17/05/2024
বহাগ গ'ল - এই বৰ্ষৰ বাবে বিহুৰ সামৰণি পৰিলে। প্ৰায় ৩২ বছৰ বিহু সংস্কৃতিৰ একান্ত শিকাৰু ৰূপে যিখিনি অভিজ্ঞতা আহৰণ কৰিলো আৰু বিশেষকৈ এই বৰ্ষৰ বহাগতো যিখিনি দেখিলোঁ-যিখিনি শুনিলো, সকলোখিনি দেখাৰ পাছত একেবাৰেই ব্যক্তিগত মতামত অকনমান দিবলৈ মন গ'ল। ভূলো হ'ব পাৰে। কাকোৱেই অপমান তথা আক্ৰমন কৰাৰ লক্ষ্যৰে মতামতখিনি দিয়া হোৱা নাই। এগৰাকী বিহু সংস্কৃতিৰ শিকাৰু ৰূপেহে মনৰ কথা কৈছোঁ -
# বিহু সন্মিলনৰ আয়োজক সকলে সাত বিহুৰ দিন কেইটাতেই বহাগী উৎসৱ আয়োজন কৰক আৰু কেৱলমাত্ৰ হুঁচৰি,মুকলি বিহু,জেং বিহু,বিহুৱতী, বিহুৱা,লোক নৃত্য আদি সমূহৰ প্ৰতিযোগিতা সমূহ আয়োজন কৰক অথবা প্ৰদৰ্শনীমূলক পৰিবেশনৰ ব্যৱস্থা কৰক। কিন্তু প্ৰতিযোগিতা লাগিবই। কাৰণ প্ৰতিযোগিতাইহে বিহুৰ ঐতিহ্য ধৰি ৰাখিছে।
# সাত বিহুৰ পাছতহে "সাংস্কৃতিক সন্ধিয়া"ৰ আয়োজন কৰক। যত গীত-মাত আৰু বাৰে বৰণীয়া সাংস্কৃতিক অনুস্থানৰ সমাহাৰ হ'ব। কিন্তু অনুৰোধ সেই সাংস্কৃতিক সন্ধিয়াবোৰৰ বেনাৰত অথবা কাৰ্য্যসূচীত "বিহু" শব্দটো ব্যৱহাৰ নকৰিব। কাৰণ বিহু সমগ্ৰ বিশ্বই চিনি পাই আৰু ভাল পাই। আজিকালি গোটেই পৃথিৱীখন আমাৰ হাতৰ মুঠিতেই থাকে। মোবাইলটো খুলি "বিহু" বুলি লিখি দিলেই বহাগৰ অনুস্থানবোৰ ওলাই পৰে। কিন্তু দুৰ্ভাগ্যবশতঃ বিহু মঞ্চবোৰত কি ঘটিছে আমি সকলোৱে দেখি আছো আৰু সমগ্ৰ বিশ্বই দেখি আছে।
#কোনোবাখন মঞ্চত প্ৰতিযোগীয়ে বিচাৰকক অপমান কৰিছে,
# কোনোবাখনত বিচাৰকে প্ৰতিযোগীক অপমান কৰিছে,
# কোনোবাখনত কন্ঠ শিল্পীক দৰ্শকে অপমান কৰিছে,
# কোনোবাখনত আয়োজক সমিতিয়ে শিল্পীক অপমান কৰিছে,
#কোনোবাখনত শিল্পীয়ে কাৰোবাক অপমান কৰিছে,
#কোনোবাখনত ফলা বাহঁৰে দৰ্শকক কোবাইছে,
#কোনোবাখনত দৰ্শকে অৰ্ধ নগ্ন হৈ অদ্ভূত নৃত্য প্ৰদৰ্শন কৰি আছে।
মুঠতে কবলৈ ভাষা নাই।বহাগৰ মাহটোত আমি আমাৰ বিহুটো এনেকুৱাকৈয়েই পালন কৰো বুলি এতিয়া সমগ্ৰ বিশ্বই হয়তু ভাবিবলৈ ধৰিছে। ইয়াতকৈ দূৰ্ভাগ্যজনক কথা কি হ'ব পাৰে। ভাৰতবৰ্ষতেই প্ৰতি বছৰে বহুত ডাঙৰ ডাঙৰ উৎসৱ আয়োজন হয়। মই নিজেই অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ তত্বাৱধানত বহুত বছৰৰ পৰা দেশৰ বাহিৰে ভিতৰে বহুতো ডাঙৰ ডাঙৰ উৎসৱত অংশগ্ৰহণ কৰিছো। কিন্তু অসমৰ বিহু সন্মিলন (অৱশ্যে সকলোবোৰ বিহু সন্মিলনীৰ কথা কোৱা নাই)ত হোৱাৰ দৰে বিশৃঙ্খল পৰিস্থিতিৰ সন্মুখীন আজিলৈকে হোৱা নাই।সেইবাবেই মই সকলোকে অনুৰোধ জনাইছো, সকলোৱে এটা কঠোৰ সিদ্ধান্ত লওঁক আৰু কেৱল সাত বিহুৰ দিন কেইটাত বিহু উৎসৱ আয়োজন কৰি বিহুৰ ঐতিহ্য ৰক্ষা কৰাৰ সংকল্প লওঁ। সাত বিহুৰ পাছত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰক "বিহু" শব্দটো বেনাৰত ব্যৱহাৰ নকৰাকৈ। "বিহু" শব্দৰ যিদৰে অপব্যৱহাৰ হ'বলৈ ধৰিছে,এতিয়াই যদি আমি সাৱধান নহওঁ, বহুত দেৰি ইতিমধ্যেই হৈছেই্ আৰু দেৰি হ'ব দিব নালাগে।যি বিহুৰ বাবে অসমীয়া জাতিয়ে সমগ্ৰ বিশ্বৰ আগতে বুকু ফিন্দাই আছো,আমাৰ ভূলৰ বাবেই এই বিহু ধ্বংস হ'বলৈ আৰু বেছিদিন নাই।
কিন্তু আমি সকলোৱে মনত ৰখা উচিত -
"বিহু আমাৰ স্বাভিমান - বিহু আমাৰ পৰিচয়।"