10/11/2025
এটি প্ৰজন্মই তেতিয়াহে এখন সমাজ সুস্থ ভাৱে আগবঢ়াই লৈ যাব পাৰিব যেতিয়া সেই প্ৰজন্মই পাঠ্যপুথি জ্ঞানৰ সমান্তৰাল ভাৱে শাৰীৰিক ,মানসিক,বৌদ্ধিক জ্ঞান অৰ্জন কৰিব । শিশু এটিৰ সৰ্বাংগীন বিকাশে সঁচা অৰ্থত এজন ভাল মানুহলৈ ৰূপান্তৰ কৰিব পাৰে।
সেই চিন্তাকে আগত ৰাখি আমাৰ গাঁওৰ ৰাইজৰ সহযোগত লগতে কেইজনমান বিশেষ ব্যক্তিৰ নেতৃত্বত এটি মইনা পাৰিজাতৰ শাখা গঠন কৰা হ'ল যিটোৱে গাওঁখনৰ এটি অভাৱ নোহোৱা কৰিলে । প্ৰায় ৭৮ গৰাকী মইনাৰে গঠন হ'ল আমাৰ এই 'জ্ঞানজ্যোতি মইনা পাৰিজাত' ।গাঁও খনৰ লগতে সমাজৰ উঠি অহা কণ কণ মইনা সকলক আগবঢ়াই লৈ যোৱাৰ চেষ্টা সদায় থাকিব আমাৰ ফালৰ পৰা,মাথো আৰ্শীবাদ কৰিব আপোনালোকে🙏