09/08/2026
🔴 ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী যাদৱ কলিতাৰ দেহাৱসান
🔴ৰঙিয়াত শোকৰ ছাঁ; বিভিন্ন দল-সংগঠনৰ গভীৰ শোক প্ৰকাশ
ৰঙিয়া: ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী তথা সুপৰিচিত সংগীত প্ৰশিক্ষক, ৰঙিয়াৰ মুৰাৰা নিবাসী যাদৱ কলিতাৰ আজি পুৱা ৮:৩০ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত ৬৭ বছৰ বয়সত দেহাৱসান ঘটে। যোৱা কেইটামান দিন ধৰি তেওঁ শাৰীৰিক অসুস্থতাত ভুগি আছিল। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰঙিয়া অঞ্চলতে শোকৰ ছাঁ পৰে।
ৰঙিয়া সমষ্টিৰ বিচেন্নালা গাঁৱত জন্মগ্ৰহণ কৰা যাদৱ কলিতাই ১৯৭০ চনত ৰঙিয়া সংগীত বিদ্যালয়ত সংগীত প্ৰশিক্ষক হিচাপে যোগদান কৰি সুদীৰ্ঘ সময় ধৰি সংগীত শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছিল। তেওঁৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ লৈ প্ৰতি বছৰে বহু ছাত্ৰ-ছাত্ৰীয়ে সংগীতৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। ৰঙিয়াত সংগীত শিক্ষাৰ এক সুস্থ আৰু সৃষ্টিশীল পৰিৱেশ গঢ়ি তোলাত তেওঁৰ ভূমিকা আছিল বিশেষভাৱে উল্লেখনীয়।
সংগীত প্ৰশিক্ষক হিচাপে দায়িত্ব পালনৰ সমান্তৰালভাৱে যাদৱ কলিতাই ৰঙিয়া চহৰৰ বহু পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক ঘৰুৱা শিক্ষক হিচাপেও শিক্ষা প্ৰদান কৰিছিল। শিক্ষা, সংগীত আৰু সমাজসেৱাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ তেওঁ ৰঙিয়াৰ সামাজিক জীৱনত এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। তেওঁৰ স্নেহ, শাসন আৰু শিক্ষাদানৰ বাবে ৰঙিয়াৰ সৰু-ডাঙৰ সকলোৱে তেওঁক মৰম আৰু সন্মানেৰে ‘ছাৰ’ বুলি সম্বোধন কৰিছিল।
জীৱনকালত যাদৱ কলিতা বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। বিশেষকৈ ৰঙিয়া শিৱ মন্দিৰ সমিতি, দুৰ্গা মন্দিৰ সমিতি আৰু মুৰাৰা লক্ষ্মী মন্দিৰ সমিতিৰ সৈতে জড়িত হৈ তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে পালন কৰিছিল। তেওঁৰ সৰল-নম্ৰ ব্যক্তিত্ব, সদালাপী স্বভাৱ আৰু সমাজৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে তেওঁ সকলোৰে মাজত বিশেষভাৱে সমাদৃত আছিল।
তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বাসভৱনত আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, শুভাকাংক্ষী আৰু অসংখ্য গুণমুগ্ধই সমবেত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত ৰাইজে তেওঁৰ নশ্বৰদেহ লৈ এক শোকাকুল শৱযাত্ৰা উলিয়াই ৰঙিয়াৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানলৈ নিয়ে। শৱযাত্ৰাকালত ৰঙিয়া শিৱ মন্দিৰ, দুৰ্গা মন্দিৰ আৰু মুৰাৰা লক্ষ্মী মন্দিৰত কেইবা শতাধিক ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে উপস্থিত হৈ প্ৰয়াত যাদৱ কলিতাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত ৰঙিয়া হিন্দু শ্মশানত প্ৰয়াত যাদৱ কলিতাৰ শেষকৃত্য সম্পন্ন কৰা হয়।
যাদৱ কলিতাৰ মৃত্যুত সাংবাদিক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক ৰবিন দাস, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, সাংসদ ভূৱনেশ্বৰ কলিতা, ৰঙিয়া মহকুমা প্ৰেছ এছ’চিয়েশ্যনৰ সভাপতি গোলোক চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক ৰবিন দাস, ৰঙিয়া শিৱ মন্দিৰ পৰিচালনা সমিতি, ৰঙিয়া শিৱ মন্দিৰ-দুৰ্গা মন্দিৰ সমিতি, মুৰাৰা লক্ষ্মী মন্দিৰ সমিতিকে ধৰি বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু স্বেচ্ছাসেৱী সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।
শোক প্ৰকাশ কৰি সকলোৱে প্ৰয়াত যাদৱ কলিতাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।
মৃত্যুৰ সময়ত যাদৱ কলিতাই পত্নী ৰুণু কলিতা, দুই কন্যা অৰ্চনা কলিতা আৰু লিটিকা কলিতা, পুত্ৰ মৃদুল কলিতা, বোৱাৰী হিমাদ্ৰীতা কলিতা, দুই জোৱাই ৰাজু কলিতা আৰু প্ৰচেঞ্জিত দাসৰ লগতে অসংখ্য আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
সমাজ, সংগীত আৰু শিক্ষাৰ ক্ষেত্ৰলৈ যাদৱ কলিতাই আগবঢ়াই যোৱা অৱদান, তেওঁৰ সৰল-নম্ৰ ব্যক্তিত্ব আৰু সমাজৰ প্ৰতি থকা সেৱাৰ মনোভাৱ ৰঙিয়াবাসীৰ মাজত চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ বিয়োগে ৰঙিয়াৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।
ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপৰ ৰিপ’ৰ্ট।
schallenge
*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX
*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL
*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/
*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f