Reader's Poems - Poetry without Fear

Directions Website Contact the establishment

Reader's Poems - Poetry without Fear Poetry without Fear-- a platform for Poetry in general and Assamese Poetry in particular.

[অসমীয়া ভাষাতো যে ৱৰ্ডছৱৰ্থ, শ্বেলীৰ কবিতাৰ নিচিনা উচ্চ ভাবৰ কবিতা ৰচিত হ'ব পাৰে সেই বিশ্বাস বহুতৰে নাছিল। 'জোনাকী' আলোচ...
25/09/2026

[অসমীয়া ভাষাতো যে ৱৰ্ডছৱৰ্থ, শ্বেলীৰ কবিতাৰ নিচিনা উচ্চ ভাবৰ কবিতা ৰচিত হ'ব পাৰে সেই বিশ্বাস বহুতৰে নাছিল। 'জোনাকী' আলোচনীৰ পাতত চন্দ্ৰকুমাৰ আগৰৱালাৰ (জ. ২৮ নৱেম্বৰ, ১৮৬৭-মৃ. ২ মাৰ্চ, ১৯৩৮) 'বনকুঁৱৰী' কবিতাটো প্ৰকাশ পোৱাৰ পিছতহে সকলোৰে বিশ্বাস দৃঢ় হয়।

জ্যোতিপ্ৰসাদ আগৰৱালাই 'চন্দ্ৰকুমাৰ' (১৯৬৭) শীৰ্ষক জীৱনীখনত কৈছে যে "চন্দ্ৰকুমাৰৰ 'বনকুঁৱৰী' কবিতাই ৰোমাণ্টিক কবিতাৰ প্ৰথম ফুল পাহি।" কবিতাটো ৰচনাৰ সময়ত চন্দ্ৰকুমাৰ কলেজীয়া ছাত্ৰ আছিল।

লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ আত্মজীৱনীত এইদৰে লিখি থৈ গৈছে, “মনত আছে, এদিন ৰায়বাহাদুৰ জগন্নাথ বৰুৱা বি.এ আৰু মানিকচন্দ্ৰ বৰুৱাই মোৰ হতুৱাই ‘বনকুঁৱৰী’ কবিতাটো পঢ়াই শুনি বিস্ময়মিশ্ৰিত আনন্দ লভিছিল৷ মই স্পষ্ট বুজিব পাৰিছিলোঁ যে তেওঁলোকে আগেয়ে ভাবিবকে নোৱাৰিছিল যে ৱৰ্ডছৱৰ্থৰ কবিতাৰ নিচিনা এনে মনোৰম কবিতা এটা কলেজত পঢ়া অসমীয়া ছাতৰ এজনে অসমীয়া ভাষাত ৰচনা কৰিব পাৰে৷”

চন্দ্ৰকুমাৰ আগৰৱালাৰ 'বনকুঁৱৰী' কবিতাটো আজি আগবঢ়ালোঁ। কবিতাটো পঢ়ি কমেণ্ট কৰি আপোনাৰ মনৰ ভাব জনাব।

For more evergreen poems please support and follow the page.]

বনকুঁৱৰী
চন্দ্ৰকুমাৰ আগৰৱালা

নিজম দুপৰীয়া সুহুৰীটি মাৰি
মাতিলে নো কোনে কাক?
বিজন বনত কোন ক’ত আছে?
হালিছে গছৰ আগ৷
গহীন গছত বতাহৰ ছাটি–
পাত কঁপে থৰ থৰ৷
হাবিৰ মাজৰপৰা কোনে নো বা
মাতি উঠে ‘মৰ মৰ’?
নিচুক লতিকা গছক সাবটি–
প্ৰতি অঙ্গে চুমাচুমি৷
পাতৰ আঁৰত থাকি কপৌটিয়ে
কিবা কৰে জুমাজুমি!
মৰমৰ গীত জুৰিলে লাজুকি–
মাত ফুটেই বা নাই?
বিৰিখে হাঁহিছে হালিছে জালিছে
নইৰ মুখলৈ চাই৷
কিবা কথা কয় নৈয়ে কুলু কুলু
ইয়োটো ধেমালি যিহে!
কোনে চায় নিতৌ বনৰ ধেমালি?
মাতিলে নো সিটি কিহে?
গছৰ আগত ময়না পখিটী
মাতি সি নিচুক হ’ল৷
শুনো শুনো, শুনিবলৈ বাট চাওঁ,
মনতে হেঁপাহ ৰ’ল৷
সিজুপি বকুল,– এই এৰাবাৰী
কোন কাহানি বা গ’ল!
চিন এই ভেটি তামোল লেটেকু–
হ’ল বহু দিন হ’ল৷
বাঁহৰ ছাঁয়াত গজালি গজিছে
কোন নো ইয়াত ফুৰে?
জুৰ জুৰ কৰি বতাহ বলিছে
বাঁহৰ মাজে মাজে ঘূৰে৷
পাতে পাতে কিবা ফুচফুচাইছে
মাৰিছে মিচিকি হাঁহি৷
কলাঘুমটীয়া সুখৰ এলাহ
বতাহে সুৰসুৰায়হি৷
গাত গা লগাই কপৌ দুটিয়ে
মুখতে মুখ দি আছে৷
অকণি বুকুত ইটিক সুমাই
সিটিয়ে মৰম যাচে?
অকণি ছোৱালী–যক্ষিণী কন্যা
এফেৰি ফুলৰে পাহি
জানৰ কাণত পানী খুৱাইছে
হৰিণা পোৱালি লাহি৷
চমকি চায় ৰই থাকে থৰে–
কুমাৰীৰ মুখলৈ চাই,
‘কিনো নো চাইছ!’ বুলি ছোৱালীয়ে
গালতে হাঁহি চৰায়৷
দুখোজতে লৰি পালেগৈ ঘূৰি
যক্ষিণী কুমাৰী মাজে,
আঁহতৰ তলে নাচিছে দুজনী
পিন্ধি বনফুল সাজে৷
মুকলি চুলিৰে নাম গায় ঘূৰি
চাপৰি টুক টুক টুক৷
ৰূপহীৰ মেল দেৱযোনি খেল
মানুহে নেদেখা মুখ৷
খিল খিল হাঁহি গ’ল দিহাদিহি
চিঙ্গে ফুল কতোজনী৷
কপৌৰ বাঁহলৈ উৰি গ’ল কোনো,
দিলে গৈ চুমা একণি৷
খোপাত পিন্ধিছে বনৰ পখিলা,
আটাই আপোন ধন৷
বন ফুলৰ মৌ পিছে কোনোৱে বা,
শান্ত হ মানুহ মন৷
কি দেখিছ মৌ শ্যামল পাটীত
ছাঁয়াত বা কিনো চাম৷
নীল চুলি মেলাইছে কোনে নো বা–
মুখনি উজল শ্যাম৷
মৰকত মণি জিলিকে শিৰত–
দেৱী হ’ব বনকুঁৱৰী৷
মুকুতাৰে অঁৰা লগতে ইজনা
জলৰ দেৱী নীয়ৰী৷
চুলি বান্ধি দিছে কুঁৱৰীৰ মেলি,
খোপাত আঁৰিছে মলা,
আগতে অলেখ বনফুল ৰাশি
ৰূপেৰে গোন্ধেৰে ভৰা৷
জুৰজুৰ কৰি আনিলে বতাহে
উৰাই কেতেকী পাহি,
মলমলাই গ’ল দিশ বিদিশ
মাতিলে বতাহে হাঁহি–
“মৰমৰ ভিখাৰি, বিচাৰিছোঁ দেৱী
প্ৰাণৰ অমিয়া মাধুৰী৷”
মিচিকনি মাৰি হাঁহি দান দিলে
দুয়ো প্ৰকৃতি কুঁৱৰী৷
অথিৰ বায়ুৰ শিযঁৰিল নোম,
উছলাইছে গৈ জান
কাৰণ-নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্ৰাণীৰ প্ৰাণ৷

…………………
‘চন্দ্ৰকুমাৰৰ কবিতা সমগ্ৰ’, ১৯৯৩, পৃ. ৪৩

©PWF

24/09/2026

What if life and death are not opposites, but part of the same journey?

Experience a celebrated poem by renowned Bengali poet Shakti Chattopadhyay, now in Assamese translation.

Watch till the end. The final words may change the way you see life and death.I can also make it

[কবিতা কেনেকৈ ৰসাস্বাদন কৰিব লাগে সেই বিষয়ে জানিবলৈ মাজে মাজে গুণী সমালোচকৰ ব্যাখ্যা আৰু বিশ্লেষণ পঢ়া উচিত। আজি তেনে এগৰ...
23/09/2026

[কবিতা কেনেকৈ ৰসাস্বাদন কৰিব লাগে সেই বিষয়ে জানিবলৈ মাজে মাজে গুণী সমালোচকৰ ব্যাখ্যা আৰু বিশ্লেষণ পঢ়া উচিত। আজি তেনে এগৰাকী গুণী সমালোচক ড° হীৰেন গোহাঁয়ে কবি অম্বিকাগিৰী ৰায়চৌধুৰী (জ. ১৮৮৫-মৃ. ১৯৬৭)ৰ 'কি লৱণু দিলা মোক' শীৰ্ষক কবিতাটিৰ বিষয়ে দিয়া ব্যাখ্যা আগবঢ়ালোঁ। সাহিত্য সমালোচনাৰ ভাষাত ড° হীৰেন গোহাঁই দেৱে আগবঢ়োৱা এই ব্যাখ্যাক নতুন সমালোচনা (New Criticism) বুলি কোৱা হয়। ড° গোহাঁইৰ সমালোচনাত্মক ব্যাখ্যাটো পঢ়াৰ আগতে অম্বিকাগিৰীৰ কবিতাটো দুই-তিনিবাৰ পঢ়ি লওক আৰু কবিতাটো নিজাকৈ বিশ্লেষণ কৰক। তাৰপিছত সমালোচনাটো পঢ়ি আপোনাৰ বিশ্লেষণৰ সৈতে ড° গোহাঁইৰ ব্যাখ্যাৰ এক তুলনা কৰক।

মনত ৰাখিব কবিতাৰ বিশ্লেষণ আৰু ব্যাখ্যা পাঠক অনুসৰি ভিন ভিন হ'ব পাৰে। আপোনাৰ বিশ্লেষণত কবিতাটো সম্পৰ্কে কোনো নতুন কথা চকুত পৰিলে কমেণ্ট কৰি জনাব। এনেধৰণৰ অনুশীলনে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কক অধিক নিবিড় কৰি তুলিব।

For more thoughtful updates please follow and support the page.]

'কি লৱণু দিলা মোক'
অম্বিকাগিৰী ৰায়চৌধুৰী

তোমাৰ পুলক পৰশ লাগি
ফুলিল যি মোৰ ফুলহে প্রিয়!
ফুলিল যি বোৰ ফুল,

তাৰ গোন্ধত জীৱন-মৰণ
বিভোৰ বিয়াকুল হে প্রিয়
বিভোৰ বিয়াকুল।

মোৰ দিন-খেনবোৰ মন্থন কৰি
কি লৱণু দিলা মোক হে প্রিয়!
কি লৱণু দিলা মোক?

তাৰ বাবে আজি হাবাথুৰি খাই
ক্ষিপ্ত লোক-আলোক হে প্রিয়
ক্ষিপ্ত লোক-আলোক।

ড° হীৰেন গোহাঁইৰ ব্যাখ্যা:

পুৱাৰ ৰ'দত জকমকাই থকা এটোপাল নিয়ৰৰ দৰে এই কবিতাটোৰ ৰূপ কেৱল নিটোল নহয়, প্রায় ঐন্দ্রজালিক। তাক বিশ্লেষণত ধৰা টানেই। তথাপি চেষ্টা কৰা যাওক।

কবিতাটোৰ ভাষাৰ প্ৰথম লক্ষণীয় বৈশিষ্ট্য এক ছন্দোময় কোমলতা। কবিৰ অভিনৱ প্রেমানুভূতিৰ মহিমাময় মাধুৰিৰ বাবে ভাষাৰ এই গুণ আছিল অনিবার্য্য মাধ্যম। এক প্রায় অসহনীয় আৰু অনির্বচনীয় আনন্দৰ উন্মাদনা চাৰিওটা স্তৱকৰ শেষ পংক্তিৰ পুনৰুক্তিৰ মাজেদি ধ্বনিত হৈছে।

কিন্তু কবিৰ ভাষা অতিশয় মধুৰ হৈ পমি যোৱা নাই। মাজতে "মন্থন" আৰু "ক্ষিপ্ত" --এই দুটা কঠিন শব্দৰ ঝংকাৰে লাবণ্যৰ তৰংগৰ মাজত কাঠিন্যৰ শৃংখলা আনি দিছে।

প্রথম স্তৱকত এপাহ ফুল ফুলি উঠাৰ বিস্ময় আৰু সৌন্দর্য্য প্রকাশ পাইছে "ফুলিল যি মোৰ ফুল"-- শব্দৰ এই বিন্যাসত। শব্দকেইটাৰ বিন্যাস সলনি কৰি দিলে সিমান ইন্দ্রিয়ঘন হৈ নাথাকে। "পুলক পৰশ"--এই সমাসে শব্দকেইটাৰ অৰ্থ অধিক ব্যঞ্জনাক্ষম কৰিছে। "তোমাৰ পুলকৰ পৰশ”, “তোমাৰ পৰশৰ পুলক”, “তোমাৰ পুলকিত পৰশ" শব্দকেইটাত তিনিওটা অর্থই বিদ্যমান। তাত থকা অনুপ্ৰাসৰ ভাব দ্বিতীয় বাক্যত নিজৰাৰ দৰে বাগৰি গৈছে। প্ৰিয়ৰ স্পৰ্শত সত্তাৰ ফুল পাহ ফুলি উঠাৰ অনুভৱ এনেকৈয়ে ৰূপায়িত হৈছে প্রায় শৰীৰী ৰূপত।

দ্বিতীয় স্তৱকত আকৌ সেই অলৌকিক ফুলৰ সুঘ্রাণ বিয়পি গৈছে জীৱন-মৰণ বিয়াকুল কৰি। জীৱন আৰু মৰণৰ ভেদ এই সুঘ্রাণে দূৰ কৰি একাকাৰ কৰি পেলাইছে। আধ্যাত্মিক ব্যাখ্যা থাকিলেও নিঃসন্দেহে তাৰ এক যৌন আয়তন আছে। যুগে যুগে প্রেমিক কবিসকলে দৈহিক প্ৰেমৰ শীৰ্ষবিন্দুত জীৱন-মৰণৰ ভেদ লীন হৈ যোৱা বুলি উল্লেখ কৰিছে। “বিভোৰ" আৰু "বিয়াকুল” -- দুয়োটা পৰস্পৰ-বিৰোধী ভাব অনুপ্ৰাসৰ জৰিয়তে এক হৈ পৰিছে।

তাৰ পিছতো যৌন আনন্দৰ ব্যঞ্জনা হেৰাই যোৱা নাই, যদিও সি সকলো ধৰণৰ স্থূলতা আৰু স্বার্থান্ধ ভোগবাদৰ পৰা মুক্ত। "মন্থন” শব্দটোৰ এটা অনুষংগ শৃংগাৰৰ পৰা আহিছে। কিন্তু ইয়াত দিন-খেনবোৰ মন্থন কৰাৰ কথাও কোৱা হৈছে। মন্থনৰ কাৰ্য্যই জীৱনৰ দিন-খেনবোৰত অস্থিৰতা আৰু গতিময়তা আনে, কিন্তু সেই গতি কবিৰ বাবে শংকাজনক বা যন্ত্রণাময় নহয়। তাৰপৰা উদ্ভুত হৈছে এক অপার্থিৱ উপলব্ধি। "কি লৱণু দিলা মোক হে প্রিয়” বাক্যটো চাওক। ইয়াত কবিৰ কৃতজ্ঞতা, বিস্ময়বোধ আৰু আশাতীত প্রাপ্তিৰ আনন্দ সুললিত শব্দ যোজনাৰ মাজেদি ধ্বনিত হৈছে। পাহৰিলে নচলিব যে এই "লৱণু” শ্রীকৃষ্ণৰ শিশুলীলাৰ ক্ষীৰ-লৱণুতকৈ বেছি বেলেগ নহয়। দুয়োটাৰে এক অলৌকিক ব্যঞ্জনা আছে।

কিন্তু সেই অপার্থিৱ আৰু অপূর্ব অনুভূতিয়ে কবিক এতিয়া “ক্ষিপ্ত” অর্থাৎ উন্মাদ আৰু উদ্‌ভ্ৰান্ত কৰিছে। "হাবাথুৰি খাই” শব্দ দুটাই সুললিত স্বৰধ্বনিৰ মাজত কঠুৱা ধ্বনি প্রবেশ কৰাইছে। অর্থাৎ মিলনৰ অলৌকিক ৰসানুভূতিৰ পিছত কঠুৱা সংসাৰৰ ৰূঢ় পৰিৱেশত তাক বিচাৰি কবিয়ে লাভ কৰা দুর্গতি আৰু যন্ত্রণা শব্দ দুটাই অনায়াসে পাঠকৰ মনলৈ আনি দিয়ে। "ক্ষিপ্ত” শব্দটোৱে এই দুর্দশা তথা যন্ত্রণাক এক তীব্র পর্যায়লৈ লৈ গৈছে। কিন্তু কবিৰ এই বিৰহ-যাতনাতো এক মহিমাময় বিস্তৃতি আছে। সমগ্র "লোকালোক” কবিৰ অন্বেষণত অস্থিৰ, স্পন্দিত, উন্মত্ত। অনিয়মিত ভাবে শব্দটোৰ সন্ধি ভাঙি (লোকালোক = লোক + আলোক) কবিয়ে তেওঁৰ সন্ধানৰ মাজত থকা এই অপূৰ্বতাৰ ইংগিত দিছে। বিৰহৰ অন্ধকাৰতো কবিৰ অন্বেষণ আলোক-উজ্জ্বল। বিৰহৰ এই যন্ত্রণা দুঃখময় যদিও নিবিড়ভাবে কাম্য।

মন্তব্য:
ৰবীন্দ্ৰনাথৰ কিছুমান কবিতাৰ দৰে, নাইবা তাৰো আগৰ কবীৰ আদি ভক্তকবিসকলৰ কবিতাৰ দৰে, ইয়াত প্রেমানুভূতি আৰু আধ্যাত্মিকতাৰ মাজত সীমাৰেখা টনা টান। কিন্তু অম্বিকাগিৰীৰ কবিতাত দৈহিকতাৰ আস্বাদ আৰু ঘন, আৰু তীব্র। মধ্যবিত্ত আধুনিকতাৰ মাজত প্রেমে এহাতে অভ্যস্ত পৰম্পৰাগত আধ্যাত্মিকতাৰ ৰূপক বিচাৰি লৈছে, আনহাতে আধ্যাত্মিকতাৰ নিৰাপদ দেৱাল ভাঙি দৈহিকতাৰ গৰিমা ঘোষণা কৰিছে। আকাংক্ষাৰ এই বলিষ্ঠতা আৰু আত্মনিবেদনৰ এই সাহস অম্বিকাগিৰী-চন্দ্ৰনাথ শৰ্মা প্ৰভৃতি জাতীয়তাবাদী নতুন মধ্যবিত্তৰ লক্ষণ।

…………………
'কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা', ড° হীৰেন গোহাঁই, জাৰ্নাল এম্প'ৰিয়াম, ১৯৮৬, পৃ.: ৪৬-৪৯

©PWF

22/09/2026

What if the weapon needs a human to make it deadly?
Bertolt Brecht’s powerful poem “General, Your Tank Is a Powerful Vehicle” — now in Assamese translation.

Read the poem. Feel the irony.

[বিনন্দচন্দ্ৰ বৰুৱাৰ বিখ্যাত কবিতা 'গড়গাঁও' সৃষ্টিৰ আঁৰত এটা আমোদজনক কাহিনী আছে। কাহিনীটো কবিয়ে এটা সাক্ষাৎকাৰত এইদৰে কৈ...
20/09/2026

[বিনন্দচন্দ্ৰ বৰুৱাৰ বিখ্যাত কবিতা 'গড়গাঁও' সৃষ্টিৰ আঁৰত এটা আমোদজনক কাহিনী আছে। কাহিনীটো কবিয়ে এটা সাক্ষাৎকাৰত এইদৰে কৈছিল-- "কলিকতাত এম-এ পঢ়ি থকা সময়ৰ কথা। সন্ধিয়া পাৰ্বতিপ্ৰসাদ বৰুৱা আহি মোক ক'লে যে আবৃত্তিৰ বাবে কবিতা এটা লাগে। পিছদিনা 'অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ অধিৱেশন। এই অধিৱেশনৰ সভাপতি তৰুণৰাম ফুকন। অধিৱেশনত পাৰ্বতিপ্ৰসাদে কবিতা আবৃত্তি কৰিব আৰু একে নিশাৰ ভিতৰতে মই কবিতা এটি লিখি দিব লাগে। পাৰ্বতিপ্ৰসাদ মোৰ মৰমৰ বন্ধুও। তেওঁ মোক ক'লে-- যদি মই কবিতা দিব নোৱাৰোঁ তেতিয়া হ'লে মোৰ ওচৰলৈ তেওঁ আৰু কেতিয়াও নাহে। মই হেহো-নেহো কৰি সৈমান হ'লোঁ; কিন্তু লিখোঁ বুলিলেই কবিতা এটি লিখিব নোৱাৰি। মই ইতিহাসৰ ছাত্ৰ; সেই সময়ত অসমৰ বিষয়ে বিভিন্ন ভ্ৰমণকাৰীৰ টোকা আৰু নথিপত্ৰ ঘুকটি আছিলোঁ। নিশা ভাত-পানী খাই কবিতা লিখিবলৈ বহিলোঁ, মোৰ হাতত অলপো লিখিব পৰা বিধৰ কাকত নাছিল। অ'ৰ এটুকুৰা, ত'ৰ এটুকুৰা কাকত গোটাই সুদীৰ্ঘ সেই কবিতাটো নিশা এক বজালৈ লিখিলোঁ। কবিতাটি শেষ হোৱাৰ সময়-- নিজম নিশা-- বাহিৰৰ ৰাস্তাৰে 'হৰিবোল, হৰিবোল' ধ্বনি দি শ সৎকাৰ কৰিবলৈ এজাক মানুহ আগবাঢ়িছে কালীঘাট শ্মশানলৈ। বুকুখন চিৰিংকৈ গ'ল। আৰু কবিতাটি শেষ কৰিলোঁ এইদৰে--
পগলা কবিৰ গাত, মাৰে যেন চাট চাট,
কাৰেঙৰ ইটা খহি আহি;
শ্মশান বিচাৰি ফুৰা লাগে মাথোঁ জুইকুৰা,
থাকিবযে নোৱাৰে সি নাহি;
শ্মশানতো ফুলে ফুলপাহি।
--পিছদিনা টুকুৰা কাকতৰ মাজৰ পৰা পাৰ্বতিপ্ৰসাদে কবিতাটি শৃংখলিতভাৱে লিখি অধিৱেশনত আবৃত্তি কৰিছিল। 'গড়গাঁও' কবিতাটিৰ জন্মকাহিনী এয়াই।" (উৎস: 'মুখামুখি', হেমন্ত বৰ্মন, ২০০৭, পৃ.১৯)

আজি 'গড়গাঁও' কবিতাটো আগবঢ়ালোঁ। অসমৰ গৌৰৱময় ইতিহাসক লৈ লিখা কবিতাটোৰ কোনটো স্তৱক বা কোনখিনি কথাই আপোনাক বেছিকৈ স্পৰ্শ কৰিলে কমেণ্ট কৰি জনাব।

For more evergreen Assamese poems please follow and support the page.]

গড়গাঁও
বিনন্দচন্দ্ৰ বৰুৱা

গড়গাঁও, গড়গাঁও, কথা শুনি তল যাওঁ,
বাট দেখি পিছলেযে পাৱ;
দিখৌৰ সোঁতত, ভটীয়নী বল পোৱা
উভতিব খোজে মাৰ-নাও;
ওচৰতে দেখি গড়গাঁও।

ওলট-পালট দেশ, কথাৰে নহয় শেষ,
কটাৰীৰো ডাবে তাৰ কাটে;
বাঘ-গৰু হালে হালে, একে ঘাটে পানী খালে,
নগৰৰ দেও-লগা ঘাটে;
দেও তাত ফুৰে হাটে-বাটে।

বিদেশীৰ চকু থিৰ, স্বদেশীৰ ওখ শিৰ,
দেও-লগা মানুহৰ দেশ;
উজুটিত ভাগে দাঁত, কোঢ়ালত হৰে মাত,
অহা-যোৱা নাই তাত শেষ;
জনে জনে ভিন ভিন বেশ।

সকলোৰে আছে কাম, নোহোৱাৰ নাই নাম,
কাপুৰুষে সদা পায় লাজ;
নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি,
আদেশ মাথোন হয় ‘সাজ’;
ইচ্ছা যেনে স্বৰ্গ মহাৰাজ।

বিলত নগৰ হয়, নগৰত নৈ বয়,
ধোদে তাত বান্ধে ৰাজআলি;
কাৰেঙৰ দেও-ইটা, শিল যেন চটা চটা,
গাঁথে তাত হাঁহকণী ফালি,
বনুৱাৰ নিছিগেই লালি।

শাৰী শাৰী চোংঘৰ, দাঁতিত মাটিৰ গড়,
আছে ভৰি সেনা জাক-জাক,
একেৰাহে দিন ৰাতি, চন্তৰী বাব খাটি
নগৰত মাৰে ঘনে পাক;
সৰু বৰ বুলিবানো কাক?

পূৰঠ ভীমৰ কায়, ভ্ৰান্তি অকণো নাই,
যুঁজৰ কুকুৰা যেন দেখি;
কুহুম-বুলীয়া পাগ, শিৰে স’তে কৰে আগ,
ৰজাক জীৱন দিলে লেখি;
বৰ ভাল লাগে সাহ দেখি।

একে একে সকলোটি, বান্ধে গড়, খানে মাটি,
জাঁত জাঁত মাৰে বৰ নাও;
ব’ঠা নাই, আছে হাত, দা নাই, আছে দাঁত,
এনে সেনা ৰাখে গড়গাঁও;
সেই দেখি শুনি তল যাওঁ।

যুঁজৰ বাতৰি পালে, হেংদান তুলি ল’লে
জাকে জাকে বাঢ়ি গ’ল আগ,
ল’লে ঘোঁৰা, ল’লে হাতী, হিলৈ, বৰছা, যাঠি,
যাৰ যেনে আছে পতা ভাগ;
শাৰী শাৰী দেখি মাথোঁ পাগ।

গিৰিপ গিৰিপকৈ, গড়গাঁও পাৰ হৈ
যায় সেনা হৈ-ধ্বনি কৰি;
ভৰিত শুকায় নৈ, শিল যায় ধূলি হৈ,
বসুমতী যায় যেন লৰি;
ৰণচালি কোবে কোবে চৰি।

ঢোলত চাপৰ মাৰে, দবাত একোব পৰে,
ভোৰতালে খাওঁ খাওঁ কৰে;
মূৰত মথুৰা-পাগ, বিষয়াটি বাঢ়ে আগ,
ৰণুৱাই ৰণচালি ধৰে;
গড়গাঁও টলমল কৰে।

বেৰে-চালে আছে কাণ, গড়গাঁও নোহে আন,
দ্ৰোহীয়াৰ মূৰ কটা যায়;
ৰজাৰ কুশল হকে, প্ৰজা আহি বলি যাচে,
নিজ নিজ দেহাটি শোধাই;
এনে ৰজা পাবলৈকে নাই।

ৰাজসভা কিনো চাবা, স্বৰগ হাতত পাবা,
চাই চকু জল-মল কৰে;
পিতলৰ দাপোণত এটি মাথোঁ মানুহত
চাৰি-পাঁচ গোট হৈ পৰে;
দেখি বুকু ঘনকৈ লৰে।

জালি-কটা সুৰুঙাই ভয়ে ভয়ে সুমুৱাই
বেলিয়েও পোহৰৰ ছাটি
বাৰৰ ফুলত পৰি, বতাহত লৰি লৰি
ওৰে দিন দিয়ে ভাগ খাটি;
যাব পাৰে আহিলেহে ৰাতি।

শাৰী শাৰী থাকে পৰা পাটী-খেৰ-থঙা-ঢৰা,
মানে মানে বহে মান-খোৱা;
কটকী দুৱৰী থাকে, ডাংধৰা জাকে জাকে,
ৰাজসভা চালে-চকু-ৰোৱা;
আছে কত অহা আৰু যোৱা।

স্বৰ্গদেৱ মহাৰাজ, পিন্ধিলে ৰজাৰ সাজ
সোণ-চৰা সিংখাপ চোলা,
হাতে তুলি হেংদান, দেশৰ ৰাখিব মান,
জুৰি বহে আসনৰ কোলা;
সুকোমল কপাহৰ জোলা।

দেশৰ বাতৰি লৈ, কটকী চোৱাৰী গৈ,
আঁঠু কাঢ়ি সেৱাৰে জনালে;
মন্ত্ৰণা-সভা কৰি, দণ্ড হাতত ধৰি,
ৰাজ-কাজ সকলো কৰিলে;
ৰাজ-সভা জিলিকি উঠিলে।

সপোনৰ শেষ ৰাতি, গড়গাঁও গ’ল উটি,
কাল-সাগৰত ঢৌ খেলি;
কোনো জনে সাৰ পায়, কোনোৱে উভতি চায়,
একেথৰে আছে চকু মেলি;
ভাগে মোহ দিলে লোকে ঠেলি।

গড়গাঁও আজি তাত, জিলীৰ শুনিবা মাত,
ভাবি চালে পিছলিব পাৱ;
নোলটেও, ভয় নাই, দিখৌৱেদি যোৱা নাই
ভটীয়নী সোঁতে মাৰ-নাও;
ভাবি ভাবি বিচূৰ্ত্তিযে খাওঁ।

নাই সেনা, নাই হাট, নাই পানী, নাই বাট,
নাই ৰজা, ৰাজসভা তাত;
কাৰেঙে চিন আছে, দেৱে তাত ৰাতি নাচে,
মৰণৰ মেলা আছে তাত;
গড়গাঁও পৰি গ’ল শাঁত।

শ্মশান-বলিয়া কবি, শোকৰ বিচাৰি ছবি,
আছে তাত বহি ৰাতি-দিন;
হুমুনিয়া এটা পাই, বতাহেও লৈ যায়,
তাকে আনি দিয়ে মাথোঁ চিন;
বাকী সকলোটি কালে লীন।

পগলা কবিৰ গাত, মাৰে যেন চাট চাট,
কাৰেঙৰ ইটা খহি আহি;
শ্মশান বিচাৰি ফুৰা লাগে মাথোঁ জুইকুৰা,
থাকিবযে নোৱাৰে সি নাহি;
শ্মশানতো ফুলে ফুলপাহি।

…………
'সোণৰ সঁফুৰা', ভৱকান্ত শইকীয়া, ১৯৮৬, পৃ. ৪৩৮-৪৪২

©PWF

19/09/2026

Don’t scroll—Kabir’s final words may change how you read the whole poem.

Every word matters. Watch till the end to understand what Saint Kabir truly wants to say.

Saint Kabir’s poem, translated into Assamese by Navakanta Barua.

Poem of the Week 19 September 2026

Remembering the legendary artist Zubeen Garg (b. 18 November, 1972-d. 19 September, 2025) with profound respect.        ...
18/09/2026

Remembering the legendary artist Zubeen Garg (b. 18 November, 1972-d. 19 September, 2025) with profound respect.

['সুখৰ ঠাই', 'সুখ', 'জীৱন সংগীত', 'আমাৰ গাঁও' আদি বিখ্যাত কবিতাৰ ৰচক কবি, অনুবাদক, ইতিহাসবিদ আনন্দচন্দ্ৰ আগৰৱালা(জ. ৫ ছে...
18/09/2026

['সুখৰ ঠাই', 'সুখ', 'জীৱন সংগীত', 'আমাৰ গাঁও' আদি বিখ্যাত কবিতাৰ ৰচক কবি, অনুবাদক, ইতিহাসবিদ আনন্দচন্দ্ৰ আগৰৱালা(জ. ৫ ছেপ্টেম্বৰ, ১৮৭৪-মৃ. ১৬ ডিচেম্বৰ, ১৯৪০}ক 'ভাঙনিকোঁৱৰ' উপাধি কোনে প্ৰদান কৰিছিল জানো আহক।

For more updates please follow and support the page.]

"সকলোৱে মানি লোৱা কথা, (আনন্দচন্দ্ৰ) আগৰৱালাৰ লেখক জীৱন দুটা সম্পূৰ্ণ স্বতন্ত্ৰ ধাৰাৰে প্ৰৱাহিত। এটা ধাৰাত তেওঁৰ পৰিচয় পুৰাতত্ত্ববিদ হিচাপে। আনটো ধাৰাত তেওঁৰ চিনাকিটো ফটফটীয়া হৈ আছে, এজন কবি বুলি। পঢ়াশালিৰ দুৱাৰডলিৰপৰা বিশ্ববিদ্যালয়ৰ শেষ মহলালৈকে থিয় হৈ থকা জখলাডাল বগাই যাওঁতে কোনোটো খাপতে কোনেও তেওঁৰ সৈতে চিনাকিৰ আঁত হেৰুওৱাৰ উপায় নাই। অকল সেয়ে নহয়, সেই জখলাডালৰ সোঁৱৰণী মচ খাই যোৱাৰ পাচতো প্ৰত্যেকৰ মনৰ দিগন্তত তেওঁৰ কবি-পৰিচয় 'হেঁপাহৰ ভোটাতৰা' হৈ জিলিকিয়েই থাকে। এই দ্বিতীয়টো ধাৰাৰে মাথোন এটা সুঁতিৰ পম খেদি কোনোবা এগৰাকী ৰসিক সমালোচকে তেওঁৰ নামৰ আগত এটি উপাধি পিন্ধাই দিলে-- 'ভাঙনিকোঁৱৰ'। আমি যিমানদূৰ জানো, এই উপাধিটো তাহানি 'তৰুণ অসম'ৰ পাতত শ্ৰীবেণুধৰ শৰ্মাদেৱৰ কাপৰপৰাই ওলাইছিল। স্বীকাৰ কৰিব লাগিব, এই বিশেষণটোৱে তেওঁৰ কবি-প্ৰতিভাৰ এটি দিশ ৰজনজনাকৈ প্ৰচাৰ কৰিছে।…

তেওঁক ভাঙনিকোঁৱৰ বুলি কোৱাৰ কাৰণটো হ'ল, আমাৰ ভাষাত তেওঁৰ ভাঙনি-কবিতাখিনিয়েই আটাইতকৈ মনোৰম আৰু মূলানুগ।…"

ড° মহেন্দ্ৰ বৰা
'ভূমিকা-- কবিতা খণ্ড',
"আনন্দচন্দ্ৰ আগৰৱালা গ্ৰন্থাৱলী",
অসম সাহিত্য সভা, ১৯৭৪,
পৃ. .০৫-.০৬

©PWF

16/09/2026

“Oh Yes” — A short but beautifully composed poem by the celebrated poet Charles Bukowski, presented here in Assamese translation alongside the English original.

Read the poem. Compare the two languages. Feel Bukowski’s words—and tell us what they mean to you.

👉 Read till the end, share it with a poetry lover, and let us know your favourite line in the comments.

Address

Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when Reader's Poems - Poetry without Fear posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Reader's Poems - Poetry without Fear:

Shortcuts

Share

Category