Jokhola Production

Jokhola Production we ( Jokhola Production ) works for good. Short Film, Documentary, Assamese Poem, Interviews & informative videos.

অনুগ্ৰহ কৰি, এবাৰ চাব....   হয়তো আপুনিও নিজৰ সন্তান বা শিশুৰ বাবে শিক্ষাৰ নতুন পথ বিচাৰি পাব পাৰে 👇👇
10/05/2026

অনুগ্ৰহ কৰি, এবাৰ চাব....
হয়তো আপুনিও নিজৰ সন্তান বা শিশুৰ বাবে শিক্ষাৰ নতুন পথ বিচাৰি পাব পাৰে 👇👇

এজন Accidental শিক্ষকৰ পৰা....শিক্ষকতা ভাললগা কামলৈ পৰিৱৰ্তনহৈ একাগ্ৰতা, নিষ্ঠাৰে, নিজৰ পকেটৰ টকা, সময় খৰচ কৰি শিক্ষক হিচ...

 ( লুইত )Manas Robin Page   Luit ( লুইত ) মোৰ দৰে অতি কম টকাৰে চিনেমা বনোৱা, স্বাধীন চিনেমা নিৰ্মাতাৰ বাবে হ'ব পাৰে পোহৰ...
05/05/2026

( লুইত )
Manas Robin Page

Luit ( লুইত ) মোৰ দৰে অতি কম টকাৰে চিনেমা বনোৱা, স্বাধীন চিনেমা নিৰ্মাতাৰ বাবে হ'ব পাৰে পোহৰৰ নতুন উৎস ।

কোৱা হয় চিনেমা অতি ধনী মানুহৰ, বিলাসী সপোন ।
কিন্তু মই কোনো আৰ্থিকভাৱে ধনীও নহয়, চিনেমা মোৰ বাবে বিলাসী সপোনো নহয় । চিনেমা মোৰ বাবে, দাপোণ মোৰ সৃষ্টিশীলতাৰ । চিনেমা চিঞৰ, শুকান কন্ঠৰ...
চিনেমা ভাষা,পথ পৃথিৱীক চোৱাৰ, নিজৰ দেখুওৱাৰ ।

ৰব হয়তো কথাবোৰ ভালকৈ কোৱা, আলোচনা কৰা দৰকাৰ ।
আজি সোভাগ্য ক্ৰমে, অসমৰ জনপ্ৰিয় সংগীতজ্ঞ, গায়ক, সুৰকাৰ, গীতিকাৰ তথা সংগীত প্ৰযোজক মানস ৰবীন দাক তেখেতৰ ঘৰত লগপাও ।
যিহেতু মই চিনেমাৰ লগত জড়িত, গতিকে মনতে ভাবি গৈছিলো সুবিধা পালে নিশ্চয় মোৰ চিনেমা, গানৰ কথা কম বা কব পাৰিলে ভাল হ'ব ।
সেয়েহে, অলপ সাহস গোটাই মই মোৰ‌ IKIGAIচিনেমা খনৰ এখন পোষ্টাৰ তেখেতৰ হাতত তুলি দিওঁ ।
লগে লগে মই নিজক স্বাধীন চিনেমা নিৰ্মাতা হিচাপে পৰিচয় দিওঁ । লগতে মোৰ IKIGAI চিনেমা খনৰ কিছু আভাস, Trailer, প্ৰথমবাৰ চিনেমাৰ টিকট বিক্ৰী কৰাৰ দৰে কথাখিনি তেখেতক অবগত কৰিবলৈ চেষ্টা কৰো, অৱশ্যে তেখেতেও আদৰৰে কথাবোৰ শুনিছে ।

শেষত লাহেকৈ তেখেতে প্ৰশ্ন কৰিলে, কিবা লাভ হ'ল নে !

‌ মই কলো, অলপ হৈছে দাদা ( যিহেতু মোৰ চিনেমাৰ খৰছো কম ।‌ )

তেখেতে আকৌ প্ৰশ্ন কৰিলে, ইমান খৰছ কত কিমান লাভ হ'ব ।

মই কলোঁ, এতিয়া চিনেমাখন YouTubeতে আছে....

তেখেতে সুধিলে View's কিমান, মই কলো দাদা ২২০০০+

তেখেতে ক'লে কিবা উপাৰ্জন হ'ল নে ?

মই কলো দাদা, Monetizeয়ে হোৱা নাই ।

তেখেতে ক'লে, চিনেমা YouTubeৰ বাবে নহয় বা আৰ্ট ফ্ৰী নহয় ।

মই কলো হয় দাদা । এই কথাখিনি মই প্ৰায় অনুভৱ কৰো, আৰ্ট ফ্ৰী হ'লে সি তাৰ উচিত মূল্য হেৰুৱাই পেলায় । নিজৰ পেট, জীৱন পৰিচালনাৰ দায়িত্ব আছে ।

Art take time, Social Media বা Algorithmয়ে এইখিনি কথা নুবুজে ।
YouTube সাধাৰণতে ভাত খাই, ফুৰিবলৈ যোৱা, আলহী খাবলৈ যাই Video কৰি দিলো বা এইধৰণৰ সস্তীয়া বস্তুৰ বাবে ভাল, Daily Upload দিব পাৰি কিন্তু আৰ্ট বা সৃষ্টিশীল চিন্তা, কামবোৰ Daily দিয়াটো প্ৰায় অসম্ভৱ ।
তাতেই মোৰ দৰে, বাওনা হৈ চন্দ্ৰলৈ হাত মেলা ল'ৰাৰ বাবেই হয়তো আৰু বেছি অসম্ভৱ ।

সেয়েহে তেখেতে ক'লে, Luit Appৰ কথা জানানে । এইটো মই তোমালোকৰ দৰে চিনেমা বনোৱা মানুহৰ বাবে বনাইছো ।

কথাখিনি মই লগে লগে অনুভৱ কৰিবলৈ চেষ্টা কৰিলো ।
উদাহৰণস্বৰূপে যদি মই মোৰ কথাকে কয়, মোৰ IKIGAI চিনেমা খন YouTube, ২২০০০+ দৰ্শকে এতিয়ালৈকে চাইছে ।
কিন্তু যদি মই আৰ্থিক দিশত চাও..... মই YouTube পৰা এটকাও পোৱা নাই বা দিলেও YouTubeৰ টকাই চিনেমাৰ খৰছ অনুসৰি উচিত মূল্য দিব নোৱাৰে বা নিদিয়ে ।
বা মই চিনেমাখন ৯০ মিনিটমান দীঘল কৰিলেও, চিনেমা হলত মুক্তি দিয়াৰ আৰ্থিক শক্তি তথা হললৈ মানুহ আনিব পৰা শক্তি বা জনপ্ৰিয়তা মোৰ নাই ।

যদি মোৰ‌ সেই একেখন চিনেমা, IKIGAI ২২০০০নহয়, ১০০০০ মানুহেও ৫০ টকাকৈ চাই.....
মোৰ চিনেমাখনে ১০০০০×৫০= ৫০০০০০টকা উপাৰ্জন কৰিব ।
যিটো মোৰ দৰে টকাৰ অভাৱত মৰো-মৰো চিনেমা নিৰ্মাতাৰ বাবে সতেজ সেউজীয়া উশাহৰ, উপহাৰৰ দৰে হ'ব পাৰে ।
এনেও মই ব্যক্তিগতভাৱে চিনেমা, হ'লৰ পৰিবৰ্তে মোবাইলৰ জৰিয়তে মানুহৰ হাতে হাতে অহাটো বেছি উপযোগী বা গ্ৰহণযোগ্য বুলি ভাবো ।

লগে লগে মই দাদাক প্ৰশ্ন কৰিলো, দাদা মোৰ চিনেমাও এনেদৰে আপোনাৰ তাত মুক্তি দিব পাৰিম নে !

দাদাই ক'লে, এইখনচোন YouTubeত দিলাই ।

মই কলো, এইখন নহয় পৰবৰ্তী খন ( অৱশ্যে IKIGAI চাবলৈ এতিয়াও বহু মানুহ আছে আৰু চালে নিশ্চয় Knowledge & Quality Entertainment দুয়োটা পাব । )

দাদাই ক'লে কিয়, নোৱাৰিবা ! তোমালোকৰ দৰে অসমীয়া ল'ৰাৰ বাবেই Luit ( লুইত ) যাতে উপযুক্ত মঞ্চ বা টকাৰ অভাৱত আমাৰ ল'ৰাবোৰৰ সৃষ্টি থমকি নহয় ।

কথাখিনিয়ে মোক আচৰিত উৎসাহ দিয়ে, মূহুৰ্তলৈ এনে লাগিছিল যেন মোৰ কোনো দুখ নাই ।
এতিয়া মোৰ চিনেমাই লাখ লাখ মানুহৰ হৃদয় চুবলৈ সক্ষম হ'ব ।
দেউতাকো সাহসৰে কম, আৰু নালাগে দে, কোম্পানীত ১২ঘণ্টা Duty কৰিবলৈ.....।

আশাকৰোঁ Luit ( লুইত ) অসম, অসমীয়া চিনেমাৰ নতুন পৰিচয় হওঁক । মোৰ দৰে বাওনা হৈ চন্দ্ৰলৈ হাত মেলা, স্বাধীন চিনেমা নিৰ্মাতাৰ বাবে নতুন সেউজীয়া পথ হওক ।

IKIGAI YouTube link 👇👇👇

https://youtu.be/PU6IbG_7BGo?si=mGvBw5WzTe1j0oW_

Address

Guwahati
781381

Website

Alerts

Be the first to know and let us send you an email when Jokhola Production posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Jokhola Production:

Share