06/05/2023
ৰক্তক্ষৰণ কবিতা
(A Bleeding Poetry)
বিষাক্ত ফুলৰ কাঁইটে বিন্ধা ঘাঁ টুকুৰাত
চিয়াঁহী ট্ৰান্সফিউজ কৰা হৈছে।
অনুভৱে ক্ষত-বিক্ষত কৰা শৰীৰটো ক্ৰমান্বয়ে অচেতন হৈ পৰিছে নসহা বিষ বোৰৰ সৈতে।
কাষত পৰি ৰৈছে এখন ডায়েৰী
যাৰ মদৰুৱা পৃষ্ঠাত আছে ক'লা চিয়াঁহিৰে লিখা কিছু অব্যক্ত কথা।
যন্ত্ৰণাৰে আক্ৰান্ত শৰীৰটোৰ পৰা ৰক্তক্ষৰণ হৈছে।
গলি গৈছে মদৰুৱা পৃষ্ঠাৰ কলা আখৰবোৰ।
স্পন্দনশীল শৰীৰটোকঢ়িয়াই ফুৰা
এটা অস্পষ্ট বৃদ্ধ আত্মা কেঁচা মঙহ ফালি বিচ্ছিন্ন হৈ গৈছে কবৰৰ শেষ প্ৰান্তলৈ।
নিৰ্জন কবৰৰ এন্ধাৰ কৰিডৰবোৰৰ মাজেৰে চুচঁৰিছে অক্লান্ত বৃদ্ধই।
প্ৰাপ্তিৰ আভা নেদেখি চিৎকাৰ কৰি উঠিছে দুৰ্ভগীয়া বৃদ্ধই।
হয়টো সময় আহি পৰিছে ;
ধূসৰ হৈ গলি যোৱাৰ,
সঁচাই সময় আহি পৰিছে।