chintu_thappa

Directions

chintu_thappa Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from chintu_thappa, Art, Sibsagar.

আজি দ্বিতীয় দিন — ২৭ জুলাইগুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা (PGSU) আৰু অসম আৰক্ষী (পশ্চিম গুৱাহাটী আৰক্ষী জ...
27/07/2026

আজি দ্বিতীয় দিন — ২৭ জুলাই

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা (PGSU) আৰু অসম আৰক্ষী (পশ্চিম গুৱাহাটী আৰক্ষী জিলা)-ৰ যৌথ উদ্যোগত শিৱসাগৰ জিলাৰ বানপীড়িত অঞ্চলসমূহত দ্বিতীয় দিনাও অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়।

প্ৰাকৃতিক দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় হোৱাৰ ক্ষুদ্ৰ প্ৰচেষ্টা আমাৰ বাবে কেৱল এটা কাৰ্যসূচী নহয়, বৰঞ্চ মানৱতা, সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাৰ এক আন্তৰিক প্ৰকাশ।

এই মহৎ অভিযান সফল কৰি তুলিবলৈ যিসকল ব্যক্তি, স্বেচ্ছাসেৱক, শুভাকাংক্ষী আৰু সহায়-সহযোগিতা আগবঢ়াইছে, তেওঁলোক প্ৰতিগৰাকীলৈ আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

মানুহৰ কাষত, মানৱতাৰ স্বাৰ্থত — এই যাত্ৰা অব্যাহত থাকিব। ❤️

কিছুদিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক মহোদয় তথা সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বিশ্ববিদ্যালয় চৌ...
15/07/2026

কিছুদিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক মহোদয় তথা সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বিশ্ববিদ্যালয় চৌহদৰ বিভিন্ন স্থানত পৰ্যাপ্ত সংখ্যক ডাষ্টবিন স্থাপনৰ দাবীত এখন আবেদন পত্ৰ দাখিল কৰা হৈছিল।
উক্ত আবেদনৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জালুকবাৰীৰ পৰা সাত মাইললৈকে বিস্তৃত মুখ্য পথৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ইতিমধ্যে ডাষ্টবিন স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও, অনাগত দিনসমূহত বিশ্ববিদ্যালয়ৰ সকলো আবাস-নিবাস, বিভাগ, শৈক্ষিক ভৱন তথা অন্যান্য প্ৰয়োজনীয় স্থানসমূহতো পৰ্যায়ক্ৰমে ডাষ্টবিন স্থাপন কৰা হ'ব বুলি কৰ্তৃপক্ষই অৱগত কৰিছে।

পৰিষ্কাৰ-পৰিচ্ছন্ন, সুস্থ আৰু পৰিৱেশ-অনুকূল বিশ্ববিদ্যালয় গঢ়ি তোলাৰ দিশত গ্ৰহণ কৰা এই সময়োপযোগী আৰু প্ৰশংসনীয় পদক্ষেপৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

🌎

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা (PGSU)-ৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ড...
10/07/2026

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা (PGSU)-ৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

শিক্ষাৰ্থীসকলৰ সামগ্ৰিক কল্যাণৰ স্বাৰ্থত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ অধিক উন্নয়ন, পাঁচবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম (FYIMP)-ৰ শিক্ষাৰ্থীসকলক Fee Waiver Scheme-ৰ আওতালৈ অন্তৰ্ভুক্ত কৰা, নতুন ছাত্ৰী নিবাস নিৰ্মাণ, ছাত্ৰ-ছাত্ৰীৰ আবাসিক আৰু শৈক্ষিক সুবিধাৰ সম্প্ৰসাৰণকে ধৰি বিভিন্ন শিক্ষাৰ্থী-কেন্দ্ৰিক উন্নয়নমূলক পদক্ষেপ গ্ৰহণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ জনোৱা হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ বাবে ₹১,০০ কোটি টকাৰ ঐতিহাসিক অনুদান ঘোষণাই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক উৎকৰ্ষ, গৱেষণা, উদ্ভাৱন আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এক উন্নত, আধুনিক আৰু উৎকৰ্ষমুখী গুৱাহাটী বিশ্ববিদ্যালয় গঢ়ি তোলাৰ এই যাত্ৰাত অসম চৰকাৰৰ আন্তৰিক সহযোগিতা আগন্তুক দিনতো অব্যাহত থাকিব বুলি আমি আশাবাদী।

অহা ৮, ৯ আৰু ১০ জুলাইত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো...
07/07/2026

অহা ৮, ৯ আৰু ১০ জুলাইত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা।
আত্মবিশ্বাসেৰে নিজৰ সৰ্বোত্তম প্ৰয়াস আগবঢ়োৱা আৰু সপোন পূৰণৰ দিশে দৃঢ়তাৰে আগবাঢ়ি যোৱা। সফলতা তোমালোকৰ সংগী হওক।

Best wishes to all candidates appearing for the Gauhati University Postgraduate Entrance Examination on 8th, 9th, and 10th July.
Face the examination with confidence, give your very best, and move forward with determination towards your dreams. May success always be with you.

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী চৰণ বড...
28/06/2026

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী চৰণ বড়ো ডাঙৰীয়াৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দীৰ্ঘদিনীয়া যাতায়াত-সংক্ৰান্ত সমস্যাসমূহৰ বিষয়ে সবিস্তাৰে অৱগত কৰোৱা হয়।

সাক্ষাৎকালত বৰ্তমান চলি থকা বিনামূলীয়া বাছ সেৱাক অধিক সুসংগঠিত, নিয়মীয়া আৰু ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ সুবিধাৰ্থে বাছৰ সংখ্যা বৃদ্ধি কৰি বিনামূলীয়া সেউজ বাছ (Green Bus) সেৱা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰা হয়।

মাননীয় মন্ত্ৰীগৰাকীয়ে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি ইতিবাচক সঁহাৰি প্ৰকাশ কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যাৰ এক স্থায়ী আৰু ফলপ্ৰসূ সমাধানৰ দিশত এই পদক্ষেপ এক তাৎপৰ্যপূৰ্ণ আৰম্ভণি হ'ব বুলি আমি দৃঢ়ভাৱে আশাবাদী।

Charan Boro
Himanta Biswa Sarma

আজি আমাৰ আৱাস, লক্ষ্মীনাথ বেজবৰুৱা অসম আৰ্হি ৪ নং ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী তথা বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্...
25/06/2026

আজি আমাৰ আৱাস, লক্ষ্মীনাথ বেজবৰুৱা অসম আৰ্হি ৪ নং ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী তথা বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ । সাক্ষাৎকালত তেখেতৰ সৈতে আৱাসজীৱনৰ বিভিন্ন স্মৃতি আৰু অভিজ্ঞতাৰ বিষয়ে মত বিনিময় কৰোঁ, লগতে বৰ্তমান বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা, বিশেষকৈ FYIMP আৰু FYUGP সম্পৰ্কীয় জটিলতা আৰু অসুবিধাসমূহৰ বিষয়েও তেখেতক অৱগত কৰা হয়। তেখেতে বিষয়সমূহ মনোযোগ সহকাৰে শুনি ইতিবাচক সমৰ্থন প্ৰকাশ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ন্যায্য দাবী আৰু সমস্যাসমূহৰ প্ৰতি সহমৰ্মিতা আৰু সমৰ্থন আগবঢ়ায়। তেখেতক তেওঁৰ আজিৰ দিনটোৰ মূল্যৱান সময়, পৰামৰ্শ আৰু সহযোগিতাৰ বাবে আৱাসৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

Atul Bora

"প্ৰকৃতিৰ সুৰক্ষা মানেই মানৱজাতিৰ সুৰক্ষা।"বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়...
05/06/2026

"প্ৰকৃতিৰ সুৰক্ষা মানেই মানৱজাতিৰ সুৰক্ষা।"

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আজি এক বৃক্ষৰোপণ আৰু স্বচ্ছতা অভিযান কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়।

উক্ত কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত ডাঙৰীয়াৰ লগতে পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, বিভিন্ন বিভাগৰ সন্মানীয় অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, গৱেষক তথা ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, সেউজীয়া আৰু সুস্থ পৰিৱেশ গঢ়ি তোলা, লগতে পৰিচ্ছন্নতাৰ প্ৰতি সামাজিক দায়বদ্ধতা বৃদ্ধি কৰাৰ এক তাৎপৰ্যপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰা হয়। প্ৰকৃতিৰ সুৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সমূহীয়া অংশগ্ৰহণৰ গুৰুত্বক পুনৰবাৰ সোঁৱৰাই এই পদক্ষেপে এক সচেতন আৰু দায়িত্বশীল সমাজ গঠনৰ দিশত ইতিবাচক ভূমিকা পালন কৰে।


অহা ইং ৫ জুন, ২০২৬ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বিশ্ব...
03/06/2026

অহা ইং ৫ জুন, ২০২৬ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপণ আৰু স্বচ্ছতা অভিযান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

উক্ত কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা , বিষয়া তথা কৰ্মচাৰী সকলক অংশগ্ৰহণ কৰি কাৰ্যসূচীখন সফল কৰি তুলিবলৈ আন্তৰিকভাৱে আহ্বান জনোৱা হ'ল।

স্থান: গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ
তাৰিখ: ৫ জুন, ২০২৬
সময়: ৰাতিপুৱা ১০ বজাত

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when chintu_thappa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category