03/06/2026
কমলাবাৰী ৰামধনু শতদল শাখা সাহিত্য সভাৰ সোনালী জয়ন্তী বৰ্ষৰ আৰম্ভণী অনুষ্ঠান সম্পন্ন
মাজুলীৰ পুৰণি শাখা সাহিত্যসভা কমলাবাৰী ৰামধনু শতদল শাখা সাহিত্য সভাৰ সোনালীজয়ন্তী উদ্বোধনী অনুষ্ঠান ১ জুন তাৰিখে অনুষ্ঠিত হয় ৷ বৰ্ষজোৰাকৈ আয়োজনৰ সিদ্ধান্তৰে পহিলাজুনৰ পূৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি শাখাৰ সভাপতি ডিম্বেশ্বৰ দত্তই বৰ্ষজোৰা অনুষ্ঠানৰ মুকলি কৰাবুলি ঘোষণা কৰে ৷ এদিনীয়াকৈ আয়োজনকৰা সোনালীজয়ন্তীৰ দ্বিতীয়খনি পতাকা উত্তোলনকৰে উদযাপন সমিটিৰ সভাপতি নৰেণচন্দ্ৰ ঠাকুৰীয়াই ৷ মাজুলীৰ প্ৰথমটি শতদল শাখা হিচাপে স্বীকৃত ৰামধনু শাখা সাহিত্য সভাৰ গৌৰৱোজ্বল পঞ্চাশ বছৰীয়া জয়ন্তী প্ৰবিত্ৰ ক্ষনত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথগোহাঞিবৰুৱা আৰু ৰামধনু শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি দেবেন্দ্ৰনাথ গোস্বামীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পন কৰে সোণালীজয়ন্তী উদযাপন সমিটিৰ সভাপতি জগন্নাথ দুৱৰীয়া আৰু ৰামধনু শতদল শাখাৰ উপসভাপতি অমিয়াদেবী বৰঠাকুৰে ৷ উক্ত অনষ্ঠানতে পৰিবেশ সুৰক্ষাৰ বাবে এটি গছপুলি ৰোপনকৰে বিশিষ্ট প্ৰকৃতিপ্ৰেমী অবসৰি শিক্ষক ডিম্বেশ্বৰ শইকীয়াই ৷ পূৱা ১১ বজাৰ পৰা মাজুলী ভিত্তিত আয়োজনকৰা কবিতা আবৃত্তি প্ৰতিযোগিতা খনি উদ্বোধনকৰে মাজুলী জিলা কবিসন্মিলনৰ সভাপতি যুগল হাজৰিকাই আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় অধ্যাপক ড° উৎপল নাৰায়ণ গোস্বামীয়ে প্ৰতিযোগিতাখনি সঞ্চালনা কৰে ৷ বিয়লি ১ বজাৰপৰা আৰম্ভ হোৱা মুকলি অধিবেশন খনিত পৌৰহিত্য কৰি ৰামধনু শতদল শাখাই পঞ্চাশবছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ লোৱা গৌৰৱোজ্বল সোনালী জয়ন্তী উদ্বোধনি সভাৰ মাধ্যমেৰে সাহিত্যচৰ্চাৰ ক্ষেত্ৰত শাখাটিক আগুৱাই নিয়াৰ আহ্বান জনায় ৷ মুকলি সভাখনি উদ্বোধনকৰি মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰুৱাই ভাষাসুৰক্ষাৰ প্ৰসংগৰ বক্তব্য ৰাখে ৷ সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে ৰামধনু শাখা সাহিত্য সভাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ বৃষ্টিত বিৱৰণেৰে গৌৰবউজ্বল পঞ্চাশটি বছৰৰ ইতিহাস দাঙি ধৰে মাজুলী মহাবিদ্যালয়ৰ অৱসৰি অধ্যক্ষ ৰামধনুৰ একালৰ সভাপতি নৰেণচন্দ্ৰ ঠাকুৰীয়াই ৷ বিশিষ্ট অতিথিৰ অসনৰ পৰা মাজুলী জিলা সাহিত্যসভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰভাত বৰাবুঢ়াভকতে ৰামধনু শাখাৰ সাহিত্যচৰ্চাৰ ওপৰত বক্তব্য ৰখাৰ লগতে শাখাটিৰ পৰিত্যক্ত কাৰ্যালয় গৃহটিৰ বাবে পাচহাজাৰ টকাৰ বৰঙনি আগবঢ়ায় ৷ ৰামধনু শাখা সাহিত্যসভাৰ প্ৰতিষ্ঠাপক সম্পাদক ৮৬ বছৰ বয়সীয়া উমাকান্ত ৰাজখোৱাই নিজৰ প্ৰতিষ্ঠাকালৰ অনুভৱ প্ৰকাশকৰি আবেগিকহৈ পৰে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সকলৰ মাজৰ পৰা ক্ৰমে মাজুলী জিলা যুৱছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞা মাজুলী জিলা ছাত্ৰসন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰাঞ্জল শইকীয়া মাজুলী জিলা মহিলা সমিটিৰ সভাপতি সুভদ্ৰা বৰা মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক সঞ্জীৱ বৰা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য মনোজ্যোতি ৰেগন মাজুলী জিলা মইনাপাৰিজাতৰ সভাপতি খগেন হাজৰিকাই বক্তব্য আগবঢ়ায় ৷ মুকলি অধিবেশনৰ সভাত শাখাটি শতাধিক আজীবন সদস্য অৰু প্ৰাক্তন বিষয়ববীয়াৰ উপৰি পাচশতাধিক লোক উপস্থিত থাকে ৷ ৰামধনু শাখা সাহিত্য সভাৰ সম্পাদক সমিৰণ গোস্বামীয়ে আতঁ ধৰা সমগ্ৰ অনুষ্ঠানত মাজুলী ভিত্তিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয় ৷ প্ৰতিযোগিতাত “ ক’ শাখাত স্মিতানলা শইকীই প্ৰথম, নিশানদীপ বৰুৱাই দ্বিতীয় ,অন্বেষা বৰুৱা তৃতীয় আৰু শুভাংগী বৰাই উদগনি বটা লাভ কৰে ৷ খ শাখাত ময়ুৰাক্ষী বৰুৱা প্ৰথম, প্ৰাপ্তিপ্ৰিয়ম দত্ত দ্বিতীয় , প্ৰস্তুতি শইকীয়াই তৃতীয় আৰু ভাস্বতি মুদৈয়ে উদগনি বটা লাভ কৰে ৷ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা অসম সাহিত্য সভাৰ শীৰ্ষগীত চিৰচেনেহী মোৰ ভাষা জননীৰে আৰম্ভ হোৱা মুকলি সভাখনিত মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিল্পী সকলৰ সমবেত বড়গীত, বৈষ্ণৱী ভূঞাৰ নৃত্যই সভাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ সন্ধিয়া ৬:৩০ ত পঞ্চাশ বছৰীয়া জয়ন্তী আৰু সুধাকন্ঠ ভূপেন হাজৰিকাৰ জন্মশত বৰ্ষৰ উপলক্ষত পঞ্চাশ গছি বন্তি প্ৰজ্বলন অুষ্ঠানৰ শুভাৰম্ভ কৰে সংগীত নাটক একাদেমীৰ বটা বিজয়ী ড°কৰুণা বৰাই ৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় শিল্পীৰ মালতী ভূঞা আৰু হেঙুল আকাশ বৰুৱাই ভূপেন হাজৰিকা দেৱৰ গীত পৰিৱেশন কৰে।