NH ITUBE

NH ITUBE সাহিত্য-কলা, কৃষ্টি-সংস্কৃতি তথা বৌদ্?

22/03/2023
10/01/2023

দৰং জিলাত #সংস্কৃতি_সংৰক্ষণ_আৰু_বিকাশ_কেন্দ্ৰ_অসমৰ উদ্যোগত #মতবিনিময়_আৰু_সাংস্কৃতিক_অনুষ্ঠান সম্পন্ন।
#বাৰ্তা
সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ উদ্যোগত যোৱা ৭ জানুৱাৰীত মঙলদৈৰ ঐতিহাসিক শাকতোলা নৈৰ পাৰৰ প্ৰাকৃতিক পৰিবেশত মতবিনিময় আৰু সাংস্কৃতিক অনুষ্ঠান শীৰ্ষক এলানি কাৰ্যসূচী সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে সংগঠনটোৰ উদ্যোগত চলি থকা এমাহযোৰা সুকন্নানি ওজাপালি, দেওধনী নৃত্য, থিয়ানাম আদি লোককৃষ্টি কৰ্মশালাত অংশগ্ৰহণকাৰী লোকসকলৰ লগতে স্হানীয় শিল্পীসকলৰ সৈতে মতবিনিময়ত মিলিত হয় সংগঠনটোৰ কাৰ্যকৰ্তাসকল। বৰ্ণাঢ্য দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হোৱা উক্ত অনুষ্ঠানৰ মূখ্য অংশ হিচাপে বিয়লি ১২ বজাত নটৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে বিশিষ্ট অভিনেতা তুলসী শইকীয়াই শুভাৰম্ভণি কৰা আৰু সংগঠনটোৰ সঞ্চালক গৌতম শৰ্মাই আঁতধৰা উক্ত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত উপস্হিত থাকি বক্তব্য আগবঢ়ায় মূখ্য সম্পাদক ৰাজীৱ শৰ্মা, কাৰ্যকৰী সভাপতি মৃদুল শৰ্মা, অৱসৰী কৃতি শিক্ষক ফণিধৰ ডেকা, অৱসৰী বীমা বিষয়া দুগ্ধ প্ৰসাদ শৰ্মা, অৱসৰী কৃতি শিক্ষয়িত্ৰী ৰেণুৱালা দেৱী, বিশিষ্ট সমাজসেৱক ভোলা নাথ, সমাজসেৱীকা দিপাঞ্জলী নাথ, কৃতি শিক্ষক প্ৰনৱ নাথ, প্ৰবীণ লোকশিল্পী ইন্দ্ৰ কান্ত নাথে। প্ৰায় তিনিকুৰিৰো অধিক শিল্পীৰ সমাহাৰ হোৱা উক্ত অনুষ্ঠানত উপস্হিত থাকে প্ৰবীণ লোকশিল্পী ডিম্বেশ্বৰ নাথ, অবিভক্ত দৰং ওদালগুৰি জিলা সুকন্নানি ওজাপালি সন্হাৰ সভাপতি হৰেন্দ্ৰ নাথ শৰ্মা, পুৰন্দৰ শৰ্মা, নৰপতি ডেকা, ধৰ্ম দাস, দুৰ্লভ শৰ্মা, দধিৰাম শৰ্মা, দিপালী নাথ, অৱসৰী কৃতি শিক্ষক ভবেন বৰা। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে সাংস্কৃতিক সম্পাদিকা ৰেখাৰানী দেৱী, দিপ্তীমনি নাথ, চম্পাৱতী ডেকা, বীনা হাজৰিকা, নিকুমনি ডেকা, চয়নিকা ডেকা, ভনিতা কটকী কলিতা প্ৰভূতি শিল্পীসকলে। প্ৰায় ডেৰ শতাধিক লোকে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় সংগঠনটোৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মাই।

😃 ব্যংগাত্মক ৰচনাঃ 😃💠  #বটহুৰ_জীৱন_বৃত্তান্ত 💠✍️ নিপন কলিতাঘিটমিটিয়া আন্ধাৰ?! দিনৰ দুপৰীয়া বাৰ বাজিলেই। বৰষুণ দিব কিজা...
01/01/2023

😃 ব্যংগাত্মক ৰচনাঃ 😃
💠 #বটহুৰ_জীৱন_বৃত্তান্ত 💠
✍️ নিপন কলিতা

ঘিটমিটিয়া আন্ধাৰ?! দিনৰ দুপৰীয়া বাৰ বাজিলেই। বৰষুণ দিব কিজানি? গোটেইখন দেখোন অন্ধকাৰ কৰি আনিলে। ইচ্ ইচ্...! -- মূৰে-কপালে হাত দি কাতিয়াই চিন্তা কৰিব ধৰিলে। তাৰ ঘৈণীয়েকজনীৰ কেইমুহূৰ্তমান আগৰপৰা অসুখ আৰম্ভ হৈছে। মানে ভাল অসুখতোৱেই। সি ওচৰৰে বুঢ়ী এজনী আনি ডাক্তৰণীৰ কামত লগাইছে। এনেদৰে ভাবি থাকোতেই তাৰ ঘৰৰ ভিতৰত প্ৰচণ্ড কান্দোন, নে দৈত্যৰ আটাহ শুনিলে সি; ধৰিব নোৱাৰি ঘৰৰ ভিতৰলৈ দৌৰি যোৱাদি গ'ল। দেখিলে বুঢ়ীয়ে হাতত এটা "পোনা" লৈ আছে। সি দৌৰি গ'ল যদিও বুঢ়ীয়ে তাক তাৰ প্ৰথম পুত্ৰজনক ল'ব নিদিলে। তেতিয়াও শিশুটোৱে সি ভবাৰ দৰে কান্দিয়েই আছে।

কেইদিনমান যোৱাৰ পিছত কাতিয়াই তাৰ সংসাৰৰ বোজা স্বৰূপ হৈ অহা শিশুটিৰ গণনা পাতিলে। গণকজন অলপ দূৰৈৰ। একদম বঢ়িয়া গণক। টকা বেছি নালাগে। হাজাৰ/বাৰশ দিলেই হয়। গণনা আৰম্ভ হ'ল। গণকবাপুৱে বিভিন্ন ধৰণৰ আঁক-বাক মাৰি কিবা হিচাব কৰিবলৈ ধৰিলে। তাৰ পাছত গণনা ক'বলৈ ধৰিলে--
"ল'ৰাজনে খুব আয় কৰিব পাৰিব। কিয়নো ল'ৰাজন চোৰ হোৱাৰ পূৰ্ণভাব আছে।" গণক বাপুই 'ৰাশি', 'লগ্ন' ইত্যাদি বোৰ কৈ গ'ল। অৱশেষত তাৰ নাম ৰাখিলে 'বটহু'।

বটহু ডাঙৰ হ'ল। যিহেতু পঢ়া-শুনা কৰা মানে টকা খৰচ কৰা। গতিকে বটহুই সকলো পিছ দি টিঘিল-ঘিলাই ফুৰিব ধৰিলে। আৰু আৰম্ভ কৰি দিলে তাৰ 'অপাৰেচন'। তাৰ বহুত বন্ধু। কিয়নো তাৰ লগ হ'লে সিহঁতে আনৰ বাড়িৰ ফল-মূল, বনৰীয়া চৰাইৰ মাংস, বজাৰৰ পৰা 'মাৰি' অনা খোৱাবস্তু ইত্যাদি সিহঁতৰ ভাগতো পৰে।

বটহু এতিয়া সিহঁতৰ অঞ্চলত প্ৰখ্যাত। বহুতে চাকৰি কৰিও যি সম্পত্তি ঘটিব পৰা নাই সেয়া বটহুই ঘটিছে। মাত্ৰ তাৰ ৰাতি টোপনি ভালদৰে নহয়! আজিকালি দিনবোৰ সিমান ঠিক নহয়টো। এদিন সি আড্ডা জমাই বহি থাকোতে লগৰ এজনে ক'লে--
"বটহু কা তই বিয়া-বাৰুৰ কথা বাদ দিলি নেকি? চুলিখিনিৰ মাজে মাজে বগা কালাৰৰ হৈছেই। তাতে আকৌ দাঁতবোৰো অসমৰ ৰাষ্টা-ঘাটৰ দৰে। গতিকে সোনকালেই এজনী দেখোন... ...।"
"হিঃ হিঃ হিঃ হাঃ হাঃ হাঃ।" --বাকী বোৰে হাঁহিবলৈ ধৰিলে।
"হোৱা দিবলৈ আহিছা।" --বটহুই ফোচফোচাই উঠিল।
"হোৱা নিদি তেনেহ'লে ভুকিব লাগে নেকি?
"অ' আজিকালি গৰম হৈ থাকিব লাগে বুইছা। এইচব 'তিৰি-চিৰি' গোটাই ল'লে মহা মস্কিল। লগতে আকৌ কেইমাহমানৰ পাছতেই দৈত্য মখাৰ সমস্যা। হেঃ হেঃ হেঃ।" --বটহুই কৈ হাঁহি দিলে। তাতে লগৰ কেইজনেও ৰস পায় চাধাৰ দাগ লগা দাঁতকেইটি উলিয়ালে। হাঁহি সামৰি 'চেৰা' নামৰ ল'ৰাজনে ক'লে--
"হুদাই দেখোন একেবাৰে সংগঠনৰ নেতাসকলে মন্ত্ৰী বোৰক সমস্যা দাঙি ধৰাৰ দৰে ধৰিছা। পিছে...."
"বন্ধ কৰিলি যে।" --বটহুই মাত লগালে।
"সৌখন পুলিচৰ গাড়ী নহয়নে বাৰু।" --প্ৰত্যেকে সেই ফালে চালে। এনেতে বটহু তাৰপৰা পলাব খোজোতেই.... ....
ক্ৰাৰ্চ্.... গাড়ীখন খুব জোৰেৰে ৰৈ, পুলিচ নামি তাক আগুৰি ধৰিলে। লগৰ কেইজন ফৰিং ছিটিকা দিলে। বটহুক গাড়ীত ভৰাই লৈ গ'ল।

থানাখন বটহুৰ শহুৰেকৰ ঘৰৰ দৰেই। অহা-যোৱা চলি থাকে।

কিন্তু! কেতিয়াবা দিনেই নহয় ৰাতিও সমানে নাযায়।

"বদমাছ।" --এজন পুলিচে কৰ্কশ মাতেৰে মাতি বটহুক লকআপৰ পৰা উলিয়াই আনিলে।

আজি বটহুৰ বিচাৰ হ'ব। কাৰণ সি এজন বিখ্যাত বৰমূৰীয়া অফিচাৰ এজনৰ ঘৰৰপৰা সোণৰ নেকলেছ্, হীৰাৰ আঙঠি, সোণৰ আঙঠি আৰু বহুতো আ-অলংকাৰ, নগদ টকা লুট কৰিছিল। তাক দেখিছিল যদিও ধৰিব নোৱাৰিলে। ঘৈণীয়েকে চিঞৰ-বাখৰ কৰোতে সি দৌৰ মাৰিছিল সিন্ধিৰ দৰে বাটতোৰে। পিছফালে ঘূৰি চাইহে বুজি পাইছিল সেইটো সিন্ধিৰ বাট নাছিল। সি অফিচাৰৰ ঘৈণীয়েকৰ ভৰিৰ তলেৰেহে দৌৰ মাৰিছিল। যি কি নহওঁক তাক পুলিচে ধৰিলে।

"ঐ তই চোৰ কিয় কৰা।" --এক গুৰু-গম্ভীৰ মাতেৰে বিচাৰকে সুধিলে।
"ছাৰ, মই চোৰ কৰা নাই। পাপৰ পায়চিত্তহে কৰাইছোঁ।" --বুকু ফিন্দাই বটহুই ক'লে।
"বোপা সোণামূৱা, চোৰ কৰা নাই যদি তই ধাৰলৈ নিছ' নেকি?" --খঙেৰে ক'লে বিচাৰকে।
"ছাৰ, আজিকালি প্ৰত্যেকেই চোৰ। তাৰ মাজত কিছুমান পকেট চোৰ, কিছুমান গভাইত চোৰ, কিছুমান মেজৰ তলৰ চোৰ ইত্যাদি বহুতো চোৰ। মাত্ৰ পাৰ্থক্য হ'ল কিছুমানে দেখাকৈ কৌশলেৰে, কিছুমানে বলেৰে আৰু কিছুমানে মোৰ দৰে। সৱ চোৰ। লগতে আপুনিও।"
"হোৱাট্ ননচেন্স। মোক চোৰ বুলি ক'বলৈ অহা। মই ক'ত চোৰ কৰিবলৈ গৈছো।"
" ছাৰ, আপুনি বস্তু চোৰ নকৰিলেও কামত চোৰ কৰিছে। কিয়নো মোৰ বিচাৰ কৰাৰ আগতে সেই অগাধ সম্পত্তিৰ অধিকাৰী অফিচাৰজনৰহে বিচাৰ কৰিব লাগিছিল।"
"বুৰ্বক। তই মোক আইন শিকাবলৈ আহিছা। কুকুৰৰ পোৱালি।"
"ছাৰ, মই কুকুৰৰ পোৱালি হ'লেও মানুহৰ দৰেই, কিন্তু 'আপুনি মানুহৰ পোৱালি হ'লেও কুকুৰৰ পোৱালিৰ দৰে কাম' বুলি ক'বলৈ বেয়া লাগিছে।" --বটহুই অলপ উষ্মাৰে ক'লে।

বিচাৰকৰ কাণ-মূৰ গৰম হৈ গ'ল। গৰমৰ কাৰণেই নে কথাৰ কাৰণেই ঠিক ধৰিব নোৱাৰিলে। আৰু কোনো বিবেচনা নকৰাকৈ বটহুৰ ফাঁচীৰ হুকুম দি দিলে।

বলি দিব নিয়া পঠা ছাগলীৰ দৰে টানি লৈ গ'ল বটহুক। তাৰ ফাঁচী হ'ল। বটহু শেষ হৈ গ'ল। কিন্তু এটা প্ৰশ্ন তাৰ আত্মাটোৰ লগতে 'লটকি' থাকিল-- 'চোৰ কোন আছিল...?'

কিছুমান কথা বুৰবুৰণি হৈ বটহুৰ আত্মাটোৰ চাৰিওফালে ঘুৰি থাকে--... সেই অফিচাৰ জন বাৰু প্ৰকৃততে চোৰ নাছিলনে? এজন সাধাৰণ দৰমহা পোৱা মানুহে ইমানবোৰ সোণৰ নেকলেছ্, হীৰাৰ আঙঠি ইত্যাদি ইত্যাদি অলংকাৰ ঘৈণীয়েকক দিব পাৰেনে? তেওঁ চোৰ নকৰে; অৱশ্যে টেবুলৰ তলেৰে টকা অনাতো একো চোৰ হ'ব নোৱাৰে, কিয়নো তেওঁ টেবুলৰ তলেৰেহে টকা আনিছে। মানুহৰ পৰাটো নহয়! ডাঙৰ মানুহৰ ডাঙৰ কথা। নহয় জানো...! ....

[ভুলবোৰ শুধৰাই দিব 🙏]

(শ্বেয়াৰ কৰিব পাৰে।)

অধ্যাত্ম প্ৰেৰিত অখিল ভাৰতীয় সংগঠন ''বিবেকানন্দ কেন্দ্ৰ''ৰ উদ্যোগত আৰু 'আৰতি সংঘ'ৰ  সহযোগত দৰং জিলাৰ সৰু থেকেৰাবাৰী গাঁৱ...
10/10/2022

অধ্যাত্ম প্ৰেৰিত অখিল ভাৰতীয় সংগঠন ''বিবেকানন্দ কেন্দ্ৰ''ৰ উদ্যোগত আৰু 'আৰতি সংঘ'ৰ সহযোগত দৰং জিলাৰ সৰু থেকেৰাবাৰী গাঁৱত ৮ অক্টোবৰত এদিনীয়া কাৰ্যসূচীৰে 'ব্যক্তিত্ব বিকাশ শিবিৰ' অনুষ্ঠিত হয়।অনুষ্ঠানত বিবেকানন্দ কেন্দ্ৰৰ অখিল ভাৰতীয় সংযুক্ত মহাসচিব #ৰেখা_ডাভে , প্ৰান্ত সংগঠক #মীৰা_কুলকাৰ্ণী বাইদেৱে যুৱক-যুৱতী সকলৰ উদ্দেশী মূল্যবান বক্তব্য প্ৰদান কৰে । অনুষ্ঠানটিত বিশিষ্ট অনুবাদক, লেখক তথা 'চিআৰএচডিটি' সংস্থাৰ সচিব ভাৰ্গৱ কলিতাই ভাৰতবৰ্ষত জন্ম লাভৰ গুৰুত্ব আৰু দায়িত্ব, আধ্যাত্মিক ঐতিহ্য, সদাচাৰ আদি বিষয়ত মাৰ্গদৰ্শন প্ৰদান কৰে ।

#বাৰ্তা

09/10/2022

পাঠশালাত
সদৌ অসম ভিত্তিত
অৰিন্দম কৌশিক সোঁৱৰণী
শিশু-চেমনীয়া একাংক নাট প্ৰতিযোগিতা

অৰিন্দম ন্যাসৰ উদ্যোগত আৰু সঁফুৰা- নাটমণ্ডলৰ সহযোগত নাটমণ্ডল পাঠশালাই অহা ১৭ আৰু ১৮ ডিচেম্বৰ, ২০২২ খ্ৰী:ত পাঠশালাত আয়োজন কৰিছে সদৌ অসম ভিত্তিত অৰিন্দম কৌশিক সোঁৱৰণি শিশু-চেমনীয়া একাংকিকা নাট প্ৰতিযোগিতা। নাটসমূহ ৩০ মিনিটৰ ভিতৰৰ মঞ্চায়ণ কৰিব পৰা হ'ব লাগিব। প্ৰতিযোগিতাত শিল্পী সকলৰ বয়সৰ উচ্চ সীমা ১৫ বছৰ। ইয়াৰ বাবে অভিনেতা অভিনেত্ৰীৰ বয়সৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক। প্ৰতিখন নাটত নূন্যতম ২জন আৰু সৰ্বোচ্চ সংখ্যা ৮ জনৰ বেছি অভিনেতা-অভিনেত্ৰী থাকিব নোৱাৰিব।
শ্ৰেষ্ঠ দললৈ নগদ ধন ক্ৰমে ১৫,০০০/- টকা, ১০,০০০/- টকা আৰু ৭,০০০/- টকা আগবঢ়োৱা হ'ব।

প্ৰতিটো দলে নাটকৰ দুটাকৈ পাণ্ডুলিপি আৰু ভৰ্তি মাচুল ৫০০/- টকা ২০ নৱেম্বৰ, ২০২২ খ্ৰী:ৰ ভিতৰত (A/C No. 30083808789) অনিবাৰ্য জমা দিব লাগিব।

দল সমূহে শৈলেন কাকতি, বিজিত ডেকা প্ৰযত্নে ৰূপম হোটেল, কলেজ ৰোড, পাঠশালা, বজালী জিলা, ডাক সূচাংক-৭৮১৩২৫ (৮৪৭৩৮৩৩৬৬৫/ ৯১০১৩৫৩৬২৩) এই ঠিকনাত যোগাযোগ কৰিব পাৰে।

#বাৰ্তা

💠 ৰাজকুমাৰ গোস্বামী সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা 💠সামাজিক সাংস্কৃতিক অনুষ্ঠান 'চিআৰএচডিটি'ৰ উদ্যোগত আৰু 'এমপ...
29/08/2022

💠 ৰাজকুমাৰ গোস্বামী সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা 💠

সামাজিক সাংস্কৃতিক অনুষ্ঠান 'চিআৰএচডিটি'ৰ উদ্যোগত আৰু 'এমপিএচ এডুকেচনেল ট্ৰাষ্ট'ৰ সহযোগত আয়োজিত চতুৰ্থ বাৰ্ষিক ৰাজকুমাৰ গোস্বামী সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কামৰূপ ( গ্ৰাম্য) জিলাৰ বোৰ্কাস্থিত দেৱৰ্ষি বিদ্যাপীঠৰ তন্ময় ত্ৰিলোক দেৱ শৰ্মাই, দ্বিতীয় স্থান লাভ কৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়ৰ বন্দিতা বৰ্মনে আৰু তৃতীয় স্থান লাভ কৰে তামুলপুৰৰ বাঙালীপাৰাস্থিত প্ৰজ্ঞাদীপ একাডেমীৰ সোণমা বেগমে। আগন্তক ছেপ্টেম্বৰ মাহৰ অন্তিম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া 'চিআৰএচডিটি'ৰ কাৰ্যক্ৰমত পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব বুলি সচিব ভাৰ্গৱ কলিতাই জনাইছে ।

#বাৰ্তা

22/08/2022

🧘‍♂️ যোগৰ লক্ষ্য 🧘‍♂️

✍️ গৌৰৱ জ্যোতি হাজৰিকা

ভাৰতীয় সাধন পদ্ধতিৰ চাৰিটা প্ৰধান প্ৰকাৰ ভেদৰ অন্যতম যোগৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল- আধ্যাত্মিক উন্নতি, ঈশ্বৰ দৰ্শন, আত্মজ্ঞান বা ব্ৰক্ষ্মজ্ঞান লাভ। আত্মস্বৰূপৰ উপলব্ধি যোগৰ প্ৰধান আৰু প্ৰত্যক্ষ উদ্দেশ্য হ'লেও, এই লক্ষ্য আৰু উদ্দেশ্যৰ লগত আৰু ভালেকেইটা গৌণ উদ্দেশ্য প্ৰচ্ছন্নভাৱে মিশ্ৰিত হৈ আছে। যোগ সাধনাত নিমগ্ন যোগীসকলে বহুস্তৰীয় সুফল লাভ কৰে। এজন মানুহৰ শাৰীৰিক, মানসিক, আৱেগিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিয়েই হৈছে তেওঁৰ ব্যক্তিত্ব বা মানৱতা পৰিপূৰ্ণ বিকাশৰ একমাত্ৰ চৰ্ত। এনেদৰে মানৱ ব্যক্তিত্বৰ পাঁচটা স্তৰৰ সুষম আৰু সৰ্বাংগীন বিকাশৰ মাধ্যমত একো-একোজন পৰিপূৰ্ণ মানৱৰ সৃষ্টি হ'ল যোগৰ অন্যতম লক্ষ্য ।

যোগৰ প্ৰচ্ছন্ন লক্ষ্য হ'ল এখন আদৰ্শ পৰিপূৰ্ণ ৰাষ্ট্ৰ গঠন। ব্যক্তিৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ আৰু সমাজৰ পৰা ৰাষ্ট্ৰলৈ পৰিপূৰ্ণ মানৱতাৰ অনুভূতিময় এখন সমাজ প্ৰতিষ্ঠা যোগীসকলৰ সপোন তথা লক্ষ্য। যোগীয়ে যোগসাধনা কৰে ব্যক্তিগতভাৱে, কিন্তু প্ৰাৰ্থনা কৰে বিশ্ব কল্যাণৰ বাবে। ৰোগ-শোক-দুখৰ পৰা মুক্ত এক সুন্দৰ শান্তিময় সমাজৰ বাবে যোগীয়ে প্ৰাৰ্থনা কৰে-
''সৰ্বেহত্ৰ সুখিন: সন্ত সৰ্বে সন্ত নিৰাময়া:।
সৰ্বেভদ্ৰানিপশ্যন্ত মা কশ্চিৎ দু:খমাপ্লুয়াৎ।।''
অৰ্থাৎ বিশ্বৰ সকলোৱে সুখী হওক, সকলোৱে নিৰাময় হওক। কাকো যেন দুখে স্পৰ্শ কৰিব নোৱাৰে।

  is the remedy to heal the soul from the disease of material desires and help us get out of this material world.
22/08/2022

is the remedy to heal the soul from the disease of material desires and help us get out of this material world.

Address

Mangaldai

Alerts

Be the first to know and let us send you an email when NH ITUBE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to NH ITUBE:

Share