Creative Jayanta

Creative Jayanta ধুনীয়া ধুনীয়া video পাবলৈ মোৰ page টো follow কৰি লওক🙏🏼

24/11/2025

Video টো চালে সকলোৰে অতীতলৈ মনত পৰি যাব……
লগতে সকলোৰে অতীত ৰমন্থন কৰিবলৈ Video টো Share কৰি দিব


তুমি বিহীন আজি প্ৰথমটো জন্মদিন,কি সাহসেৰে জনাও জন্মদিনৰ শুভেচ্ছা,, কি সাহসেৰে লিখোঁ শুভ জন্মদিন বুলি, উকা আজি জননী অসম ভ...
18/11/2025

তুমি বিহীন আজি প্ৰথমটো জন্মদিন,
কি সাহসেৰে জনাও জন্মদিনৰ শুভেচ্ছা,, কি সাহসেৰে লিখোঁ শুভ জন্মদিন বুলি, উকা আজি জননী অসম ভূমি ,, 😭😭😭উকা আজি আমাৰ হৃদয়, 😭😭😭



18/11/2025

Wishing you happy birthday Heart-throb 🎉🎂🎁💕



17/11/2025

Pillar Painter



17/11/2025

নলবাৰী ৰাসৰ গ্ৰন্থমেলা অনুষ্ঠান কবিতা পাঠ



Creative Jayanta

16/11/2025

টাৰছেম মিট্টালে কি কলে সাংবাদিকৰ আগত


Creative Jayanta

কোন হয় নামটো নাজানো ….- জুবিন দাৰ প্ৰতিমূৰ্তি বহুত দেখিলো কিন্তু কোনোবা বিশেষ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এইয়া যেন এ...
14/11/2025

কোন হয় নামটো নাজানো ….

- জুবিন দাৰ প্ৰতিমূৰ্তি বহুত দেখিলো কিন্তু কোনোবা বিশেষ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এইয়া যেন এক জীৱন্ত জুবিন গাৰ্গ । মন ভৰি গ’ল ❤️ প্ৰণাম হে মহান শিল্পী 🙏🏻

মৃত চৰাইৰ পোৱালি কেইটা কিজানি অপেক্ষাত আছিল কেতিয়াকৈ মায়ে আমাৰ বাবে খাদ্য লৈ আহিব?কিন্তু তেওঁলোকে যে নাজানে এই পৃথিৱীত শ...
12/11/2025

মৃত চৰাইৰ পোৱালি কেইটা কিজানি অপেক্ষাত আছিল কেতিয়াকৈ মায়ে আমাৰ বাবে খাদ্য লৈ আহিব?
কিন্তু তেওঁলোকে যে নাজানে এই পৃথিৱীত শিলগুটি চুবুৱা মানুহৰ সংখ্যা যে বহু।
পাৰিলে নিজৰে মাকৰ মাংস খাব বিচৰা পাখান হৃদয় চিকাৰীয়ে ফাণ্ডত পৰা মা চৰাই জনীৰ তেজ টুপী জিয়াটো খাই তৃপ্তিৰ সোৱাদ লৈছে।

আনফালে দৃঢ় অপেক্ষাত উৎকট ভোকাটোৰ কণ কলিজাৰ পোৱালি কেইটা চিঞৰি কান্দিছে।

আশা বোৰ ৰৈ থাকিল কিজানি মৰমৰ মা জনী আহিব বুলি।

চাওঁতে চাওঁতে প্ৰখৰ অপেক্ষাৰ দীৰ্ঘ মনৰ আশা টোৱে দীৰ্ঘতম নিদ্ৰাত টোপনি যোৱালে। মৰমৰ মাজনী খাদ্য লয় উভতি নাহিল।

কিজানি মৃত্যুৰ সময়ত চিঞৰি অনুসূচনা কৰিছিল মোৰ কণ কলিজা কণমানি কেইটাৰ বাৰু কি হব?

কিজানি নিজ মৃত্যুত কৈ নিজ সন্তানৰ প্ৰতি চিন্তাৰ কথা লৈ কাতুৰী বিনাইছিল?

মোক যাবলৈ দে.....
মোক নামাৰিবি......
মই এজনী মাতৃ......
মোৰ তেজৰ সোৱাদ তই কিয় লবলৈ বিচাৰ...?

ধুকে ধুকে কান্দিলেও
চিঞৰি চিঞৰি বিনালেও

ওচৰত যেন কোনো নাই।

মা আৰু উভতি নাহিল?

পোৱালি কেইটা আনফালে চিৎকার কৰিছে।
পেটৰ গধুৰ ভোকটো শান্ত কৰিবলৈ নিজৰ ওচৰত একো যে নাই। অপেক্ষা মাথোঁ এটায়ে তই আহিবি নে মা .......?

সময় বাগৰিল পেটৰ গধুৰ ভোকটো নোহোৱা হল চিঞৰি থাকিবলৈ শক্তি নাইকিয়া হল।

অৱশেষত উশায়ে সাৰ মানিলে......?

চিঞৰি থকা কণ কলিজা কেইটাৰ উষা বন্ধ হল।

দিন বাগৰিল বৰষুণ আহিল, বতাহ আহিল,তীক্ষ্ণ ৰদৰ চাপ বাঢ়িল!

গলি গলি পচি অৱসান হল!
বাছি থাকিল মাত্ৰ।
কণ কলিজা কেইটাৰ কংকাল......?

জীৱ জন্তুক মৰম কৰিব নাজানিলে। তেওঁলোকক মৃত্য দিয়াৰ আপোনাৰ অধিকাৰ নাই।।

কাৰোবাৰ তেজ চেলেকাৰ আগতে এবাৰ ভাৱক.....?

সংগ্ৰহ ফেচবুক


#মনকৰিব
#লিখনি
#শিক্ষামূলক
#অসমীয়া
#গল্প

📌📌সঁচাকৈয়ে এইখিনি পঢ়ি আৰু পাগলা হৈ গৈছে মাথা #গুৰুত্বপূৰ্ণমুকুল কলিতাদেৱে সন্দেহ ব্যক্ত কৰি দিয়া এটা প'ষ্ট চকুত পৰাত ...
08/11/2025

📌📌সঁচাকৈয়ে এইখিনি পঢ়ি আৰু পাগলা হৈ গৈছে মাথা
#গুৰুত্বপূৰ্ণ

মুকুল কলিতাদেৱে সন্দেহ ব্যক্ত কৰি দিয়া এটা প'ষ্ট চকুত পৰাত ৩১ অক্টোবৰত বাৰ্তালাপত প্ৰচাৰিত এই সাক্ষাৎকাৰটো আকৌ এবাৰ শুনিলোঁ। ইয়াত দুটামান কথা খেলিমেলি পাইছোঁ। চক্ৰপাণি পৰাশৰৰ ভাষ্যমতে --

১. চক্ৰপাণি পৰাশৰে কৈছে যে ১৯ তাৰিখে তেওঁ আৰু তৰালী শৰ্মা কলাক্ষেত্ৰলৈ গৈছিল। তাত এটা অনুষ্ঠান আছিল। মহিলা এগৰাকীয়ে থুৰীয়া আনিছিল। তৰালীয়ে চক্ৰপাণিক থুৰীয়া পিন্ধাই চাইছিল। চক্ৰপাণিয়ে মহিলাগৰাকীক দুযোৰ থুৰীয়া বনাবলৈ কৈছিল, এযোৰ জুবিন দাক দিব। সময় তেতিয়া দুপৰীয়া ১.৩০ মিনিট ।

২. আবেলিলৈ বেয়া খবৰটো অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো পাই শশাঙ্ক সমীৰ, বনদ্বীপ আৰু পাৰ্থৰ সৈতে গৰিমা শইকীয়া গাৰ্গৰ ঘৰলৈ গৈছে। তাত মানুহ ভৰ্তি তেতিয়ালৈ। ঘটনাটো প্ৰকৃততে কি হৈছিল সেয়া জানিবলৈ শেখৰ গোস্বামীলৈ ফোন কৰিছিল গৰিমা শইকীয়াৰ ঘৰৰপৰাই।

৩. ফোনত শেখৰে কৈছিল তেওঁ গুৱাহাটীতে আছে। সেইকথা জানি চক্ৰপাণি পৰাশৰে কৈছে যে তুমি গুৱাহাটীতে আছা যদি কিয় কথাবোৰ জনোৱা নাই ? তুমি জনাব লাগিব। মই তোমাৰ ঘৰলৈ গৈ আছোঁ।

৪. ৰাতি ১২ বজাত চক্ৰপাণি শেখৰৰ ঘৰ গৈ পাইছে। চক্ৰপাণিয়ে বুজাইছে যে তুমি কথাবোৰ কিয় কোৱা নাই, তুমি ক'ব লাগিব। তাত আৰু মানুহ আছিল যিসকলৰ নাম এতিয়াও লোৱা নাই। কোনোবাই সুধিলে ক'ব। (সময়টো মন কৰিব)

৫. ডেৰ ঘন্টা বুজোৱাৰ পাছত শেখৰে ১ বজালৈকে কাহিনী কৈছে। তাৰপাছত ৰাতিয়েই সেই কাহিনীৰ ৰেকৰ্ডিং এডিটিং কৰি প'ষ্ট কৰাৰ লগতে বাকী চেনেল সমূহলৈয়ো পঠিয়াই দিছে।

১২ বজাৰপৰা ডেৰ ঘন্টা বুজোৱাৰ পাছত কাহিনী ক'লে ১.৩০ বজাৰপৰা কাহিনী ক'ব লাগিব। কিন্তু ১ বজালৈকে শেখৰে কাহিনী কৈছে বুলি চক্ৰপাণিয়ে কৈছে । আনহাতে চক্ৰপাণি পৰাশৰে লোৱা শেখৰৰ সাক্ষাৎকাৰটোত শেখৰে জুবিনক অনা ফ্লাইটতে আহিছোঁ বুলিও কৈছিল। সেয়া নিশ্চয় মনত আছে সকলোৰে। "দাদাক অনা ফ্লাইটতে ময়ো আহিলো কিন্তু গম নাপাওঁ যে দাদাক তাতে অনা হৈছে। দাদাই মোক শেষ মুহূৰ্তলৈকে এৰি নিদিলে।" এয়া আছিল শেখৰৰ ভাষ্য। এতিয়া প্ৰশ্ন হৈছে ---

প্ৰশ্ন (১) ১৯ তাৰিখে ৰাতি চক্ৰপাণি পৰাশৰে কাৰ সাক্ষাৎকাৰ ল'লে যদি শেখৰ জুবিনক অনা ফ্লাইটত আহিছিল?

প্ৰশ্ন (২) যদি শেখৰ ১৯ তাৰিখে গুৱাহাটীত আছিল তেন্তে জুবিনৰ মৃত্যু কোন তাৰিখে হৈছিল?

প্ৰশ্ন (৩) ইমান ডাঙৰ বিসংগতি এটা চক্ৰপাণি পৰাশৰে গম পোৱা নাছিল নে আন কিবা ৰহস্য আছে ?

প্ৰশ্ন (৪) এই বিসংগতি জুবিনৰ পৰিয়ালে গম পোৱা নাই নে কিবা লুকুৱাইছে তেওঁলোকেও ?

প্ৰশ্ন (৫) আচলতে গণ্ডগোলটো ক'ত হৈছে ? সময়ৰ ইমান খেলিমেলি কিয় হৈছে ? এই বিষয়ে কোনেও প্ৰশ্ন তোলা দেখা নাই কিয় ?

প্ৰশ্ন (৬) শেখৰ আৰু জুবিনৰ শৱ যদি একেখন ফ্লাইটত আহিছিল তেন্তে ২১ তাৰিখে ফ্লাইটৰপৰা নমোৱা কফিনত কাৰ মৃতদেহ আহিছিল?

প্ৰশ্ন(৭) জুবিন আৰু শেখৰ একেলগে সাগৰত সাঁতুৰি থকা ভিডিঅবোৰ কোন তাৰিখৰ ?

প্ৰশ্ন (৮) কোন সঁচা ? চক্ৰপাণি, নে শেখৰ নে আমি দেখা কফিনটো ? যদি শেখৰ জুবিনৰ শৱ অনা ফ্লাইটত আহিছে তেন্তে ২১ তাৰিখে পাবহি লাগে। তেন্তে ১৯ তাৰিখে সেয়া শেখৰৰূপী কোন ? যদি ১৯ তাৰিখেই শেখৰ আহিল তেন্তে শেখৰে দাদাক অনা ফ্লাইটতে আহিছোঁ বুলি কিয় ক'লে ? তাকো চক্ৰপাণিয়ে লোৱা সাক্ষাৎকাৰত ? নে চক্ৰপাণিয়ে তাৰিখটো ভুলকৈ কৈছে ? উহ ! পগলা হৈ যাম !!!!

সেয়ে কৈ থাকো, কেৱল আৱেগ বিহ্বল হৈ ডিজিটেল আন্দোলন কৰি থাকিলে নহয়, ডিমাগ খটুৱাব লাগিব। প্ৰশ্ন তুলিব লাগিব। বাকীখিনি আপোনালোকে ভাবক। মূৰটো ঘূৰাই গৈছে ।




Creative Jayanta
Copied

নাগাৰা নাম জগতৰ ভোটাতৰা স্বৰূপ মাননীয় ৰামচৰণ ভৰালী দেৱে কিছু সময় পূৰ্বে ইহ সংসাৰৰ পৰা বিদায় লয় ।। তেখেতৰ আত্মাৰ চিৰশ...
07/11/2025

নাগাৰা নাম জগতৰ ভোটাতৰা স্বৰূপ মাননীয় ৰামচৰণ ভৰালী দেৱে কিছু সময় পূৰ্বে ইহ সংসাৰৰ পৰা বিদায় লয় ।। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।।

05/11/2025

ফুলৰ মালিক Creative Jayanta channel টো Subscribe কৰি দিয়ক আৰু লগে লগে ফুলৰ মৰম লৈ যাওক। 🌼💐🌺👍


বৰপেটীয়া ছোৱালী

যোৱা ২০ ছেপ্তেম্বৰ তাৰিখে India Today ৰ সংবাদ কৰ্মীক দিয়া এক বিবৃতিত‌ জুবিন দাৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী প্ৰৱাসী অসমীয়া ...
05/11/2025

যোৱা ২০ ছেপ্তেম্বৰ তাৰিখে India Today ৰ সংবাদ কৰ্মীক দিয়া এক বিবৃতিত‌ জুবিন দাৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী প্ৰৱাসী অসমীয়া অভিমান্যু তালুকদাৰে কয়:-
"১৯ ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰৰ সাগৰত জুবিন দাৰ সহযোগী তন্ময় ফুকনে আয়োজন কৰা এখন ব্যক্তিগত য়াট party ত সিহঁতৰ সৈতে মই উপস্থিত আছিলো।
জুবিনে প্ৰথমে life jacket পিন্ধি পানীত সাঁতুৰি গৈছিল আৰু য়াটলৈ ঘূৰি আহিছিল। তাৰ পিছত জুবিনে life jacket টো খুলি থৈ দি পুণৰ নামিছিল। য়াটৰ captain আৰু মই সকলোৱে কৈছিলো যে জুবিনক life jacket পিন্ধাৰ‌ কাৰণে কিন্তু জুবিনে আমাৰ কথা শুনা নাছিল ।ইয়াৰ কেই মিনিট মানৰ পিছতে জুবিনৰ মুখখন তললৈ পানীৰ তলত‌ সোমাই যোৱা দেখা গৈছিল । তাৰপিছত মই কলোঁ Wear the life jacket, Zubeen‌ এইবোৰে তেওঁলোকৰ শেষ কথা আছিল।
জুবিনে সেইদিনা মদ্যপান কৰিছিল নেকি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি অভিমান্যুই কয় যে, জুবিনক এটা glass offer কৰা হৈছিল কিন্তু তেওঁ সুৰাপান কৰিবলৈ অস্বীকাৰ কৰিছিল। এই ঘটনাটো সম্পূৰ্ণৰূপে দুৰ্ঘটনা আছিল, কোনো অপৰাধাত্মক কাম নহয়।"
২৮ ছেপ্টেম্বৰ তাৰিখে প্ৰতিদিন টাইম নিউজ চেনেলক ফোনযোগে অভিমন্যুই কয়:-
শ্যামকানুৱে য়াট পাৰ্টীৰ বিষয়ে জানিছিল আৰু সেই পাৰ্টিটোত টোত জুবিনক লৈ যাবলৈ সন্মতিও দিছিল । কিন্তু ঘটনাটোৰ পিছত তেওঁলোকৰ সহায়তে জুবিনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা হৈছিল।"

"সাগৰলৈ নিয়া য়টখন প্ৰীতম ফুকনে বুক কৰিছিল | আনহাতে আমি এছআইটিক পূৰ্ণ সহযোগ কৰি আছোঁ আৰু কৰি যাম....!!!
এয়া আছিল যোৱা ১৬ অক্টোবৰ তাৰিখে SIT ৰ জেৰাৰ পৰা ওলাই অহাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত হাঁহিমুখে দিয়া মন্তব্য | চকুৰ সন্মুখত জুবিন দাৰ মৃত্যু হোৱাৰ পিছতো যেন এইজন প্ৰৱাসী অসমীয়াৰ মুখত অনুশোচনাৰ কোনো চিন নাই আৰু তাৰ প্ৰমাণে হ'ল তাৰ মুখৰ হাঁহিৰ | যেন সেইদিনা য়ট পাৰ্টীৰ ফূৰ্ত্তিৰ নিচা যেন এতিয়াও আঁতৰ হোৱা নাই | সেইদিনা নিউজ চেনেলত চাই এনেকুৱা লাগিল যেন প্ৰৱাসী অসমীয়া অভিমান্যু তালুকদাৰে জেৰাৰ পৰা নহয় কোনো পাৰ্টীৰ পৰা ওলাই আহিছে | এইসকল প্ৰৱাসী অসমীয়াই হৈছে মুখ্যমন্ত্ৰীৰ দৃষ্টিত Bright Assamese

কিন্তু ইয়াৰ মাজত এটি প্ৰশ্ন আহে যে SIT য়ে টাৰছেম মিট্টালক কিয় জেৰা কৰা নাই? এই প্ৰশ্নৰ উত্তৰ জনাৰ পূৰ্বে জানিব লাগিব টাৰছেম মিট্টাল দৰাচলতে কোন? এই বিষয়ে শিৱানু বৰাই নিজৰ ফেচবুক ৱালত যোৱা ১২ অক্টোবৰ তাৰিখে এইদৰে লিখিছে:-

"তাৰচেম মিট্টালে গৰিমাক ক'বলৈ কোৱাৰ বাবেই গৰিমাই হাতযোৰ কৰি ২০ চেপ্টেম্বৰত এটা ভিডিঅ'ত সিদ্ধাৰ্থৰ বিৰুদ্ধে দিয়া FIR ৰাইজক উঠাই ল'বলৈ কৈ নিশাটোৰ ভিতৰতে সামাজিক মাধ্যমত বহুতৰ অশালীন তথা অশিষ্টাচাৰী মন্তব্যৰ সন্মুখীন হ'বলগীয়া হৈছিল । সেই সিদ্ধাৰ্থ শৰ্মাই এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ হোৱা তদন্তৰ পিছত এগৰাকী মুখ্য অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ হৈ লক আপত আছে । ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত আছে সিদ্ধাৰ্থ শৰ্মা । আৰু দুদিনৰ পিছত কাৰাগাৰলৈ যাব সিদ্ধাৰ্থ শৰ্মা । উল্লেখযোগ্য যে জুবিনৰ প্ৰাক্তন মেনেজাৰ আছিল তাৰচেম মিট্টাল । তাৰচেমে পিছলৈ সেই দায়িত্ব দিছিল সিদ্ধাৰ্থক । দুয়োকে খুব বিশ্বাস কৰিছিল জুবিনে । কিন্তু অভিযোগ উঠিছিল যে জুবিনৰ মৃত্যুৰ পিছত সিদ্ধাৰ্থৰ সৈতে সঘন যোগাযোগত আছিল তাৰচেম । এতিয়া প্ৰশ্ন উঠিছে, গৰিমাক ভিডিঅ'টোত যিগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ হকে তাৰচেমে কথাখিনি ক'বলৈ কৈছিল সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তাৰচেম আৰু সিদ্ধাৰ্থৰ মাজত শেহতীয়া সংযোগৰ ৰহস্য কি আছিল বা তাৰচেমে গৰিমাক সিদ্ধাৰ্থৰ হকে কথাখিনি কিয় ক'বলৈ কৈছিল, অন্ততঃ সেয়া জানিবলৈকে SIT য়ে এতিয়াও তাৰচেম মিট্টালক সোধাপোচা কৰিবলৈ মতা নাই কিয় ? লক্ষ্যণীয়ভাবে এটা সময়ত জুবিনৰ সৈতে আৰ্থিক সংক্ৰান্তীয় বিষয়ত জড়িত হৈ আছিল তাৰচেম মিট্টাল । এতিয়াও মনত আছে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত খাদ্যত হোৱা বিষক্ৰিয়াৰ বাবে এগৰাকী ব্যক্তিক পল্টন বজাৰ থানাই আটক কৰি নিছিল । পিছত জুবিন গাৰ্গেই মুকলি কৰি আনিছিল ।"

টাৰচেমৰ আৰু সিদ্ধাৰ্থৰ বিষয়ে অতনু ভূঞাই শেহতীয়াকৈ এইদৰে লিখিছে:-
তাৰচেম মিট্টাল। জুবিনৰ মেনেজাৰ হ’ল মিট্টাল। এতিয়াৰ পৰা জুবিনৰ অনুষ্ঠানৰ বাবে জুবিনৰ সৈতে যোগাযোগ কৰিলে নহ’ব। যোগাযোগ কৰিব লাগিব মিট্টালৰ সৈতে। মিট্টালে ফাংচন ঠিক কৰে। মিট্টালে জুবিনৰ মাননি ঠিক কৰে। জুবিনে কেতিয়া ক’ত গান গাব সেয়া নিৰ্ণয় কৰে মিট্টালে। সেই সময়ত এনে অনুষ্ঠানৰ বিনিময়ত মিট্টালে জুবিনৰ পৰা এটা পাৰ্চেণ্টেজ লৈছিল। প্ৰায় ২০ শতাংশ। অৰ্থাৎ জুবিনে গড়ে এটা অনুষ্ঠানত ৫ লাখ টকা ল’লে ১০খন অনুষ্ঠানৰ অন্তত পায় ৫০ লাখ টকা। এই ধনৰ এটা অংশ জুবিনৰ সংগতকাৰীসকলে পায়। এটা অংশ লাভ কৰে মিট্টালে।

অপ্ৰিয় হ’লেও সত্য মিট্টালৰ বাবে জুবিনৰ আৰ্থিক জীৱনত গতি লাগিছিল। মিট্টালৰ তৎপৰতাত জুবিনে খাৰঘূলিত এটুকুৰা মাটি কিনিব পাৰিছিল। কাহিলিপাৰাত দুটা ফ্লেট লৈছিল। জোনালীত এটুকুৰা পৰিত্যক্ত মাটি ক্ৰয় কৰিছিল। লাহে লাহে ব্যস্ততা বৃদ্ধি পালে তাৰচেম মিট্টালৰ। মিট্টাল মুম্বাইলৈ স্থানান্তৰিত হ’ল। প্ৰফেচনেল ব্যক্তি হিচাপে পৰিচিত মিট্টালে মুম্বাইৰ বহু নামী-দামী কণ্ঠশিল্পীৰ মেনেজাৰৰ ভূমিকা পালন কৰিলে। গুৱাহাটীত থকা জুবিনক অধিক সময় দিব নোৱাৰিলে মিট্টালে। সেইখিনি সময়তে জুবিনৰ অনুষ্ঠানবোৰ পৰিচালনা কৰাৰ দায়িত্ব মিট্টালে দিলে গুৱাহাটীৰ আন এজন যুৱকক। মাৰোৱাৰী সম্প্ৰদায়ৰ ল’ৰা সিদ্ধাৰ্থ শৰ্মাক। প্ৰথম অৱস্থাত জুবিনৰ মেনেজাৰ হিচাপে নিয়োজিত সিদ্ধাৰ্থক প্ৰতি মাহে জুবিনে ২২ হাজাৰ টকা দিয়াৰ চৰ্ত দিয়া হ’ল। সিদ্ধাৰ্থ মান্তি হ’ল। মিট্টালৰ পৰিৱৰ্তে এতিয়াৰে পৰা জুবিনৰ অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব লাগে সিদ্ধাৰ্থৰ লগত। জুবিনক কিমান টকা দিয়া হ’ব সেয়া নিৰ্ণয় কৰে সিদ্ধাৰ্থই। ক্ৰমাৎ উঠিৰজা-বহিৰজা হৈ পৰিল সিদ্ধাৰ্থ শৰ্মা।
জুবিনে একো একোটা অনুষ্ঠানৰ বাবদ আজিকালি ৬ৰ পৰা ৭ লাখ টকা লয়। এই টকা ধাৰ্য কৰে সিদ্ধাৰ্থই। সাধাৰণতে কোনো কমিটীয়ে অনুষ্ঠানৰ বাবদ জুবিনক চেক নিদিয়ে। জুবিনে অনুষ্ঠান আৰম্ভ কৰাৰ আগেয়ে সিদ্ধাৰ্থই উদ্যোক্তাসকলৰ পৰা নগদ ধন লয়। পৰৱৰ্তী সময়ত এই ধন বিভিন্নজনৰ মাজত ভগাই দিয়ে। জুবিনৰ লগত সংগীতত সহযোগকাৰী হিচাপে প্ৰায় ৬জন লোক থাকে। এওঁলোকক গাইপতি ১০ৰ পৰা ১২ হাজাৰ টকা দিয়া হয়। জুবিনৰ লগত মঞ্চত গীত পৰিৱেশন কৰা মহিলা কণ্ঠশিল্পীগৰাকীয়েও অনুৰূপ ধৰণে ধন পায়। জুবিনৰ প্ৰতিটো অনুষ্ঠানত এজন ছাউণ্ড বিশেষজ্ঞ থাকে। সেইজনকো অনুৰূপ ধৰণে ধন দিয়া হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জুবিনে নিজা গাড়ী নিয়ে। মিউজিচিয়ানৰ সামগ্ৰীবোৰ এখন গাড়ীত নিয়া হয়। একাংশ মিউজিচিয়ানক ইন’ভাত নিয়া হয়। জুবিনৰ অনুষ্ঠানত প্ৰায়ে তিনিখন ইন’ভা যায়। আচৰিত হ’ব এই তিনিখন ইন’ভাৰ মালিক হৈছে সিদ্ধাৰ্থ শৰ্মা। নিজে গাড়ী কিনি জুবিনক ভাড়াত দিয়ে জুবিনৰ মেনেজাৰে। সকলোকে ধন দিয়াৰ পিছত জুবিন গাৰ্গে একোটা অনুষ্ঠানৰ বাবদ খুব বেছি ৩ লাখ টকা পায়। বাকী অংশ লয় সিদ্ধাৰ্থই। জুবিনক সেই তিনি লাখ টকা লগে লগে দি দিয়া নহয়। সেই টকা সিদ্ধাৰ্থৰ লগত জমা থাকে। বছৰৰ শেষত জুবিনক ইয়াৰ অংশ দিয়া হয়। এনেকৈয়ে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ হৈ পৰিছিল জুবিনৰ হৰ্তা-কৰ্তা। জুবিনে মেনেজাৰক পইচা দিয়াৰ পৰিৱৰ্তে মেনেজাৰে পইচা দিয়ে জুবিনক। আনকি গৰিমাৰ পইচাৰ দৰকাৰ হ’লে খুজিবলগীয়া হয় সিদ্ধাৰ্থক। মুম্বাইত বহি এইদৰে সিদ্ধাৰ্থক নিয়ন্ত্ৰণ কৰিছিল তাৰচেম মিট্টালে। জুবিনৰ অনুষ্ঠানৰ এটা অংশ নিয়মিতভাৱে যায় মিট্টালৰ পুঁজিলৈ।
শেহতীয়াভাৱে অভিযোগ আহিছে সিদ্ধাৰ্থই প্ৰেয়সীৰ নামত গুৱাহাটীত তিনিটাকৈ ফ্লেট কিনি দিছে। হঠাৎ সিদ্ধাৰ্থৰ লাইফ ষ্টাইল সলনি হ’ল। জুবিনে এইখিনি সময়ত খাৰঘূলিৰ ষ্টুডিঅ’টো ভাঙি এটা তিনি মহলীয়া ঘৰ বনোৱাৰ কাম আৰম্ভ কৰিলে। ঘৰৰ কাম আৰম্ভ কৰি জুবিন হতবাক হৈ পৰিল। জুবিনে আশা কৰিছিল সিদ্ধাৰ্থ অথবা মিট্টালৰ লগত জুবিনৰ গান গোৱাৰ বহু পইচা জমা আছে। সিদ্ধাৰ্থক পইচা খোজাৰ লগে লগে সিদ্ধাৰ্থই জনালে জুবিনক দিবলৈ ইমান পইচা লগত নাই। হঠাৎ অসহায় হৈ পৰিল জুবিন গাৰ্গ। জীৱনত ৩৮ হাজাৰ গান গোৱাৰ পিছত এতিয়া ঘৰ বনাবলৈ পইচা নাই। জুবিন ক্ৰমাৎ হতাশ হৈ পৰিছিল। জুবিনক সেই সময়ত দুজন বিল্ডাৰে ঘৰ সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৩ কোটি টকা ধাৰ হিচাপে দিছিল। সেই ধনেৰে ঘৰৰ কাম আৰম্ভ কৰিছিল জুবিনে। সিদ্ধাৰ্থ-তাৰচেমে যে জুবিনক লুটিছে সেই কথা জুবিনে লাহে লাহে গম পাবলৈ ধৰিলে। কিন্তু ইতিমধ্যে সময় পাৰ হৈ গ’ল। জুবিন হৈ পৰিল অসহায়। হয়তো এনেবোৰ কাৰণত জুবিনে হতাশাগ্ৰস্ততাত ভুগিছিল। জুবিনে বুকুত জ্বলি থকা দুখবোৰ কাৰো আগত চিঞৰি চিঞৰি ক’ব পৰা নাছিল। জুবিন ভাগি পৰিছিল।

যোৱা ২৭ ছেপ্তেম্বৰ তাৰিখে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুক ওচৰত বহৱাই সংবাদ মেল দি ধুৱা ধুলসীৰ পাত হৈ পৰা সঞ্জীৱ নাৰায়ন দৰাচলতে কোন হয় এই বিষয়ে‌ গ্যানেন চক্ৰৱৰ্ত্তীয়ে যোৱা‌ ৫ অক্টোবৰ তাৰিখে নিজৰ ফেচবুক ৱালত এইদৰে লিখিছে:-

১৮ মে’ ২০২২ ....

অৰিন্দমক কোৱা হ’ল “তুমি ১৫ দিন ছুটীত থাকা” ...
অৰিন্দমে মালিকৰ পৰা টকা অলপ বিচাৰিলে , মালিকে ক’লে “তুমি ছুটী শেষ কৰি আহাচোন আগতে” ৷ নাঃ অৰিন্দমে পইছা নাপালে ৷ অৰিন্দমে ১৫ দিনৰ ছুটি পাই ভনীয়েকৰ বাবে উকিলৰ ঘৰৰ দুৱাৰে দুৱাৰে , চেম্বাৰে চেম্বাৰে ধপলিয়াই ফুৰিলে ৷ আদালতৰ অফিচত আবেদন দিলেগৈ ৷ কিজানি ভনীয়েকজনীক পোতাশালৰ পৰা মুকলি কৰি আনিব পাৰেই ৷ কিনো ইমান ভয়ানক অপৰাধ কৰিছিল ভনীয়েকে ? কবিতাহে লিখিছিল ৷ তাতেই হিমন্তই ইমান ভয় খাব লাগেনে ? ১৮ বছৰীয়া ছোৱালীজনীক একেবাৰে পোতাশালত ভৰাবলগীয়া হ’ল যে ! নাই , অৰিন্দমে ভনীয়েকক পোতাশালৰ পৰা উলিয়াই আনিব নোৱাৰিলে ৷ ভনীয়েকে হেনো কবিতা লিখি ৰাষ্ট্ৰদ্ৰোহ কৰিছে৷ ১৫ দিনৰ ছুটী শেষ কৰি অৰিন্দমে অফিচলৈ আহিল ৷ আকৌ বুমডাল হাতত লৈ ৰাস্তাই ঘাটে খবৰ বিচাৰি ফুৰিবলৈ ডিউটিত জইন কৰিবলৈ ৷ পিছে নাঃ ৷ এইবাৰ অৰিন্দমক কোৱা হ’ল “তুমি আৰু ইয়ালৈ আহিব নালাগে , তোমাক অব্যাহতি দিয়া হৈছে”
ওঠৰ বছৰীয়া ভনীয়েকজনী পোতাশালত , আৰু আজি তেওঁৰ চাকৰিটোও খতম ৷ বুকুখন ধহমহাই উঠিল ৷ জোলোকা জোলোকে ওলাই আহিব খুজিলে চকুপানীবোৰ ৷ অৰিন্দমে কেইটামান মুহূৰ্ত নিথৰ হৈ থাকি খুব শান্তভাবে ক’লে “ঠিক আছে মোৰ ২১ দিনৰ দৰমহা কেইটা দিয়ক” ৷ “হ’ব পিছত আহিবা , এতিয়া তুমি যোৱা”

সেই ২১ দিনৰ দৰমহাৰ টকাকেইটা প্ৰাগ নিউজৰ ডক্টৰেট ডিগ্ৰীধাৰী মালিক সঞ্জীৱ নাৰাইনে আজিও অৰিন্দমক নিদিলে ৷

অৰিন্দম মানে Arindom Buragohain ,
আৰু ভনীয়েকজনী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই !

অৰিন্দমে এই পোষ্টটোৰ comment ত কয়:-

" ভণ্টি তেতিয়া জে'লত। সেই সময়ত মোৰ আৰু পৰিয়ালৰ কেনে অৱস্থা হৈছিল, সেই ভয়ানক স্মৃতিবোৰ আকৌ দোহাৰিব খোজা নাই। বহু মানুহ সহায়, সাহস হৈ আমাৰ কাষত ঠিয় হৈছিল। তেওঁলোকৰ ওচৰত আমি চিৰঋণী। কিন্তু তেনে এটা অস্থিৰ সময়ত মোক কাৰ্যকালৰ পৰা বাধ্যতামূলক চুটী দিয়া হ'ল। প্ৰথম অৱস্থাত কাৰ্যালয়ে জনালে যে তোমাক ১৫ দিনৰ চুটী দিছো। কামবোৰ কৰি লোৱা। পাছত আকৌ আহিবা। মই প্ৰথমে ভাবিলো মোৰ মানসিক অৱস্থাটো অনুভৱ কৰি তেওঁলোকে এই সিদ্ধান্ত লৈছে। কিন্তু যেতিয়া মিডিয়াৰ দুই-চাৰিজন জ্যেষ্ঠ-কনিষ্ঠৰ সৈতে কথাটো আলোচনা কৰো তেতিয়া তেওঁলোকে ক'লে যেতিয়া অফিছৰ হাতত কৰ্মচাৰী চাটাই কৰিবলৈ কোনো যুক্তি নাথাকে, তেতিয়া এনেকুৱা পন্থা লয়। মোৰ হাতত তেতিয়া কোনো উপাই নাছিল। উপাৰ্জন শূণ্য হৈ পৰিল। যি সময়ত কতৃপক্ষ মোৰ কাষত ঠিয় হ'ব লাগিছিল, সেই সময়ত মোক কৌশলেৰে আঁতৰাই পঠালে।

কতৃপক্ষৰ এনে ধূৰ্তালিৰ বিপৰীতে বহু সতীৰ্থ মোৰ সহায় হৈ ৰ'ল। মুখ্য সম্পাদক, ডিজিটেলৰ সম্পাদক, মেনেজাৰ, সাংবাদিক আদিয়ে যিমান পাৰে, সিমান সহায় কৰিছে। এই কথা মই ক'বঈ লাগিব।

১৫ দিন পাৰ হৈ যোৱাত মই পুনৰ যোগদানৰ প্ৰস্তুতি চলালো। কেইবাদিনো কাৰ্যালয়লৈ গ'লো। সংশ্লিষ্ট সকলে মোৰ বিষয়টো এৰাই চলিলে। এজনে আনজনলৈ ঠেলে, সেইজনে আন কাৰোবালৈ। মোৰ বুজিবলৈ বাকী নাথাকিল।

ময়ো বাৰে বাৰে গৈ থকা কথাটোৱে আত্মসন্মানত আঘাত কৰিলে। সিমানতে বাদ দি নতুন কামত আত্মনিয়োগ কৰিলো। কিন্তু মোৰ পাছতো তাত বহু কৰ্মচাৰী শোষিত হৈ থাকিল। ১০ হাজাৰ টকাও দৰমহা নোপোৱা একাধিক কৰ্মচাৰী মকৰল হৈ থাকিল। মালিকপক্ষৰ এনে শোষণ বন্ধ হওক।"

আনহাতে দিগজ্যেতি লহকৰে সঞ্জীৱ নাৰায়নৰ বিষয়ে নিজৰ ফেচবুক ৱালত এইদৰে লিখে:-

"Nemcare Hospital ৰ 4 শতাংশ ভাগিদাৰ আছে Sanjive Narain পৰিয়ালৰ নামত। 2.5 শতাংশ আছে স্বয়ং সঞ্জীৱ নাৰায়ানৰ। জুবিন গাৰ্গৰ যিমান বাৰ চিজাৰ হৈছিল আৰু ভাল হৈছিল একমাত্ৰ Dr Drhitesh Baruah ৰ তত্বাবধানত Nemcare ত। SIT ৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত বৰুৱাই কৈছে ৪ টা ভুলৰ কথা। যোৱা এপ্ৰিল মাহৰ Rongoli ত সুৰামত্ত আয়োজক Shyamkanu Mahanta ই চিঞৰি চিঞৰি কৈছিল জুবিন is heart, soul & backbone. কাষত আছিল সুৰামত্ত Sanjive Narain , Mriganka Hazarika, Rishiraj Borkotoky আদি। অসুস্থ ব্যক্তি এগৰাকীয়ে বিমান যোগে যাত্ৰা কৰিব লগা হলে কেতিয়াবা লব লাগে Fit to Fly certificate. কৰিব লাগে latest health check up. বিদেশলৈ গলেও লব লাগে বিশেষ সাৱধানতা। ছিংগাপুৰৰ North East India Festival Zubeen Garg ক লৈ যোৱাৰ প্ৰাক মুহূৰ্তত ছিংগাপুৰৰ অনুষ্ঠান লৈ যোৱা যিকোনো ব্যক্তিয়ে দেখুৱাব বা কব পাৰিবনে জুবিনৰ স্বাস্থ্য পৰীক্ষা কৰাইছিল। মই যিহেতু নিজে এজন অসুস্থ ব্যক্তি মই জানো বুজো বাবেই কৈছোঁ।
জুবিন গাৰ্গক একমাত্ৰ TRP আৰু ব্যবসায়ৰ বাবে ব্যবহাৰ কৰিছিল শ্যমকানু, মৃগংকা, সঞ্জীৱ, ঋষি আদিৰ দৰে ধুৰন্ধৰে। টকা আছে ইহত বোৰৰ status আছে দুই নম্বৰী টকাৰ যোৰত কিন্তু মনুষ্যত্ব নাছিল, নাই আৰু নাথাকে। জুবিনৰ ন্যায় ন্যায় পালিকাই কেনেকৈ দিয়ে সেয়া সময়ে কব । জুবিনৰ মৃত্যুৰ লগত জড়িত প্ৰতিজনকে সামাজিক ভাৱে বৰ্জন কৰক। সমাজ নাথাকিলে কেনেদৰে চলে অনুভৱ কৰক। ডাঙৰ মানুহ, ধনী, প্ৰভাৱশালী এয়াটো মই, আপুনি অৰ্থাৎ আমিয়ে দিছো। জুবিন দাই নোপোৱালৈকে এওঁলোকক সামাজিক ভাৱে বৰ্জন কৰক।"

কিন্তু এই সকলোৰে মাজত এটাই প্ৰশ্ন পুণৰ মনত আহে বা বাহিৰৰ মানে যদি আমাক সোধে যে জুবিন‌ দাৰ মৃত্যু কিদৰে হৈছিল? তেতিয়া আজিও আমি সঠিক উত্তৰ দিব নোৱাৰি নিৰুত্তৰ । দৰাচলতে জুবিন‌ দাৰ ন্যায় প্ৰক্ৰিয়াটো এতিয়া ফাল্টু হৈ গৈছে । সেইকাৰণে আজি আমাৰ‌ অসমীয়া জাতিটোৰ ওপৰত অন্য মানুহে প্ৰশ্ন কৰে । বেলেগ ৰাজ্য আৰু দেশৰ ক্ষেত্ৰত হয়টো এনেকুৱা নহ'লহেতেন । অসমীয়া জাতিটোৰ আৰু ৰাজ্যখনৰ হৈ ইমান খিনি অৱদান কৰাৰ পিছত জুবিন‌ দাই কি পালে ন্যায়ৰ নামত কেৱল ৰাজনীতি ।




সংগ্ৰহ 🖋️✒️

Address

Nalbari
781304

Alerts

Be the first to know and let us send you an email when Creative Jayanta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Creative Jayanta:

Share