28/06/2026
২০২৬-২৭ নাট্যবৰ্ষৰ বাবে এক ব্যয়বহুল প্ৰস্তুতিৰে সাজু হৈছে অসমৰ আগশাৰীৰ থিয়েটাৰ দল বীণাপাণি থিয়েটাৰ । অসমৰ বহুকেইগৰাকী আগশাৰীৰ অভিনেতা অভিনেত্ৰী লগত লৈ আগবাঢ়ি অহা দলটোৰ প্ৰস্তুতি ইতিমধ্যে তুংগত বুলি জানিব দিছে বীণাপাণি থিয়েটাৰৰ প্ৰযোজক প্ৰণৱ বৰ্মনে । সোণালী জয়ন্তী বৰ্ষ গৰকি যোৱা " #থিয়েটাৰ_বীণাপাণি" ৫২ সংখ্যক (২০২৬-২৭) নাট্যবৰ্ষৰ বাবে সাজু.....।
তিনিজন বলিষ্ঠ নাট্যকাৰৰ তিনিখন ভিন্ন ৰঙৰ নাট্যসম্ভাৰ লৈ সাজু হৈ উঠিছে থিয়েটাৰ বীণাপাণি ।
চম্পক শৰ্মাৰ প্ৰচণ্ড এজাক ধুমুহা
জীতেন শৰ্মাৰ দস্যুৰাণী ফুলন দেৱী আৰু
নৱৰত্ন পাটোৱাৰীৰ মালিনী ।
অহা ৮ জুলাই ২০২৬ ইং তাৰিখে আখৰা শিবিৰ মুকলি হ'ব বুলি প্ৰযোজক প্ৰণৱ বৰ্মন (পুতু) জানিবলৈ দিয়ে ।
Pranjana Dutta
Chandan Deka
Pronab Barman