জোনাক

জোনাক চন্দ্ৰমা

11/05/2023

যেতিয়া আকাশলৈ চাওঁ
ৰামধেনুৰ ধোঁৱাময়
আঁক-বাঁকবোৰো জিলিকি উঠে,
ৰংবোৰ পানী হয়
পানী বোৰ ৰঙীন হয়
ডাৱৰবোৰেও প্ৰলেপ খানে
বৰষুণ প্ৰলেপ-----।
বৰষুণত টোপালত
সৰু সৰু শব্দত পাত সৰে
মোৰ মনৰ সৰাপাত

:কি সৰাপাত সৰে ও নয়ন
:জীৱনৰ ?
:জীৱনৰ (জোৰেৰে হাঁহি) কি কোৱা হে জীৱনৰ কিবা পাত থাকে নেকি?
: উম থাকে তুমি নুবুজিবি।
:কিয় নুবুজিম?
:তুমি প্ৰেম কৰি পাইছা কেতিয়াবা।
:(আকৌ জোৰেৰে হাঁহি)এই পাগল পাগল চিন্তাবোৰ মনলৈ নানো বাবে মই আজি কালি প্ৰেমৰ পৰা বিৰত।
:মানে তুমি প্ৰেম কৰি পাইছা।
:পৃথিৱীৰ কোনেনো প্ৰেম নকৰাকৈ আছে হয়।
:(অলপ শান্ত হৈ) আকাশ ?
:কি হল থৰ লাগিলা যে?
:নহয় অ আজি কালি তাইৰ কথাবোৰ কিবা

#আবেগ💚

বগা কামিজতেচিয়াঁহীৰ ৰঙেৰেকোনে ছতিয়ালেনীলা নীলা    :ঐ কি কৰিছা অকলে অকলে(লাইব্ৰেৰী পৰা ওলাই আহি সন্মুখৰ নাহৰৰ তলত অকলে বহ...
04/04/2023

বগা কামিজতে
চিয়াঁহীৰ ৰঙেৰে
কোনে ছতিয়ালে
নীলা নীলা

:ঐ কি কৰিছা অকলে অকলে
(লাইব্ৰেৰী পৰা ওলাই আহি সন্মুখৰ নাহৰৰ তলত অকলে বহি কিবা লিখি থকা দেখি মাত দিয়ে)
:নাই এনে কিবা এটা লিখিছোঁ।
: কি হল আজিকালি আমাৰ সেই ফালে নোযোৱা হলা যে?
:নাই এনেই,ইয়াতে ভাল লাগে আৰু
:তাকে ,ভাবিয়েই মনটো বেয়া লাগে আজিকালি
: কি?
: চোৱা তোমাৰ মোৰ মনতেই আছে সেইদিনা কলেজত চিনাকি হোৱাৰ আৰু চাওঁতে চাওঁতে আমাৰ বিদায়ৰ বেলি আহি পৰিল।
:বিদায়(অলপ আচৰিত ভাব দেখুৱাই)
:উম বিদায় ,আমি সকলোবোৰ যামগৈ ন নিজৰ এখন বেলেগ পৃথিৱীলৈ,সকলো ব্যস্ত হব।
:তুমিও হবা নেকি
:ব্যস্ত নো কি ,যাব আৰু নিজৰ নিজৰ ৰাস্তাত,
:তুমিও যাবগৈ(ফুটু নুফুটু মাতেৰে)
:উম ,তুমিও যাবাগৈ ,আৰু তোমাকটো কবই নালাগে একদম পাহৰি যাবা তুমি,
(শেঁতা হাঁহি এটা মাৰি ,উঠি গৈ সি নাহৰৰ পাত দুখিলা ছিঙি আনি এখিলা তাইৰ হাতত দি)
:লোৱা এইখিলা।
:কি কৰিম এইখিলা মই
:কি কৰিম মানে আমাৰ স্মৃতি হিচাপে থোৱা
:কিয়,কি আছেনো এইখিলাত আমাৰ স্মৃতি বুলিবলৈ?
:তুমি নাজানা নেকি নাহৰে কি আনে ?
(মিচিকিয়া হাঁহি এটি মাৰি)
:বসন্ত ।

©️ ভালপোৱাৰ অনুৰণ

10/02/2023

সম্পূৰ্ণ কবিতাটো পাবলৈ তলত দিয়া লিংকটো ক্লিক কৰক,
সকলোৱে সঁহাৰি জনায় যেন।
দুষ্ট ফাগুন🍂🍂
https://youtu.be/C3xo1mDIIdM

তুমি জোনাকতকৈও ধুনীয়াতুমি,তুমি নহয় যেন মোৰ মন আকাশৰ এটি নিশাৰ জোন,যাৰ পোহৰে উপচাই তুলিছামোৰ চৌপাশ   ।শৰতৰ হিম চেঁচা বেলি...
17/01/2023

তুমি জোনাকতকৈও ধুনীয়া
তুমি,তুমি নহয় যেন
মোৰ মন আকাশৰ এটি
নিশাৰ জোন,
যাৰ পোহৰে উপচাই তুলিছা
মোৰ চৌপাশ ।
শৰতৰ হিম চেঁচা বেলিকাত
তোমাৰ মৰমৰ মাত এষাৰি শুনাৰ
অজুহাতেৰে উজাগৰী থকা
নিশা যেন আজি চন পৰি যায়।
নিশা প্ৰায় 11 বাজিছে ৰাসৰ বতৰ দূৰণিৰ পৰা ভাঁহি আহিছে ৰিণী ৰিণী বাঁহীৰ বেদনা গধুৰ সুৰ,
ফোনৰ স্ক্ৰীন খন পোহৰ হৈ উঠিল,মোবাইলৰ লক তো খুলি চাওঁতেই যেন আপোনা আপুনি চকু পানী বৈ আহিল,একো কব নোৱাৰিলোঁ বিৰক্তিৰে ভৰি পৰা মনক বুজাব নোৱাৰি খঙেৰে ফোনটো লগাই পেলালোঁ,
ৰাধা :হেল্ল,কি হৈছে এইবোৰ
সপোন :কোনবোৰ
ৰাধা : কি কৈছা এইবোৰ
সপোন : ভাল পাওঁ তোমাক
ৰাধা : তুমি জানাই চোন মোৰ কথা
সপোন : জানো,বুজোঁ বাবেই কৈছোঁ
ৰাধা : কিন্তু ,
সপোন : শুনা,মই নিবিচাৰোঁ তুমি অতীতক লৈ দুখী হৈ থকাটো
ৰাধা : কিন্তু ,আজি তোমাক ভালপাওঁ কৈ দিম,কালিলৈ মোক লগৰ বোৰে,সমাজে কি কব
সপোন : কি কব লগৰ বোৰে,আৰু কি কব সমাজে,সমাজে সমালোচনা নকৰিলে এখন সমাজ আজিকালি দিনত বৰ্তি থাকিব নোৱাৰে।আৰু লগৰে কিবা কোৱাত মই ভয় নকৰোঁ,আৰু যিয়ে বুজি পাব একো নকয় আমাক,আৰু যিয়ে কব তাক প্ৰত্যুত্তৰ দিবলৈ সদায় মই তোমাৰ লগত আছিলোঁ,আছোঁ আৰু সদায় থাকিম।
ৰাধা : কিন্তু সপোন,মইতো কথাবোৰ শুনি কষ্ট পাম ন
সপোন :ভাল মই পাওঁ তোমাক ,মুখেৰে নহয় হৃদয়েৰে আৰু আনে কলে মই মোৰ ভালপোৱাক
বিসৰ্জন দিব নোৱাৰো
ৰাধা : তুমি খং কৰিছা মোক,
সপোন : খং নহয় অ, ভাল পাওঁ তোক ,বুজি পা না মোক,তোৰ অতীতক লৈ মোৰ একো অসুবিধা নাই ,যি হয় সদায় ভালৰ বাবে হয়।
ৰাধা :কিন্তু ,সপোন আজি তুমি কৈছা কালিলৈ কিবা কথাত তুমিও যদি মোক বেলেগৰ নিচিনা কৰা মোৰ অতীতক দোহাৰী যদি মোক সূচনা কৰা মই কি কৰিম।(কথাষাৰ শুনি সপোনে ৰৈ থাকিব নোৱাৰিলে,সিফালৰ ৰাধাই উমান কৰিব পাৰিছিল,সপোনে ফেঁকুৰিছে,কথাষাৰ কৈ ৰাধাইও যেন অস্বস্তি অনুভৱ কৰিছে)
সপোন: মোৰ মৰমৰ মাজত সূচনাৰ কেতিয়াও ঠাই নাই ,আছে মাথোঁ মৰম আৰু মৰম(কৈয়ে সপোনে ফোনটো কাটি দিলে,সিফালে কথাষাৰ শুনি ৰাধা মৌন হৈ পৰিল,ৰাধাই উমান নোপোৱাকৈ তাইৰ দুগাল ভৰি পৰিল চকুলোৰ)।হয় সপোনে দিয়া প্ৰেমৰ প্ৰস্তাৱ পাই #ৰাধাৰ #
বুকুৱেদি বৈ গৈছে প্ৰেমৰ যমুনা হালধীয়া বেলিৰআলো-ছায়াৰ দোমোজাত বহি চোৱা তাজমহলৰ হৃদ স্পন্দন নষ্ট প্ৰেমিকৰ নিৰলা পঁজাত।মুঠি মুঠি শাৰী শাৰী জোনাকী'য়ে দোলা দিছে ৰাধাৰ মনত।সকলোবোৰ পাইও ৰাধা আজি নোপোৱাৰ দোমোজাত,

কি কব ৰাধাই জনাবচোন🙏

Address

খোৱাং ঘাট
Moranhat
785676

Website

Alerts

Be the first to know and let us send you an email when জোনাক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category