18/03/2026
২০ বছৰীয়া যাত্ৰা আৰু মোৰ অনাগত দিনৰ সংকল্প।
মোৰ অতি মৰমৰ তথা শ্ৰদ্ধাৰ ৰাইজ,
বিগত ২০ টা বছৰে মই আপোনালোকৰ মাজত থাকি, আপোনালোকৰ সুখ-দুখ আৰু সমস্যাসমূহৰ সৈতে জড়িত হৈ আহিছোঁ। মোৰ বাবে ৰাজনীতি বা সমাজসেৱা কেৱল এটা পদ নহয়, ই আছিল আপোনালোকৰ সেৱা কৰাৰ এক মাধ্যম। মই মোৰ কণ্ঠ সদায় জনতাৰ হৈ উচ্চাৰণ কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম।
কিন্তু অত্যন্ত দুখেৰে ক’বলগীয়া হৈছে যে, যি দলৰ হৈ মই ইমান বছৰে দিন-ৰাতি একাকাৰ কৰি কাম কৰিলোঁ, সেই দলে মোৰ এই সুদীৰ্ঘ ২০ বছৰীয়া ত্যাগ আৰু সেৱাক উচিত মূল্যায়ন নকৰিলে। এজন নিষ্ঠাবান কৰ্মী হিচাপে ই মোৰ বাবে অত্যন্ত বেদনাদায়ক।
মোৰ কণ্ঠ সদায় জনতাৰ বাবে উচৰ্গিত। পদ বা দলতকৈ মোৰ বাবে আপোনালোকৰ মৰম আৰু আশীৰ্বাদহে বেছি মূল্যবান। এতিয়া মই এক দোমোজাত থিয় হৈছোঁ— মই কিদৰে আগুৱাই যোৱা উচিত?
মই বিচাৰিছোঁ মোৰ ভৱিষ্যতৰ পথ আপোনালোকে নিৰ্ধাৰণ কৰি দিয়ক।
▶️মই কিদৰে আগুৱাই যোৱা উচিত?
▶️জনতাৰ সেৱাত বৰ্তী থাকিবলৈ মোৰ পৰৱৰ্তী পদক্ষেপ কি হোৱা উচিত?
আপোনালোকৰ প্ৰতিটো গঠনমূলক পৰামৰ্শ মোৰ বাবে শিৰোধাৰ্য। আপোনালোকৰ মৰম আৰু দিহা-পৰামৰ্শই মোক নতুনকৈ চিন্তা কৰিবলৈ সাহস দিব।
ধন্যবাদেৰে,
আপোনালোকৰ বিশ্বাসী,
আব্দুল হাই
গোৱালপাৰা।