Sur Samalaya Resource Centre for Arts

Sur Samalaya Resource Centre for Arts Sur Samalaya Resource Centre for Arts
Works on indigenous musical instruments & musical heritage. Sivasagar, Assam. Contact: 9678645708/9435716144

চাহ জনগোষ্ঠীয় লোকসংস্কৃতিৰ পুৰোধা সাধক, বিশিষ্ঠ গায়ক তথা অসম চাহ মজদুৰ সংঘৰ সম্পাদক ভদ্র ৰাজোৱাৰ ডাঙৰীয়া উচ্চৰক্তচাপ জনি...
04/08/2026

চাহ জনগোষ্ঠীয় লোকসংস্কৃতিৰ পুৰোধা সাধক, বিশিষ্ঠ গায়ক তথা অসম চাহ মজদুৰ সংঘৰ সম্পাদক ভদ্র ৰাজোৱাৰ ডাঙৰীয়া উচ্চৰক্তচাপ জনিত কাৰনত অসুস্থ হৈ শিৱসাগৰৰ চুকাফা চিকিৎসালয়ত যোৱা ৯ জুলাইৰ পৰা চিকিৎসাধীন হৈ আছে। দুটা জটিল অস্তোপ্ৰচাৰৰ পিছতো চিকিৎসা প্ৰক্ৰিয়া অধিক দীঘলীয়া হৈ যোৱাৰ বাবে পৰিয়ালটো বাৰুকৈয়ে বিপদত পৰিছে।আপোনালোকৰ অলপমান সহায়ে শিল্পীগৰাকীক বিপদৰ পৰা উদ্ধাৰ কৰিব।

02/08/2026

এটি অসহায় পৰিয়ালৰ কাষত থিয় হওঁ আহক।

প্ৰলয়ংকৰী বানে শিৱসাগৰ জিলাৰ বহু পৰিয়ালৰ সপোন ধ্বংস কৰাৰ দৰে দৰিকাপৰীয়া নিমাইজান জেং বিহু দ’লৰ প্ৰতিভাশালী নাচনী তথা একাদশ শ্ৰেণীৰ ছাত্ৰী বৰষা গগৈৰ পৰিয়ালটোকো বিধ্ৱস্থ কৰি পেলাইছে।

নিমাইজান নিবাসী দেউতাকবিহীন এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিল মাকৰ সৰু বাঁহৰ দোকানখন। কিন্তু বানে দোকানখনৰ লগতে তেওঁলোকৰ ঘৰখনো ভাঙি লৈ গ’ল। আজিৰ তাৰিখত মাকে দুটা সন্তানক লৈ অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে।

এতিয়া তেওঁলোকৰ সৰ্বাধিক প্ৰয়োজন এখন নিৰাপদ ঘৰ আৰু পুনৰ জীৱন আৰম্ভ কৰাৰ এক সৰু আশাৰ পোহৰ।

🙏 আপোনাৰ সামান্য সহায়ো এই পৰিয়ালটোৰ বাবে অমূল্য।
এটি ভাগ-বতৰা (Share) কৰিলেও হয়তো সহায়ৰ হাত আগবঢ়াব পৰা এজন মানুহৰ ওচৰলৈ এই আবেদন পৌঁছিব।

আহক, মানৱতাৰ স্বাৰ্থত একেলগে থিয় হওঁ। ❤️

Video by: Horipriya Gogoi

02/08/2026

Still under water

24/07/2026

🚨 DONATE & HELP: TRAPPED VILLAGERS NEED WATER & FOOD🚨

Relief teams & donors: Please reach inner villages! Families trapped inside cannot reach main roads.

📍 Nimaijan Village:70+ trapped

📍 Betbari Balibat Chariali / Tamuli Phukuri: 80+ trapped
🤝 NEED:Clean drinking water & ready-to-eat food

🟡 KNOW OTHER AFFECTED VILLAGES?🟡

💬 Name the village & details in the COMMENTS!

📢 PLEASE SHARE NOW TO ALERT DONORS!🙏

Akhil GogoiSuruj DehingiaAtanu BorahHimanta Biswa SarmaCMO AssamBimal Borah

শিৱসাগৰৰ বেটবাৰী, তামুলী পুখুৰী, ৰবি গাও অঞ্চলত আবদ্ধ হৈ পৰিছে বহুকেইটা পৰিয়াল॥ বয়সস্থ লোক আছে। যোৱাকালিৰ পৰা খোৱাপানী ন...
22/07/2026

শিৱসাগৰৰ বেটবাৰী, তামুলী পুখুৰী, ৰবি গাও অঞ্চলত আবদ্ধ হৈ পৰিছে বহুকেইটা পৰিয়াল॥ বয়সস্থ লোক আছে। যোৱাকালিৰ পৰা খোৱাপানী নাই। অতিশীঘ্ৰেই উদ্ধাৰৰ ব‍্যবস্হা কৰক।
NDRF Rescuers Akhil Gogoi Sushanta Borgohain

আজিৰ এই বিশেষ মুহূৰ্তত সুৰ সমলয় পৰিয়ালৰ প্ৰতিজন সদস্যই গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছে।❤️আমাৰ কণমানি শিল্পীসকল,প্ৰথম দিনৰ প...
20/07/2026

আজিৰ এই বিশেষ মুহূৰ্তত সুৰ সমলয় পৰিয়ালৰ প্ৰতিজন সদস্যই গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছে।❤️

আমাৰ কণমানি শিল্পীসকল,প্ৰথম দিনৰ পৰাই সুৰ সমলয়ৰ সৈতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল।আজি তেওঁলোকৰ মাজৰে এজন শিক্ষাৰ্থীয়ে বাঁহীত বিশাৰদ ডিগ্ৰী লাভ কৰি আমাৰ সকলোকে গৌৰৱান্বিত কৰিছে। এই সাফল্য কেৱল এটা ডিগ্ৰী নহয়, ই নিষ্ঠা, অধ্যৱসায় আৰু সংগীতৰ প্ৰতি অক্লান্ত ভালপোৱাৰ এক সুন্দৰ স্বীকৃতি।

তেওঁলোকৰ এই সাফল্য আমাৰ বাবে অপাৰ গৌৰৱৰ বিষয়। এই যাত্ৰাত আমাৰ ওপৰত বিশ্বাস ৰাখি সদায় সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী অভিভাৱকলৈ আৰু নিজৰ আশীৰ্বাদ, দিশনিৰ্দেশনা তথা অনুপ্ৰেৰণাৰে এই কণমানি প্ৰতিভাসমূহক গঢ়ি তোলা শ্ৰদ্ধাৰ গুৰুসকললৈ আন্তৰিক কৃতজ্ঞতা।আমাৰ দৃঢ় বিশ্বাস, এদিন তেওঁলোক প্ৰতিজনে নিজৰ নিজৰ ক্ষেত্ৰত উজলি উঠিব। ✨🎶

13/07/2026
১২ জুলাই ২০২৬ তাৰিখে শিৱসাগৰ নাট্যমন্দিৰত ৰাগৰাগিনী সংগীত শিক্ষাকেন্দ্ৰই আয়োজন কৰা অংকীয়া ভাওনা " কালিয় দমন " নাটত সুৰ...
13/07/2026

১২ জুলাই ২০২৬ তাৰিখে শিৱসাগৰ নাট্যমন্দিৰত ৰাগৰাগিনী সংগীত শিক্ষাকেন্দ্ৰই আয়োজন কৰা অংকীয়া ভাওনা " কালিয় দমন " নাটত সুৰ সমলয় কলা সংস্হানৰ শিক্ষাৰ্থীসকলে গায়ন-বায়ন প্ৰদৰ্শন কৰে ।
এই আপাহতে ৰাগ ৰাগিনী শিক্ষাকেন্দ্ৰৰ অধ‍্যক্ষAnudhriti Mahanta বাইদেউলৈ অশেষ ধ‍ন‍্যবাদ আৰু কৃতজ্ঞতা জনালোঁ 🙏🏼🙏🏼

Address

Sur Samalaya Resource Centre For Arts
Sibsagar
785640

Alerts

Be the first to know and let us send you an email when Sur Samalaya Resource Centre for Arts posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Sur Samalaya Resource Centre for Arts:

Shortcuts

Share