Bidyut Saikia Comedy Club

Bidyut Saikia Comedy Club Contact for Promotion & Live Show
on 8822544253
(2)

23/08/2026

বৰদেউতাকৰ চুলি আটাইকেইডাল যাব যেন পাইছো😍

হ'ল বুলিনো ল'ৰাটোক পুতলা দোকানখনলৈ লৈ যাব লাগেনে মাকে ? পুতলাৰ  MRP দেখি মোৰ চকু কপালত। ইফালে মাকে ৰং পাইছে চাৱক……
22/08/2026

হ'ল বুলিনো ল'ৰাটোক পুতলা দোকানখনলৈ লৈ যাব লাগেনে মাকে ? পুতলাৰ MRP দেখি মোৰ চকু কপালত। ইফালে মাকে ৰং পাইছে চাৱক……

আব্বাছ আৰু মনোজ মাষ্টৰ ক মনত আছেনে আপোনালোকৰ ?২০১৮ চন, ধাৰাবাহিক: সুন্দৰ্পুৰ Guest House.উজান বজাৰৰ valley view ত ধাৰাবা...
20/08/2026

আব্বাছ আৰু মনোজ মাষ্টৰ ক মনত আছেনে আপোনালোকৰ ?
২০১৮ চন, ধাৰাবাহিক: সুন্দৰ্পুৰ Guest House.
উজান বজাৰৰ valley view ত ধাৰাবাহিক খনৰ দৃশ্যগ্ৰহণৰ সময়ত উঠা ফটো। বাওঁফালৰ পৰা ক্ৰমে সহ পৰিচালক মনোৰঞ্জন কাকতী, মাজত মই আব্বাছ ৰ চৰিত্ৰত, আৰু কাষত মেনেজ মাষ্টাৰ চৰিত্ৰত বন্ধু উজ্জ্বল বৰা। ৩৩৫তম খণ্ডলৈকে চলা ধাৰাবাহিকখন আজিও মোৰ মানস পটত সজীৱ হৈ আছে।🥰🥰

বিপদৰ সময়ত মানুহৰ মাত সাৰেই যথেষ্ট। "অহিৰ বৈভৱী" ৰ Team অলৈ ধন্যবাদ জনাইছো যে তেওঁলোকে shooting ৰ মাজতে আহি মাৰ খবৰ ললে...
19/08/2026

বিপদৰ সময়ত মানুহৰ মাত সাৰেই যথেষ্ট। "অহিৰ বৈভৱী" ৰ Team অলৈ ধন্যবাদ জনাইছো যে তেওঁলোকে shooting ৰ মাজতে আহি মাৰ খবৰ ললেহি। আপোনালোকে ৰেঙণি tv ত চাই আছেনে অহিৰ বৈভৱী? 🥰🥰

LIFELINE.....❤️
18/08/2026

LIFELINE.....❤️

মায়ে মাজে মাজে সুধে, "তই video বোৰ নবনোৱা হলি যে কিয়?" মই কওঁ, তুমি ঠিক হৈ গলেই বনাম। আৰু এতিয়া আপোনলোকৰ আশীৰ্বাদত মা...
17/08/2026

মায়ে মাজে মাজে সুধে, "তই video বোৰ নবনোৱা হলি যে কিয়?" মই কওঁ, তুমি ঠিক হৈ গলেই বনাম। আৰু এতিয়া আপোনলোকৰ আশীৰ্বাদত মা সুস্থতাৰ দিশত। যোৱা কেইবামাহো ধৰি মায়ে পাই থকা কষ্টবোৰ কিছো পৰিমাণে কমিব বুলি আমি আশাবাদী। CBD pipe ৰ পৰা 6টাকৈ ডাঙৰ stone সুকলমে removal কৰা হয় মাৰ। Heart ত Temporary Pacemaker লগাই এটা major operation হৈ যায় গুৱাহাটী স্থিত মিডলেণ্ড হস্পিতেল ত। এই কঠিন অস্ত্ৰোপচাৰ ৰ বাবে আমি MIDLEND HOSPITAL কৰ্তৃপক্ষৰ লগতে আমাক আৰম্ভণিৰে পৰা guid কৰা আৰু মাৰ মূল বেমাৰটো ধৰা পেলোৱা Emergehealth.in ৰ স্বত্বাধিকাৰি ডা: ধ্ৰুৱজ্যোতি গগৈ দেৱক অশেষ ধন্যবাদ জনাইছো। ঈশ্বৰে আপনালোকক সদায় সুখত ৰাখক।
বি: দ্ৰ: বহুত দিন ধৰি video একো বনাব পৰা নাছিলো। লাহে লাহে আগবঢ়াই দিম আৰু অপোনালোকলৈ...🙏🙏

23/07/2026

ছাগলী (বান পৰিস্থিতিৰ এক কৰুণ কাহিনী)
সপোন সকলোৰে থাকে। কাৰোবাৰ ডাঙৰ, কাৰোবাৰ সৰু। আচল অর্থত জীয়াই থকাৰ হেপাহবোৰেইটো সপোন। তেনেকোৱা এটা সপোন বুলবুলিৰো আছে। সিদিনা ৰান্ধনী বেলিৰ পোহৰত পথাৰৰ পানীৰ জিলিঙনীত তাইৰ সপোনবোৰে নাচি উঠিছিল। সিদিনায়েই তাই ঠিৰাং কৰিছিল, যে যেনেকৈয়ে নহওক, তাই নিজৰ সপোনটোক পুৰা কৰিবয়েই। সেইকাৰণে বিদ্যালয়লৈ যোৱাৰ বাটত তাই পথাৰখনলৈ চাই চাই আঙুলি মূৰত আটাইকেইটা জমা পইচাৰ খতিয়ানখন উলিয়াই পেলালে। হৈ যাব এইবাৰ, ইমান বছৰে তাই বাহৰ খুৰুঙত এটকা দুটকা কৈ সাঁচি ৰখা পইচাখিনিয়ে কিবা এটা আশাৰ ৰেঙনি দিছে তাইক। তাতে যোৱামাহত মোমায়েকৰ ঘৰলৈ যাওতে ডাঙৰ মোমায়েক আৰু ৰুমী মাহীয়েকে উলতাৰ পৰত দিয়া টকাকেইটাও যোগ হ’ব। মুঠতে অহা সপ্তাহৰ শনিবৰীয়া বজাৰৰ পৰা তাই ছাগলী পোৱালি এটা কিনিব পাৰিব এইবাৰ।
বুলবুলি এইবাৰ সপ্তম মান পাইছেগৈ। ঘৰত তাইৰ মাক দেউতাক আৰু তিনি বছৰীয়া ভায়েক এটা আছে। ৰাতিপুৱা সময়ত বৰ লৰা লৰি হয় সিহতৰ। খেতিত লাগি থকা দেউতাকক নানা বস্তুৰ যোগান দি থাকিব লাগে পুৱাৰ পৰায়েই। মাকে পথাৰ ঘৰেই চম্ভালিব, নে পুতেককেই চাব। গতিকে ৰাতিপুৱা ভাত ৰন্ধাৰ পালটো পৰে বুলবুলিৰ ওপৰত। ৰান্ধি বাঢ়ি ভায়েকক খুৱাই, নিজেও খাই বিদ্যালয়লৈ আহোতে প্রায় পলমেই হৈ যায় তাইৰ। চাৰহতে তাইৰ ঘৰৰ অৱস্থা জানে বাবে বিশেষ একো গালি নিদিয়ে তাইক। তথাপি শ্রেণীকোঠালৈ সোমাওতে একাষাৰ শুনায়। বুলবুলি সৰুৰে পৰায়েই পঢ়া শুনাত আগ্রহী। তাইৰ একাগ্রতা আৰু ধৈর্য্যশক্তি দেখি চাৰ বাইদেউহতেও তবধ মানে কেতিয়াবা।
শনিবৰীয়া বজাৰৰ দিনা ৰাতিপুৱা দেউতাকে পিৰালি মূখত আঠু কোচাঁই বহি আছে। তাই চুচুক চামাক কৈ দেউতাকৰ হাতত পইচাকেইটা গুজি দিয়েহি। তেও বুলবুলিলৈ চাই মিছিকিয়া হাঁহি এটা মাৰে। কাৰণ তাইৰ সপোনটোক তেও ভালদৰে জানে। এইবছৰ তাই ছাগলী পোৱালীটোক ভালদৰে পোহপাল দি ডেৰ বছৰৰ পাছত বিক্রী কৰি দিব। আৰু তেতিয়া সেই টকাৰে তাই এখন চাইকেল কিনিব। বাপেকৰ ওপৰত কেতিয়াও বোজা হ’ব নোখোজে তাই। কাৰণ তাই জানে, যে দেউতাকে চোকা ৰ’দত নিজৰ দেহা পুৰি পথাৰত সিহতৰ বাবেইতো কষ্ট কৰে।
চাহৰ বাতিটোত শেষ সোহাটো মাৰি তেও ঠিয় হয়। তাই থৰ লাগি চাই আছে বাপেকলৈ। তাইৰ মূৰত লাহেকৈ হাত বুলাই বাপেকে কয়...
: তই যাব নালাগে দে, মা। ভাইতিৰ লগতে থাক। মাৰো পথাৰত আছে।
: হ’ব।– বুলবুলিয়ে বেছি কথা নকয় দেউতাকক।
পদূলি মূখ পাই দেউতাকে এবাৰ তাইলৈ ঘুৰি চায়। কাৰণ তাইৰ সপোন পূৰোৱাটোয়েইতো তেওৰ সপোন। তেও চিঞৰি সোধে...
: বগা আনিম নে ক’লা ?
: বগা আনিবি।– এইষাৰ কথা কওতে বুলবুলিৰ চকুকেইটা উজ্বল হৈ পৰে। মৃদুকৈ হাঁহি এটাৰে যেন তাইৰ সপোনটো সাৰ পাই উঠে মূখখনত।
দেউতাকে কোবাকোবিকৈ বজাৰৰ বাট লয়। চকুৰে নমনালৈকে তাই চাই থাকে দেউতাকক। চাইকেলখন হ’লে অন্ততঃ দেউতাকেও সেইখনকে লৈ বজাৰ সমাৰলৈ যাব পাৰিব। নহ’লে বেচেৰা বাপেকটোৰ বৰ কষ্ট হয়। তিনিআলিৰ মুৰলৈকে যাবলৈ ইমান দুৰ বাট খোজ কাঢ়ি যাব লাগে। আচলতে চাইকেলখন অকল তাইৰে নহয়, সিহতৰ গোটেই পৰিয়ালটোৰ সপোন। তাইৰ বয়সীয়া বহু ল’ৰা ছোৱালীয়ে সংসাৰৰ বোজা মানেনো কি, আজিলৈকে বুজিয়েই পোৱা নাই। আৰু তাই, নিজৰ ঘৰখনৰ সপোনৰ বোজাবোৰ যেন অকলেই কঢ়িয়াব পৰা হ’ল। প্রকৃততে পৰিস্থিতিত কৈ ডাঙৰ বিদ্যালয় হেনো আন ক’তো নাই। পৰিস্থিতিয়ে আমাক যি শিকায়, সেয়াই আমাৰ জীৱন হৈ পৰে। বুলবুলি আনতকৈ পৃথক হোৱাৰ কাৰণ এয়ায়েই।
সেইদিনা আবেলি ছাগলী পোৱালিটোয়ে যেন সিহতক বহুদিনৰ মূৰত হাঁহিবলৈ শিকালে। ভায়েকে ছাগলীটো এৰিয়েই নিদিয়া হ’ল। তাৰ লগত ছাগলী পোৱালিটোয়ে যি খেল দেখাই আছিল, তাকে লৈ মাক বাপেক আৰু বুলবুলিৰ, হাঁহিত ৰ’ব নোৱাৰা অৱস্থা। সৰু সৰু মানুহৰ সূখবোৰটো ইয়াতেই লুকাই থাকে। তেনেকৈয়ে সময় বাগৰে। ছাগলী পোৱালিটোৰ লগত তাইৰ আৰু ভায়েকৰ সৰু সৰু ধেমালীবোৰে ঘৰখন উজ্বলাই তুলিলে। সিহতৰ এই প্রান খোলা হাঁহিবোৰৰ মাজত মাক বাপেকহালৰ সপোনবোৰে নতুনকৈ নাচিবলৈ শিকিলে।
কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণ। বাট পথৰ অৱস্থায়েই নোহোৱা হৈছেগৈ। পথাৰৰ কামো বন্ধ কৰিব লগা হৈছে। বৰষুণৰ গতি লাহে লাহে বাঢ়িব ধৰাত বুলবুলিহতৰ বিদ্যালয়ো বন্ধ দি দিছে। কোনো ক’লৈকো ওলাব পৰা নাই। গোহালিৰ গৰু গোহালিতে আবদ্ধ, বুলবুলিয়ে ছাগলীজনিক ভিতৰতে ৰাখি থৈছে। দিনৰ দিনটো পিৰালিমূৰত বহি দেউতাকে নিজৰ একমাত্র সাৰথি গৰুহাললৈকে চাই থাকে, একেথৰে। এইবাৰ বানে কঠিয়াখিনি মাৰিলে বছৰটোলৈ কি খোৱাব তেও আটাইকে ? কেনেকৈ জীয়াই ৰাখিব তেও নিজক আৰু পৰিয়ালটোক ? দোৱাৰৰ পাল্লাখনত ভেজা দি বুলবুলিয়ে দেউতাকলৈ চাই চাই তেওৰ মনটো পঢ়িবলৈ চেষ্টা কৰে। তাই যদি বেচেৰা বাপেকটোৰ দূখবোৰ অলপ হ’লেও নোহোৱা কৰিব পাৰিলেহেতেন।
: আ হেৰি, শুনিছে, ভাত দিছো আহক। মাজনি আহ খা হি।– মাকৰ মাতত যেন সম্বিৎ ঘুৰি আহে তাইৰ।
সিহত আটায়ে পীৰা পাৰি মজিয়াতে ভাত খায়। সেইনিশা ভাতৰ পাতত দেউতাকৰ বৰ চিন্তা। মাকেও কিবা এটা যেন চেপা সংকাত মূখলৈ ভাত নিছে। ভাতখোৱা ঘৰটোত যেন বহুতো চিন্তায়ে ভিৰ কৰিছেহি, অথচ সকলো নিমাত, নিঃশব্দ। পৰিস্থিতিক অলপ সহজ কৰিবলৈ বুলবুলিয়ে মাত লগায়...
: ভাইতি শুলে মা ?
: শুলে। তইও সোনকালে শুই থাকগৈ তাৰ লগতে। দেউতাৰে ময়ে নুশুও আজি। দেউতাৰে পথাৰ চাব’, মই ঘৰ ৰখিম।– মাকে তলমুৰকৈয়ে কয় কথাকেইটা।
: কিয় মা ?—মাতটো ওলাই আহোতে বুলবুলিৰ ডিঙিত যেন কিবা এটায়ে চেপি ধৰিছিল। ওচৰতে থকা দেউতাকে ভাত গঢ়া পেটলৈ ঠেলি মাত লগায়।
: দুটাকৈ বান্ধৰ গেট খুলি দিছে। এতিয়ালৈকে দুটা মথাউৰি ভাঙিলেই। আজি ৰাতি কি হয় একো ঠিক নাই। তই শুলেও অলপ সজাগ হৈ থাকিবি।– তেও কথাষাৰ কৈয়েই হাত তিয়ায়।
বুলবুলিয়ে একো নামাতি তলমূৰকৈ ভাতকেইটা শেষ কৰে। খোৱাৰ মাজতে তাই এবাৰ বান্ধি থোৱা ছাগলীজনীলৈ চায়। ছাগলীজনিয়ে এতিয়াও কঠাল পাত খাই আছে। লাহেকৈ উঠি বাচনকেইটা লৈ গ’ল তাই।
বিচনাত পৰাৰ পাছত বহু ৰাতিলৈকে টোপনি নাহিল তাইৰ। ভায়েক কিন্তু টোপনিত লালকাল। বেচেৰায়েনো এইবোৰ ভয় সংশয় ক’ত বুজি পায়। যেনেকৈয়ে নহওক পথাৰখন বাচিলেই হ’ল আৰু প্রভূ। এইবোৰ কথা চিন্তা কৰি থাকোতেই বুলবুলিৰ কেতিয়ানো টোপনি আহিল, গমেই নাপালে তাই.......
: মাজনি, মাজনি উঠচোন।-- দেউতাকৰ উত্তেজিত কন্ঠত সাৰ পায় তাই। দেখে দেউতাকে এহাতে টিনৰ বাকচটো লৈ, আৰু আনহাতে তাইক কোলাত লবলৈ চেষ্টা কৰে। তাই যেন বুজি পায়, বানপানী সচাকৈয়ে হ’ল এইবাৰ।
: মই যাব পাৰিম দেউতা।– তাই বিচনাতে বহি নিজৰ চোলাটো ঠিক কৰে।
: নোৱাৰিবি, চবফালে পানী। মই কোলাত নিব লাগিব তোক।
তাই দেউতাকৰ কান্ধত ধৰি মজিয়ালৈ চায়, পানী আহি বিচনাৰ তুলি চুও চুও। তাই ভয়ত টানকৈ ধৰে বাপেকক।
: মা হত ক’ত দেউতা ?
: মাৰক ভায়েৰৰ সৈতে পকী ৰাষ্টাত থৈ আহিছো। তোক আৰু বাকচটো নিলেই বাচিব পাৰিম।
: আৰু ছাগলীজনি ?—তাইৰ সপোনৰ সাৰথিজনীক নো কেনেকৈ এৰে তাই?
: মাৰৰ লগতে আছে। ব’ল ব’ল সোনকালে ব’ল।– দেউতাকে এককাল পানীৰ মাজেৰে তাইক কোলাত আৰু বাকচটো মূৰত লৈ ওখ ঠাইখনলৈ আগবাঢ়ে। যাওতে বুলবুলিয়ে নিজৰ ঘৰখনলৈ উভতি চায়। এন্ধাৰৰ মাজতে ৰিনিকি ৰিনিকি দেখা পোৱা ঘৰখনক যেন তাই বুজাবলৈ চেষ্টা কৰে। আমি সোনকালেই উলতি আহিম, তই মাথো ভাগি নপৰিবি।
ৰাষ্টাৰ ফালে অলপ চিঞৰ বাখৰ হৈছে। দেউতাকে পদুলিৰ পৰা যিমান পাৰে বেগেৰে পকী ৰাষ্টাৰ ফালে আগবাঢ়ে। পনীৰ পৰা উঠিয়েই তাইক কোলাৰ পৰা নমাই তেও প্রায় দৌৰাৰ দৰে আগুৱাই যায়। চিঞৰ বাখৰবোৰ বাঢ়িবলৈ ধৰে। তাইৰ ভৰিদুটা যেন আগবাঢ়িব পৰা নাই আগলৈ। কিবা এটা সাংঘাটিক ভয়ে হেচা মাৰি ধৰিছেহি তাইক। পকী ৰাষ্টাত উঠিবলৈ বহুত পৰ লাগিল তাইৰ। অলপ আগুৱাই গৈ দেখে, দেউতাকে ৰাষ্টাৰ ধাপত বহি হিয়া ধাকুৰি কান্দিব ধৰিছে। এফালে পুলিচে হুইচেইল বজাই মানুহবোৰক আগুৱাই নাযাবলৈ বাধা দিছে। ৰাতিৰ এন্ধাৰৰ মাজত পুলিচৰ গাড়ীৰ ৰঙা নীলা পোহৰে যেন আন এক বিভিষীকাৰ সৃষ্টি কৰিছে তাইৰ কোমল মনত।
ভিৰৰ মাজত থকিও যেন তাইৰ সমান অকলশৰীয়া মানুহ এই পৃথিৱীত কোনো নাই সেই সময়ত। দেউতাকৰ কাষলৈ যাবলৈও সাহস হোৱা নাই তাইৰ। কাৰণ তাই জানে, কিবা এটা নুশুনিবলগীয়া শুনিবলৈ পাব তাই। সেইবাবে চুক এটা বাচি লৈ তাই মানুহবোৰৰ পৰা যেন অলপ নিলগাই ৰাখিবলৈ চেষ্টা কৰে নিজকে। ভিৰৰ মাজৰ পৰা তাইলৈ ভাহি অহা দুষাৰিমান বাক্য......
: ইচ ইচ ঐ দেহি। দলঙখন নো এনেকৈ ভাঙিব লাগেনে ? কোন কোন আছিলনো তেতিয়া দলঙৰ ওপৰত ?
: ৰমেনহত আছিল বোলে। লগত দিপালি, সুৰুয, অকনিৰ ঘৈনিয়েক জানেকি আৰু তাইৰ তিনিবছৰীয়া ল’ৰাটো। ল’ৰাটো বোলে তাইৰ কোলাতেই গ’ল হে...
কথাষাৰ শুনাৰ পাছত তাইৰ বুকুত যেন গধুৰ শিল এটাহে পৰে। বাক্যবোৰ অনর্গল আহিয়েই আছে তাইৰ কানলৈ।
: ইচ ৰাম! সিহতে একো গমেই নাপালে নে ?
: পানী হঠাৎ আহিল। সিহতে দলংৰ পৰা নামিবলৈকে নাপালে। নিয়তিৰ লিখন কোনে খণ্ডাব পাৰে অ’ ?—লাহে লাহে মানুহৰ ভিৰ বাঢ়িবলৈ ধৰে।
কান্দিব খুজিও যেন কান্দিব পৰা নাই তাই। আচলতে তাইৰ এনে লাগিছে যেন, মানুহকেইটায়ে মিছা কথা কৈ আছে। দেউতাকৰ ওচৰত তাই নিজৰ এই সন্দেহটো আতৰ কৰিবলৈ উঠি আহিল। তাই আশা কৰিছিল, যেন দেউতাকে ক’ব, মাৰৰ একো হোৱা নাই, ভাইতিও ঠিকেই আছে। ইহতে আন কাৰোবাক হে দেখিলে উটি যোৱা..........
কিন্তু তাই আশা কৰা মতে দেউতাকে একোৱেই নক’লে, তাইক দেখি তেও মাথো “মাজনি অ’...” বুলি চিঞৰি তাইক সাবতি দেহৰ সমস্ত জোৰেৰে আতাহ পাৰি কান্দিবলৈ ধৰিলে। অকনিৰ গগন ফলা কান্দোন শুনি গাঁৱৰ দুই এজন মানুহ তেওৰ কাষলৈ আগবাঢ়ি আহে। গাত হাত দি বুজনি দিয়ে। বুলবুলিয়ে কোনো পধ্যেই মানি ল’ব পৰা নাই বাস্তৱক। মনটোয়ে বাৰে বাৰে কৈ আছে তাইক, মা উভতি আহিব, ভাইতিও আহিব। কিন্তু তাই জানে, উটি যোৱা সপোন, উলতি নাহে কেতিয়াও। দেউতাকৰ দৰে তাইও ভাগি পৰে কান্দোনত। আজিৰ পৰা মা বুলি মাতিবলৈ নাপায় তাই। ভাইতিয়েও আৰু কেতিয়াও আমনি নিদিয়ে তাইক। কান্দি কান্দি বনত বাগৰি পৰে তাই। এনেতে মন কৰে, কিবা এটায়ে তাইৰ হাতখনত চেলেকি দিছে। দুচকু মোহাৰি তাই এবাৰ চায়। তাইৰ ছাগলী পোৱালিটো। সি যেন তাইক সান্তনা দিবলৈহে হাতখনত চেলেকি দিছেহি। তাই লাহেকৈ উঠে, আৰু ছাগলীটোক কাষলৈ আনি তাৰ এড়াল ডাল ডিঙিৰ পৰা খুলি দিয়ে। আলফুলকৈ মৰম কৰি বুলবুলিয়ে তাইৰ ছাগলী পোৱালিটো আৰু সেই সপোনজাকক মুকলি কৰি যাবলৈ দিয়ে, একেবাৰে.........

ঈশ্বৰে যেন সোনকালে সকলোবোৰ ঠিক কৰি দিয়ে। আহক আমি সকলোৱে বিপদত পৰা আমাৰ আপোন মানুহখিনিক অলপমান সহায় কৰো। কিন্তু আমি যাতে কোনেও বানাকান্ত্ৰ ৰাইজক সহায় কৰা ভিডিঅ নৱনাও। কাৰণ এয়া আমাৰ দায়িত্ব 🙏

কেঁচুৱাৰ মাক দেউতাকবোৰৰ বোলে বৰ আৰাম হয় নে? অভিজ্ঞতা থকা কিছুমান মানুহে আলোচনা কৰে
18/07/2026

কেঁচুৱাৰ মাক দেউতাকবোৰৰ বোলে বৰ আৰাম হয় নে?
অভিজ্ঞতা থকা কিছুমান মানুহে আলোচনা কৰে

ওপজা দিনৰ বহুত বহুত ওলগ মানুহজনী। সদায় কুশলে থাকা তুমি। তোমাৰ মুখৰ হাঁহিটো সজতনে ৰখাৰ দায়িত্ব মোৰ। ইয়াতকৈ বেছি আৰু নো...
09/07/2026

ওপজা দিনৰ বহুত বহুত ওলগ মানুহজনী। সদায় কুশলে থাকা তুমি। তোমাৰ মুখৰ হাঁহিটো সজতনে ৰখাৰ দায়িত্ব মোৰ। ইয়াতকৈ বেছি আৰু নো কি উপহাৰ দিব পাৰিম তোমাক, মোৰ মৰমবোৰ জুখিব পৰাকৈ?❤️ বোলো Happy Birthday ল'ৰাৰ মাক 🥰

04/07/2026

আইতাই ফোন কৰি নাতিনীয়েকক কথা পতাব খুজিলে ,,বীৰে আকৌ ফটো খুজিলে 🤔
স্মৃতি স্নেহাৰ বহুৰূপী মাত। Smriti Sneha Bidyut Saikia Comedy Club

Address

Zoo Tiniali
Gauhati
781024

Website

Alerts

Be the first to know and let us send you an email when Bidyut Saikia Comedy Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Bidyut Saikia Comedy Club:

Shortcuts

Share

Category