09/03/2024
মহাদেৱৰ লাভষ্টৰী 💕💕💕
পুৰাণৰ দিনৰ এটি কাহিনী৷ নায়িকা এগৰাকী সুন্দৰী৷ প্ৰেমত পৰিল এজন দিব্য পুৰুষৰ৷ হ’লেই যেনিবা দিব্য পুৰুষ৷ ষ্টেটাছ চিম্বল নিমিলিলে নায়িকাৰ পিতৃয়ে সেই প্ৰেম মানি ল’বই বা কিয়? সেয়ে কঠোৰ পিতৃয়ে লগে লগে নাকচ কৰিলে মৰমৰ কন্যাৰ নিভৃত প্ৰেম৷ প্ৰেয়সীৰ পৰিয়ালৰ সৈতে ষ্টেটাছ ছিম্বল নিমিলা এই প্ৰেমিকজন কোন জানেনে? তেওঁ হৈছে দেৱাদিদেৱ মহাদেৱ শিৱ৷
প্ৰেয়সীৰ পিতৃ আছিল ৰজা দক্ষ৷ ৰাজকুমাৰী হৈয়ো ভাঙৰ নিচাত ডুবি থকা বাঘৰ ছাল পিন্ধি অনাই-বনাই ঘূৰি-ফুৰা শিৱৰ প্ৰেমত পৰা বাবে খঙত জ্বলি-পকি উঠিছিল দক্ষৰাজ৷ কিন্তু পিতৃৰ সেই খঙে কন্যাৰ প্ৰেম অধিক গাঢ়হে কৰিলে৷ পিতৃৰ কথালৈ কোনো ভ্ৰূক্ষেপ নকৰি সতীয়ে ত্যাজ্যাকন্যা হ’বলৈকো কুণ্ঠাবোধ নকৰি শিৱৰ ডিঙিত মালা পিন্ধাই আৰম্ভ কৰিলে সংসাৰ৷
কন্যাই এনেদৰে ষ্টেটাছ ধূলিস্যাৎ কৰাত মনে মনে প্ৰতিশোধপৰায়ণ হৈ পৰিল দক্ষ৷ কিদৰে শিৱক সকলোৰে সমুখত অপমানিত কৰি কন্যাক কথাবোৰ বুজাই দিব পাৰি তেওঁ সেই সুযোগৰ অপেক্ষাত ৰ’ল৷
সুযোগ আহিও গ’ল৷ তেওঁ আয়োজন কৰিলে এখন ৰাজকীয় বিশাল যজ্ঞৰ৷ সেই যজ্ঞলৈ আমন্ত্ৰণ জনোৱা হ’ল সকলো দেৱতাকে৷ কেৱল বাদ দিয়া হ’ল কন্যাক প্ৰেমেৰে হৰি নিয়া হৰ হৰ মহাদেৱক৷ অহুকাণে-পহুকাণে খবৰটো বিয়পি পৰিল৷ নিজ স্বামীক আপোন পিতৃয়ে কৰা এই অপমান সহিব নোৱাৰি কান্দি-কাটি বাউলী হৈ পৰিল সতী৷
পিতৃয়ে ইমান বিশাল যজ্ঞৰ আয়োজন কৰিছে আৰু কন্যা হৈ সেই যজ্ঞলৈ নাযাব! এয়া কিদৰে সম্ভৱ? কিন্তু শিৱই কোনো কাৰণতে মান্তি নহয়৷ ষ্টেটাছ নিমিলিল বুলিয়েই আত্মসন্মান বিসৰ্জন দিয়াবিধৰ তেওঁ নহয়৷ সেয়ে তেওঁ ‘ময়ো নাযাও, তুমিও যাব নালাগে’ বুলি শেষ সিদ্ধান্ত শুনাই দিলে যদিও কান্দি-কাটি সতী পিতৃগৃহ গৈ ওলাল৷
পিতৃগৃহ পোৱাৰ পিছতে চৌদিশে দক্ষৰ অনুগামীসকলে স্বামী শিৱক কৰা তুচ্চ-তাচ্চিল্য সহিব নোৱাৰি যজ্ঞৰ জুইত জাপ দি সতীয়ে ছুইচাইড কৰিলে৷ এই খবৰ পাই এনেয়ে টেনছনত থকা শিৱই যজ্ঞস্থলী পাই সকলো কাণ্ডৰ মূল দক্ষক ভস্ম কৰি সতীৰ মৃতদেহ কান্ধত লৈ আৰম্ভ কৰিলে তাণ্ডৱ নৃত্য৷
শিৱৰ এনে প্ৰলয় নৃত্য দেখি বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ অদৃশ্য কৰি পেলালে৷ ইয়াৰ পিছতে পত্নী শোকত দগ্ধ শিৱই বৈৰাগ্য জীৱন গ্ৰহণ কৰি হিমালয়ৰ এটি গুহাত ধ্যানত মগ্ন হৈ পৰে৷ আৰু এনেদৰেই মহিলাসকলৰ মনৰ দেৱতা হৈ উঠে মহাদেৱ৷ কিয়নো সেই বহুবিবাহৰ যুগতো পত্নীৰ প্ৰেমতেই মগ্ন আছিল বাঘছাল পিন্ধা জটিয়া-ভাঙুৰা শিৱ৷ সতীৰ দেহত্যাগৰ পিছতো দ্বিতীয় পত্নী গ্ৰহণ কৰাতো দূৰৈৰ কথা, অন্য নাৰীৰ দিশে মূৰ তুলিও চোৱা নাছিল কাহিনীৰ নায়কে৷
হয়তো সেয়ে দেৱতাকুলৰ মাজত কৃষ্ণই চিৰপ্ৰেমিক আখ্যা পালেও, পাৰফেক্ট হাজবেণ্ড বুলি ক’লে শিৱৰ বাদে সেই ঠাই আন কোনেও ল’ব নোৱাৰে৷ কথা হ’ল শিৱৰ লাভ ষ্ট’ৰী ইমানতে শেষ নেকি? নিশ্চয় নহয়৷ তেন্তে কি সেই বাকী থকা কাহিনী?
পৰজনমৰ শুভলগনত যদিহে আমাৰ হয় দেখা....৷ দক্ষৰ যজ্ঞত প্ৰাণবিসৰ্জন দিয়াৰ সময়তে পৰজন্মত শিৱক পাবলৈ অংগীকাৰ কৰিছিল সতীয়ে৷ এই অনুযায়ী পৰ্বতৰাজ হিমালয়ৰ ঘৰত কন্যা ৰূপে ওপজে সতী৷ পৰ্বত কন্যা বাবেই এই জন্মত সতীৰ নাম ৰখা হয় পাৰ্বতী৷ সৰুৰে পৰা শিৱভক্ত হৈ পৰিছিল পাৰ্বতী৷ তেনেতে এদিন নাৰদ আহি তেওঁক পূৰ্ব জন্মৰ কথা মনত পেলাই দিয়াত শিৱক স্বামীৰূপে পাবলৈ ব্যাকুল হৈ পৰে৷ এই ব্যাকুলতা যাতে ছুইট ড্ৰীমৰ পৰা ৰিয়েল হৈ পৰে তাৰ বাবে গভীৰভাৱে আৰম্ভ কৰে শিৱ তপস্যা৷
বিপৰীতে শিৱই নিজৰ ধ্যানতে মগ্ন হৈ থাকিল৷ গতিকে কিদৰে এতিয়া এই কথা শিৱৰ কাণত পেলোৱা যায়? বিষয়টোক লৈ দেৱতাসকলো চিন্তিত হৈ পৰিল৷ ইয়াৰ মাজতে ব্ৰহ্মাই নেশ্যনেলিষ্ট নে এণ্টিনেশ্যনেলিষ্ট সেয়া নোচোৱাকৈ তপস্যাত সন্তুষ্ট হৈ নৰকাসুৰৰ পুত্ৰ তাৰকাসুৰক বৰ দি পেলালে৷ এই বৰ লৈ তেওঁ দেৱতাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে৷ ইন্দ্ৰক গতিয়াই বাহিৰ কৰি নিজে স্বৰ্গৰ সিংহাসনত বহি ল’লে তাৰকাসুৰ৷ উপায়হীন হৈ সকলো দেৱতাই শিৱৰ কাষলৈ যাবলৈ মন মেলিলে৷ কিন্তু স্ব-নিৰ্বাসিত শিৱৰ ওচৰলৈ যায় কেনেকৈ?
অৱশেষত এই প্ৰব্লেমৰ ছলিউশ্যন উলিয়ালে জগতৰ পালনকৰ্তা বিষ্ণুৱে৷ ছলিউশ্যন উলিয়ালে যদিও ‘কিন্তু’ এটা ৰৈ গ’ল৷ ছলিউশ্যন অনুযায়ী তাৰকাসুৰক বধিবৰ বাবে এক্সট্ৰা পাৱাৰফুল দেৱতাৰ প্ৰয়োজন৷ আৰু ইয়াৰ বাবে শিৱৰ সৈতে পাৰ্বতীৰ শুভ-বিবাহৰ দৰকাৰ৷ এই বিবাহৰ পিছত জন্ম হোৱা পুত্ৰসন্তানেই হ’ব তাৰকাসুৰৰ কিলাৰ৷
ছলিউশ্যন অনুযায়ী কাম আগবঢ়োৱাৰ দায়িত্ব দিয়া হ’ল নাৰদক৷ নাৰদে সমস্যাৰ কথা বিৱৰি ক’লে হিমালয়ক৷ দক্ষৰ বিপৰীত আছিল হিমালয়৷ ষ্টেটাছ চিম্বলক গুৰুত্ব দিয়াতো তেওঁ পচন্দ নকৰিছিল৷ সেয়ে লগে লগেই তেওঁ নাৰদৰ কথাত সন্মতি জনালে৷ পত্নী মেনকাই আপত্তি কৰিছিল যদিও সেয়া নৰজিল৷
হিমালয়ে নাৰদৰ কথা শুনি শিৱৰ তপস্যাস্থলীলৈ গৈ শিৱ বন্দনা আৰম্ভ কৰিলে৷ শিৱয়ো হিমালয়ত তপস্যা কৰিবলৈ পাই হিমালয়ৰাজৰ আগত নিজৰ সন্তুষ্টি ব্যক্ত কৰিলে৷ সামান্য আলাপৰ অন্তত কন্যা পাৰ্বতীক সখীসহ শিৱই তপস্যা কৰা স্থানৰ কাষত ৰাখিব বিচাৰে বুলি কৈ তাৰ ব্যৱস্থা কৰি হিমালয়ৰাজে গমন কৰিলে দৰবাৰ অভিমুখে৷
পাৰ্বতীয়ে শিৱৰ সমুখতে শিৱক পূজিবলৈ ল’লে৷ কিন্তু দেৱতাসকলৰ প্লেনমতে কাম হোৱা দেখা নগ’ল৷ পাৰ্বতীয়ো হতাশ হৈ পৰিল৷ এইবাৰ দায়িত্ব দিয়া হ’ল কামদেৱ শ্ৰী শ্ৰী মদনক৷ দায়িত্ব পোৱা মাত্ৰকে অপাৰেশ্যন ষ্টাৰ্ট কৰিলে কামদেৱে৷ অপাৰেশ্যন চাকছেছো হোৱা যেন লাগিল৷
কামদেৱে দায়িত্ব লোৱাৰ পিছতে সখীসৱৰ সৈতে থকা পাৰ্বতীক দেখি তপস্যাৰ মাজতে শিৱৰ দিল ধৰক ধৰক কৰিবলৈ ধৰিলে৷ এই যেন কাষলৈ গৈ আই লাভ ইউ পাৰ্বতী বুলি ক’ব তেনে ভাৱ হ’ল৷ ভাৱ হোৱাই নহয়, পাৰ্বতীৰ প্ৰেমত পৰিব বুলি ধৰিয়েই লৈছিল মহাদেৱে৷
কিন্তু যোগবলৰ জৰিয়তে জানিলে যে পাৰ্বতীৰ ভক্তি আছে, তপস্যা নাই৷ অৰ্থাৎ এতিয়াও তেওঁৰ প্ৰেম পাবলৈ পাৰ্বতী উপযুক্ত হৈ উঠা নাই৷ তেন্তে এই আকৰ্ষণ কিয়? অসহায় হৈ ইফালে-সিফালে চাওতেই গুহাৰ সমুখত দেখিলে যে মদনে মুখ টিপি হাঁহি আছে৷ দৃশ্য দেখি সমগ্ৰ ক্ৰোধ আহি তৃতীয় নয়ন পালে৷ সেই সমস্ত ক্ৰোধ অগ্নি মিছাইল হৈ মদনৰ ওপৰত বৰষিলে৷
তৎমুহূৰ্ততে ভস্ম হৈ পৰিল মদন৷ হাৱা হৈ গ’ল হিমালয়ৰ সেই গুহাৰ পাৰ্কময় পৰিৱেশ৷ বিৰক্ত হৈ শিৱই উক্ত স্থান পৰিত্যাগ কৰি আৰু গভীৰ গুহাত প্ৰৱেশ কৰিলে য’ত তেওঁক কোনেও আমনি কৰিব নোৱাৰে৷ দৃশ্য দেখি হায়ৈ-বিয়ৈকৈ কান্দি উঠিল পাৰ্বতী৷
আকৌ বৈঠকত বহিল দেৱগণ৷ বৈঠকত সিদ্ধান্ত হ’ল যে পাৰ্বতীয়েই সমস্যাৰ সমাধান কৰিব পাৰিব৷ দেৱগণে পাৰ্বতীক আহি ৰিকুৱেষ্ট কৰিলে শিৱক পাব পৰাকৈ তপস্যা কৰিবলৈ৷ শিৱক পোৱাৰ এনে এটা উপায়ৰ কথা জানি তেওঁ হাঁহিমুখে তপস্যা আৰম্ভ কৰিলে৷ মাজতে নাৰদে দেৱতাকূলৰ প্ৰতিনিধি হৈ শিৱক লগ কৰি সকলো বিৱৰি ক’লে৷ চকু মুদি থাকিও সকলো দিব্যদৃষ্টিৰে দেখি থকা শিৱই নীৰৱে নাৰদৰ কথা শুনি গ’ল যদিও হা-না একো নক’লে৷
আনহাতে কঠোৰতকৈয়ো কঠোৰ তপস্যাত ব্ৰতী হৈ পৰিল পাৰ্বতী৷ তেনেতে এদিন পাৰ্বতীৰ সমুখত আহি হাজিৰ হ’ল এজন বৃদ্ধ ব্ৰাহ্মণ৷ তপস্যাৰত কিশোৰী কন্যাক দেখি অবাক হৈ ইয়াৰ কাৰণ কি সুধিলে? পাৰ্বতীয়ে বিৱৰি ক’লে সমস্ত কথা৷ সকলো শুনি বিগলিত কণ্ঠেৰে ক’লে যে শিৱৰ দৰে এজন ভাঙৰ নিচাত ডুবি থকা, য’তে ৰাতি ত’তে কাটি হোৱা অল্ড মডেলৰ লোকৰ বাবে তপস্যা কৰাতো টাইম বৰ্বাদ কৰাৰ বাদে একো নহয়৷
এনেদৰে বৃদ্ধ ব্ৰাহ্মণজনে শিৱৰ কথা আৰু বেয়াকৈ ক’বলৈ ধৰাত ক্ষুব্ধ হৈ পৰিল পাৰ্বতী৷ অতিথি বাবেহে সকলো সহ্য কৰি আছে বুলি কৈ পাৰ্বতীয়ে ব্ৰাহ্মণক সতৰ্ক কৰি দিলে৷ কিন্তু ইমানৰ পিছতো ব্ৰাহ্মণজনে শান্ত হৈ পাৰ্বতীক শিৱক লৈ পাগলামি নকৰিবলৈ পৰামৰ্শ দি থাকিবলৈ ধৰিলে৷ পৰামৰ্শ শুনি পাৰ্বতী খঙৰ ভমকত একো নাই হৈ পৰিল৷ পাৰ্বতীৰ খং দেখি সখীসকল দৌৰি আহি তাৰ পৰা আতৰাই নিবলৈ চেষ্টা কৰিলে৷
তেনেতে বৃদ্ধ ব্ৰাহ্মণে হাঁহি মাৰি ক’লে, ‘আৰু পৰীক্ষাৰ দৰকাৰ নাই, তোমাৰ তপস্যা পূৰ্ণ হৈছে পাৰ্বতী৷ মই সন্তুষ্ট৷’ এই কথা শুনি সখীসকল থৰ হৈ পৰিল৷ ক্ষন্তেক পিছতে দেখে যে সমুখত বৃদ্ধ ব্ৰাহ্মণজন নাই৷ তাৰ পৰিৱৰ্তে থিয় হৈ আছে স্বয়ং শিৱ৷ দৃশ্য দেখি অবাক পাৰ্বতী৷ পাৰ্বতীক লৈ শিৱই নিজ গৃহলৈ যাবলৈ লওঁতেই সখীসকলে ক’লে যে এনেকৈ নহয়, বৰযাত্ৰী হৈ আহিহে লৈ যাব লাগে৷ শিৱয়ো ভাবিলে যে ইমানদিনে অত কষ্ট দিয়া হ’ল, গতিকে শুভ-বিবাহৰে আয়োজন হওক৷
যথাৰীতি বিয়াৰ সকলো প্ৰস্তুতি চলিল৷ কইনা গৃহত উথপথপ পৰিৱেশ৷ আনফালে দৰাগৃহত মহা জঞ্জাল৷ দৰা সজাই সজাই সকলো ভাগৰি পৰিল৷ শিৱৰ পচন্দ নহয় হে নহয়৷ শেষত সকলোৱে শিৱক নিজৰ মতে ওলাবলৈ ক’লে৷ লগে লগে হাঁহি মাৰি শিৱই ধূতি, অংগবস্ত্ৰ, ভূষণ সলাই বাঘছাল, সৰ্পমালা, ছাই সানি ষাঁড়ৰ পিঠিত উঠিয়েই যাত্ৰা আৰম্ভ কৰিলে৷ লগত ল’লে ভূত-প্ৰেত৷ সমুখত আহিছে দেৱতাগণো৷ এনেকৈ ভোলে বম, ভোলে বম ধ্বনিৰে কইনাঘৰৰ পদূলি পালে শিৱৰ বৰযাত্ৰী৷
কইনাগৃহত সকলো দৰাক চাবলৈ উদগ্ৰীৱ৷ হিমালয় পত্নী মেনকাৰ জোৱাইক আদৰিবলৈ ৰৈ ৰৈ গাত তত নাইকিয়া হৈ পৰিছে৷ ইন্দ্ৰক দেখি ভাবিছে এইজনেই জোৱাই৷ আকৌ বৰুণক দেখি ভাবিছে এইজনেই হ’ব৷ এনেদৰে এজনৰ পিছত এজন দেৱতাক জোৱাই ভাবি ভাবি গৈ আছে মেনকাই৷ কিন্তু বৰ ৰূপী জোৱাই এজনো নাহে হে নাহে৷ তেনেতে সেই অদ্ভূত বেশভূষাৰে আহি পালে বৰ শিৱ৷ আৰু শিৱক দেখিয়ে মূৰ ঘূৰাই মাটিত পৰি গ’ল মেনকা৷
মেনকা মূৰ্ছা গ’ল যেতিয়া দৰাক কোনে বৰণ কৰিব? সমস্যা দেখি নাৰদ আগুৱাই আহি মনে মনে শিৱক বৰৰূপ ধৰিবলৈ অনুৰোধ কৰিলে৷ শিৱয়ো পৰিস্থিতি দেখি বৰ ৰূপ ধৰিলে৷ মেনকাৰ মূৰত পানী ঢলাত সম্বিৎ ঘূৰাই পালে৷ তাৰ পিছত বৰৰূপী শিৱক দেখি আনন্দ মনেৰে ৰভাতলীলৈ আদৰি নিলে৷ ধুমধামেৰে বিয়া হৈ গ’ল৷ সময়ত তেওঁলোকৰ কোলা শুৱনি কৰিলে কাৰ্তিকে৷ এই কাৰ্তিকৰ হাততে দেৱগণৰ প্লেন অনুযায়ী নিধন হ’ল তাৰকাসুৰৰ৷ 🙏
✍️ সংগৃহীত (উৎস - ফেচবুক)
Jonack2.0