20/08/2026
['ভাঙনিকোঁৱৰ' আনন্দচন্দ্ৰ আগৰৱালা(জ. ১৮৭৪-মৃ. ১৯৪০)ৰ সৰহভাগ কবিতাই বিদেশী কবিতাৰ ভাঙনি। তেওঁৰ অনুবাদকৰ্মক একধৰণৰ পুনৰ্সৃষ্টি বুলিব পাৰি। মূল কবিতা পঢ়া নাথাকিলে বা অনুবাদ বুলি কোনোবাই কৈ নিদিলে তেওঁৰ ভাঙনি মৌলিক সৃষ্টি যেনেই লাগে। 'জীৱন সংগীত' তেওঁৰ এক অনবদ্য পুনৰ্সৃষ্টি। এই কবিতাটোৰ মূল হ'ল আমেৰিকান কবি হেনৰি ৱাডছৱৰ্থ লংফেল'(জ. ১৮০৭- মৃ. ১৮৮২)ৰ 'A Psalm of Life'। প্ৰথমে 'ভাঙনিকোঁৱৰ'ৰ সৃষ্টি পঢ়ক আৰু তাৰপিছত মূল কবিতাৰ আনন্দ লওক। দুয়োটা সৃষ্টিকৰ্ম পঢ়াৰ পিছত আপোনাৰ মনত উদয় হোৱা চিন্তাখিনি Share কৰিবলৈ নাপাহৰিব।]
জীৱন সঙ্গীত
আনন্দচন্দ্ৰ আগৰৱালা
শোকৰ কবিতা ৰচি, দুধাৰি চকুলো মচি
নক'বা জীৱন মিছা নিশাৰ সপোন,
অসাৰ সংসাৰ ভাই, ইয়াত সকাম নাই
মোহময় মায়াময় সকলো মাথোন।
পুত্ৰ কন্যা পৰিবাৰ কোন তযু তুমি কাৰ
বুলি হেৰা অবাবত নকৰাঁ বেজাৰ,
কলা-ঘুমটীয়া হই, আতমা যে আছে ৰ'ই,
জানিবা মৰণ নাই এই আতমাৰ।
অস্থায়ী মানৱ দেহা কৰিম দুদিন বেহা
ফুৰিম দুদিন মাথোঁ সংসাৰ-হাটত,
দুদিনৰ অন্ত হ'লে আয়ুস ঢুকাই গ'লে
সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত।
চকু কাণ নাক যাব, হাড় ছাল নাশ পাব
মাটিৰ মানুহ তুমি মাটিত মিলিবাঁ,
অবিনাশী নিত্যধন, অমৰণ অভগন
অনন্ত উন্নতিশীল আতমা জানিবা।
সদায় চকুলো টোকা দুখত মগন থকা
ভোগ সুখ জীৱনৰ উদ্দেশ্য নহয়,
এনেভাবে কাম কৰাঁ দিনে যেনে আগবাঢ়া
প্ৰতিদিনে খোজ যেন আগলৈহে যায়।
পল পল দণ্ড কৰি, সময় গ'ইছে উৰি
পাখি-লগা কাঁড়ৰ নিচিনা অবিৰাম,
বহু দূৰ আছে গতি, সময় তাকৰ অতি
কৰিব লগীয়া আমি আছে বহু কাম।
দিন যায় আহে ৰাতি, আয়ুয গ'ইছে টুটি
লাহে লাহে চমু চাপি আহিছে মৰণ,
সংসাৰ যুঁজৰ ঠাই, শুবৰ সকাম নাই,
কাচি-পাৰি যুঁজা সবে কৰি প্ৰাণ পণ।
এলাহ-নিহালী থোৱাঁ, বীৰ-বেশ গাত লোৱাঁ,
নহ'বা মৰাৰ প্ৰায় জ্ঞানৰ সন্তান,
নহ'বা গৰুৰ দৰে খুচিলেহে খোজ ধৰে
ৰণত বীৰেন্দ্ৰ বুলি হোৱাঁ খ্যাতিমান।
কল্পনা চকুৰে চাই যেনেকি সুন্দৰ পাই
নকৰিবা দূৰ ভবিষ্যক পতিয়ন,
অতীত মৰিল গ'ল, তাৰ কথা অন্ত হ’ল
মনৰ পৰাই তাক কৰাঁ বিসজ্জৰ্ন।
যিহকে আগত পোৱাঁ, ততালিকে কৰি যোৱাঁ
জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত,
সাহক সাৰথি কৰাঁ কৰ্ত্তব্যৰ পাছে লৰা,
ঈশ্বৰ কৰুণাময় আছে ওপৰত।
মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ
আমিও কৰিব পাৰোঁ জীৱন গঢ়িত,
অভিনয় শেষ হলে আয়ু বেলি মাৰ গলে,
থ'ই যাব পাৰোঁ খোজ সময়-বালিত।
কেতিয়াবা হব পাৰে, কোনো দুৰ্ভগীয়া নৰে
জীৱন সমুদ্ৰ মাজে নাও বুৰ গ'ই,
অঠাই পানীত পৰি, কক্ বক্ কৰি কৰি
ঢউৰ কোবত যদি আহি পাৰ পাই।
দেখি সেই খোজবোৰ, হ'ব তাৰ আশা ঘোৰ,
সাহ কৰি খোজে খোজে খোজ লব পাৰে।
তেনে হলে বলাঁ ভাই, শুবৰ সকাম নাই,
অপূৰ্ব জেউতি চোৱাঁ উন্নতিৰ শিৰে।
শিকা সৱে পৰিশ্ৰম, শিকাঁহে নীতি-ধৰম,
নেভাবিবা সুখ-দুখ কিনো কপালত,
কৰ্ত্তব্যৰ পাছে লৰাঁ ক্ৰমাগত কাম কৰাঁ
ফলাফল ফলদাতা বিভুৰ হাতত।
(পুৰণি বানান অপৰিৱৰ্তিত)
◆
[হেনৰী ওৱাডছৱৰ্থ লংফেল'ৰ মূল কবিতাটো]
A Psalm of Life
By Henry Wadsworth Longfellow
What The Heart of The Young Man Said
To The Psalmist.
Tell me not, in mournful numbers,
Life is but an empty dream!
For the soul is dead that slumbers,
And things are not what they seem.
Life is real! Life is earnest!
And the grave is not its goal;
Dust thou art, to dust returnest,
Was not spoken of the soul.
Not enjoyment, and not sorrow,
Is our destined end or way;
But to act, that each to-morrow
Find us farther than to-day.
Art is long, and Time is fleeting,
And our hearts, though stout and brave,
Still, like muffled drums, are beating
Funeral marches to the grave.
In the world’s broad field of battle,
In the bivouac of Life,
Be not like dumb, driven cattle!
Be a hero in the strife!
Trust no Future, howe’er pleasant!
Let the dead Past bury its dead!
Act,— act in the living Present!
Heart within, and God o’erhead!
Lives of great men all remind us
We can make our lives sublime,
And, departing, leave behind us
Footprints on the sands of time;
Footprints, that perhaps another,
Sailing o’er life’s solemn main,
A forlorn and shipwrecked brother,
Seeing, shall take heart again.
Let us, then, be up and doing,
With a heart for any fate;
Still achieving, still pursuing,
Learn to labor and to wait.
•
©pwf