21/03/2025
আপোন,
দৰ্শন বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ভিটালী কলিতা।প্ৰথমতে তোমাক মই ইউনিভাৰ্চিটিত ৰ লাগি ৰোৱাকৈ দেখিছিলো নৱাগত আদৰণি সভাত। তাৰ আগতে লগৰবিলাকৰ মুখত শুনিছিলো,হয়তো দেখা নোপোৱা বাবে বেছি আগ্রহী নাছিলো! সিদিনা তোমাক দেখা পাই অকল তোমাকে চাই আছিলো, মোৰ এনেকুৱা লাগিল যেন নৱাগত আদৰণি সভাখন তোমাৰ মোৰ বাবেই পাতিছে!অলপো আমনি নলগাকৈ দিনটো গুচি গ'ল,কিন্তু ইয়াৰে পিছত তুমি যেন মোৰ ৰক্তিম হৃদয়ত সদায় গৰ্জনাই থাকিলা। বিশ্বাস কৰা, মইতো জনাই নাছিলো প্ৰেম কি, দেখাই নাছিলো ভালপোৱাৰ ৰং, কিন্তু আজি মই তোমাৰ প্ৰেমত নজনাকৈয়ে..............
তোমাৰ চকুত চকু থৈ এতিয়া মোৰ চাব লাজ লাগে, যেতিয়াৰ পৰা প্ৰেমৰ অনুভৱবোৰে পাত মেলিলে।!
তুমি এবাৰ হাহি দিলেই হৃদয়ত ফাগুনৰ মলয়া বলে
বাঢ়ি অহা হাৰ্টবিটবোৰে প্ৰেমৰ উকি মাৰি থৈ যায়।
তোমাক ভাল লগাৰ কাৰণ হয়তো অযুত আছে, কিন্তু মই যেন আজি ব্যাখ্যা কৰিব নোৱাৰিম এই নিভাজ ভালপোৱাক! তোমাৰ মাজেৰে নীলীম আকাশখন চাব খোজো, যদিহে তুমি দিয়া সহাৰি!
ভিটালী,
আশা কৰো তুমি বহুদুৰ আগুৱাই যোৱা সফলতাৰ জখলাত, নেদেখাকৈ হলেও মই সদায় তোমাৰ কাষত সদায় থিয় দিম! মনৰ ভাৱবোৰ আজি বহুখিনিয়ে প্ৰকাশ কৰিলো,তুমি মোক চিনি নাপালেও বা ভাল নাপালেও ,মোৰ হৃদয়ৰ নিভুত কোণৰ এই বিশেষ অনুভৱবোৰক তোমাৰ হৃদয়ৰ এটা বন্ধ কোঠাত অলপ সময়ৰ বাবে হলেও আৱদ্ধ কৰিবা বুলি আশা ৰাখিলো!
ইতি,
তোমাৰ অচিন-চিনাকী মৌনতাৰ প্ৰেমিক