Troilokya Nath

Troilokya Nath music is my passion.

06/08/2026
বহুত বহুত বহুত আনন্দ লাভ কৰিছোঁ। amit ji, lakhy বহুত ধন্যবাদ। আমাৰ কাৰণে এইয়া ঢুকি নোপোৱা আকাশ আছিল। আজি উৰিছো। 7 তাৰিখ...
04/08/2026

বহুত বহুত বহুত আনন্দ লাভ কৰিছোঁ। amit ji, lakhy বহুত ধন্যবাদ। আমাৰ কাৰণে এইয়া ঢুকি নোপোৱা আকাশ আছিল। আজি উৰিছো।
7 তাৰিখে চাবলৈ আহিব ছবিঘৰলৈ।https://youtu.be/qvhREX-_3U0?si=M48nF8mjz6xLhTi6

04/08/2026

মুখ্যমন্ত্ৰীয়ে কলে,
নাগালেণ্ডত হোৱা অবৈধ কয়লা খনন অসম চৰকাৰে অকলে বন্ধ কৰিব নোৱাৰে।
বুজিলোঁ।
📍কিন্তু এইটো বুজাওক যে অবৈধ কয়লা অসমৰ মাটিয়েদি কেনেকৈ অহা যোৱা কৰিছে ?
📍নাগালেণ্ড চৰকাৰৰ লগত কি আলোচনা কৰিলে?
নে আজিলৈকে নাই কৰা ?
📍যদি নাই কৰা, চলি থকা dumper বিলাক অসমৰ
📍মাটিত কয়লা লৈ চলি থকাৰ অনুমতি কোনে দিলে ?
📍কিমান টকাৰ বিনিময়ত দিলে?
📍সেই টকা কোনে ললে? (টকা অৱশ্যে আমাক নালাগে। চৰকাৰৰ ৰাজহৰ অঙ্কত সোমালেই হল)
নাজানো বুলি মিছা মাতিলে নহব।
কিমান dumper চলিছে, কিমান jcb চলিছে, কিমান কয়লা খান্দিলে, এই সকলো তথ্য চৰকাৰৰ ওচৰত অবৈধ ভাৱে হলেও আছে বুলি সকলোৱে জানে। নাই বুলি কলেও ৰাইজে নামানে। ৰাইজে মাত্ৰ নামাতে। কেতিয়াবা ভয়ত, কেতিয়াবা লোভত।
ময়ো নামানো। আৰু সকলোৱে এইখিনিও বিশ্বাস কৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইচ্ছা কৰিলে এদিনৰ ভিতৰতে সকলো সমাধান কৰিব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাকে নকৰিলেই ৰাইজৰ সন্দেহৰ আঙুলিৰ পৰা মুখ্যমন্ত্ৰীও হাৰি নাযাব। বনমন্ত্ৰী কিবা মন্ত্ৰীৰ কথা নকলেও হব।

04/08/2026

৭ আগষ্টত মুক্তি পাব OH MY DOG

02/08/2026

বানপানী, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা লোকৰ বাবে SDRF ৰ আৰ্থিক সাহাৰ্য কেনেধৰনেৰে প্ৰদান কৰে । মই পোৱা তথ্য অনুসৰি -
মৃত্যু হোৱা লোকৰ বাবে। - 4,00,000/- টকা
60% তকৈ বেছি স্থায়ী অক্ষমতা হোৱা লোকৰ বাবে
- 2,00,000/-
40%-60% অক্ষম হোৱা লোকৰ বাবে - 74300
গুৰুতৰ আঘাতৰ হোৱা লোকৰ বাবে - 16000
সাধাৰণ গুৰুতৰ আঘাতৰ - 5400
সম্পুৰ্ণ ধ্বংস হোৱা কেঁচা ঘৰ (সমতলত) - 1,20,000
পাহাৰীয়া অঞ্চলত 1,30,000
আংশিক ক্ষতি - 6500 পকাঘৰ
,, ,, - 8000 কেচাঘৰ
কাপোৰ কানিৰ ক্ষতি 2500 প্ৰতি পৰিয়ালৰ বাবে
ঘৰৰ সামগ্ৰী বাচন বৰ্তন আদিৰ বাবে 2500 টকা প্ৰতি পৰিয়ালৰ বাবে ।
কৃষি শস্য 33% তকৈ বেছি ক্ষতি হলে 8500 টকা প্ৰতি হেক্টৰত
বহু বৰ্ষজীবি ফচল নষ্ট হলে 22,500 টকা প্ৰতি হেক্টৰত (সৰ্বাধিক 2 হেক্টৰলৈ পাব)
গৰু, মহ, উট, ঘোঁৰা আদি ডাঙৰ জন্তুৰ মৃত্যুত 37,500 টকা এটা জন্তুৰ বিপৰীতে (সৰ্বাধিক 3 টাৰ বাবে)
ভেড়া , ছাগলী, গাহৰি আদিৰ বাবে 4000 টকাকৈ
হাঁহ কুকুৰা আদিৰ ক্ষতিৰ বাবে প্ৰতি জন্তুৰ বিপৰীতে 100 টকাকৈ সৰ্বাধিক 5000লৈ ক্ষতি পূৰণ দিয়াৰ ব্যৱস্থা আছে।
আপোনাৰ হাতত যদি আৰু তথ্য আছে জনাব আৰু share কৰিব। উপযুক্ত ক্ষতিপূৰণ যাতে উপযুক্ত জনে পায়।

এওঁ লোককো নেদেখোঁ।আপোনালোকে দেখিছেনে কেতিয়াবা।উজনি অসমৰ আটাইতকৈ পুৰণি, আটাইতকৈ বৃহৎ, আটাইতকৈ বেছি মানুহ জৰিত উদ্যোগটোৱে...
01/08/2026

এওঁ লোককো নেদেখোঁ।
আপোনালোকে দেখিছেনে কেতিয়াবা।
উজনি অসমৰ আটাইতকৈ পুৰণি, আটাইতকৈ বৃহৎ, আটাইতকৈ বেছি মানুহ জৰিত উদ্যোগটোৱেই হৈছে চাহ উদ্যোগ। ব্ৰিটিছৰ যুগৰে পৰা এই বেপাৰৰ জৰিয়তে এখিনি মানুহক দাস বনাই চাহাব কেইজন মান কোটিপতি হৈ আছে। হাজাৰ হাজাৰ হেক্টৰ মাটিত চাহ বাগিচাৰ জৰিয়তে ৰাজমহল সাজি বিলাস কৰি আছে কোনোবাই। কিন্তু কেতিয়াও অসমৰ কোনো দুৰ্যোগত এই বাগান বিলাকৰ মালিক সকলক তিলমানো সহায় কৰা দেখা নাই। অৱশ্যে মই চিনিও নাপাওঁ। ঘৰৰ চাৰিওফালে কোম্পানীৰ বাগান। মালিক বিলাকক কিন্তু দেখি পোৱা নাই।
ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কথা কোৱা নাই।
এই কোম্পানী বিলাকে ঘটে ঠিকেই কিন্তু খৰচ নকৰে। শ্ৰমিক সকলৰ পোহৰ, পানী, ৰাস্তা, ৰেচন সকলো চৰকাৰেই দিয়ে। বছেৰেকত এবাৰ পোৱা বোনাছ পইচা কেইটাৰ বাবেও চাহ শ্ৰমিক সকলে আন্দোলন কৰিব লগা হয়। বাগানৰ হস্পিটেল, বাগানৰ এম্বুলেঞ্চৰ অৱস্থা প্ৰায় জৰাজীৰ্ণ অৱস্থাত দেখোঁ। বাগানে বাগানে চৰকাৰে মন্দিৰ, স্কুল বনাই দিছে। চৰ্দাৰ সকললৈ মোবাইল পৰ্য্যন্ত চৰকাৰে যোগান ধৰিছে। সাধাৰণ জনতাতকৈ বেছি গুৰুত্ব দিছে চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক সকলক। এইয়া ভাল কথা।
কিন্তু চাহ বাগিচাৰ মালিক সকলে কি কৰিছে। বাগানৰ মাজৰ সাধাৰণ বাট এটাও আজিলৈকে ঠিক কৰা নাই। সেই তাহানিৰ জৰাজীৰ্ণ কোৱাটাৰ কেইটা।
কেৱল ঘটিছে।
অসমৰ কোনো দুৰ্যোগৰ সময়ত কোনো চাহ বাগিচাৰ মালিকক দেখা নাপাওঁ। ভাৰত নালাগে, বিদেশৰ পৰা আহি অসমৰ দুৰ্যোগৰ সময়ত, এই ভয়ংকৰ বানপানীৰ সময়ত বানত ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত সকলো থিয় দিলে। যিসকল আহিব পাৰে বুলি অসমৰ জনতাই কল্পনাও কৰা নাছিল সেই সকলো আহিল। আমাৰ অসমত টকা ঘটি, আমাৰ অসমৰ ৰাইজক দাস বনাই মালিক হোৱা চাহাব সকল কিন্তু নাহিল। শিৱসাগৰ, চৰাইদেউ, যোৰহাট বানপানীত উটি গল। কিন্তু এই জিলা সমূহতে টকা ঘটা চাহাব সকল নাহিল। ডাঙৰ ডাঙৰ চাহৰ ফেক্টৰী খুলি অসমৰ মাটিৰ সাৰ খায় বিলাতী হোৱা চাহাব সকলক কিন্তু নেদেখিলোঁ বানপানীৰ সময়ত। কত থাকে এওঁলোক। দেখিছেনে কোনোবাই।

আজমলে 2 কোটি দিয়া,মন্ত্ৰী বিধায়কে লাখ টকা দিয়া , কোনোবা উদ্যোগ পতিয়ে লাখ টকা দিয়া, আদানীয়ে কোটি টকা দিয়া, আৰু আমাৰ ...
01/08/2026

আজমলে 2 কোটি দিয়া,
মন্ত্ৰী বিধায়কে লাখ টকা দিয়া ,
কোনোবা উদ্যোগ পতিয়ে লাখ টকা দিয়া,
আদানীয়ে কোটি টকা দিয়া, আৰু
আমাৰ (ৰামু)কায়ে দহ কিলো চাউল দিয়া,
একেই কথা।
পাৰ্থক্য মাত্ৰ এটাই, ৰামুকায়ে চাউল কেইটা দিওঁতে ফটোখন তুলিবলৈ কোনো নাছিল। বাকীসকলৰ আগত কেমেৰাৰ লাইন এটা আছিল।

Address

Dibrugarh

Telephone

+919531035260

Website

Alerts

Be the first to know and let us send you an email when Troilokya Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Troilokya Nath:

Shortcuts

Share