Montu Hazarika

Montu Hazarika Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Montu Hazarika, Arts and entertainment, Tinsukia.

26/09/2025

জুবিন দাৰ মৃত্যুৰ সন্দৰ্ভত উদ্ভৱ হোৱা ৰহস্য আৰু আজিৰ পৰ্যন্ত তাৰ ন্যায় নাহোৱাটো অসমবাসীৰ বাবে অত্যন্ত বেদনাদায়ক। সাধাৰণ জনগণে যি সঁচা ন্যায় বিচাৰি একেলগ হৈ প্ৰতিবাদ কৰিছে, তাৰ ওপৰত দমনমূলক ব্যৱস্থা, লাঠিচাৰ্জ বা অন্যায় আচৰণ কোনো দিশৰে ন্যায়সঙ্গত নহয়। গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰিব লাগিছিল কাক কৰিলে কাক ? পিঠি ফালিব লাগিছিল কাক কৰিলে কাক ?অপৰাধীক গ্ৰেপ্তাৰ কৰিব লাগে, সাধাৰণ জনগণক নহয়। চৰকাৰৰ মুখ্য দায়িত্ব হৈছে সত্য উন্মোচন কৰি, সমাজৰ প্ৰাণস্পন্দন জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত কৰি জনগণক স্পষ্ট উত্তৰ দিয়া।

জুবিন দা কেৱল এজন শিল্পী নহয়, তেওঁ আছিল অসমবাসীৰ হিয়াৰ স্পন্দন। তেওঁৰ সুৰ, সংগীত আৰু আদৰ্শ আমাৰ সাংস্কৃতিক পৰিচয়ৰ অংশ। এনে এজন শিল্পীৰ মৃত্যুক ঘিৰি সন্দেহ-সংশয় থাকিলে, জনতাৰ মনত আস্থাৰ সংকট স্বাভাৱিকভাৱে জন্ম লয়। যদি চৰকাৰেই ন্যায়ৰ প্ৰতি দায়িত্ববান নহয়, যদি জনতাৰ সঁচা প্ৰশ্নক উপেক্ষা কৰা হয়, তেন্তে গণতন্ত্রৰ মূূল উদ্দেশ্যই প্রশ্নৰ সন্মুখীন হয়।

অসম কোনোদিনো নেপালৰ দৰে অস্থিৰতা আৰু জনআস্থাহীনতাৰ পথত নামি যোৱাটো কাম্য নহয়। সেইকাৰণে, চৰকাৰে উচিত ন্যায়ক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া আৰু জুবিন দাৰ মৃত্যুৰ ৰহস্য সম্পূর্ণৰূপে উন্মোচন কৰা। নতুবা, জনতাৰ ক্ষোভ আৰু আস্থা দুয়ো একেলগে চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰিত হব পাৰে ?

জনতাই ভোট দিয়ে এটা শক্তিশালী, সচ্চৰিত্ৰ আৰু দায়িত্ববান চৰকাৰ গঠন কৰে । যদি সেই চৰকাৰে কেৱল নিজৰ স্বার্থ, ধন-সম্পত্তি সংগ্ৰহ বা ব্যক্তিগত সুবিধাক অগ্ৰাধিকাৰ দিয়ে, তেন্তে জনতাৰ দায়িত্ব হ'ল সজাগ হ'ব আৰু প্ৰয়োজনে সেই চৰকাৰক ভংগ কৰাৰ বাবে একত্ৰিত হ'ব। গণতন্ত্রত জনতাই শেষ শব্দ।

আজিৰ এই সময়ত প্ৰয়োজন হৈছে একতাবদ্ধ সচেতনতা। যদি ৰাইজে একেলগে সঁচা ন্যায়ৰ বাবে দঢ়ভাৱে থিয় হয়, তেন্তে কোনো শক্তিয়ে সেই ন্যায় বঞ্চিত কৰিব নোৱাৰে। জুবিন গাৰ্গৰ ন্যায় বিচাৰ জনতাৰ ন্যায় বিচাৰ, আৰু সেই ন্যায় অবশ্যে প্ৰতিষ্ঠা হ'ব লাগিব।

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when Montu Hazarika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share