C.K.Das

C.K.Das Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from C.K.Das, Visual Arts, Jugijan Bazar, Hojai.

14/01/2024
26/09/2023

তেখেতৰ ৰাজনিতীৰ আচল চৰিত্ৰ।
মিয়াৰ ভোট নহলে যে সাংসদ হব নোৱাৰিব।

26/09/2023
26/09/2023

🏋হাজাৰ জন মধ্যবিত্ত পুৰুষৰ আত্ম-কাহিনি🏋
পুৰুষ এজনে প্ৰাইভেট কোম্পানিত ৯০০০ টকা মাহিলি দৰমহাৰ চাকৰি কৰে ৷ ঘৰত বেমাৰী মা-দেউতা, তেওঁলোকৰ বাবে প্ৰতিমাহেই ঔষধ ল'ব লাগে ৷
মাতৃ"ৰ বাবদ ১০০০, দেউতাকৰ বাবদ ১০০০, ঘৈণীয়েক আৰু ল'ৰা-ছোৱালীৰ বাবদ ১০০০, ঘৰখন চলাবলৈ ৫০০০ আৰু ল'ৰা-ছোৱালী দুজনৰ স্কুল ফিছ ১০০০।

মাহ শেষত ঘৈণীয়েৰক ফোন কৰি কয়, "তোমাৰ কিবা লাগিব নেকি?" নিজৰ ফটা জোতাখন সলোৱাৰ ইচ্ছা থকা সত্বেও জোতাখন চিলাই কৰি পইচা ৰেহাই কৰি ল'ৰা-ছোৱালীৰ বাবে কাপোৰ লৈ যায় ৷
খালি পেটত কামত গৈ ও মাক ফোন কৰি কয়, "মা..মই আজি মাছেৰে ভাত খাইছো, তোমালোকে কিহেৰে খালা?"
১০৩ ডিগ্ৰী জ্বৰ লৈ কামত যোৱাত অলপ পলম হোৱাত Boss-ৰ গালি-শপনি শুনাৰ পাছতো দেউতাক ফোন কৰি কয়, "দেউতা..মই বহুত ভালে আছো, তুমি সময় মতে তোমাৰ ঔষধখিনি খাবা ৷ এই মাহৰ শেষত তোমাৰ বাবে সুন্দৰ এযোৰ পাঞ্জাৱী লম"

ৰাতিপুৱা উঠি চাহ-নাস্তা কৰাৰো সময় নাই ৷ লোকেল বাছত ঠেলা-হেচা কৰি কামত যোৱা, গোটেই দিনটো কামৰ প্ৰেচাৰত কিবা খোৱাৰো সময় নাই, অলপ আজৰি ও নাই আৰু সন্ধিয়া সময়ত কিবা খাব মন গলে ঘৰত থকা ল'ৰা-ছোৱালীৰ কথা মনত পৰে ৷ “এতিয়াতো ৰুমতেই গৈ আছোঁ, ৰুমত গৈ একেবাৰে গৰম গৰম ভাত খাম” এয়া ভাৱিয়ে মিচিকিয়া হাঁহিৰে ৰুমলৈ বাট লয় ৷

👉পুৰুষবোৰ এনেকুৱাই...
নিজৰ বাবে সময়ে নাই, জীৱনটোৱে ব্যস্ততাৰ মাজত ৷
তথাপিও সমাজখনে ক'ব পুৰুষৰ জীৱনটো কিমান সুন্দৰ
নিজৰ মতে চলিব পাৰে
কিমান হাঁহি-ফুৰ্তিত থাকিব পাৰে
আৰে ভাই.. এবাৰ মধ্যবিত্ত পৰিয়ালত জনম লৈ চোৱা না, বুজি পাবা... জীৱনটো ইমান সহজ নহয়, প্ৰতিটো খোজতে উজুটি খাব লগা হয় ৷ এসময়ত চাৰিওফালে থকা আপোন মানুহবোৰো লাহে লাহে অচিনাকীৰ ৰূপ লয় ৷ নিজৰ জীৱন সংগ্ৰাম নিজে অকলেই যুজিব লাগে ৷

আকৌ, এচামে ক'ব পুৰুষে নাকান্দে নহয় ৷ পুৰুষে কিয় নেকান্দিব? পুৰুষ সকলেও কান্দে–

•👉 যেতিয়া সপোনবোৰ ভাঙি যায় তেতিয়া কান্দে পুৰুষে ৷
• 👉যেতিয়া নিজৰ বাবে মা-দেউতাৰ চকুত চকুপানী দেখা পায় তেতিয়া কান্দে ৷
• 👉যেতিয়া ঘৰ বনাবলৈ নিজৰ ঘৰখনেই এৰিব লগা হয় তেতিয়া কান্দে ৷
• 👉যেতিয়া বয়সতকৈ দায়িত্ববোৰ গধুৰ হৈ পৰে তেতিয়া কান্দে
• 👉যেতিয়া বিশ্বাসী কোনোৱাই বিশ্বাসঘাতকতা কৰে, তেতিয়া কান্দে ৷
🙏 ক'ৰৱাত ভুল হলে, শুধৰাই ল'ব 🙏

✍ চয়ন কুমাৰ দাস।(যোগীজান, হোজাই)

14/04/2023
14/04/2023
এই পৃথিৱীতে কোনোবাই এটাকদমকৈ আগবাঢ়ে  আৰু কোনোবাই ২.৫ কদমকৈ আগবাঢ়ে।। 👉যাৰ যেনেকুৱা যোগ্যতা...তেনেকুৱা দক্ষতা👈
12/03/2023

এই পৃথিৱীতে কোনোবাই এটাকদমকৈ আগবাঢ়ে আৰু কোনোবাই ২.৫ কদমকৈ আগবাঢ়ে।।
👉যাৰ যেনেকুৱা যোগ্যতা...তেনেকুৱা দক্ষতা👈

Address

Jugijan Bazar
Hojai
782435

Telephone

+919954392651

Website

Alerts

Be the first to know and let us send you an email when C.K.Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to C.K.Das:

Share

Category