Jollywood Now

Jollywood Now The Online destination for Assamese films
(1)

যাৰ প্ৰত্যেকখন ছবিয়ে কথা কয়, যাৰ প্ৰতিখন ছবিত থাকে কাহিনী…… তেখেত আছিল ৰঘু ৰায়।এগৰাকী বিশ্ববিখ্যাত ফটোগ্ৰাফাৰ। পাকিস্তান...
27/04/2026

যাৰ প্ৰত্যেকখন ছবিয়ে কথা কয়, যাৰ প্ৰতিখন ছবিত থাকে কাহিনী…… তেখেত আছিল ৰঘু ৰায়।

এগৰাকী বিশ্ববিখ্যাত ফটোগ্ৰাফাৰ। পাকিস্তানৰ ঝাং অঞ্চলত জন্মগ্ৰহণ কৰা এইগৰাকী ফটোগ্ৰাফাৰৰ প্ৰতিখন ছবিয়ে জনতাক আকৰ্ষণ কৰি গৈছিল। ডেৰ শতিকা ধৰি তেখেতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ গৈ বিভিন্ন ধৰণৰ ফটো তুলিছে। আনকি, তেখেতৰ কেমেৰাৰ লেন্সত স্থান লাভ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, দালাই লামা, শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ লগতে চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ ছবি।

বাংলাদেশ যুদ্ধৰ ওপৰত কৰা কামৰ বাবে ৰঘু ৰাইয়ে ১৯৭২ চনত পদ্মশ্ৰী বঁটা লাভ কৰে। শনিবাৰে হোৱা তেখেতৰ মৃত্যুত শোকাহত হৈ পৰিছে সকলো।

26/04/2026

জুবলীৰ কণ্ঠত জুবিন গাৰ্গৰ "কাৰ পৰশ" আৰু জুবিনপ্ৰিয়াৰ মুখত কবিতা…

কি এক অভূতপূৰ্ব সংযোজন…

জুবিন গাৰ্গৰ আশীৰ্বাদ সদায় যেন আছে, থাকিব।

চুপাৰষ্টাৰ যতীন বৰালৈ জন্মদিনৰ অলেখ অযুত শুভকামনা…কেমেৰাৰ সন্মুখত আহি দৰ্শকৰ মাজত সংলাপ ক'বলৈ ভয় কৰা তাহানিৰ "উত্তৰকাল"ৰ...
25/04/2026

চুপাৰষ্টাৰ যতীন বৰালৈ জন্মদিনৰ অলেখ অযুত শুভকামনা…

কেমেৰাৰ সন্মুখত আহি দৰ্শকৰ মাজত সংলাপ ক'বলৈ ভয় কৰা তাহানিৰ "উত্তৰকাল"ৰ যতীন বৰাই আজি আমাৰ অভিনয় জগতৰ এগৰাকী চুপাৰষ্টাৰ। তেখেতৰ অভিনয়ৰ সবল দিশটোৱে প্ৰতিগৰাকী দৰ্শকক উৎসাহিত কৰে। চৰিত্ৰ সমূহক দাঙি ধৰা তেখেতৰ যি সুন্দৰ কলা, সেয়া নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণা। তেখেতৰ অভিনয়ৰ যাত্ৰা এনেদৰেই অব্যাহত থাকক, তাকে কামনা কৰিছোঁ।

Happy Birthday Jatin Bora যতীন বৰা

24/04/2026

যুৱ কণ্ঠশিল্পী ছন্দাস্মিতা পাঠকৰ নতুন গান…

"মন উৰণীয়া"

ছন্দাস্মিতাই নিজৰ কথা আৰু সুৰেৰে সজোৱা তথা বাবণ বৰ্ণিলৰ সংগীতেৰে নিৰ্মিত "মন উৰণীয়া" শীৰ্ষক গীতটো চাওঁ আহক-

গ্ৰাম্য জীৱনৰ সুখানুভূতিৰে পাপনৰ জীৱনৰ অভিজ্ঞতা…এয়াইটো সৰ্বস্ব…
23/04/2026

গ্ৰাম্য জীৱনৰ সুখানুভূতিৰে পাপনৰ জীৱনৰ অভিজ্ঞতা…

এয়াইটো সৰ্বস্ব…

22/04/2026

জুবিন গাৰ্গৰ খালী ঠাই পূৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে…

ৰূপম ভূঞাৰ সৈতে গাইছে "মই ভাগৰা নাই।"

21/04/2026

জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে "বিদুৰভাই"ৰ মেনেজাৰ হিচাবে পৰিচিত অভিনেতা পংকজ মহন্তই।

বিবাহপাশত আবদ্ধ হ'ল অভিনেতা গৰাকী, শুভক্ষণত উপস্থিত "বিদুৰভাই"ৰ টীমৰ সদস্য…

বিহু অসমীয়াৰ প্ৰাণ, হিয়াৰ আমঠু। এই বিহুৰ সময়তে কমলিকা কাশ্যপ আৰু কল্যাণজিৎ কণ্ঠৰে শুনোঁ আহক "অ কলিজা"-
20/04/2026

বিহু অসমীয়াৰ প্ৰাণ, হিয়াৰ আমঠু। এই বিহুৰ সময়তে কমলিকা কাশ্যপ আৰু কল্যাণজিৎ কণ্ঠৰে শুনোঁ আহক "অ কলিজা"-

2 likes. "O Kolija | Kamalika Kashyap | Kalyanjit Dutta (Nipu) | Assamese New Song 2026"

20/04/2026

জুবিনৰ স্মৰণত ঈশ্বৰ প্ৰসন্ন আৰু নয়ন অঞ্জৰামৰ নতুন গীত…

"জুবিন বন্দনা"

জুবিন বিহীনতা শোক বুকুত বান্ধি ঈশ্বৰ প্ৰসন্ন বৰা আৰু নয়ন অঞ্জৰামে মুকলি কৰি দিছে এটি নতুন গীত। গীতটোৰ কথা আৰু সুৰ কৰিছে ঈশ্বৰ প্ৰসন্ন বৰাই নিজে। ইয়াৰ পূৰ্বেও ঈশ্বৰ প্ৰসন্ন বৰাই "ছাঁয়া হৈ আছা ৰৈ দূৰণিত অকলে" শীৰ্ষক গীতটো ৰাইজক উপহাৰ দিছিল, যিটো গীতত কণ্ঠদান কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালে।

সম্পূৰ্ণ গীতটোৰ লিংক কমেণ্ট বক্সত দি দিয়া হৈছে-

18/04/2026

২০০৫ চনৰ চফল ডেকা জুবিন গাৰ্গ…
ৰাইজৰ সৈতে একাত্ম তেতিয়াৰ পৰাই…

মানস ৰবীনৰ "জুবিন-মানস যাত্ৰা" চিৰিজখনে শেহতীয়াকৈ অসমবাসীক আকৌ এবাৰ আৱেগিক কৰি তুলিছে। ধুবুৰীৰ পৰা শদিয়ালৈ যাত্ৰা কৰি বিহুৰ অনুষ্ঠানসমূহ ৰূপায়ণ কৰা জুবিন গাৰ্গক সামৰি নিৰ্মাণ কৰা এই চিৰিজখনে পুৰণি জুবিন গাৰ্গক যেন ওভতাই আনিছে আমাৰ মাজলৈ।

17/04/2026

নিজৰ গল্ডী দাক ৰোমন্থন কৰি গীত পৰিৱেশন কৰিলে জুবলীয়ে…

জুবিন-জুবলীৰ যুটিক আকৌ এবাৰ সুঁৱৰিলে সমূহ দৰ্শকে…

16/04/2026

অসমবাসীৰ বাবে গৌৰৱ... ছুপাৰষ্টাৰ ৰবি শৰ্মাই Rudra ছবিৰ বাবে INCA Awards-ত “Best Actor (Assamese)” সন্মান লাভ কৰি অসমক বিশ্বৰ মঞ্চত উজ্জ্বল কৰিলে ।
বিহুৰ এই পৱিত্ৰ সময়ত তেখেতৰ অসমীয়া সাজ-পোছাকে আমাৰ সংস্কৃতিৰ গৌৰৱক আৰু বেছি উজ্বল কৰি তুলিলে ।

Address

Guwahati
781019

Alerts

Be the first to know and let us send you an email when Jollywood Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Jollywood Now:

Share