru j fulor montro ohuratri mate
Heiehe eman full private provate

Address

NH52
Tinsukia

Alerts

Be the first to know and let us send you an email when Smell of Poem posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Smell of Poem:

Share