23/07/2024
অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত, গুৱাহাটীৰ স্বেচ্ছাসেৱী সংগঠন "নিলয়" ৰ সহযোগত আমি গোলাঘাট ৰাংঢালী গাঁৱৰ "জাগ্ৰত কলা-কৃষ্টি কেন্দ্ৰ" ই গোলাঘাটৰ 6 খন চাহ বাগিচাত "পুষ্টিহীনতা", "মানৱ সৰবৰাহ", "ঋতুশ্ৰাৱৰ স্বাস্থ্য বিধি" আৰু "জাপানীজ এনকেফ্লাইটিছ" বিষয়ক সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰোঁ ।
এই চেগতে, অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয় আৰু গুৱাহাটীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন "নিলয়" ক অশেষ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । আগলৈও ৰাইজৰ কল্যাণৰ বাবে এনেধৰণৰ অনুষ্ঠানত আমাক সুযোগ দিব বুলি আমি আশাবাদী 😊🤗🙏🙏