14/10/2025
দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ এসময়ৰ এগৰাকী অক্লান্ত কৰ্মী প্ৰয়াত অনত চন্দ্ৰ ডেকা দেৱৰ যোৱা ০৫-১০-২০২৫ তাৰিখে ১০২ বছৰ ০৭ মাহ ১৩ দিন বয়সত পৰলোক প্ৰাপ্তি ঘটে । দীঘিৰপাৰ শ্ৰীশ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতি আৰু ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়- ববীয়া তথা সদস্য সকলে প্ৰয়াত অনত চন্দ্ৰ ডেকা দেৱৰ গৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰা হয়। মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰি প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনোৱা হয়। ওম শান্তি, ওম শান্তি, ওম শান্তি।