Robijita Gogoii Page

Robijita Gogoii Page Indian Theatre Director , Acting Instructor , activist

ন্যায় মাজে মাজে ভাবিছোঁ- ন্যায় মানেনো কি ? কেতিয়া ন্যায় বিচৰা হয় ? যেতিয়া কাৰোবাৰ সতে অন্যায় কৰা হয় ? এখন দেশ আছ...
11/11/2025

ন্যায়
মাজে মাজে ভাবিছোঁ- ন্যায় মানেনো কি ? কেতিয়া ন্যায় বিচৰা হয় ? যেতিয়া কাৰোবাৰ সতে অন্যায় কৰা হয় ? এখন দেশ আছে | আছে এখন চৰকাৰ আৰু এটা গণতান্ত্রিক ব্যৱস্থা | তথাপিও মানুহ হাবাথুৰি খায় ন্যায় বিচাৰি | মাটিৰ অধিকাৰ, নাৰীৰ অধিকাৰ, ঘৰুৱা হিংসাৰ পৰা মুক্তি, মজুৰিৰ সম অধিকাৰ, জীবিকাৰ সমস্যা, আত্মনিয়ন্ত্রণৰ অধিকাৰ ইত্যাদি ইত্যাদি অধিকাৰ, সমস্যাৰে জৰ্জৰিত | বাৰু, কিনো কম আৰু | গতিকে, এইখন গণতান্ত্রিক দেশৰ অধিকাংশ মানুহ থাকে under depressed হৈ |

হঠাৎ এজন গায়কৰ অভির্ভাব হয় | গায়কৰ উত্থানো বাৰু বৰ সহজ নাছিল | যথেষ্ট কষ্ট তেঁও স্বীকাৰ কৰিছে | কিন্তু তেখেতে গীতেৰে, কথাৰে দেশবাসীক সকাহ দিব পাৰিছিল | দুখ, দৰিদ্রতা, নিৰাশা, হতাশা ৰ পৰা মানুহবোৰক মুক্তি দি আশাৰ বাট দেখুৱাইছিল | অনুপ্ৰেৰণা দিছিল | লাহে লাহে তেঁও সকলো ধৰণৰ সীমাৰ উৰ্দ্ধত গৈ ( ৰাজনৈতিক, সামাজিক, ধার্মিক) সৃষ্টিশীলতাৰ পাখি মেলি মানুহৰ পক্ষত ঠিয় দিয়া এজন অতি মানব হৈ পৰিল | ৰাজনৈতিক নেতা, পালিনেতা তেঁওৰ অশীষধন্য হৈ থাকিব বিচৰা হল | এই জৰ্জৰিত জাতিটোৰ বাবে তেঁও হৈ পৰিল কণাৰ লাখুটি |

এদিন এই কণাৰ লাখুটি হৈ পৰা বুকুৰ এফাল গায়কজনৰ অকাল মৃত্যু হ'ল | কেনেকৈ তেখেতৰ মৃত্যু হল - সেই কথাটো কবলৈ তেখেতৰ সতে মৃত্যুৰ দিনা লগতে থকা সকলে কবলৈ ৫০ দিন লগালে | সাঁচাকৈয়ে হিয়াৰ আমঠু ৰ মৃত্যুৰ সঠিক কথাখিনি সত সহসেৰে কবলৈ আৰু কিমান দিন লাগে সন্দেহ | ইয়াতকৈ আৰু আচৰিত কথা কিবা হব পাৰে?

আজি ৫০ ৰো অধিক দিন আমি যুঁজি আছোঁ- আমাৰ অধিকাৰ বিচাৰি?
তথ্য জনাৰ অধিকাৰ?
আপোন মানুহ জন ৰ মৃত্যুৰ তথ্য বিচাৰিছো?
আমাক আমাৰ তথ্য জনাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰেনে- হে পৃথিবীৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰযন্ত্র |

শোকার্ত এই লেখকেও ভাবিব পৰা নাছিল যে এদিন তেওঁ বস্তুনিষ্ট ভাবে গায়কজনৰ কথা লিখিব পাৰিব | ৰাষ্ট্ৰযন্ত্রই তাকে বিচাৰে - এদিন আমি লাহে লাহে আবেগ শোকৰ কবলৰ পৰা মুক্ত হৈ বস্তনিষ্ট হৈ আহোঁ আৰু
সকলোবোৰ গতানুগতিক হৈ আহক|

লাহে লাহে নামি আহে আন্ধাৰ |
এনেকৈয়ে
ঠিক এনেকৈয়ে-

Just be careful friends

Address

Noonmati
Guwahati
781020

Alerts

Be the first to know and let us send you an email when Robijita Gogoii Page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Robijita Gogoii Page:

Shortcuts

Share