04/02/2025
াহিত্য_সভাৰ_নকুলচন্দ্ৰ_সভাপণ্ডিত_সোঁৱৰণি_বঁটা আৰু #কিছু_স্পষ্টীকৰণ
মোৰ লগতহে কিয় বাৰে বাৰে এনে হয় ?
সাহিত্য সাধনাৰ নামত আচলতে চলিছে কি ?
ডাঙৰকৈ মেলা পাতিলেই সাহিত্যৰ উত্তৰণ নুবুজায়।
এখন কিতাপ পঢ়ি চোৱাৰ ধৈৰ্য নথকা বৰপণ্ডিতসকলে কেনেকৈ সাহিত্যৰ বিচাৰক হয় ?
আজি দুপৰীয়া ফোন আহিল কেবাটাও। মেচেজো আহিল। টিভি চেনেলত হেনো বাতৰিও ওলাল।
#চন্দনা_পাঠকলৈ_নকুল_চন্দ্ৰ_সোঁৱৰণি_বঁটা
মই আচৰিত ৷ মই কোনো কিতাপ কোনো বঁটাৰ বাবে পঠোৱা নাই। কোনে কি বঁটা দিলে মোক ? ভাবিলোঁ, হয়তো মই নহয়, আন কোনোবাহে। সামৰিলোঁ।
অলপ আগেয়ে সাংবাদিক #অৰূপ_জ্যোতি_মহন্ত দাই ফটো এখন দিলে। শিশু উপযোগী গ্ৰন্থ হিচাপে মোৰ #পান্থশালা ৰ বাবে মোক #নকুল_চন্দ্ৰ_সোঁৱৰণি_বঁটা দিয়া হৈছে।
মোৰ চকু কপালত উঠিল।
#পান্থশালা কোন ফালৰ পৰা শিশু গ্ৰন্থ ? কাৰ বিচাৰত এই উপন্যাসখন উক্ত বঁটাৰ বাবে নিৰ্বাচনত উঠিল ? এনেকৈ বঁটাবোৰ দি থকা হৈছে নেকি ? এনেকৈয়ে চলেনে াহিত্য_সভা ?
প্ৰথম কথা হ’ল , কোনো বঁটাৰ বাবে মই বা প্ৰকাশকে আৱেদন কৰা নাই। উক্ত বঁটাটোৰ বাবেও কৰা নাই। আগলৈয়ো নকৰোঁ।
দ্বিতীয় কথা হ’ল , #পান্থশালা শিশু উপন্যাস নহয়।
তৃতীয় কথা হ’ল, এই বঁটাটোৰ বাবে আৱেদন কৰা শিশু সাহিত্যিকসকলৰ মাজৰ পৰা কোনোবা এজন কিয় নিৰ্বাচিত নহ’ল ? সম্প্ৰতি অসমত ভালেকেইগৰাকী শিশু সাহিত্যিকে ভাল কিতাপ লিখি আছে ৷ তেওঁলোকক কিয় বঞ্চনা কৰা হ’ল ?
চতুৰ্থ কথা, আৱেদন নকৰা কিতাপ এখন কেনেকৈ এই বঁটাৰ বিচাৰ প্ৰক্ৰিয়াত সোমাল ?
পঞ্চম কথা , কিতাপখন পঢ়ি চোৱাহ’লে নিশ্চয় এই বঁটাটো নিদিলেহেঁতেন। তাৰমানে কিতাপ নপঢ়াকৈয়ে বঁটা দিয়া হয় নেকি ?
ষষ্ঠ কথাটো , #পান্থশালা ২০২২ চনতে #পূৰ্বায়ণ_প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা গ্ৰন্থ ; ২০২৫ ত সেইখন পাণ্ডুলিপিলৈ ৰূপান্তৰিত হ’ল কেনেকৈ ?
ডাঙৰ কমেডী হ’ল মোৰ জীৱনত। কিন্তু, দুখ লাগিছে াহিত্য_সভাৰ স্বৰূপ দেখি। শিশু সাহিত্যৰ সাধনাত নিমগ্ন হৈ থকা মোৰ ভাইটি-ভণ্টিহঁতৰ মুখবোৰ চকুৰ আগত ভাঁহি উঠিছে।
এইবোৰ কাৰণতে মই কোনো বঁটাৰ বাবে আৱেদন নকৰোঁ ৷ নালাগে মোক বঁটা। পাঠকে যে মোৰ লেখা পঢ়ি মন্তব্য কৰে, সেয়াই মোৰ জীৱনৰ প্ৰাপ্তি।
মই মৰি গ’লেও এই বঁটা গ্ৰহণ কৰিব নোৱাৰোঁ , কৰাৰ কথাই নাহে।
ক’বলৈ গ’লে , এনেকৈ এই বঁটা দি মোৰ কিতাপখনকো অপমান কৰা হৈছে ; মোকো। আৰু সন্ধিয়াৰে পৰা মই যি মানসিক কষ্ট পাইছোঁ , তাৰ বাবেও তেওঁলোক জগৰীয়া।
Chandana Pathak