KaviKrishna Living Muga Museum

KaviKrishna Living Muga Museum KaviKrishna living muga museum was established in the year 2010 at Tantipara, Sualkuchi, Assam. KKMM

Today, our team at the KaviKrishna Living Muga Museum has hosted the participants of the Ashtalakshmi Darshan Youth Exch...
24/03/2026

Today, our team at the KaviKrishna Living Muga Museum has hosted the participants of the Ashtalakshmi Darshan Youth Exchange Programme and demonstrated the heritage and silk-weaving culture of Sualkuchi. The participants were from Chatishgarh and Delhi, led by IIT Guwahati.

শুৱালকুছি তাঁতীপাৰা অঞ্চলৰ তাঁতশিল্পী মৃদুল ওজাৰ  আকস্মিক বিয়োগত সমূহ  কবিকৃষ্ণ পৰিয়াল বৰ্গ মৰ্মাহত হৈছোঁ।  এগৰাকী শিপিন...
13/11/2025

শুৱালকুছি তাঁতীপাৰা অঞ্চলৰ তাঁতশিল্পী মৃদুল ওজাৰ আকস্মিক বিয়োগত সমূহ কবিকৃষ্ণ পৰিয়াল বৰ্গ মৰ্মাহত হৈছোঁ।

এগৰাকী শিপিনীৰ সংগ্ৰামী জীৱনৰ পৰিসমাপ্তি ঘটিল। বিগত বহু বছৰ ধৰি আপুনি এগৰাকী অভিজ্ঞ তাঁত-শিল্পী হিচাপে কবিকৃষ্ণ জীৱন্ত মুগা সংগ্ৰহালয়ত জড়িত হৈ শিল্পকলাৰে তাঁতশালক শোভাবৰ্ধন কৰিছিল। অনুস্থানটিৰ উদ্দেশ্যক আগবঢ়াই লৈ যোৱাত আপোনাৰ অনবদ্য অৰিহণাৰ বাবে আমি ধন্য হৈছোঁ।
আপোনাৰ অবদান তাঁতীপাৰা অঞ্চলৰ লগতে তাঁতশিল্পৰ ক্ষেত্ৰখনত সদায় জীৱিত হৈ থাকিব। উল্লেখ্য যে আপোনাৰ স্পষ্টবাদী মনোভাৱে আপোনাক অন্যতকৈ পৃথক কৰি তুলিছিল।

সদৌ শেষত আপোনাৰ পৰিয়ালবৰ্গলৈ কবিকৃষ্ণৰ তৰফৰ পৰা সমাবেদনা জ্ঞাপন কৰাৰ লগতে আপোনাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

ঔম শান্তি ঔম শান্তি ঔম শান্তি।।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰত বোধ কনক্লেভত 'খিলঞ্জীয়া সংস্কৃতি আৰু খিলঞ্জীয়া জ্ঞান প্ৰণালী...
13/02/2025

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰত বোধ কনক্লেভত 'খিলঞ্জীয়া সংস্কৃতি আৰু খিলঞ্জীয়া জ্ঞান প্ৰণালী ভিত্তিক ভাৰতৰ জীৱিকাি' শীৰ্ষক প্ৰদৰ্শনীত কবিকৃষ্ণ জীৱন্ত মুগা সংগ্ৰহালয়ৰ তৰফৰ পৰাও মুগা-শিল্পৰ সামগ্ৰিক প্ৰক্ৰিয়াসমূহ জীৱন্তৰূপত প্ৰদৰ্শন কৰে। এইক্ষেত্ৰত কবিকৃষ্ণ জীৱন্ত মুগা সংগ্ৰহালয়ৰ মল্লিকা মৰলৰ তত্বাৱধানত অভিজ্ঞ মুগা-শিল্পী চিত্ৰা কলিতা বাইদেউ আৰু লখেই বেজবৰুৱা বাইদেৱে অতি সূচাৰুৰূপে সামগ্ৰিক প্ৰক্ৰিয়াটি সকলোৰে সন্মুখত ব্যক্ত কৰে।

10/02/2025

শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ অনুস্থিত হোৱা ভাৰতবোধ অনুষ্ঠানটিৰ ND24 ৰ বিশেষ এক প্ৰতিবেদন

https://www.facebook.com/share/v/1BQfNyedxA/?mibextid=wwXIfr

Dr. Joseph J. Barchi, Jr from the Center for Cancer Research, USA, and Professor Roland J. Pieters from the Netherlands ...
08/12/2024

Dr. Joseph J. Barchi, Jr from the Center for Cancer Research, USA, and Professor Roland J. Pieters from the Netherlands visited the Kavikrishna Living Muga Museum, where they were introduced to the traditional process of muga silk production. We demonstrated how we are reviving the muga culture while integrating it as a therapeutic activity for cancer patients.

Their visit also included Ishwar Shri Shri Hatisatra, where they experienced the essence of Satra culture. Satradhikar Rajib Lochan Santa Bap graciously welcomed them, shared insights into Satra traditions, and blessed us with Prasad. Both dignitaries commended our commitment and innovative approach to supporting cancer patients through cultural and therapeutic initiatives.

অতীজৰে পৰা প্ৰাচীন ভাৰতৰ লগতে দক্ষিণ-পূৱ এছিয়াৰ মন্দিৰসমূহৰ পৱিত্ৰ ধৰ্মীয় কাৰ্যত মুগা বস্ত্ৰ প্ৰচলনৰ পৰম্পৰা আছিল। শুৱাল...
10/05/2024

অতীজৰে পৰা প্ৰাচীন ভাৰতৰ লগতে দক্ষিণ-পূৱ এছিয়াৰ মন্দিৰসমূহৰ পৱিত্ৰ ধৰ্মীয় কাৰ্যত মুগা বস্ত্ৰ প্ৰচলনৰ পৰম্পৰা আছিল। শুৱালকুছি-হাজোৰ ৭ টাকৈ প্ৰাচীন মন্দিৰৰ গোঁসাইৰ বেদীত মুগা বস্ত্ৰ দান কৰিছিল, য’ত ভাৰতৰ ৰাম মন্দিৰ আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এই অঞ্চলৰ কেইগৰাকীমান জ্যেষ্ঠ স্বয়ংসেৱক শ্ৰীযুত দীনেশ বৈশ্য, শ্ৰীযুত পৰমেশ ঠাকুৰীয়া, শ্ৰীযুত চুৰেন কলিতা, শ্ৰীযুত চন্দ্ৰকান্ত মহন্ত উপস্থিত থাকে। আজি অযোধ্যাৰ সেই ৰাম মন্দিৰতেই শ্ৰীৰামৰ পৱিত্ৰ প্ৰতিমূৰ্ত্তিত মুগাবস্ত্ৰ পৰিধান কৰোৱা দেখি আমাৰ সচাকৈয়ে ভাল লাগিছে যে, আমি যিটো কাম কৰিব বিচাৰিছিলো সেই কামটো ধুনীয়াকৈ আগবাঢ়ি গৈছে। আমি আশা কৰিছো কেৱল ৰামমন্দিৰতেই নহয় আগন্তুক দিনত ভাৰতৰ বিভিন্ন মঠ-মন্দিৰৰ লগতে ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীসমুহতো যাতে মুগাবস্ত্ৰৰ ব্যৱহাৰ হয় আৰু মুগাৰ ধৰ্মীয় আৰু স্বাস্থ্যসন্মত দিশটো উদ্ভাসিত হোৱাৰ লগতে হেৰাই যাব ধৰা মুগা সংস্কৃতি পুনৰোজ্জীৱিত হয়।

যোৱা ১৯ জানুৱাৰী ২০২৪ তাৰিখ শুক্ৰবাৰে ভাৰত চৰকাৰৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ আচনিৰ অধীনত ‘যুৱ সংগম’ অনুষ্ঠানৰ জৰিয়তে আই. আই....
20/01/2024

যোৱা ১৯ জানুৱাৰী ২০২৪ তাৰিখ শুক্ৰবাৰে ভাৰত চৰকাৰৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ আচনিৰ অধীনত ‘যুৱ সংগম’ অনুষ্ঠানৰ জৰিয়তে আই. আই. টি. গুৱাহাটীৰ নেতৃত্বত শিক্ষাৰ্থী-শিক্ষক সহিতে মহাৰাষ্ট্ৰৰ ৬০ জনীয়া এটি দলে শুৱালকুছিস্থিত কবিকৃষ্ণ জীৱন্ত মুগা সংগ্ৰহালয় পৰিদৰ্শন কৰি মুগা-শিল্পৰ লগত জড়িত সামগ্ৰিক প্ৰক্ৰিয়াৰ বুজ লোৱাৰ লগতে স্থানীয় মুগা শিল্পীসকলৰ লগতো মত বিনিময় কৰে।

On January 19, 2024, as part of the Ek Bharat Shreshtha Bharat initiative led by IIT Guwahati, 60 students and teachers from Maharashtra visited KaviKrishna Living Muga Museum at Sualkuchi. They observed the process of Muga culture and also interacted with local artists.

Some memorable moments from our  KaviKrishna Living Muga Museum showcase exhibition venued at Sualkuchi, Balisar from 24...
04/10/2023

Some memorable moments from our KaviKrishna Living Muga Museum showcase exhibition venued at Sualkuchi, Balisar from 24th to 29th September on the Occasion of 575th Manifestation of Mahapurush Srimanta Sankar dev 100th year Janmotsav. We thank everyone who joined us and helped us in making this Exhibition showcase a success.

কেন্দ্ৰীয় চৰকাৰৰ "এ'ক ভাৰত শ্ৰেষ্ঠ ভাৰত"ৰ "যুৱ সংগম" অনুষ্ঠানৰ অধীনত আই. আই. টি. গুৱাহাটীৰ সমন্বয়ত আৰু কবিকৃষ্ণ গৱেষণা স...
04/03/2023

কেন্দ্ৰীয় চৰকাৰৰ "এ'ক ভাৰত শ্ৰেষ্ঠ ভাৰত"ৰ "যুৱ সংগম" অনুষ্ঠানৰ অধীনত আই. আই. টি. গুৱাহাটীৰ সমন্বয়ত আৰু কবিকৃষ্ণ গৱেষণা সংগঠনৰ নেতৃত্বত জন্মু-কাশ্মীৰ, গুজৰাট আৰু কৰ্ণাটকৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ ১৬৫ গৰাকী শিক্ষাৰ্থী আৰু ৩০ গৰাকী অধ্যাপক-অধ্যাপিকা লগতে আই. আই. টি. গুৱাহাটীৰ বিষয়ববীয়া সহিতে সৰ্বমুঠ ১৯৫ গৰাকী পৰ্যটকে শুৱালকুছিৰ হস্ততাঁত বস্ত্ৰ-শিল্পটিৰ বুজ লোৱাৰ উদ্দেশ্যে কবিকৃষ্ণ জীৱন্ত মুগা সংগ্ৰহালয় পৰিদৰ্শন কৰে। শুৱালকুছিৰ হাটীসত্ৰ, তাঁতীপাৰাস্থিত কবিকৃষ্ণ জীৱন্ত মুগা সংগ্ৰহালয়ত প্ৰৱেশ কৰি মুগা-শিল্পটিৰ সমগ্ৰ প্ৰক্ৰিয়াটিৰ বুজ লোৱাৰ লগতে শুৱালকুছিৰ বহুকেইগৰাকী মুগা আৰু পাট শিল্পীসকলৰ লগতো মত-বিনিময় কৰে। এই অনুষ্ঠানৰ লগতেই সংগতি ৰাখি কবিকৃষ্ণ গৱেষণা সংগঠনৰ চাৰিগৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ গৱেষণাৰ বিষয়সমুহৰ ওপৰতো আলোকপাত কৰে।

On Friday, March 3rd, 2023, 165 students and 30 faculty members from across India came to visit the KaviKrishna Living Muga Museum located in Hatisatra, Tantipara of Sualkuchi. The students were from various Indian states (Jammu & Kashmir, Gujurat, and Karnataka) and had been traveling together under the "Yuva Sangam" program of "Ek Bharat Shreshtha Bharat," initiated by the government of India. They stayed in Assam under the guidance of the IIT-Guwahati institute, which collaborated with the KaviKrishna Research Organization to bring them to Sualkuchi. During the visit, they interacted with muga and pat artists to learn about the area's traditional silk culture and listened to four of KaviKrishna's prospective PhD students present posters about their ongoing research.

KaviKrishna Lab
IIT Guwahati
Ek Bharat Shreshtha Bharat

Sonali Das, a US-India exchange student of KaviKrishna lab, India is beautifully explaining the vision and activities of...
15/02/2023

Sonali Das, a US-India exchange student of KaviKrishna lab, India is beautifully explaining the vision and activities of KaviKrishna living muga museum, Sualkuchi

https://youtu.be/PyFVMYexanA

Sonali Das, a US-India exchange student of KaviKrishna lab, India is beautifully explaining the vision and activities of KaviKrishna living muga museum, Sual...

Address

College Road, Near Hatisatra, Sualkuchi
Sualkuchi

Opening Hours

Monday 9am - 6pm
Tuesday 9am - 6pm
Wednesday 9am - 6pm
Thursday 9am - 6pm
Friday 9am - 6pm
Saturday 9am - 6pm
Sunday 9am - 6pm

Telephone

+916003747915

Alerts

Be the first to know and let us send you an email when KaviKrishna Living Muga Museum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to KaviKrishna Living Muga Museum:

Share