আমিৰ হুছেইন আহমেদ

আমিৰ হুছেইন আহমেদ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from আমিৰ হুছেইন আহমেদ, Poet, Bamunbari , Boko, Gauhati.

"সংস্কৃতি" ই আলোচনীত প্ৰকাশিত মোৰ এটি ক্ষুদ্ৰ অনুভৱ !!
02/03/2026

"সংস্কৃতি" ই আলোচনীত প্ৰকাশিত মোৰ এটি ক্ষুদ্ৰ অনুভৱ !!

11/02/2026




'অবিৰত যাত্ৰা' আলোচনীত প্ৰকাশিত মোৰ এটি ক্ষুদ্ৰ অনুভৱ ।
15/01/2026

'অবিৰত যাত্ৰা' আলোচনীত প্ৰকাশিত মোৰ এটি ক্ষুদ্ৰ অনুভৱ ।

02/01/2026

কবিতাৰ শিৰোনাম. .....

"হেঁপাহৰ নৱবৰ্ষ,'২৬' "

হেঁপাহৰ নৱবৰ্ষ ২০২৬-আশাৰ ৰেঙনি
য'ত অঙ্কুৰিত হ'ব ক্ষুধা নিবাৰণী আহাৰ,
পথাৰত সেউজ বিপ্লৱ-ধাননিয়ে ফুলনি
দেশৰ অৰ্থনীতিৰ পোণ কৰিব ৰাজহাড়
মানৱতা বোধেৰে সংপৃক্ত হওক ৰক্ত-ধমনি !

শ্ৰম ঘামৰ দামৰ সাৰ্থকতা-হেঁপাহৰ নৱবৰ্ষ
হিংসা দ্বেষ নেওচি আনক সুস্থিৰতাৰ হৰ্ষ,
বস্ত্ৰহীনৰ প্ৰাপ্ত হওক বস্ত্ৰ-দেখুৱাওক আদৰ্শ
দৃষ্টিকটু নৃত্য অনীতি-এয়া পাশ্চাত্য ফেচন
ভাতৃত্ব সহনশীলতাই হওক নৱবৰ্ষৰ গণ পণ
_____________________________________
আমিৰ হুছেইন আহমেদ।

06/12/2025

*""""""""""লিমাৰিক"""""""""*

(১)
খালি পেটে শুই থাকে-খালে থিয় হয়
জানো আহক বস্তুটোক কোনে কি কয় ?
বস্তা বুলি সবে' জানে
পৰি থাকে চুকে-কোণে,
চাহিদাত ব্যক্তিয়ে মূৰত তুলি লয় !!

(২)
মেচিনে ধান চপায় মৰণাও মাৰে
পুৰণিচামে ভেবা লাগি স্মৃতি সোঁৱৰে,
গৰুৰ দিন সমাপ্ত
কৃষ্টিৰ হেৰাল তত্ব,
শ্ৰমিকে তাকে চাই উষ্ণ নিশ্বাস কাঢ়ে !!
_________________________________
আমিৰ হুছেইন আহমেদ।

লিমাৰিকৰ পঞ্চপদী শিতানলৈ খণ্ড নং ১৫১তাৰিখ ২০ নৱেম্বৰ ২০২৫ ইং     ::::::::লিমাৰিক:::::::                   (১) শুকান হাঁহ...
05/12/2025

লিমাৰিকৰ পঞ্চপদী শিতানলৈ
খণ্ড নং ১৫১
তাৰিখ ২০ নৱেম্বৰ ২০২৫ ইং

::::::::লিমাৰিক:::::::
(১)
শুকান হাঁহি মোৰ-তাতো ধৰে মামৰ
সুস্থ দেহত কেনেকৈ আহে বাৰু খৰ ?
খজুৱাই জুতি পাওঁ
তালে তালে গান গাওঁ,
শীত ঋতুত মূৰ দাঙে-নপৰে ওৰ !!
(২)
পূৰ্ণিমাতো স্পষ্টকৈ দেখোঁ চন্দ্ৰ-কলঙ্ক
নিমিলা উত্তৰ-অঙ্কটো যে জঙ্ক পঙ্ক,
পোহৰ ইমান স্নিগ্ধ
ধৰিত্ৰীক কৰে মুগ্ধ ,
মাতালৰ হৰ্ষ চোৰৰ জাগে আতঙ্ক !
__________________________________
আমিৰ হুছেইন আহমেদ।
বকো কামৰূপ ।

*""""""""""লিমাৰিক""""""""*    বিষয়....পকা ধান                 (1)পকা ধানৰ পথাৰ চহাৰ দাপোন প্ৰতিফলিত হয় আঘোণৰ সপোন,     ...
03/12/2025

*""""""""""লিমাৰিক""""""""*
বিষয়....পকা ধান

(1)
পকা ধানৰ পথাৰ চহাৰ দাপোন
প্ৰতিফলিত হয় আঘোণৰ সপোন,
ছন্দময় নৃত্য কৰে
বিহঙ্গ পতঙ্গ উৰে,
হাতত কাঁচিলৈ দাৱনীৰ ভৰে মন !!

(2)
লাহি জহা বৰা-সোণালী শিহেৰে ভৰা
বোকাৰ প্ৰতিশ্ৰুতিৰ আশাৰ বতৰা,
ফৰিং নোদোকা হয়
এন্দুৰো গাঁত ভৰায়,
লক্ষ্মীৰ গৃহ তৰা বাৰ্ষিক ৰহঘৰা !!
_________________________________
আমিৰ হুছেইন আহমেদ।

29/11/2025

Address

Bamunbari , Boko
Gauhati
781136

Website

Alerts

Be the first to know and let us send you an email when আমিৰ হুছেইন আহমেদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category