Farhan Javed

Farhan Javed মই ফাৰহান জাৱেদ। সমাজ আৰু শিল্প এটা আনটোৰ পৰিপূৰক। মই সমাজ আৰু শিল্পৰ সাধক।

27/08/2022

শ্ৰদ্ধা আৰু মৰমৰ সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ তিনিটা ফেচবুক একাউণ্ট ফেচবুকে বন্ধ কৰি দিলে। মই ফেচবুক ব্যৱহাৰ কৰাৰ পৰা এতিয়ালৈক সমাজবিৰোধী, সমাজত বিষ-বাষ্প বিয়পাব পৰা ধৰণৰ কোনো কাম-কাজ কৰা নাই, তেনে কোনো প'ষ্ট দিয়া, ফেচবুকৰ কমিউনিটি ষ্টেণ্ডাৰ্ড হানিকাৰক কোনো ফটো, ভিডিঅ' অপল'ড কৰা নাই। তথাপি নাজানো কোনে কিয় মোৰ একাউণ্টকেইটাত ৰিপৰ্ট কৰিছে- যাৰ ফলত মোৰ পুৰণি একাউণ্টটো বন্ধ কৰি দিলে। সেই একাউণ্টটো বন্ধ হোৱাৰ পাছত ১ আগষ্ট তাৰিখে এটা একাউণ্ট খুলিছিলো, সেইটোও এদিনৰ ভিতৰতে বন্ধ কৰি দিলে, পুনৰ ১৬ আগষ্ট তাৰিখে এটি একাউণ্ট খুলিছিলোঁ। সেইটোও কালি বন্ধ কৰি দিলে। এইদৰে মোৰ দৰে সাধাৰণ মানুহ এটাৰ প্ৰতি কোনে কি উদ্দেশ্যত শত্ৰুতা কৰিছে মই বুজি পোৱা নাই।
আজি উপায় নোপোৱাত এই ফেচবুক পেজটো খুলিবলৈ বাধ্য হ'লোঁ। আশা কৰো আপোনালোকে আদৰি ল'ব মোক।

শ্ৰদ্ধাসহকাৰে
ফাৰহান জাৱেদ
বিহগুৰি, তেজপুৰ

Address

Village : Gabharu Sivmandir
Tezpur
784153

Website

Alerts

Be the first to know and let us send you an email when Farhan Javed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share