Rinju Poetyr

Rinju Poetyr Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rinju Poetyr, Arts and entertainment, Guwahati.

16/02/2019

Rinju Moni Neog Borah
15 February 2018 ·
অভিমান
********
এইযে তুমি
অভিমান কৰা
সৰু সৰু কথাতে!
মই যে কিমান
পুলকিত হওঁ
তুমি জানানে?
জানো!
মোৰ বাবে তোমাৰ
প্ৰেম আছে বাবেইতো
এই অভিমান!
কেতিয়াবা এই অভিমান
আভিমান হৈয়েই
ৰৈ যাব চাবা!
গুচি যাম বহু দূৰলৈ
তুমি ঢুকি নোপোৱা
পাৰত্ৰিক জগতখনলৈ
তুমি গম নোপোৱাকৈ!!
তেতিয়াও বাৰু তুমি
থাকিবানে হৈ অভিমানী ?
মোৰ বাবে বাৰু
বিৰিঙিবনে তোমাৰ
চকুৰ কোণত
এটোপাল চকুপানী?

14/02/2019

ৰাধা বিৰহিনী
************
তুমি ৰাধা বিৰহিনী
বিৰহে আকুল
প্ৰাণ যমুনাও আজি
দুখে বিয়াকুল।।

কৃষ্ণ বিনে বৃন্দাবন
পৰে আজি চন
ৰাধাৰ দুখত দুখী আজি
উকা বৃন্দাবন।।

নয়নৰ নীৰ বয়
নিজৰি নিজৰি
নাবাজে কানুৰ আজি
মোহন বেনু।।

কৃষ্ণৰ বাঁহীৰ সুৰ শুনি
কঁপিছিলে বৃন্দাবন
বাঁহীৰ সুৰে ৰাধাৰাণীৰ
মন উচাতন
বিৰহে মগন।।

একালৰ বৃন্দাবন
পৰে আজি চন
নাই আজি প্ৰাণপ্ৰিয়
কৃষ্ণ বিমোহন।।

14/02/2019

তথাপিও গান গায়---
=============
ৰিঞ্জু

এটি হালধীয়া সৰাপাতৰ ৰুণজুননি অহৰহ বাজি থাকে গছৰ কাণত!
স্মৃতিবোৰ ৰোমন্থন কৰি কৰি
আপোন-মগন হৈ থাকে গছ!
গছৰ স'তে একাত্ম হৈ
থাকোতে,
তাৰ নাচোন চাই চাই, আত্মতৃপ্তিৰ হাঁহি মাৰিছিল
গছে!
বতাহৰ মৰমৰ বুলনিত সেউজীয়া পাতটোৱে সুহুৰিয়াইছিল
উস্!
নিষ্ঠুৰ ফাগুনৰ কৰ্ষণত
সি নিস্তেজ হ'ল!
সৰি পৰিল মাটিৰ বুকুত কৰ্ফাল খাই----
তথাপিও গান গায়!
উভতি গছকহে নিচুকায়!
বিচ্ছেদৰ বেদনাৰেও সিযে
মলম লগায়!

Address

Guwahati
781032

Telephone

8471931724

Website

Alerts

Be the first to know and let us send you an email when Rinju Poetyr posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share