23/02/2024
কথাবোৰ সদায় একে হৈ নেথাকে
কথাবোৰ সদায় একে হৈ নেথাকে
যিদৰে নেথাকে সময়বোৰ
সলনি হোৱাৰ বাটো সহস্ৰ আছে
যিদৰে নদীয়ে সলনি কৰে নিজস্ব ৰূপ
যদিওবা ৰʼদ ঘাম মচি কচৰৎ এখন কৰি আছো
তথাপিও সলনি হব পৰা নাই মই
চৰাই হোৱাই ভাল আছিল জানা
মন গʼলেই অৰণ্যখনতে ঘৰ সাজিলোহেঁতেন
মন গʼলেই বুলবুলি হৈ গোটেই নদীখনতে গা ধুলোহেঁতেন
মন গলেই শালিকি এজনী হৈ তুমি বনোৱা তাতঁৰ শাল খন হৈ ছেনে নাই চালোহেঁতেন
মন গʼলেই কপৌ এজনী হৈ তোমাৰ বুকু বগাই কলিজাটো খুটিয়াই ৰুণ দিলোহেঁতেন
মন গʼলেই পাতসীয়া হৈ তোমাৰ কামিজৰ ছিগা চিলাই সী দিলোঁ হেতেন
ধেৎ হুমুনিয়াহবোৰো যে হʼল বুলিনো কিমান নাহে
যিদৰে চগাবোৰ জুইত মৰিব বুলি জানিও জাপ দিয়ে
পুৱাঁ, সন্ধিয়াবোৰত একাপ চাহ দুখন বিস্কুট
তুমি নাহা বুলি জানিও প্ৰাথনাৰ গৃহত
চাকি এখন জ্বলাও
জীৱনটো জুমি চাওঁতে বহু পলম হৈ গʼল
কেনেকৈ যে খুপি খুপি এদিন তোমাক পালোঁ
আৰু হেৰুৱাব নোৱাৰিলোঁ আগলৈ
সেয়ে আত্মাত লিখি লʼলো মোৰ সতে যোৰা দিয়া তোমাৰ নাম
মাফ কৰিবা মোক
তোমাক মচিব নোৱাৰিম কোনোকালে
মই জানো যিটো তুমিও জানা
অতীত নাহে উভটি
ভৱিষ্যত মই দেখা নাই কেতিয়াও
সেয়ে বৰ্তমানত জী থাকো মই
আৰু লৈ ফুৰিছোঁ তোমাক আনে নেদেখাকে
বৰ শাশ্বতঃ জানা
বৰ শাশ্বতঃ
ঠিক শিৱৰ দৰে
বৰ শাশ্বতঃ
পৰাহʼলে তোমাক লৈ গুচি গʼলোহেতেন কʼৰবালে
যʼত কেৱল বেলিৰ পোহৰ আছে
পৰাহʼলে তোমাৰ কলিজাটো সলালোহেঁতেন মোৰ সʼতে
যʼত এসোপা মৰমে আৱৰি থাকিলেহেঁতেন
পৰাহʼলে বাঢ়ি থকা বুকুৰ ঢপ ঢপনিবোৰ চুই চালোঁহেতেন
কিমান কোমল আৰু জীপাল
পৰাহʼলে তোমাক নিজৰ কৰিলোঁহেতেন
কোনোৱে হৰণ কৰিব নোৱাৰাকে
তুমি এৰি যোৱাৰ প্ৰশ্ন মোক নকৰিবা
নোৱাৰিম
আৰু যদিহে যাবই লাগে
আহিব নোৱাৰিম
আকৌ উভটি ।