Democracy Live 24x7

Democracy Live 24x7 It's a page of Democracy Live 24x7 covering news, analysis, interview etc.

20/08/2026

Releasing Soon

Nightingale  A Democracy Live 24x7 n Maramland productionTune n Singing- RRD
19/08/2026

Nightingale



A Democracy Live 24x7 n Maramland production
Tune n Singing- RRD

17/08/2026

উজনিৰ বান
°✓ বানাক্ৰান্ত অসহায় লোকৰ বাবে ডেম'ক্ৰেচী লাইভ-মৰমলেণ্ড ৱেলফেয়াৰ চ'ছাইটিৰ প্ৰয়াস
°✓ সাক্ষাৎকাৰত অসম প্ৰাকৃতিক কবি সন্মিলনৰ সভাপতি, পক্ষীবিদ হিচাপে পৰিচিত ভুৱনেশ্বৰ শৰ্মা

17/08/2026

উজনিৰ বান
°✓ অসহায় লোকৰ বাবে ডেম'ক্ৰেচী লাইভ-মৰমলেণ্ড ৱেলফেয়াৰ চ'ছাইটিৰ প্ৰয়াস
°✓ মহানগৰীত পৰিৱেশক মূল বিষয় হিচাপে লৈ বিশেষ পদক্ষেপ
°✓ সাক্ষাৎকাৰত লেখক, ৰাষ্ট্ৰপতিৰ আৰক্ষী সেৱাৰ পদক প্ৰাপক প্ৰফুল্ল বৰ্মন

Srimanta Foundation and Recovery wellness society extended humanitarian help to the flood affected Khutorahabi, Phulpani...
16/08/2026

Srimanta Foundation and Recovery wellness society extended humanitarian help to the flood affected Khutorahabi, Phulpanisiga, Namtipathar Bamunbari and Betbari Tamulipukhuri and Nepalikhuti of Sivasagar district.

Director of Srimanta Foundation Bhaskarjyoti Mahanta and Head of RWS Anupam Rohit personally interacted with the sufferer.

Their noble step will cover a long term Educational responsibility of 10 students of helpless families for 10 years.

Mentionable that Anupam Rohit is ideal example of movement to make Assam drug addict free. Apart from his regular activities for drug addicts, he has been serving humanitarian duties too which is matter of praise.

15/08/2026
দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তজাৰ্তিক প্ৰেক্ষাগৃ...
14/08/2026

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তজাৰ্তিক প্ৰেক্ষাগৃহৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ এক 'ত্ৰিৰংগা যাত্ৰা' উলিওৱা হয়।

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত 'ত্ৰিৰংগা যাত্ৰা' কেইবা সহস্ৰাধিক দলৰ কাৰ্যকৰ্তাৰ লগতে পৰম শ্ৰদ্ধাৰ ৰাইজেও স্বতঃস্ফূৰ্তভাৱে ওলাই আহি অংশগ্ৰহণ কৰে।

আহক, আমি সকলোৱে লগ হৈ ত্ৰিৰংগ পতাকা উৰুৱাই দেশপ্ৰেমৰ এই উৎসৱটি উদযাপন কৰোঁ।

14/08/2026

*অসম চুক্তি ৰূপায়ণৰ ৪১ বছৰ*

-৪১ বছৰ ধৰি প্ৰতিশ্ৰুতি, শূন্য ৰূপায়ণ: অসম চুক্তিক লৈ বিজেপিক জবাবদিহি অসম জাতীয় পৰিষদৰ_

অসমীয়াক প্ৰতাৰণা কৰি আৰু কিমান দিন? অসম চুক্তিৰ প্ৰসংগত বিজেপিক হিচাপ বিচাৰিলে অসম জাতীয় পৰিষদে

*অসমীয়াক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰাৰ ষড়যন্ত্ৰ সফল হ’বলৈ নিদিওঁঃ অজাপ*

গুৱাহাটী, ১৪ আগষ্ট: অসম চুক্তি ৰূপায়ণৰ বাবে ৰৈ ৰৈ ৪১টা বছৰ বাগৰিল। অমৃত নহয়, ৪১ বছৰে অসমীয়াই গৰল পান কৰিবলগীয়া হৈছে। আৰু এই ৪১ বছৰৰ ভিতৰত অসম চুক্তিৰ নামত অসমীয়া মানুহক আটাইতকৈ বেছি প্ৰতাৰণা কৰা দলটোৱেই আজি কেন্দ্ৰ আৰু অসম দুয়ো ঠাইতে ক্ষমতাত থকা বিজেপি— এই অভিযোগ অসম জাতীয় পৰিষদৰ। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে বিজেপিয়ে অসম চুক্তিক লৈ অসমৰ ৰাইজৰ আবেগক নিৰ্বাচনী ৰাজনীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। ক্ষমতালৈ অহাৰ পূৰ্বে অনুপ্ৰৱেশ ৰোধ, খিলঞ্জীয়াৰ সুৰক্ষা আৰু অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণৰ কথা কোৱা বিজেপিয়ে ক্ষমতা লাভ কৰাৰ পাছত সেই প্ৰতিশ্ৰুতিসমূহৰ এটাৰ পাছত এটাকৈ ভংগ কৰিছে বুলি দলটোৱে অভিযোগ কৰে।

দলটোৰ মতে, ৬নং দফাৰ ক্ষেত্ৰত বিজেপিৰ প্ৰতিশ্ৰুতিৰ প্ৰকৃত স্বৰূপ এতিয়া স্পষ্ট। ২০১৯ত কেন্দ্ৰীয় চৰকাৰে নিজেই স্বীকাৰ কৰিছিল যে অসম চুক্তিৰ ৬নং দফা সম্পূৰ্ণৰূপে ৰূপায়িত হোৱা নাই। তাৰ পাছত উচ্চস্তৰীয় সমিতি গঠন কৰা হ’ল, ন্যায়াধীশ বি কে শৰ্মাৰ নেতৃত্বাধীন সমিতিয়ে ২০২০ত প্ৰতিবেদন দাখিল কৰিলে আৰু ২০২১ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যসভাত জনালে যে প্ৰতিবেদনৰ পৰামৰ্শসমূহ পৰীক্ষাধীন। কিন্তু ২০২৬তো সেই প্ৰতিবেদনৰ সম্পূৰ্ণ ৰূপায়ণ নহ’ল। গগৈ আৰু ভূঞাই প্রশ্ন উত্থাপন কৰি কয়, ‘‘২০১৯ত বিজেপিয়ে সমিতি গঠন কৰিলে, ২০২০ত প্ৰতিবেদন আহিল, ২০২১ত ‘পৰীক্ষাধীন’ বুলি ক’লে; এতিয়া ২০২৬। আৰু কিমান বছৰ পৰীক্ষা চলিব? নে বিজেপিৰ বাবে ৬নং দফা কেৱল নিৰ্বাচনৰ আগৰ এটা প্ৰতিশ্ৰুতিহে?”

দলটোৱে কয় যে সম্প্ৰতি ৰাজ্য চৰকাৰৰ হাতত থকা অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদনখন এতিয়া ক’ত আছে, ইয়াৰ কোনবোৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে, কোনবোৰ কাৰ্যকৰী কৰা হ’ব আৰু বাকীবোৰ কেতিয়া ৰূপায়ণ কৰা হ’ব— এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিবলৈ বিজেপি চৰকাৰ বাধ্য। একেদৰে অসম চুক্তিৰ ৫নং দফাৰ মূল বিষয় বিদেশী নাগৰিকৰ সমস্যা আজিও অসমৰ ৰাজনীতিৰ অন্যতম জ্বলন্ত প্ৰশ্ন হৈ আছে বুলি দলটোৱে মন্তব্য কৰে। ১৯৭১ৰ ২৫ মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী নাগৰিক চিনাক্তকৰণ আৰু অবৈধ অনুপ্ৰৱেশ ৰোধৰ প্ৰতিশ্ৰুতিৰ পাছতো অসমৰ সীমান্ত আৰু জনসংখ্যাগত পৰিৱৰ্তনৰ প্ৰশ্নত স্থায়ী সমাধান নোহোৱাটো বিজেপি চৰকাৰৰ ব্যৰ্থতা বুলি অভিযোগ কৰে অসম জাতীয় পৰিষদে।

সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে কয়, ‘‘বিজেপিয়ে ভোটৰ সময়ত অনুপ্ৰৱেশকাৰীৰ কথা কৈ অসমৰ মানুহক ভয় দেখুৱায়, কিন্তু ক্ষমতাত আহি সমস্যাটোৰ স্থায়ী সমাধান নকৰে। অসমৰ মানুহে এতিয়া ভাষণ নহয়, ফলাফল বিচাৰিছে। NRCৰ প্ৰসংগতো বিজেপিক কঠোৰ সমালোচনা কৰে নেতাগৰাকীয়ে। সভাপতি গগৈয়ে কয়, ‘‘উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত NRC উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতো ইয়াৰ পৰৱৰ্তী ব্যৱস্থা সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ স্পষ্ট আৰু বিশ্বাসযোগ্য ৰোডমেপ নথকাটো অসমৰ বাবে উদ্বেগজনক। বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ কথা কৈ ক্ষমতালৈ অহা বিজেপিয়ে NRCৰ ক্ষেত্ৰত এতিয়া নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব।’’ অসম জাতীয় পৰিষদে অসমৰ নিৰাপত্তাৰ প্ৰসংগও উত্থাপন কৰি কয় যে অবৈধ অনুপ্ৰৱেশৰ লগতে যিকোনো ধৰণৰ উগ্ৰবাদী বা মৌলবাদী নেটৱৰ্কৰ বিস্তাৰ ৰোধ কৰাটো চৰকাৰৰ দায়িত্ব। সীমান্ত সুৰক্ষা, সন্দেহজনক গতিবিধিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা আৰু ৰাজ্যখনত উগ্ৰবাদী কাৰ্যকলাপৰ সম্ভাৱ্য নেটৱৰ্ক উৎখাতৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আৰু নিৰপেক্ষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

‘কা’ৰ প্ৰসংগত দলটোৰ অভিযোগ, অসম চুক্তিৰ ৫নং দফাৰ ঐতিহাসিক ভিত্তিবৰ্ষৰ প্ৰশ্নক আওকাণ কৰি নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰাটোৱে অসম চুক্তিৰ প্ৰতি বিজেপিৰ প্ৰকৃত দায়বদ্ধতা উদঙাই দিছে। এফালে অসম চুক্তিৰ সন্মানৰ কথা, আনফালে ‘কা’; এফালে অনুপ্ৰৱেশ ৰোধৰ প্ৰতিশ্ৰুতি, আনফালে নাগৰিকত্বৰ ক্ষেত্ৰত ভিন্ন নীতি— এই দ্বিচাৰিতা আৰু কিমান দিন? এই প্রশ্ন অসম জাতীয় পৰিষদৰ। দলটোৱে গৃহমন্ত্ৰী অমিত শ্বাহৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথাও সোঁৱৰাই দিয়ে। ৬নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতি বাস্তৱায়িত নোহোৱাটো বিজেপিৰ বাবে ৰাজনৈতিক বিশ্বাসযোগ্যতাৰ ডাঙৰ প্ৰশ্ন বুলি দলটোৱে কয়।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এসময়ত অসম চুক্তিক ‘গীতা-বাইবেল নহয়’ বুলি কৰা মন্তব্যৰ কথাও সোঁৱৰাই দি অসম জাতীয় পৰিষদে কয় যে আজি অসম চুক্তিৰ নাম লৈ জাতীয়তাবাদৰ কথা কোৱা বিজেপিয়ে প্ৰথমে নিজৰ অতীতৰ বক্তব্য আৰু বৰ্তমানৰ নীতিৰ মাজৰ পাৰ্থক্যৰ ব্যাখ্যা দিব লাগে। অসম জাতীয় পৰিষদৰ অভিযোগ- বিজেপিৰ ৰাজনীতি হৈছে—নিৰ্বাচনৰ পূৰ্বে অসম চুক্তি, অনুপ্ৰৱেশ আৰু খিলঞ্জীয়াৰ কথা; নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতিক ভূলুণ্ঠিত কৰা। ৪১ বছৰ ধৰি অসমৰ মানুহক এই প্ৰতিশ্ৰুতিৰ চক্ৰত ৰাখি থোৱা হৈছে।

নেতাদ্বয়ে পুনৰ কয়, ‘‘অসমৰ খিলঞ্জীয়া জনগণ নিজৰ মাটিতে ৰাজনৈতিক, ভূমিগত আৰু সাংস্কৃতিক অধিকাৰ হেৰুৱাই দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাৰ পৰিস্থিতিৰ দিশে আগবাঢ়ি যোৱাৰ আশংকা বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰক দায়মুক্তি দিব নোৱাৰি বুলি দলটোৱে স্পষ্ট কৰি দিয়ে। অসমীয়া মানুহে আৰু বিজেপিৰ প্ৰতিশ্ৰুতিৰ ৰাজনীতি নুশুনে। ৪১ বছৰৰ হিচাপ লাগে। ৬নং দফাৰ ৰূপায়ণ লাগে, ৫নং দফাৰ সুৰক্ষা লাগে, অনুপ্ৰৱেশৰ স্থায়ী সমাধান লাগে, NRCৰ পৰৱৰ্তী ব্যৱস্থাৰ স্পষ্টতা লাগে আৰু অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব-অধিকাৰৰ সাংবিধানিক সুৰক্ষা লাগে। বিজেপিয়ে এতিয়া প্ৰতিশ্ৰুতি নহয়, জবাব দিব লাগিব।’

Address

Hatigaon
781038

Telephone

9954254657

Website

Alerts

Be the first to know and let us send you an email when Democracy Live 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Democracy Live 24x7:

Shortcuts

Share