17/05/2020
ফলাফল ঘোষণা-
RAAG, the fusion ৰ উদ্যোগত অনুস্থিত কৰা লকডাউন বিশেষ অনলাইন অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতাখনি সুকলমে আগবঢ়াই নিয়াত আপোনালোকৰ সহায় সহযোগিতা আগবঢ়োৱা বাবে RAAG, the fusion পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
প্ৰতিযোগী সকললৈ ও তেওঁলোকে আমালৈ প্ৰেৰণ কৰা সুন্দৰ সুন্দৰ গীতৰ ভিডিও সমূহৰ বাবে ধন্যবাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পৰবৰ্তী সময়তো আপোনালোক সকলোৰে ফালৰ পৰা এনেধৰনেই সহায় সহযোগিতা পাম বুলি আশা ৰাখিলো।
প্ৰতিযোগিতাৰ নিয়মাৱলী অনুসৰি আমি দুগৰাকী বিজয়ী ঘোষণা কৰিম বুলি জনাইছিলো যদিও দুগৰাকীৰ ঠাইত তিনিগৰাকী প্ৰতিযোগীৰ নম্বৰ প্ৰায় একেই হোৱা বাবে আমি এগৰাকী প্ৰতিযোগীক পুৰস্কাৰৰ পৰা বঞ্চিত কৰিব বিচৰা নাই। সেইবাবে আমি RAAG, the fusionৰ ফালৰ পৰা দুগৰাকীৰ পৰিবৰ্তে তিনি গৰাকী বিজয়ী প্ৰতিযোগী ঘোষণা কৰিম। আন এক সিদ্ধান্ত মৰ্মে RAAG,the fusionৰ ফালৰ পৰা এটি বিশেষ পুৰস্কাৰ ঘোষণা কৰিম, যিটো পুৰস্কাৰ সম্পূৰ্ণ ৰূপে RAAG, the fusionৰ ফালৰ পৰা নিৰ্বাচিত কৰা হৈছে।
বিজয়ী প্ৰতিযোগী তিনিগৰাকী হল-
শ্ৰী কুঁৱলী ভুষণা চৌধুৰী
শ্ৰী ধনজিৎ বৈশ্য
শ্ৰী মাধুৰী বৈশ্য
RAAG, the fusionৰ বিশেষ বঁটা বিজয়ী প্ৰতিযোগী -
শ্ৰী প্ৰৱাল ডেকা।
( বিজয়ী প্ৰতিযোগী সকলক নগদ ধন, এটি ট্ৰফী আৰু একো খনকৈ মানপত্ৰ প্ৰদান কৰা হব, বিশেষ বঁটা বিজয়ী প্ৰতিযোগী গৰাকীক এটি ট্ৰফী আৰু এখনি মানপত্ৰ প্ৰদান কৰা হব)
বিজয়ী প্ৰতিযোগী সকললৈ RAAG,the fusion ৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
~ ধন্যবাদেৰে ~
RAAG,the fusion পৰিয়ালবৰ্গ