16/10/2022
মধ্যবিত্ত
পুতুল ভূঞা
সপোনবোৰে যেতিয়া কুন্ডলী পকায় ,মোলৈ ৰ লাগি চায়,
কোনে কয় টকা থাকিলে বোলে সকলো কিনিব নাপায়।
শুনিবলৈ ভাললগা
সাফল্য,প্ৰাপ্তি,
মৰম, মানৱতা।
এইবোৰ শব্দ ,
নিৰাশ ব্যৰ্থ।
যদি নাথাকে অৰ্থ।
থাকিলে সকলো অব্যৰ্থ।
জীৱনৰ হেপাহে পাখীলগাই উৰায়
পৰিধি আজুৰি উৰ্বৰতাই আকাশ চুমায়।
ফুটগধুলিতে বোজা ভাৰি,কান্ধৰ পৰা নমাই,
কাইলৈ পাম বুলি,
আশাৰ ভাৰখনে-
যেতিয়া বাগৰ সলাই।
অভাৱ বোৰে সপোনবোৰ টোপোলা টোপোল কৈ বান্ধি-
এন্ধাৰত উলমাই।
খেপিয়াই বিধতাই কনামুনাকৈ তাতে গুৰিয়াই।
কপালে হামখুৰি খাই নিজকে ধিয়ায়,
আটাহ পাৰি কয় বোলে ভৈয়ায়
এইবাৰ কমিব দাম ।
হেপাহবোৰ পুৰাই ফেৰ মৰাহে কাম।
সচাকৈ বাচিবগৈনে সন্মান।
কমক চাৰি নোজোৰাগৈ হ'ল গোটেইগাল।
বাঢ়িল জপজাল।
ধেইট !
ল'ৰা-ছোৱালীৰ ইচকুল ফিজবোৰত,
ডাকটৰে আৰ এক্ম লিখি দিয়া ঔষধৰ প্ৰেচক্ৰিপচনখনত
নিদ্ৰাহীনতাৰ শেতেলিখনৰ
কেৰকেৰৰ্ শব্দ কনত।
ৰাতিপূৱা চেনী নোহোৱা চাহকনত।
মানুহজনীৰ সই পৰা মজলীয়া সূতাৰ চাদৰখনত,
দিব খুজিও দিব নোৱাৰা ঢেৰ কিবাকিবি নোপোৱাবোৰত,
মাহটোৰ পৰিকল্পনা বোৰ শেষ হয়।
এলান্ধু হৈ,
কল্পনাৰ সৰগ ৰচিছো।
বৃত্তাকৃতিৰে দিনৰাত্ৰি গৈছে আহিছে।
বন্দী কলিজাত হুমুনিয়াহ সাচিছো।
কিয় পাহৰো ???
ভাৱনাৰো এদাল জৰী থাকে,
সুখৰো অশ্বমেধৰ ঘোৰাঁটো দিশহাৰা হৈ ইয়াতে থমকে।
চকুত অন্ধতা, জিভাত মৌনতাই
অলংকাৰ হৈ ৰৈছে।
যেন পোহৰ হ'লেও দেখিবা :
চাৰিওকাষে-
কেৱল উৰিছে মধ্যবিত্ত ধোৱা,
জীৱন ৰথৰ শলাকানিত
সানি তেলতেঙা ,
যদিও নোপোৱা মজা ।
সময়ে বাৰেপতি চিঞৰিছে-
জীয়াই থকাকৈ ঠেলি ঠেলি ঘুৰাই, আগবঢ়াহে ৰণুৱা।।
(প্ৰত্যেক জন মধ্যবিত্তৰ হাতত উৎসগী ক্ ত)