26/04/2026
দশম বাৰ্ষিক চমচুন আখটাৰা জাহান আৰু মনোৱাৰ হুছেইন সোঁৱৰণী নাট্য সন্ধিয়াৰ শুভমুহুৰত সম্পন্ন।
নাট্যকলা চৰ্চাৰ অবিৰত যাত্ৰাপথত ১৩০ বছৰ সম্পূৰ্ণ কৰা অসমৰ অন্যতম পুৰণি নাট্যানুষ্ঠান যোৰহাট থিয়েটাৰত চমচুন আখটাৰা জাহান আৰু মনোৱাৰ হুছেইন সোঁৱৰণী নাট্য নিবেদনৰ শুভ মুহুৰত অনুষ্ঠান যোৱা ২৪ এপ্ৰিলত সফলতাৰে সম্পন্ন হয়। আৰম্ভণিতে সম্পাদক পবিত্ৰ বৰুৱাই সকলোকে স্বাগত সম্ভাষণ জনায়। নাট্যাৰম্ভ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে জেষ্ঠ সদস্য বিজয় চন্দ্ৰ বৰঠাকুৰে আৰু নাৰিকল ভাঙি মাংগলিক কাৰ্য্য সম্পাদন কৰে অনিল বৰাই।নাটকৰ পাণ্ডুলিপি পৰিচালক ৰাজেন কুমাৰ হাজৰিকাক আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে প্ৰাক্তন সভাপতি ,বিশিষ্ট শিক্ষাবিদ যোগানন্দবৰাই। জিলাৰ বিশিষ্ট শিক্ষক তথা যোৰহাট থিয়েটাৰৰ সদস্য মুক্তাৰুল হুছেইনে তেখেতৰ পিতৃ-মাতৃৰ স্মৃতিত আয়োজিত নাট্যানুষ্ঠানলৈ যোৰহাট থিয়েটাৰে সহযোগিতা আগবঢ়াই তেখেতৰ পৰিয়ালৰ সপোন সাকাৰ কৰাৰ বাবে যোৰহাট থিয়েটাৰৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।প্ৰাক্তন সভাপতি যোগানন্দ বৰা,উপ সভাপতি চফল খাউণ্ড , সম্পাদক পবিত্ৰ বৰুৱা, অসীম শৰ্মা, সুৰজিত শৰ্মা, আৰু সভাপতি শান্তনু ঠাকুৰে সদস্য মুক্তাৰুল হুছেইনে তেখেতৰ পিতৃ-মাতৃৰ স্মৃতিত প্ৰতি বছৰে এটি নাট্য প্ৰযোজনা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যোৰহাট থিয়েটাৰৰ নাট্য পৰম্পৰাৰ কথা সুঁৱৰি শিল্পী কলাকুশলীসকলক শুভেচ্ছা জ্ঞাপন কৰে। অহা ২৩ আৰু ২৪ মেত অনুষ্ঠিত হ'বলগীয়া নাট্য নিবেদনত যোৰহাট থিয়েটাৰে নিবেদন কৰিব বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ এখনি ব্যংগ নাট "ত্ৰিভুজ" । গুণীন খাৰঘৰীয়া,বিপুল কলিতা, ৰূপ কুমাৰ বৰা,জয়ন্ত বৰা,ঈশানজ্যোতি শৰ্মা, মানস বৰঠাকুৰ, দিগন্ত হাজৰিকা, বিৰিঞ্চি দত্ত,স্পন্দন কাশ্যপ, জুলি পাঠক, দৰ্পণা বৰঠাকুৰ প্ৰমুখ্যে শিল্পীৰ অভিনয়সমৃদ্ধ নাটখনিৰ সংগীত পৰিচালনা জয়ন্ত নাথৰ । মঞ্চ ব্যৱস্থাপনা বিচিত্ৰ বৰা আৰু মানস বৰঠাকুৰৰ আৰু পোহৰ ৰাতুল বৰাৰ। মঞ্চাধ্যক্ষ দিগন্ত হাজৰিকাই নাটকখনিত সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।