Nilotpal Bora

Directions Contact the establishment

Nilotpal Bora Welcome to the official fan page of
NILOTPAL BORA,an Independent artist from Assam(North-East India),Contact for Live Shows at +91-7827669118

The beauty and pain of these two photos is that in both frames we are holding each other's guitar. Now, touching my own ...
12/09/2026

The beauty and pain of these two photos is that in both frames we are holding each other's guitar. Now, touching my own guitar feels empty somewhere.

18/08/2026

মোৰ এটি নতুন গীত “প্ৰকৃতিয়েই দিয়ে জীৱন” আপোনালোকলৈ আগবঢ়ালোঁ ।
কেনেকুৱা পালে কমেণ্টত জনাব আৰু আপোনজনৰ সৈতে share কৰি দিব ।

YouTube link : https://youtu.be/raBgMj1Lqbc?si=VCkMsySfSMe3jnK-

এই কঠিন সময়খিনিত অসমীয়াৰ বাবে দুটা অত‍্যন্ত ভাল খবৰ লৈ অহা দুগৰাকী প্ৰতিভা লাভলীনা আৰু জানমণি । জানমণিৰ ঘৰ বানপানীত ক্ষত...
13/08/2026

এই কঠিন সময়খিনিত অসমীয়াৰ বাবে দুটা অত‍্যন্ত ভাল খবৰ লৈ অহা দুগৰাকী প্ৰতিভা লাভলীনা আৰু জানমণি । জানমণিৰ ঘৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো এজন মানৱৰূপী ঈশ্বৰৰ দূত অলখ ছাৰৰ সহায়ত তাই খেলখন খেলিবলৈ যাবলৈ সুযোগ পালে । Gold Medal ও আনিলে । কণমানি মৰমলগা ছোৱালীজনীৰ কথা আৰু হাঁহিতেই তাইৰ অন্তৰখন দেখা পোৱা যায় । কেৰিয়াৰৰ আৰম্ভনিতেই ইমান সফলতা । এতিয়া আৰু তাই থমকি নৰয় বুলি আশা কৰিছোঁ ।
ক্ৰীড়াৰ ক্ষেত্ৰখনত Politics সকলোতকৈ বেছি , তাৰ মাজতো লাভলিনাই ইউকেলিপটাছ গছৰ দৰে থিয় হৈ আছে , Back to Back দেশলৈ সন্মান কঢ়িয়াই আনিছে । বহু অসমীয়া ক্ৰীড়াবিদ আহিল আৰু গ’ল , লাভলিনাই কিন্তু প্ৰতিবাৰেই নিজৰ প্ৰতিভাক আগত লৈ পৃথিৱীত অসমীয়াক জিলিকাই থৈ গ’ল । তাৰ মুল কাৰণ হৈছে তাইৰ সাধনা , একাগ্ৰতা , নিয়মানুৱৰ্তিতা আৰু তাইৰ অমায়িক স্বভাৱ । মানুহ Humble হ’লে ভগৱানেও সহায় কৰে । লাভলীনা ভালে থাকক আৰু শ শ লাভলীনা অসমৰ পৰা জন্ম হওঁক ।

আমি যে সদায় দুখ কৰোঁ যে আমাক কেন্দ্ৰই মাহীআইৰ দৃষ্টিৰে চায় , সেয়া কেৱল তেওঁলোকৰ হেমাহি বুলি ভাৱি থাকিলেই নহ’ব ।
আমাৰ দেশলৈ অৱদান কিমান আৰু বাকী ৰাজ‍্যবোৰৰ দেশলৈ অৱদান কিমান সেয়া মাথো এবাৰ তুলনা কৰি চাওঁক , নিজেই গম পাই যাব । কৰ্ম নথকা জাতিক কোনেও পাত্তা নিদিয়ে । খনিজ পদাৰ্থ লৈ গৌৰৱ কৰাটোও কমাবৰ হ’ল , পৈত্ৰিক সম্পত্তি লৈ ওফাইদাং মৰাৰ দৰেই একেই আচলতে কথাটো । কৃষি, ক্ৰীড়াৰ পৰা আৰম্ভ কৰি সংগীত বা ৰাজনীতিলৈকে সকলো ক্ষেত্ৰতে ৰাষ্ট্ৰীয় পৰ্য‍্যায়ত থাকিব লাগিব অসমীয়াৰ দপদপনি । তেতিয়া ভৰিৰ গোৰোহালৈকে পানী হ’লেও প্ৰধানমন্ত্ৰী দৌৰ মাৰি নাহি নোৱাৰিব ।
আজি লাভলিনাৰ success story ৰ পৰা আমি সকলো ক্ষেত্ৰৰ লোকসকল inspire হ’ব পাৰোঁ । কেৱল গৌৰৱ নহয় , হাতে কামে লগাৰ সময় , লাভলিনাৰ দৰে ।

21/07/2026
21/07/2026

২০০৪ চনৰ ধেমাজীত আলফাই ব’ম দি ২০ জন শিশুক হত‍্যা কৰা আৰু সাম্প্ৰতিক সময়ত বছৰ বছৰ পঢ়া শুনা কৰি System ৰ ভুলৰ বাবে ২০ জন ল’ৰাছোৱালীয়ে আত্মহ‍ত‍্যা কৰা , এই দুয়োটা ঘটনা মোৰ বাবে সমানেই হৃদয়বিদাৰক ।

আলফাক যেনেকৈ আজিও সেই ঘটনাটোৰ বাবে ৰাইজে ক্ষমা কৰা নাই , তেনেকৈ আজিৰ তাৰিখত NEET ৰ প্ৰশ্নকাকত লিক হোৱাৰ ফলত ২০ জন নিষ্পাপ ছাত্ৰ-ছাত্ৰীৰ আত্মহত‍্যাৰ বাবেও ৰাইজে চৰকাৰক ক্ষমা কৰা উচিত নহয় ।

18/07/2026

জুবিন গাৰ্গৰ গীত আৰু কৰ্মশালাঃ

শিশুসকলক গীতৰ কৰ্মশালা দিওঁতে কোনটো গান শিকোৱা হ’ব বা কোনটো গীত প্ৰশিক্ষকে শিকাইছে সেয়া অভিভাৱক আৰু গীতবোৰ শিকোৱা শিল্পীজন দুয়োপক্ষই অলপ সচেতন হোৱা উচিত । সকলো কালজয়ী গীত সকলো বয়সৰ ল’ৰা-ছোৱালীৰ বাবে নহয় , সেয়া লাগিলে জুবিনদাৰ গীতেই হওঁক বা ভূপেন মামাৰ গীতেই হওঁক ।
কণ কণ শিশুৰ বাবে জুবিন গাৰ্গে “দেহাত ঘঁহাই দেহাটো” বা ভূপেন হাজৰীকাই “বিমুৰ্ত মোৰ নিশাটি” গোৱা নাছিল ।

এই বিষয়ে আৰু ভালকৈ পাতিব বিচাৰোঁ যদি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰে ।

আজিৰ পৰা ১৪ বছৰৰ আগৰ ফটো , তেতিয়া মণিপুৰত AFSPA ৰ প্ৰতিবাদত Irom Sharmila ই ভোক হৰতাল/অনসন কৰি আছিল । সেই অনসনৰ প্ৰতি সহ...
15/07/2026

আজিৰ পৰা ১৪ বছৰৰ আগৰ ফটো , তেতিয়া মণিপুৰত AFSPA ৰ প্ৰতিবাদত Irom Sharmila ই ভোক হৰতাল/অনসন কৰি আছিল । সেই অনসনৰ প্ৰতি সহাৰি জনাই আমিও গুৱাহাটীত বহুতো বন্ধু বান্ধৱ মিলি অনসন কৰিছিলোঁ । জুবিনদাও আছিল আমাৰ লগত , মই কথাটো তেওঁক এবাৰ মাত্ৰ কৈছিলোঁ , লগে লগে কৈছিল , “ব’ল মইও যাম” । আমাৰ লগত কোনো দল-সংগঠন জড়িত নাছিল , আমি ছাত্ৰ-ছাত্ৰীসকলে নিজে ওলাই আহিছিলোঁ দীঘলী পুখুৰীৰ পাৰলৈ । কালিৰে পৰা দুই এজনে কমেন্ট লগতে inbox ত মেচেজ কৰি আছিল যে Sonam Wangchuk ৰ হৈ যে আমি পষ্ট লিখিছোঁ , আমাৰ উত্তৰ-পূবৰেই Irom Sharmila ই বহু বছৰ ভোক হৰতাল কৰিছিল , তেতিয়া আমি ক’ত আছিলোঁ !!
কোনে কি কৰিছিল নেজানোঁ , আমি কিন্তু তেতিয়াও ওলাই আহিছিলোঁ !

এইটো ইমান বিকৃতকৈ কোনে বনালে বুলি গালি পাৰিম নে মৰমতে বনাইছে বুলি প্ৰশংসা কৰিম !! কাষতে “কমৰেড” বুলি লিখা নাই বাবে কাৰো ...
28/06/2026

এইটো ইমান বিকৃতকৈ কোনে বনালে বুলি গালি পাৰিম নে মৰমতে বনাইছে বুলি প্ৰশংসা কৰিম !!
কাষতে “কমৰেড” বুলি লিখা নাই বাবে কাৰো চকুত পৰা নাই নে কি !!

মুঠতে লৰালৰিকৈ কিবা এটা বনাই গৰিমা বৌক মাতি ফটো দুখন তুলি অঞ্চলটোত জুবিনদাৰ নামত কিবা এটা হৈছে বুলি বাতৰিত আহিলেই হ’ল নে কি ?

এইকেইদিন জুবিন গাৰ্গৰ ফটোত “কমৰেড” লিখাক লৈ দেখোন বৰ হুলস্থুল । জুবিনদাই দেখোন নিজে বহু interview ত ক’লে তেওঁ Leftist / ...
23/06/2026

এইকেইদিন জুবিন গাৰ্গৰ ফটোত “কমৰেড” লিখাক লৈ দেখোন বৰ হুলস্থুল । জুবিনদাই দেখোন নিজে বহু interview ত ক’লে তেওঁ Leftist / Socialist. তেওঁ সদায় নিজকে বিষ্ণু ৰাভাৰ সৃষ্টি আৰু আদৰ্শক ভাল পায় বুলিহে কৈছিল । তাকেই জুবিনদাৰ ছবিখন অঁকা ল’ৰাজনে নিজেওঁ সেই একেই আদৰ্শ follow কৰে বাবে Comrade বুলি ফটোখনত লিখি দিলে আৰু । তাকে লৈ ইমান হুলস্থুল কৰিবলৈ কি আছে , ভয় খাবলৈ কি আছে ভাই !
এদিন মনে মনে ৰাতি মুদৈ বৰতাৰ ফটো এখন আঁকি তাতেই Comrade বুলি মই লিখি থৈ আহিম খং উঠিলে ।

সকলো ideology ৰে ভাল বেয়া থাকে , এই কোনোবা এটা ideology follow কৰা লোকসকলে তেওঁলোকৰ বিপৰীত ideology ৰ লোকসকলক ফেচবুকত পাত পাত লিখি গালি পৰা এই সংস্কৃতিটো শেষ হ’ব লাগে । এনেও নতুন Generation ৰ ল’ৰা-ছোৱালী ফেচবুকত বৰকৈ নাই । ম’বাইলত অচিনাকী লিংক আহিলে click কৰা Generation টোহে ফেচবুকত দিনটোৰ বেছিভাগ সময় থাকে । গতিকে এইবোৰ লিখা লিখি কৰি থকাটো নিজৰো সময় নষ্ট, আনৰো ।
গতিকে সকলোৱে সকলোৰে ideology সন্মান কৰিব জনা সমাজ এখন গঢ় দিব পৰা কিবা কৰিব পাৰে যদি কৰক । নহ’লে সমাজখন আৰু বেয়াৰ ফালে যাব । নীতি আদৰ্শ লৈ ফেচবুকত কাজিয়া কৰা বেছিভাগ মানুহৰে ল’ৰা-ছোৱালী ডাঙৰ হ’ল , নিজেও বুঢ়া হ’ল , আমাৰ ল’ৰাছোৱালী সৰু হৈ আছে , ডাঙৰ হ’বলৈ এখন সুস্থ সমাজ আমি দিব বিচাৰোঁ । আপোনালোকে লেতেৰা নকৰিব বুঢ়া বয়সত ideology লৈ কাজিয়া কৰি । তাতকৈ গধূলি গধূলি নামঘৰলৈ যাওঁক ।

এমাহৰ পৰা হিমালয়ত আছোহি , এযুগতকৈও বেছি সময় মুম্বাইৰ দৰে কংক্ৰিটৰ চহৰত জীৱনটো কটাই, কাম কৰি এতিয়া লাহেকৈ আমনি লগা হৈছেগৈ...
19/06/2026

এমাহৰ পৰা হিমালয়ত আছোহি , এযুগতকৈও বেছি সময় মুম্বাইৰ দৰে কংক্ৰিটৰ চহৰত জীৱনটো কটাই, কাম কৰি এতিয়া লাহেকৈ আমনি লগা হৈছেগৈ । আগৰে পৰাই সেউজীয়াৰ মাজত থাকি ভাল পাওঁ , গানবোৰেও একেই কথাই কয় । হঠাৎ এদিন খং উঠিল , মোৰ লগত কাম কৰা ভাইটিহঁতক ক’লো , “ব’ল ক’ৰবাত যাওঁ” । সেই ৰাতিয়েই ষ্টুডিঅ’ৰ বস্তুবোৰ গাড়ীত ভৰাই ল’লো আৰু ওলাই দিলোঁ । ক’ত যাম তেতিয়ালৈ নেজানোঁ , কিন্তু পাহাৰেই যে মোক মাতিছে সেই চিগনেল মনটোৱে ইতিমধ‍্যে দিছিল । দিল্লীৰ ফালেই গাড়ীখন পোনাই দিলোঁ আৰু গৈ থাকিলো আৰু আহি আহি হিমাচল পালোহি । Airbnb চালোঁ ঘৰবোৰৰ বহুত দাম আৰু তেনেতে হঠাৎ গাঁও এখনত পাহাৰৰ ওপৰত এটা ধুনীয়া ঘৰ দেখিলোঁ , মনে বিচৰাৰ দৰে view থকা । তাৰেই দাদাজনৰ লগত কথা পাতিলোঁ , তেওঁৰ artiste ৰ প্ৰতি থকা মৰম দেখি আপ্লুত হ’লোঁ । তাতেই থাকিলোঁ আজি প্ৰায় এমাহ হ’ল , আৰু দুমাহমান থাকিম । শুই উঠিয়েই খিৰিকিখন খুলিলেই ডাৱৰ সোমাই আহে , দূৰত বৰফৰ পাহাৰখন । ৰুমতেই মিউজিকৰ সা-সঁজুলিবোৰ লগাই নতুন গান বনোৱা আৰম্ভ কৰিলোঁ । এটা নতুন এলবামেই কৰিবলৈ মন গ’ল । মোৰ প্ৰথমটো হিন্দী এলবাম , গানবোৰ হৈ গ’লে নাম এটা দিম তেতিয়া জনাম সকলোকে । বহুদিনৰ পৰা জীয়াবলৈ বিচাৰি থকা ধৰণৰ জীৱন এটা এতিয়া আকৌ নতুনকৈ আৰম্ভ হৈছে । বাংগালোৰৰ পৰা কাইলৈ Bike খনো Currier কৰি লৈ আহিম , ইয়াৰ পৰা Spity Valley লৈ Ride কৰিম , দুটামান Trekking ও যাম । এতিয়া ওচৰৰ পাহাৰবোৰ বগাই ফুৰি দেহাটোক অলপ অভ‍্যাস কৰাই আছো , লাহেকৈ দূৰলৈ যাম । কোনোবা এইফালে আহিলে ফোন কৰিব । লগ পাম ।

Address

Goregaon(West)
Mumbai
400102

Website

Alerts

Be the first to know and let us send you an email when Nilotpal Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Nilotpal Bora:

Shortcuts

Share