Abinaswar

Abinaswar Abinaswar is a theatre troupe based in Nagaon Puranigudam established in 10 oct 1990. It engage itself in all performing art form since its inception.

ABINASWAR GOSTHI, Its an amateur theatre organisation of Assam established in 1990(Govt. registerd) consisting of some sincere and dedicated theatre workers with the motto of leading the fresh generation with culture related projects and activities and endeavouring to contribute towards the Indian theatricals renaissance.Abinaswar perform Modern play, Traditional play(Ankia vauna, pala
etc), Street play etc. Organising Drama related workshop. It has a music school also.

10/02/2025

অবিনশ্বৰ গোষ্ঠীৰ দ্বাদশ ৰঙালী বিহু উদযাপন - ২ ব'হাগ(১৬এপ্ৰিল২০২৫) । স্থান- শ্ৰীমন্ত শংকৰদেৱ থান প্ৰাঙ্গন,পাৰঘাট, পুৰণিগুদাম

গুৰু জয়ন্তীত অবিনশ্বৰ গোষ্ঠীৰ নিবেদন- অঙ্কীয়া ভাওনা " পত্নী প্ৰসাদ" কালি ১৩অক্টোবৰ২০২৪ তাৰিখে শ্ৰীমন্ত শঙ্কৰদেৱ থান আৰু ...
14/10/2024

গুৰু জয়ন্তীত অবিনশ্বৰ গোষ্ঠীৰ নিবেদন- অঙ্কীয়া ভাওনা " পত্নী প্ৰসাদ"
কালি ১৩অক্টোবৰ২০২৪ তাৰিখে শ্ৰীমন্ত শঙ্কৰদেৱ থান আৰু কৃষ্টি বিকাশ কেন্দ্ৰ,পাৰঘাট, পুৰণিগুদামৰ নিমন্ত্ৰণ ক্ৰমে অবিনশ্বৰ গোষ্ঠীয়ে নিবেদন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত অঙ্কীয়া নাট "পত্নীপ্ৰসাদ"। উল্লেখিত থান তথা কেন্দ্ৰৰ ৭৫বছৰ পূৰ্ণ হোৱাত মহাৰজত জয়ন্তী হিচাপে আৰু ৫৭৬ সংখ্যক গুৰুজয়ন্তী উপলক্ষে ১২,১৩,১৪ অক্টোবৰ২০২৪ত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠান সমূহৰ ভিতৰত ১৩ অক্টোবৰত অবিনশ্বৰ গোষ্ঠীয়ে নিবেদন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত প্ৰথম অঙ্কীয়া নাট " পত্নীপ্ৰসাদ"
অভিনয়ত::-
সূত্ৰধাৰ - ৰুবুল কুমাৰ মহন্ত।
শ্ৰীকৃষ্ণ - বিপঞ্চিকা বৰা।
বলৰাম - প্ৰেৰণা শইকীয়া।
গোপবালক সৱ - প্ৰাজন বৰা, দীক্ষিতা বৈৰাগী, নীহাৰিকা গোহাঁই, বিমৃশা শইকীয়া, ৰিদ্দিশা বৰুৱা।
ব্ৰাহ্মণ সকল - মুহিত কুমাৰ বৈৰাগী,প্ৰাণজিৎ বৰা,থানেশ্বৰ বৰা,মিন্টু কলিতা, ৰাজদীপ বৰা, খগেন কুমাৰ গায়ন।
বিপ্ৰপত্নীগণ - ৰাজকুমাৰী ভূঞা, ৰুণজুন বৰা,হিমাশ্ৰী সেনাপতি, তুহিনকন্যা বৰা,জ্যোৎস্না সেনাপতি, কৃষ্ণিকা বৰা, ৰাগীনি বৰা।
দেৱতা - নীতিশ বৰা।
নেপঠ্যত :
প্ৰযোজনা নিয়ন্ত্ৰণ - থানেশ্বৰ বৰা,জিতুমণি বৰা।
মঞ্চ প্ৰৱন্ধক - অনিল বৰা, সঞ্জীৱ বৰা।
বায়ন - বিনোদ চন্দ্ৰ ভূঞা
সহযোগী - ভাৰ্গৱ শইকীয়া।
যোৰা ,দোহাৰ - অনিল বৰা,ভাৰ্গৱ শইকীয়া, নীতিশ বৰা, আকাশ জ্যোতি বৰা,মৌচুম ভূঞা, সুপ্ৰভাত বৰা,দিশান্ত দিবং বৰা।
নৃত্য আৰু সঙ্গীত - বিনোদ ভূঞা, ভাৰ্গৱ শইকীয়া, ৰুবুল কুমাৰ মহন্ত।
কণ্ঠশিল্পী - বিনোদ ভূঞা, ৰঞ্জন কুমাৰ বৰা,দীপ্তি তামুলী, প্ৰণামী কলিতা।
দৃশ্যসজ্জা সম্পাদন - দীপেন দাস,অনিল বৰা।
সাজসজ্জা পৰিকল্পনা - দীপক বৰা।
সম্পাদন - অভিনেতা অভিনেত্ৰী সকল।
সৰঞ্জাম - সীমান্ত কলিতা।
ৰূপসজ্জা - মোহৰাম ভূঞা।
নাট্যকাৰ - শ্ৰীমন্ত শঙ্কৰদেৱ।
পৰিকল্পনা আৰু পৰিচালনা - দীপক বৰা।

বিহঙ্গম দৃষ্টিৰে বৰ্তমানৰ ৰাস আৰু ভাওনা ::আমি পূৰ্বে প্ৰকাশিত এটি ভাওনা আৰু অঙ্কীয়া ভাওনাৰ অৱলোকনত ব্যক্ত কৰিছিলোঁ যে ব্...
28/07/2024

বিহঙ্গম দৃষ্টিৰে বৰ্তমানৰ ৰাস আৰু ভাওনা ::
আমি পূৰ্বে প্ৰকাশিত এটি ভাওনা আৰু অঙ্কীয়া ভাওনাৰ অৱলোকনত ব্যক্ত কৰিছিলোঁ যে ব্ৰজাৱলী ভাষা , সত্ৰীয়া বা শঙ্কৰী নৃত্য তথা গুৰু সৃষ্ট অঙ্কীয়া গীত- বাদ্য, আহাৰ্যৰে পৰিবেশিত নাটক অঙ্কীয়া ভাওনা আৰু পৰৱৰ্তীকালত মিশ্ৰ ব্ৰজাৱলী, বৈষ্ণৱ সাহিত্যৰ ভাষাৰে(বৈষ্ণৱ শাস্ত্ৰ,বৈষ্ণৱী অভিধানৰ শব্দৰে) ৰচিত ভাওনাৰ নাট পৰিবৰ্তিত বাদ্য, নৃত্যৰে হোৱা নাটক কেৱল ভাওনা বা অসমীয়া ভাওনা বুলিব লাগে। এয়া সুধী সমাজৰ বিচাৰ। এনেয়ে প্ৰথমতে ভাৱনা, পিছত ভাওনা, ভণা আৰু তাৰপিছত অঙ্কীয়া ভাওনা, গুৰু অঙ্কীয়া, অসমীয়া ভাওনা আদি অভিধাবিলাক হ'লগৈ। আদিতে ভাওনা নাটঘৰ,ৰভাঘৰত হৈছিল। অভিনেয় অংশৰ ওপৰত চন্দ্ৰাতপ( চন্দ্ৰতাপ) তৰিছিল। এতিয়া সেয়া দেখা নাযায়। আদিতে অঙ্কীয়া ভাওনা বা ভাওনাত কোনো দৃশ্যসজ্জা নাছিল, ৰজা-ৰাণী পাত্ৰমন্ত্ৰী,সেনাপতি সৈন্যৰ বাবে ভাগে ক্ৰমে ডাঙৰ ডাঙৰ সিংহাসন, আসন নাছিল। তেনেহ'লে কেনেকৈ কৰিছিল ? ইয়াতেই পৰিচালকৰ কৃতিত্ব তথা সৃজনশীল চিন্তা পৰিস্ফুট হৈছিল আৰু হ'ব লাগে। গুৰুজনা চলি যোৱাৰ পিছত সামান্য পৰিবৰ্তন সাধি প্ৰায় ছয়-আঠ ইঞ্চিমান ওখ পীৰাৰ লেখীয়া ব্যৱহাৰ কৰিছিল উপায় অন্তত। সেই সুযোগকে লৈ পিচলৈ স্থান ভেদে ৰাজ্য আশ্ৰম আদি দৃশ্যসজ্জা তৈয়াৰ কৰি ভাগে ভাগে ওখ চাপৰ আসনৰ( চকী) ব্যৱস্থা কৰিলে, শিৱৰ বাবে পৰ্বত বনাই কৈলাশ পাতিলে, ৰাসৰ শঙ্খচূড়ৰ বাবে ডাঙৰ ডাঙৰ গুহা তৈয়াৰ কৰাত লাগিল। ফলত দৰ্শকৰ মানসপটত সততে ভাহি থকা( আপোন সৃষ্টি) ৰামৰাজ্য, দ্বাৰকা,হস্তিনাপুৰ ,ইন্দ্ৰালয় আদি নাইকীয়া হৈ গ'ল। দৰ্শকৰ সৃষ্টিশীলতাক সীমাবদ্ধ কৰি দিয়া হ'ল। লগতে ভাওনা মাৰ্গীয় বা ধ্ৰুপদী দৃষ্টিৰে চাবলৈ সমস্যা আহি পৰিল। যদি এনেক্ষেত্ৰত চিহ্নযাত্ৰাৰ উদাহৰণ আনে তেন্তে আমি বিচাৰ কৰি চাব লাগিব যে চিহ্নযাত্ৰা নাটকত ভাষা প্ৰয়োগ হোৱা নাছিল। সপ্ত বৈকুণ্ঠৰ পট আঁকি আংগিক অভিনয়ৰ জড়িয়তে বুজাবলৈ যত্ন কৰা হৈছিল। গুৰ সৃষ্ট নাটৰ সংখ্যাৰ ভিতৰত চিহ্নযাত্ৰা ধৰাও হোৱা নাই। সেই মহৎ কৰ্মৰ উদেশ্যই বেলেগ, তাতে গুৰুজনাৰ প্ৰথম পদক্ষেপ‌ ; কিন্তু ৰাইজ ভকতৰ অপাৰ সহাৰি পায় তাৰাই সংলাপ লিখি পত্নীপ্ৰসাদ কৰিলে। সংলাপ বৰ কম আৰু সংলাপ বিলাক কাব্যগন্ধী। ছন্দোৱদ্ধ সংলাপ নহলেও কথাৰছন্দ ঠায়ে ঠায়ে বিদ্যমান। সংলাপ থাকিলেও গীতিধৰ্মিতা অঙ্কীয়া নাটৰ বিশেষ বৈশিষ্ট্য। ভাওনাৰ সিংহভাগ সংলাপ নিৰ্ভৰশীল হ'লে তাক শুদ্ধ অঙ্কীয়া নাট বুলিব নোৱাৰি। সেয়েহে গুৰুজনা চলি যোৱাৰ পিছত অঙ্কীয়া নাটৰ সংখ্যা আঙুলি মূৰত লিখিব পৰা। শ্ৰীমন্ত শংকৰদেৱে পত্নীপ্ৰসাদ বা অন্যান্য নাটকত কিন্তু চিত্ৰপট ব্যৱহাৰ কৰা নাছিল। গতিকে চিহ্নযাত্ৰাৰ দোহাই দি অপ্ৰয়োজনীয় ভাৱে চিত্ৰপট আঁকি,আৰি সজ্জিত কৰাৰ অৱকাশ আচলতে নাই। ৰঙ্গমঞ্চ বা খোল অথবা অভিনেয় অংশৰ বাহিৰত অভিনয় বা দৃশ্যসজ্জা নাছিল। নডাল শলাকাৰে সজ্জিত অগ্নিগড়ত নৱভক্তিৰ সঞ্চাৰ কৰি গুৰু আসনলৈকে এই অংশকে অভিনয়ৰ বাবে প্ৰস্তুত কৰে আয়োজক আৰু দোহাৰে( গায়ন বায়নে)। তেনে পৰিপ্ৰেক্ষিতত খোলৰ বাহিৰত অভিনয় কৰাটো জানো সমীচিন ? এয়া অপ্ৰয়োজনীয় পৰিবৰ্তন নে উত্তৰণ বুলিব বিদ্বৎ সমাজে। ই চিন্তনীয়।
উল্লেখিত নাটঘৰ, নাটমণ্ডপৰ খোলৰ বাহিৰেও আজিকালি মঞ্চত ভাওনা হয়। আমি জনাত মাজুলীৰ দক্ষিণপাত সত্ৰতে প্ৰথম মঞ্চত ভাওনা হৈছিল। নামঘৰ, নাটঘৰ আদিত হৰিধ্বনি দি গায়ন বায়নে যোৰা আৰম্ভ কৰাৰ লগে লগে যি আধ্যাত্মিক আৰু গুৰু গম্ভীৰ পৰিবেশ বিৰাজমান হয়। মঞ্চত তেনে হয়নে বাৰু! চাৰিশতাধিক বছৰ ধৰি নামঘৰ নাটঘৰতেই হৈ আহিছে। নামঘৰত দুয়োফালে বা তিনিফালেই দৰ্শক বুলিব পাৰি। সকলো ভাৱৰীয়াৰ মুখ দেখাকৈ আৰু দৰ্শকৰ অসুবিধা নোহোৱাকৈ থিয় কৰোৱা, চালচলন কৰোৱাৰ কুশলতাত পৰিচালকৰ দক্ষতা প্ৰকাশ পাই। আজিকালি দৰ্শকৰ অসুবিধাৰ দোহাই দি মঞ্চত কৰিবলৈ লৈছে। এইটো এটা দুৰ্বল যুক্তি। অৱশ্যে ৰাইজে ইচ্ছা কৰিলে অভিনেয় অংশ( খোল/ খলা)আদিৰ পৰা অন্তলৈ সমমান ভাৱে অলপ ওখ কৰি লব পাৰে ।তাকে অগ্নিগড়ৰ পৰা সিংহাসন পৰ্যন্ত। প্ৰচেনিয়াম মঞ্চত কৰিলে বোধকৰোঁ পৰিচালকৰ কষ্ট কম হয়। দৰ্শকে দেখাত অসুবিধা নাই। পিছে ইয়াৰ দ্বাৰা পৰিচালকৰ সৃজন ক্ষমতা কমি যায় যেন অনুমান। আকৌ বহু নাট্য দলে কেতিয়াবা আৰিয়া শলাকা নজ্বলাই । এয়া ভাওনা ৰীতি বিৰুদ্ধ কৰ্ম। আজিৰ তাৰিখলৈকে কথাকলি,যক্ষগান,কুটিয়ট্টম আদি পৰম্পৰাগত নৃত্য-নাট্য অনুস্থানৰ কিবা বিকৃতি ঘটিছেনে ? সাজসজ্জা, সঙ্গীত, অংগাভিনয়,নৃত্য, উপস্থাপন আদিত তেওঁলোকৰ স্বকীয় সংস্কৃতি অকনমানো হেৰফেৰ হবলৈ দিয়া নাই। নীতি নিয়ম ,গণ্ডীৰ ভিতৰতহে ৰূপান্তৰ বা পৰিবৰ্তন ঘটিছে। জাপানৰ নো আৰু কাবুকি থিয়েটাৰ। কাবুকিৰ পৰম্পৰাগত সাজ এজোৰ পিন্ধাব লাগে কাপোৰ মেৰিয়াই। পৰম্পৰা মতে যদি এশ পাক মেৰিয়াব লাগে আজিও এশ পাগেই মেৰিয়াই। আধুনিকতাৰ ধামখুমীয়াত বা আধুনিক সহজ বুদ্ধিত উটি ভাঁহি যোৱা নাই। মন গ'লে এশটা পাগ মৰাৰ দৰে কিবা বুদ্ধি উলিয়াই দেখাত একেই কৰিব পাৰে। নকৰে তেওঁলোকে। ভাৰতৰ দাক্ষিণাত্যৰ যক্ষগানৰ ,ৰামনগৰৰ হনুমান কিম্বা ৰাম, পুৰুলিয়া ছৌৰ ৰাম- ৰাৱণ,কুটিয়ট্টমৰ হনুমান আদিৰ ৰূপ আৰু সাজপাৰ দেখিলেই ৰাজ্য আৰু নৃত্য-নাট্য বিধৰ কথা কৈ দিব পাৰি। আজিকোপতি কোনেও নিজত্ব বিসৰ্জন দিয়া নাই। কিন্তু আমাৰ অসমীয়া ভাওনাত সেই বিকৃতি ঘটিছে। এইখিনিতে এটা কথা উনুকিয়াই থোৱা ভাল যে অঙ্কীয়া ভাওনা সৃষ্টিৰ আগতে গুৰুজনায়ো দেশ বিদেশৰ সংস্কৃতি অধ্যয়ন কৰি হজম কৰিছিল বুলি বহু পণ্ডিতে কৈ গৈছে। কিন্তু তেওঁ সকলো জানিও নিজ চিন্তাৰেহে সুকীয়া পৰিচয় দিব পৰাকৈ অঙ্কীয়া ভাওনাৰ সৃষ্টি কৰিলে। বাজনা,নৃত্য, ভাও,ভাষা, আহাৰ্য সকলোতে নিজৰ মৌলিক চিন্তাধাৰা। পিছে বৰ্তমান হাজাৰ জনে অন্য ৰাজ্যৰ চিধা চিধি নকল কৰিছে। কেৱল বাহ বাহ লবৰ বাবেই চাগে নে অইন কিবা ৰহস্য গমি পোৱা নাযায়।
উল্লেখযোগ্য যে অসমৰ বাহিৰৰ নাট্য উৎসৱত অংশগ্ৰহণ কৰিবলৈ গ'লে তাত নামঘৰ পোৱা নাযায়। গতিকে মঞ্চতো কৰিবলৈ শিকিব লাগিব। সেইবুলি সঘনাই এখন গাঁৱৰ ৰাইজে বা নাট্যদলে মঞ্চতহে ভাওনা,ৰাস কৰি থাকিবনে? মঞ্চত কৰাৰ লগে লগে কিছু নাট্যদলে এনেদৰে পোহৰ পৰিকল্পনা আৰু প্ৰক্ষেপ কৰে যে সেয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ নৃত্য-নাটিকাৰ দৰেহে লাগে। আজিকালি বহু ভাওনা মঞ্চনাট যেন লাগে। বহুতে ভাওনা বা ৰাসত প্ৰজেক্টৰ ব্যৱহাৰ কৰে। এয়া শুভ লক্ষণ নহয়। এটা ধ্ৰুপদী পৰিবেশ্য কলাৰ নীতি বৰ্হিভূত এই পৰিবৰ্তনে আনন্দ দিব পাৰে ; কিন্তু উত্তৰণ নিদিয়ে, মানসিক উৎকৰ্ষ সাধন হৈছে বুলিব নোৱাৰি। যদি প্ৰশ্ন উঠে গুৰুজনাৰ যদি বৰ্তমান সময়ত জন্ম হ'লহেঁতেন তেন্তে কি বিজুলী চাকি নজ্বলালেহেঁতেননে ? নিশ্চয় জ্বলালেহেঁতেন। কিন্তু পোহৰৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নকৰিলেহেঁতেন, আধাত্মিক পৰিবেশ বিনষ্ট হ'ব পৰাকৈ, ভক্তি ৰস সৃষ্টিত ব্যাঘাত জন্মাকৈ পোহৰৰ প্ৰয়োগ নকৰিলেহেঁতেন। পোহৰৰ চমক সৃষ্টিৰে অঙ্কীয়া ভাওনাৰ মূল উদ্দেশ্যত ব্যাঘাত নজন্মালেহেঁতেন। আমি যদি চাও ৰাসৰ বেলিকা দেখা যায় কিছুমান ৰাস দূৰদৰ্শনত আগতে দেখা চিত্ৰহাৰ যেন লাগে। গায়ন বায়ন বা দোহাৰৰ সলনি চকীত বহা লংপেন্ট পিন্ধা অক্টাপেড বজোৱা, আৰু কি-বোৰ্ড বজোৱা জনকহে দেখা যায়। তাকো অগ্নিগড়ৰ তলত বা বাওঁফালে নহয় । নিজৰ সুবিধা মতে বহে। গুৰুজনাৰ জন্ম বৰ্তমান সময়ত হোৱা হ'লেও সেইটো কেতিয়াও নকৰিলেহেঁতেন। কিয়নো লোকনাট্য,পৰম্পৰাগত নাট্য, মাৰ্গীয় নৃত্য- নাট্য পৰিবেশন কৰিলে কি কৰিব লাগে সেয়া জানি-বুজি লৈহে ভাওনা কৰিলেহেঁতেন। পৰিতাপৰ কথা এয়ে যে বৰ্তমান কি কমিটি, কি শিল্পী আনকি অলেখ দৰ্শকেও প্ৰকৃততে কি হ'ব লাগে চিন্তা-চৰ্চা নকৰে। নাতি-নাতিনীয়ে ৰাস নাচিব,শিশু কৃষ্ণ ওলাব কাৰণে পৰমভক্ত বহু বুঢ়াককায়ো, বহু অভিভাৱকেও চকু মুদা কুলিৰ ভাও ধৰি হাঁহি হাঁহি চাই থাকে। ভাওনাৰ সাজসজ্জাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। বিশেষকৈ ৰাস ভাওনাৰ। বাস্তৱ দিশৰ পৰা চালে গোপীসকল শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত আকৃষ্ট হৈ ঘৰত যি সাজেৰে আছিল তেনেকৈয়ে গুছি গৈছিল। কোনোৱে থাপতে কিবা কাপোৰ বা আ-অলঙ্কাৰ লৈ গৈছিল অৱশ্যে। কথা হ'ল নাটক যিহেতু কলা ,গতিকে আমি চাফ- চিকুনকৈ সযতনে চৰিত্ৰৰ সৈতে খাপ খোৱা বেশভূষা কৰিব লাগে। হয়তো কৃষ্ণৰ বাঁহী শুনিলেই দৌৰী যাম মনোভাৱৰ দুই এগৰাকীয়ে তলে তলে নিজকে ধুনীয়া কৰি সজাইছিল বুলি পৰিচালকে ধৰিব পাৰে। সেইবুলি সকলো গোপীয়েই ইমান ধুনীয়া ধুনীয়া পাটৰ চেট পিন্ধিছিলনে লগে লগে। নিজৰ গিৰিহঁতে দেখোন আগতেই গম পাই যাব। নাটখনি বা শাস্ত্ৰ বাৰম্বাৰ পৰিচালকে বা অংশগ্ৰহণকাৰী সকলে পঢ়ি চাব লাগে। কিন্তু তেনে হোৱা আমি দেখা নেপাও। সম্পূৰ্ণ শঙ্কৰী বা সত্ৰীয়া নিয়মত কেলিগোপাল কৰিলে অঙ্কীয়া শৈলীৰ বিধিমতে সাজসজ্জা কৰিব লাগে। নিজে ৰাসৰ নাটক এখন লিখি কৰিলেও সকলো গোপীয়ে কইনা সজোৱাদি নিজৰ সাজসজ্জা কৰিলে সেয়া ৰাসৰ গোপী চৰিত্ৰৰ বিপৰীত সজ্জা হয়। কৃষ্ণৰ বেলিকাও একেই । বিধি দিয়া আছে। আমি অধ্যয়ন কৰি ললেই হয়। সাজসজ্জাৰ পৰিকল্পনা খাপখোৱাকৈ কিছু সলনি হ'ব পাৰে - কেৱল সম্পদবোৰ থলুৱা হ'ব লাগে। দৰ্শকক ভাল লগাবলৈ গৈ বা নিজে প্ৰশংসা বুটলিবলৈ বুলি পৰিকল্পনা কৰিলে স্বকীয়তাই মাৰ খাব। আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ ৰাস চালে দেখা যাব ৰূচিসন্মত, মাৰ্জিত আৰু পৰম্পৰাগত সাজপাৰ। সামান্য ৰূপান্তৰ হ'লেও পৰম্পৰা অক্ষুন্ন আছে। মণিপুৰৰ কৃষ্ণ সাজ আৰু মুকুট বা কীৰিটি আজিকোপতি একেই আছে। কিন্তু অসমৰ কৃষ্ণৰ বেলিকা আমি কি দেখিছোঁ। প্ৰৱল যুক্তি বখানি কোনো কোনোৱে মথুৰাত মৰা পাগ মাৰিছে কোনোবাই। পিছে মথুৰাৰ পাগে অসমক প্ৰতিনিধিত্ব নকৰে। যেনে বৰ্তমান অসমৰ হাজাৰ হাজাৰ নাট্যদলে পিন্ধা বঙ্গৰ আৰ্হিৰ পোছাকে অসমক প্ৰতিনিধিত্ব নকৰে। বৰং অসমৰ বাহিৰত হাঁহিবহে বঙ্গৰ ওচৰত ধৰুৱা বুলি। যেনেকৈ হাঁহিব অসমৰ ৰাসত দাণ্ডিয়া নৃত্য দেখিলে, পুতনাৰ আধুনিক নৃত্য দেখিলে, শিশু কৃষ্ণ কিছুমান উলিয়ালে ইত্যাদি ইত্যাদি। কাৰণ পৰ্যটক বিলাকো অধ্যয়নপুষ্ট। "অসমৰ বাহিৰৰ মানুহে হাঁহিলে বুলি আমি আমাৰ মতে নিপিন্ধামনে ,আমাৰ মতে ননচুৱামনে?" ।এতিয়া এনেহেন মনোভাৱ বহুতৰে। গতিকে প্ৰকৃত চৰ্চাৰ প্ৰতি নৱ প্ৰজন্মও আগ্ৰহী হোৱাৰ পৰা বঞ্চিত হৈছে। ইয়াৰ বাবে প্ৰথম দায়ী অভিভাৱক সকল। ৰাস বুলিলে আমি ৰাসলীলা বা গুৰুজনাৰ কেলিগোপালকে বুজো। এই ৰাস বা কেলিগোপালত কোনো কাৰণত পুতনা ওলোৱাৰ কথা নাহে, দধিমথন ভাৱনাৰ বেলিকা কলহ দৈ মথন শালৰ কথা নাহে । তেনেকৈ হ'লে কালিনাগো ওলাব লাগিব। শাস্ত্ৰত কৈছে এয়া বৃন্দাবনত কৃষ্ণক হেৰুৱাই বিৰহ বেদনাত কৰা ভাৱনাহে। গোপীসকলেই শিশু কৃষ্ণ, কালি,পুতনাৰ ভাও দিব লাগে - যাতে প্ৰভূ কৃষ্ণৰ বন্দনাত সন্তুষ্ট হৈ পুনৰ দেখা দিয়ে। কিন্তু আজিকালি সকলো মনোৰঞ্জনৰ আহিলাহে হৈছেগৈ। মনোৰঞ্জনৰ গুৰুত্ব বঢ়াৰ বাবেই আজিকালি বসুদেৱ দৈৱকীৰ বিবাহ, দোলনা ৰাধা-কৃষ্ণ বহুৱাই খেলনা, কংসালয় আদি দৃশ্যৰ অৱতাৰণা। অথচ এইবিলাকৰ ৰাসৰ সৈতে একো সম্পৰ্ক নাই। অ আগদিনা শিশুলীলা কৰি পিছৰ নিশাৰ নিবেদন ৰাসক্ৰীড়া হ'ব পাৰে বা ইয়াৰ ওলোটাকৈও হ'ব পাৰে। সেইটো সুকীয়া কথা, যুক্তিযুক্ত কথা। এতিয়া মহাৰাস বুলি নাম এটা দি লৈ এই বৃহৎ কাৰবাৰ এটা কৰাত বহু সমিতি, পৰিচালক উবুৰি খাই পৰিছে। বাহিৰৰ পৰ্যটক সকলক এতিয়া বহুতে অসমৰ ৰাসৰ এটা ভুল ধাৰণা দিবলৈ লৈছে বুলিয়েই আমাৰ বিশ্বাস। কাৰণ তেওঁলোকে ৰাসৰ নামত প্ৰজেক্টৰ ব্যৱহৃত, Name casting কৰা, নাটঘৰৰ বাহিৰৰ পুখুৰীত হাঁহ চৰি থকা, সেই পুখুৰীৰ পৰা কালিনাগ অহা, পোহৰ আতচবাজিৰ চমকনিহে দেখিছে। বৰ পৰিতাপৰ বিষয়। আমি পাহৰিব নেলাগে যে শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন মতে ৰাসত ৰাধাৰ ভূমিকা অতি গৌণ । তাৰা সৃষ্ট কেলিগোপালত ৰাধা চৰিত্ৰ নাই। এনেক্ষেত্ৰত কেলিগোপালৰ আৰ্হিত বুলি প্ৰচাৰ কৰি ৰাসত ৰাধাক নায়িকা ৰূপ দিয়ে কি যুক্তিৰে? পুৰাণৰ যুক্তিত ৰাধা নিশ্চিতভাৱে আছে। ৰাধা-কৃষ্ণৰ এটাই শৰীৰ বুলিও পোৱা যায় পুৰাণত। তেন্তে নিজে ৰাসৰ নাট্যৰূপ দিব লাগে। পুৰাণ পঢ়া সকলে জানে ৰাধাৰ পূৰ্ব জনমৰ কথা। গোলোকটো ৰাসমণ্ডল আছে। অভিসপ্ত হৈ পৃথিৱীলৈ অহা বাবে কৃষ্ণয়ো দৈৱকীৰ গৰ্ভত জন্ম লৈ যশোদা নন্দন হিচাপে খিয়াতি লভি বৃন্দাবনত ৰাস মণ্ডল বনাইছিল। পুৰাণৰ মতে কৰিলে আৰু বহু কাহিনী যোগ হব লাগে। তেতিয়া নাট্য ৰূপৰ বিসঙ্গতি ঘটিলে কৃষ্ণৰ প্ৰতি দৰ্শকৰ মনোভাৱ বেলেগ হব পাৰে। যিহেতু অসম মূলতঃ কৃষ্ণ সংস্কৃতিৰ দেশ, সেয়েহে শ্ৰীমন্ত শংকৰদেৱে অতিশয় দৰকাৰী খিনি সহজবোধ্য কৰি নাটকীয় সংঘাত অক্ষুন্ন ৰাখি শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ প্ৰকট ভাৱে হোৱাকৈ " কেলি গোপাল " ৰচিলে। ৰচিলে মূলতঃ অনাখৰী জনগণৰ বাবে। কেলিগোপালেই নহয় গুৰুজনাৰ সকলো নাটেই অনাক্ষৰী( অনাখৰী) সকলৰ বাবে( ইয়াতে যেনিবা পণ্ডিতসকলৰ বাবে শ্লোক,সুশিক্ষিত সকলৰ বাবে গীত) কাৰণ তেতিয়ানো কেইজন শিক্ষিত মানুহ আছিল অসমত। আজিকালি হাঁহি উঠা কথা এই যে " কেলিগোপালৰ আৰ্হিত শ্ৰীকৃষ্ণৰ ৰাসলীলা" বুলি কাৰ্যসূচী বেনাৰত লিখাটো। গোপাল মানেই দেখোন কৃষ্ণ। আকৌ কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰাটোহে ভাওনাৰ উদেশ্য। যি ভাওনাই দৰ্শকৰ অন্তৰত কৃষ্ণ ভক্তি ওপজাবলৈ সক্ষম নহয় আৰু পৰিচালকে,কমিটিয়ে সুবিধা দিয়া নাই ; তেন্তে সেই ৰাসৰ জড়িয়তে অনুস্থিত কৰা ৰাইজৰ একো কল্যাণ নহয়। এয়া ভাওনাৰ মূল লক্ষ্যৰহে কথা, আমাৰ ভাষ্য নহয়। আমি ৰাসকো ভাওনা বুলিব লাগিব। ভাওনাৰ নাম যেনিবাতে " ৰাসলীলা"। ইপিনে যত গোপ তত কৃষ্ণ ওলাব পৰা একোটাহঁত বিশেষ বিশেষ মূহুৰ্ত আছে। এতিয়া বহু ঠাইতদেখা যায় কৃষ্ণ প্ৰথমতেই কেইবাজনো ওলায়। তাৰোপৰি লগতে প্ৰৱেশ কৰাই নচুৱাই ভালেসংখ্যক শিশু কৃষ্ণ। ভৱিষ্যতে এইবোৰৰ প্ৰতিকাৰ কোনে কৰিব? ৰাসৰ বাজনাতযে বিহু চেৱ পৰ্যন্ত বাজে, কেতিয়াবা কৰবাত বেণ্ড বজাই, লংপেন্ট পিন্ধি ওলায়, পুলিচ হিচাপে গোপীৰ ৰখীয়া হৈ ওলায় আৰু শংখচূড় ওলালে ভয়ত পুলিচ কঁপি থাকে - যাক দেখি দৰ্শকে গিৰ্জনি মাৰি হাঁহে, এয়াকেনো কেনেকৈ প্ৰতিকাৰ কৰা যায়। ব্ৰজাৱলী ভাষাটোকযে শিক্ষিত পৰিচালক অভিনেতা আদিয়ে অতিকৈ কঠিন ভাষা,দুৰ্বোধ্য বুলি কৈ মাতৃভাষা প্ৰয়োগ কৰে, ইটো আচৰিত লগা কথা। একেধৰণৰ পৰিচালকে দৃশ্য সজ্জাৰ নামত সৰু-বৰ গৰু কিছুমানো উলিয়াই। গৰু চৰি থাকে বৃন্দাবনত। এই যে গৰু মৌৰা ওলাল দিনত নে ৰাতি ? শ্ৰীকৃষ্ণই ৰাতিও গৰু চৰাইছিলনেকি? আৰু কাষত কলহ লৈ লৈ গোপীসকল ক'লৈ যায়? দিনতহে পানী আনিবলৈ যাব পাৰে ঘাটলৈ। ৰাতি দেখোন ৰাসেই। তাকো কৃষ্ণৰ বাঁহী মাত শুনিহে যায়। তেন্তে ? যদি ৰাস দিনে ৰাতিয়ে মিলি কমেও পোন্ধৰ দিন ৰাসলীলাৰ নাট হয় ; তেতিয়া আমাৰ কবলগীয়া নাই। পিছে মাত্ৰ এনিশাৰ ৰাসত গৰু, কলচীৰে পানী অনা, মৌৰা,আদি সম্ভৱনে?
ভাওনাৰ পূৰ্বতে অসুৰ বা ৰাক্ষস ওলালে ফিৰফিৰি জ্বলাইছিলনে? জ্বলাইছিল ।নিজে বনাই জ্বলাইছিল অগ্নিগড়ৰ ওচৰত যাতে ভাৱৰীয়াৰ মুখ অধিক প্ৰকট হয়। কেতিয়াবা তেনেকুৱা প্ৰৱেশৰ সময়ত জোৰও জ্বলাইছিল,অগ্নিগড়ৰ ওচৰত - পোহৰৰ তীব্ৰতা বঢ়াবৰ বাবে। কাৰণ তেতিয়া মহতা,চৌতাৰা বা হেচেক লাইটহে জ্বলিছিল। সিবিলাকৰ পোহৰ যথোপযুক্ত নাছিল সময়সাপেক্ষে। মুঠতে পোহৰ প্ৰক্ষেপন যুক্তিযুক্ত, দৃষ্টিনন্দন হ'ব লাগে। সঘনাই অত্যাধিক spot light ব্যৱহাৰ কৰি পৰিবেশ বিনষ্ট কৰিব নেলাগে, দৰ্শকৰ মন মূল বিষয়ৰ পৰা আতৰাই নিব নেলাগে। সঙ্গীতৰ বেলিকাও একেই কথা। বিশেষকৈ ৰাসত। ৰাসলীলাত দৈৱকীৰ বিয়াত বিয়ানাম গাই। পিছে বিয়ানাম বিলাক অঙ্কীয়া নাটৰ অন্যান্য গীতৰ দৰে ভাগে ভাগে ৰাগত বন্ধা, নিৰ্দিষ্ট তালত বন্ধা। বিয়ানাম ইয়াৰ ভিতৰুৱা নহয় বাবেই আচলতে গাব নেলাগে। কাৰণ ভাওনা অত্যাধিক মনোৰঞ্জনধৰ্মী হোৱা মানেই ভক্তিৰস উৎপন্নৰ পৰা বিচলিত হোৱা। ভাওনা আৰু ৰাসৰ সঙ্গীত, নৃত্য পৰিবেশন কাৰী আৰু নিৰ্দেশক সকলক নন্দন তত্বৰ কৰ্মী বা সেৱক বুলিবলৈ হ'লে তেওঁলোকে ভাৰত তথা পৃথিৱীৰ শাস্ত্ৰীয় বা মাৰ্গীয় , ধ্ৰুপদী নৃত্য নাট্যৰ অতীত আৰু বৰ্তমান অধ্যয়ন কৰিব লাগিব, সঞ্চিত চিন্তা প্ৰয়োগেৰে আপোন সংস্কৃতিক আগুৱাই নিব লাগিব। ইয়াকে কৰিবলৈ হ'লে নৱ প্ৰজন্মই ব্ৰজাৱলী ভাষা আয়ত্ব কৰি অঙ্কীয়া নাট ৰচনাত মনোনিবেশ কৰিব লাগিব - য'ত সংলাপ কম আৰু গীত- মাত, শ্লোক লিখিব পৰা ক্ষমতা আহৰণ কৰিব লাগিব যাতে নাটবিলাক গীতিধৰ্মী হয়। সংলাপ বিলাকো প্ৰক্ষেপন কৰোতে যাতে তালাশ্ৰয়ী যেন লাগে। এই আশা চিন্তান্বীত আধাত্মিক চিন্তাৰে অথবা সংস্কৃত মন এটা লৈ, জাতিটোৰ পৰিচয় সৰ্বদিশত নিজা পৰিচয় জ্ঞাপক সংস্কৃতিৰে থকাটো চিন্তাৰ মন লৈ জীৱন অতিবাহিত কৰা অসমীয়াৰ।
সামৰণিত কও লিখনিটো আমাৰ যৎসামান্য সাংস্কৃতিক অভিজ্ঞতাৰে আৰু দুই এখন গ্ৰন্থ পঢ়ি, একান্ত ব্যক্তিগত চিন্তাৰেহে লিখা। কাৰোবাৰ অন্তৰত দুখ দিয়াৰো আমাৰ লক্ষ্য নহয়। যুক্তিৰে সকলো বস্তু বা সমস্যা সমাধান কৰিব নোৱাৰি। লাগিব ত্যাগ আৰু প্ৰাণৱন্ত আলোচনা। সেয়েহে দোহাৰিছো --
তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুণ পতি
তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায়।
সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে
উপনিষদ ধেনু ধৰি খায়।।
দীপক বৰা।
( প্ৰৱন্ধ/নিৱন্ধ লিখা আমাৰ অভ্যাস নাই, ভাৱ থাকিলেও ভাষা নোলায়। তথাপি এই লিখনিটো প্ৰকাশ হৈছিল পূৰ্বে। তাকে দিলোঁ। পূৰ্বে কৰা অধ্যয়ন আৰু চিন্তাৰেহে। এতিয়া চিন্তাৰ আৰু উত্তৰণ ঘটাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম।)

মৰমৰ প্ৰশিক্ষাৰ্থী,সন্মানীয় অভিভাৱক,বিদ্যালয় কৰ্তৃপক্ষ, আৰু শ্ৰদ্ধাৰ ঔঅনা বাসী ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিলোঁ। প্ৰশ...
04/07/2024

মৰমৰ প্ৰশিক্ষাৰ্থী,সন্মানীয় অভিভাৱক,বিদ্যালয় কৰ্তৃপক্ষ, আৰু শ্ৰদ্ধাৰ ঔঅনা বাসী ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিলোঁ।
প্ৰশিক্ষাৰ্থী সকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে এই কৰ্মশালাৰ বাবে ভৰ্তিমাচুল নেলাগে।

🙏বহল মনৰ মানুহ। Bahal Manor ManuhTo be staged by Abinaswar Gosthi as  annual performance on 7th July 2024.Venue - Dr. Bh...
15/06/2024

🙏বহল মনৰ মানুহ। Bahal Manor Manuh
To be staged by Abinaswar Gosthi as annual performance on 7th July 2024.
Venue - Dr. Bhabendranath Saikia Memorial Auditorium, Puranigudam, Nagaon, Assam.
Duration - 1.20hrs.
Starting time- 730PM.
All theatre lovers are cordially requested to collect the entry card ( contact number - 98641 13302,9954850430,9706295531, 6002791037) as soon as possible.
প্ৰিয় নাট্যমোদী দৰ্শক মণ্ডলী, নাটখনি উপভোগ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। প্ৰৱেশ পত্ৰ সেইদিনা প্ৰেক্ষাগৃহৰ কাউন্টাৰতো অৱশ্যে মজুত থাকিব। আহিব। আপোনালোকৰ সহাৰিয়ে আমাৰ বাবে প্ৰেৰণা আৰু আশীৰ্বাদ। দৰ্শনীৰ মূল্য - মাত্ৰ এশ টকা।
🙏এইখিনিতে উল্লেখযোগ্য যে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটিও 20 জুন তাৰিখে একেই স্থানতে বিয়লি পাঁচ বজাৰ পৰা মুঠ তিনিঘন্টা সময়ৰ বাবে অনুষ্ঠিত হ'ব। ব্যৱস্থাপনা - অবিনশ্বৰৰ অংগ " ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমী"। উক্ত অনুষ্ঠানলৈ সবাৰে ওচৰত নিমন্ত্ৰণী শৰাই নিবেদন কৰিলোঁ।

👌👌আগন্তুক ব'হাগৰ আগতে।।। # বয়স- ৮( আঠ )বছৰৰ পৰা চল্লিশ বছৰলৈ। #. যোগদান মাচুল নাচনী - ২০০/-(দুশ  )। ঢোল বাদন - ৫০০/-( পা...
24/02/2024

👌👌আগন্তুক ব'হাগৰ আগতে।।।
# বয়স- ৮( আঠ )বছৰৰ পৰা চল্লিশ বছৰলৈ।
#. যোগদান মাচুল
নাচনী - ২০০/-(দুশ )। ঢোল বাদন - ৫০০/-( পাঁচশ )
# ব'হাগত ব'হাগী উৎসৱ কেতিয়া কেনেকৈ হয় আলোচনা মৰ্মে পিছত সিদ্ধান্ত হ'ব।
# সদ্যহতে সামৰণি অনুস্থান ১২ এপ্ৰিলত। ইচ্ছুক সকলৰ সহযোগিতা কামনা কৰা হ'ল।

🙏পিম্পৰা গুছোৱা🙏শিল্পী দিৱস🙏অবিনশ্বৰ গোষ্ঠী🙏   ৰূপান্তৰৰ শিল্পী তথা মুক্তি যুঁজাৰু গৰাকীৰ স্মৰণীয় দিৱসটিত অবিনশ্বৰে তাৰা...
17/01/2024

🙏পিম্পৰা গুছোৱা🙏শিল্পী দিৱস🙏অবিনশ্বৰ গোষ্ঠী🙏
ৰূপান্তৰৰ শিল্পী তথা মুক্তি যুঁজাৰু গৰাকীৰ স্মৰণীয় দিৱসটিত অবিনশ্বৰে তাৰাৰ প্ৰতিচ্ছবিৰ কাষৰতে ধূপ,বন্তি প্ৰজ্বলন, প্ৰতিচ্ছবিত পুষ্পাঞ্জলি বৰষি শ্ৰীশ্ৰী মাধৱদেৱ মহাপুৰুষৰ " পিম্পৰা গুচোৱা" শীৰ্ষক ঝুমুৰা ভাগ মোকোলালো। ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমীৰ শিশু, জেষ্ঠ সকল আৰু আমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা পৰিবেশন কৰা হ'ব। বিনোদ ভূঞাৰ বাদ্য আৰু নৃত্য নিৰ্দেশনাৰে হ'বলগীয়া ঝুমুৰাখনিৰ পৰিকল্পনা আৰু পৰিচালনা - দীপক বৰাৰ। এইমাহতে ৰাইজৰ জ্ঞাতাৰ্থে ঝুমুৰাভাগ অভিনেয় খোলত ৰঙ্গপ্ৰৱেশৰ তাৰিখ আৰু সময় জনাম। আশাকৰো দৰ্শক ৰাইজৰ সহযোগিতা আৰু সুধীমণ্ডলীৰ শুভাশীষ পাম।

15/09/2023

সাদৰ নিমন্ত্ৰণ,
প্ৰৱেশ পত্ৰৰ বাবে যোগাযোগ নম্বৰ - ৯৯৫৪৩৬৪২৬৪, ৯৯৫৪১৯১৯১৭

বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সশ্ৰদ্ধ সোঁৱৰণৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমী, অবিনশ্বৰ গোষ্ঠীবিগত বৰ্ষবোৰৰ দৰে এইবেলিও অবিনশ্বৰ গোষ্ঠী...
21/06/2023

বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সশ্ৰদ্ধ সোঁৱৰণ
ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমী, অবিনশ্বৰ গোষ্ঠী
বিগত বৰ্ষবোৰৰ দৰে এইবেলিও অবিনশ্বৰ গোষ্ঠীয়ে গোষ্ঠীৰ পৰিচালিত ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমীৰ জড়িয়তে, একাডেমীৰ ছাত্র ছাত্ৰী আৰু অবিনশ্বৰ পৰিয়ালৰ দ্বাৰা বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।। সৈনিক শিল্পী, কলাগুৰু, কমৰেড বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, ধূপকাঠি প্ৰজ্বলন কৰে অভিভাৱক দীপক কুমাৰ গায়ন আৰু চিত্ৰশিল্পী শৰৎ বৰুৱা ডাঙৰীয়াই, দীপক কুমাৰ গায়ন ডাঙৰীয়াই উদ্বোধনী বক্তব্য ৰখাৰ পিছতে বিষ্ণু সঙ্গীত পৰিবেশনে পৰিবেশ মূখৰ কৰি তোলে, লগতে বিষ্ণুপ্ৰসাদৰ গীতত নৃত্যৰে মোহাচ্ছন্ন কৰে ঘৰুৱাভাৱে আয়োজিত অনুষ্ঠানটিত উপস্থিত থকা সকলোকে। শেষত গোষ্ঠীৰ সভাপতি প্ৰনৱ বৰঠাকুৰ ডাঙৰীয়াই বিষ্ণুপ্ৰসাদ ৰাভা আৰু উপস্থিত সকলোকে উদেশ্যি সাৰুৱা বক্তব্য ৰাখি অনুষ্ঠানৰ সামৰণি মাৰে।
কৃতজ্ঞতা জ্ঞাপন - উল্লেখিত অনুস্থানটি অনুস্থিত কৰা হৈছিল অগ্ৰণী সাংস্কৃতিক গোষ্ঠী " অনিৰ্বান"ৰ মজিয়াত। অনিৰ্বান গোষ্ঠীৰ সমূহ কৰ্মকৰ্তাক এই সুযোগতে অবিনশ্বৰ গোষ্ঠী তথা ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমীৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁহক।

🌹🌹🌹🌹🌹🌹প্ৰতিনৱাগত আৰু প্ৰাক্তন প্ৰশিক্ষাৰ্থী, নটসৈনিক নাট্য বিদ্যালয়, নগাঁও, অসম।প্ৰীতি সম্ভাষণ জনালোঁ। কালিলে 11, জুন দে...
10/06/2023

🌹🌹🌹🌹🌹🌹
প্ৰতি
নৱাগত আৰু প্ৰাক্তন প্ৰশিক্ষাৰ্থী, নটসৈনিক নাট্য বিদ্যালয়, নগাঁও, অসম।
প্ৰীতি সম্ভাষণ জনালোঁ। কালিলে 11, জুন দেওবাৰে পুৱাবেলা এঘাৰ(১১) বজাত নটসৈনিক নাট্য বিদ্যালয়ৰ চতুৰ্থ চামৰ শিক্ষাৰ শুভাৰম্ভ অনুস্থান। তদুপলক্ষে তোমালোক নামভৰ্তি কৰা সকলটো আহিবাই আমি জানো। লগতে ইতিমধ্যে যোগাযোগ কৰি থকা আৰু অসুবিধা সাপেক্ষে নামভৰ্তি নকৰাকৈ থকা সকলকো আমন্ত্ৰণ জনালোঁ। নামভৰ্তিৰ ব্যৱস্থা কালিলৈও খোলা থাকিব। উল্লেখ থাকে যে উক্ত অনুস্থানত প্ৰাক্তন নটসৈনিক( প্ৰশিক্ষাৰ্থী) সকলো উপস্থিত থাকি আমাক উৎসাহিত কৰিবলৈ অনুৰোধ জনালোঁ। ইতি।
দীপক বৰা।
অধ্যক্ষ( অবৈতনিক)
পভন মহন্ত, সভাপতি
সিদ্ধাৰ্থ শৰ্মা, সম্পাদক
নটসৈনিক নাট্য বিদ্যালয়
নগাঁও, অসম।

Abinaswar Theater Workshop 2021 for junior ( 10 to 14years) from 15 to 30 December 021
13/12/2021

Abinaswar Theater Workshop 2021 for junior ( 10 to 14years) from 15 to 30 December 021

অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত বিগত বিশ বছৰে চলি থকা " ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমী'ৰ পাঠদান কভিড-19 সৃষ্ট পৰিবেশৰ বাবে স্থগিত হ...
02/09/2021

অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত বিগত বিশ বছৰে চলি থকা " ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমী'ৰ পাঠদান কভিড-19 সৃষ্ট পৰিবেশৰ বাবে স্থগিত হৈ আছে যদিও সদ্যহতে অহা 10 ছেপ্টেম্বৰ ৰ পৰা 16 ছেপ্টেম্বৰ 2021লৈ " Rhythm and Soul" শীৰ্ষক modern dance workshop এলানি অনলাইন যোগে আয়োজন কৰা হৈছে। সেয়ে ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমীৰ শিক্ষাৰ্থীৰ লগতে অসমৰ যিকোনো ঠাইৰ ইচ্ছুক প্ৰশিক্ষাৰ্থী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কৰ্মশালা বয়স অনুযায়ী দুটা শাখাত অনুস্থিত হ'ব। প্ৰতি শাখাত পাঠদান কাৰ্যকাল ডেৰঘন্টাকৈ । শুভাৰম্ভৰ আগদিনা হোৱাটছএপ গ্ৰুপ খুলি তাতে কোন শাখাৰ কেইবজাত হ'ব সকলো জনোৱা হ'ব।
এই সুযোগতে জনোৱা হয় যে অতি চমুতে ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমীৰ সত্ৰীয়া / শঙ্কৰী নৃত্য, তবলা, কন্ঠ সঙ্গীত, খোলবাদন, আধুনিক নাচ আদি অন্যান্য বিষয়ৰ পাঠদান আৰম্ভ কৰিব পাৰিম বুলি আশা কৰা হৈছে। সেয়ে সকলোকে মন ডাঠ কৰি সাজু হ'বৰ কাৰণে অনুৰোধ জনোৱা হ'ল।

Address

Puranigudam
Nagaon
782141

Telephone

919706036912

Website

Alerts

Be the first to know and let us send you an email when Abinaswar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share