21/06/2026
#দেওবৰীয়া নাট্য চৰ্চা
'শিশুৰ ওমলা চৰা'ৰ জৰিয়তে এসময়ত নগৰখনৰ লগতে গোলাঘাট নগৰৰ দাঁতিকাষৰীয়া কনমইনা সকলক নৃত্য,গান,নাটক,চিত্ৰকলা আদিৰ জৰিয়তে মানুহ হিচাপে গঢ়িবলৈ অনবৰত চেষ্টা কৰা দুগৰাকী ব্যক্তি আছিল নিলোফাৰ বৌ (নিলোফাৰ-ই-মাহটাবী আৰু বাণী বা (বাণী বৰা )। শিশুৰ ওমলা চৰাৰ পৰা ওলাই যোৱা বহু চফল ডেকা-ডেকেৰীয়ে নাটক- গান-নাচক ভাল পাবলৈ শিকিলে, অলপ হ'লেও নিজৰ ক্ষেত্ৰতখনত দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
নিলোফাৰ বৌৰ এটা গুণ আছে যে শিশুসকলৰ লগত মাতৃসুলভ মমতাৰে আঁকোৱালি ল'ব জানে। শিশুৰ মনস্তত্ত্বক তেওঁ হৃদয়ংগম কৰিব জানে। যথেষ্ট অভিজ্ঞ তেওঁ ক্ষেত্ৰত।
বৌ আৰু বাণী বাক আমাৰ শিপাভূমিৰ মজিয়াত শিশুসকলৰ লগত দেখি আমি পুনৰ সুখ অনুভৱ কৰিছোঁ।