05/09/2026
যদি কেতিয়াবা মৰমতে কাৰোবাক বাইদেউ মাতিছোঁ, কোনোবাই আকৌ মোক বান্ধৱী বুলি ভাবিছে, কোনোবাই আকৌ ভণ্টি বুলি মৰম কৰিছে—এই সকলো সম্পৰ্কই ঝুমুৰা কলা কেন্দ্ৰৰ পৰিয়ালটোক আৰু অধিক আপোন কৰি তুলিছে।
সকলোৱে ইমান হেঁপাহেৰে, আনন্দেৰে শিক্ষক দিৱস উদযাপন কৰা দেখি সঁচাকৈয়ে বৰ ভাল লাগিল। এই মৰম, সন্মান আৰু আন্তৰিকতাই মনটো ভৰাই তুলিলে।
বহু আহিল, বহু গ’ল। বহুতে বহু কথা শিকাই গ’ল। আমিও শিকি গৈ আছোঁ, আৰু প্ৰতিটো অভিজ্ঞতাৰ সৈতে আমাৰ অভিজ্ঞতাৰ ভঁৰাল সমৃদ্ধ হৈ গৈ আছে।
তোমালোক এদিন একোজন ভাল, সুন্দৰ মনৰ আৰু সফল মানুহ হৈ গঢ় লৈ উঠা—এয়াই মোৰ আন্তৰিক কামনা। তোমালোকৰ প্ৰতিটো সৰু-সৰু সাফল্যই আমাৰ বাবে একো একোটা ডাঙৰ আনন্দ।
তোমালোকৰ মৰমৰ উপহাৰবোৰ সদায়েই মোৰ বাবে বিশেষ। উপহাৰৰ মূল্যতকৈ তাত নিহিত হৈ থকা মৰম, শ্ৰদ্ধা আৰু আন্তৰিকতাখিনিহে মোৰ বাবে আটাইতকৈ মূল্যৱান।
সকলোলৈকে আন্তৰিক মৰম আৰু কৃতজ্ঞতা।
Thank you all...
Sewali Bayan Mouusumi Borah Nilakanta Borah Zhumura KALA Kendra