25/02/2026
নালাগে নিলিখোঁ ফাগুণৰ কবিতা,
নাগাও তোমাৰ-মোৰ প্ৰেমৰ মালিতা ।
ফাগুণেনো দিব কি ?
ৰঙাবোৰৰ বেমেজালিত তোমাক হেৰুৱাৰ যাতনা !
ফাগুণৰ সিৰে-সিৰে মোৰ বিষাদো বাঢ়ে..
তোমাক পায়ো হেৰুৱাৰ বেদনাবোৰে,
মোক মোৰ পৰা কাঢ়ি নিয়ে..
ঠিক ৰাঙলী মদাৰ জোপা নাঙঠ হোৱাৰ দৰে ।।