12/08/2025
হিমন্ত–হাগ্ৰামাৰ মিত্ৰতা: বিটিচিত ভূমিহীন মুছলমানৰ বাবে এক কালৰ সংকেত
২০২৪ লোকসভা নিৰ্বাচনৰ পাছত অসম আৰু বিটিচি ৰাজনীতিত হোৱা সুৰ সলনি কাকতালীয় নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাগ্ৰামা মহীলাৰীৰ প্ৰতি আচৰণত যি হঠাৎ নৰম ভাব দেখা গৈছে, সেইটো আগন্তুক বিজেপি–বিপিএফৰ মিত্ৰতাৰ মঞ্চ সাজি থকা খেলৰ অংশ।
প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা ফাট; বিজেপি–বিপিএফ মিলি বিটিচিৰ চৰকাৰী নীতি পুনৰ নিজৰ নিয়ন্ত্ৰণত লৈ আহিবলৈ।
এই মিত্ৰতা বাস্তৱিক হ’লে —
• ভূমিহীন মুছলমানৰ ওপৰত উচ্ছেদ অভিযান আৰাম্ভ হ’ব।
• ভূমি বণ্টন নীতিৰ পৰা সংখ্যালঘু–পক্ষীয় সুৰক্ষা সম্পূৰ্ণ বিলুপ্ত হব।
• বিটিচিৰ শান্তি আৰু সম্প্রীতিৰ পৰিৱেশৰ ঠাইত বিভাজন আৰু ভয়ৰ ৰাজনীতি আহিব।
হিমন্ত–হাগ্ৰামাৰ মিলন মানেই ২০১২ৰ দিনলৈ উভতি যোৱা বিপদজনক পথ — য’ত বিভাজন, হিংসা আৰু উচ্ছেদই সাধাৰণ মানুহৰ জীৱন চুৰমাৰ কৰিছিল।
প্ৰমোদ বড়োৰ নেতৃত্বত বিগত কেইবছৰ ধৰি বিটিচিত যি শান্তি আহিছে, বিজেপি–বিপিএফ মিত্ৰতাই সেইটো উপড়াই পেলাবলৈ চেষ্টা কৰিব।
সেয়া সুধিবৰ সময় আহিছে — আপুনি কাক সমৰ্থন কৰিব? শান্তি নে ভয়–বিভাজনৰ পথক?