Unknown Facts

Unknown Facts Welcome To
DARK Tubes
Page. Thank you �

Do You Know here's The Amazing Facts about Nature
16/01/2026

Do You Know
here's The Amazing Facts about Nature

Jai Shree Krishna 💚
18/03/2025

Jai Shree Krishna 💚

13/03/2025


মহাদেৱৰ লাভষ্টৰী 💕💕💕পুৰাণৰ দিনৰ এটি কাহিনী৷ নায়িকা এগৰাকী সুন্দৰী৷ প্ৰেমত পৰিল এজন দিব্য পুৰুষৰ৷ হ’লেই যেনিবা দিব্য পুৰু...
09/03/2024

মহাদেৱৰ লাভষ্টৰী 💕💕💕

পুৰাণৰ দিনৰ এটি কাহিনী৷ নায়িকা এগৰাকী সুন্দৰী৷ প্ৰেমত পৰিল এজন দিব্য পুৰুষৰ৷ হ’লেই যেনিবা দিব্য পুৰুষ৷ ষ্টেটাছ চিম্বল নিমিলিলে নায়িকাৰ পিতৃয়ে সেই প্ৰেম মানি ল’বই বা কিয়? সেয়ে কঠোৰ পিতৃয়ে লগে লগে নাকচ কৰিলে মৰমৰ কন্যাৰ নিভৃত প্ৰেম৷ প্ৰেয়সীৰ পৰিয়ালৰ সৈতে ষ্টেটাছ ছিম্বল নিমিলা এই প্ৰেমিকজন কোন জানেনে? তেওঁ হৈছে দেৱাদিদেৱ মহাদেৱ শিৱ৷

প্ৰেয়সীৰ পিতৃ আছিল ৰজা দক্ষ৷ ৰাজকুমাৰী হৈয়ো ভাঙৰ নিচাত ডুবি থকা বাঘৰ ছাল পিন্ধি অনাই-বনাই ঘূৰি-ফুৰা শিৱৰ প্ৰেমত পৰা বাবে খঙত জ্বলি-পকি উঠিছিল দক্ষৰাজ৷ কিন্তু পিতৃৰ সেই খঙে কন্যাৰ প্ৰেম অধিক গাঢ়হে কৰিলে৷ পিতৃৰ কথালৈ কোনো ভ্ৰূক্ষেপ নকৰি সতীয়ে ত্যাজ্যাকন্যা হ’বলৈকো কুণ্ঠাবোধ নকৰি শিৱৰ ডিঙিত মালা পিন্ধাই আৰম্ভ কৰিলে সংসাৰ৷

কন্যাই এনেদৰে ষ্টেটাছ ধূলিস্যাৎ কৰাত মনে মনে প্ৰতিশোধপৰায়ণ হৈ পৰিল দক্ষ৷ কিদৰে শিৱক সকলোৰে সমুখত অপমানিত কৰি কন্যাক কথাবোৰ বুজাই দিব পাৰি তেওঁ সেই সুযোগৰ অপেক্ষাত ৰ’ল৷

সুযোগ আহিও গ’ল৷ তেওঁ আয়োজন কৰিলে এখন ৰাজকীয় বিশাল যজ্ঞৰ৷ সেই যজ্ঞলৈ আমন্ত্ৰণ জনোৱা হ’ল সকলো দেৱতাকে৷ কেৱল বাদ দিয়া হ’ল কন্যাক প্ৰেমেৰে হৰি নিয়া হৰ হৰ মহাদেৱক৷ অহুকাণে-পহুকাণে খবৰটো বিয়পি পৰিল৷ নিজ স্বামীক আপোন পিতৃয়ে কৰা এই অপমান সহিব নোৱাৰি কান্দি-কাটি বাউলী হৈ পৰিল সতী৷

পিতৃয়ে ইমান বিশাল যজ্ঞৰ আয়োজন কৰিছে আৰু কন্যা হৈ সেই যজ্ঞলৈ নাযাব! এয়া কিদৰে সম্ভৱ? কিন্তু শিৱই কোনো কাৰণতে মান্তি নহয়৷ ষ্টেটাছ নিমিলিল বুলিয়েই আত্মসন্মান বিসৰ্জন দিয়াবিধৰ তেওঁ নহয়৷ সেয়ে তেওঁ ‘ময়ো নাযাও, তুমিও যাব নালাগে’ বুলি শেষ সিদ্ধান্ত শুনাই দিলে যদিও কান্দি-কাটি সতী পিতৃগৃহ গৈ ওলাল৷

পিতৃগৃহ পোৱাৰ পিছতে চৌদিশে দক্ষৰ অনুগামীসকলে স্বামী শিৱক কৰা তুচ্চ-তাচ্চিল্য সহিব নোৱাৰি যজ্ঞৰ জুইত জাপ দি সতীয়ে ছুইচাইড কৰিলে৷ এই খবৰ পাই এনেয়ে টেনছনত থকা শিৱই যজ্ঞস্থলী পাই সকলো কাণ্ডৰ মূল দক্ষক ভস্ম কৰি সতীৰ মৃতদেহ কান্ধত লৈ আৰম্ভ কৰিলে তাণ্ডৱ নৃত্য৷

শিৱৰ এনে প্ৰলয় নৃত্য দেখি বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ অদৃশ্য কৰি পেলালে৷ ইয়াৰ পিছতে পত্নী শোকত দগ্ধ শিৱই বৈৰাগ্য জীৱন গ্ৰহণ কৰি হিমালয়ৰ এটি গুহাত ধ্যানত মগ্ন হৈ পৰে৷ আৰু এনেদৰেই মহিলাসকলৰ মনৰ দেৱতা হৈ উঠে মহাদেৱ৷ কিয়নো সেই বহুবিবাহৰ যুগতো পত্নীৰ প্ৰেমতেই মগ্ন আছিল বাঘছাল পিন্ধা জটিয়া-ভাঙুৰা শিৱ৷ সতীৰ দেহত্যাগৰ পিছতো দ্বিতীয় পত্নী গ্ৰহণ কৰাতো দূৰৈৰ কথা, অন্য নাৰীৰ দিশে মূৰ তুলিও চোৱা নাছিল কাহিনীৰ নায়কে৷

হয়তো সেয়ে দেৱতাকুলৰ মাজত কৃষ্ণই চিৰপ্ৰেমিক আখ্যা পালেও, পাৰফেক্ট হাজবেণ্ড বুলি ক’লে শিৱৰ বাদে সেই ঠাই আন কোনেও ল’ব নোৱাৰে৷ কথা হ’ল শিৱৰ লাভ ষ্ট’ৰী ইমানতে শেষ নেকি? নিশ্চয় নহয়৷ তেন্তে কি সেই বাকী থকা কাহিনী?

পৰজনমৰ শুভলগনত যদিহে আমাৰ হয় দেখা....৷ দক্ষৰ যজ্ঞত প্ৰাণবিসৰ্জন দিয়াৰ সময়তে পৰজন্মত শিৱক পাবলৈ অংগীকাৰ কৰিছিল সতীয়ে৷ এই অনুযায়ী পৰ্বতৰাজ হিমালয়ৰ ঘৰত কন্যা ৰূপে ওপজে সতী৷ পৰ্বত কন্যা বাবেই এই জন্মত সতীৰ নাম ৰখা হয় পাৰ্বতী৷ সৰুৰে পৰা শিৱভক্ত হৈ পৰিছিল পাৰ্বতী৷ তেনেতে এদিন নাৰদ আহি তেওঁক পূৰ্ব জন্মৰ কথা মনত পেলাই দিয়াত শিৱক স্বামীৰূপে পাবলৈ ব্যাকুল হৈ পৰে৷ এই ব্যাকুলতা যাতে ছুইট ড্ৰীমৰ পৰা ৰিয়েল হৈ পৰে তাৰ বাবে গভীৰভাৱে আৰম্ভ কৰে শিৱ তপস্যা৷

বিপৰীতে শিৱই নিজৰ ধ্যানতে মগ্ন হৈ থাকিল৷ গতিকে কিদৰে এতিয়া এই কথা শিৱৰ কাণত পেলোৱা যায়? বিষয়টোক লৈ দেৱতাসকলো চিন্তিত হৈ পৰিল৷ ইয়াৰ মাজতে ব্ৰহ্মাই নেশ্যনেলিষ্ট নে এণ্টিনেশ্যনেলিষ্ট সেয়া নোচোৱাকৈ তপস্যাত সন্তুষ্ট হৈ নৰকাসুৰৰ পুত্ৰ তাৰকাসুৰক বৰ দি পেলালে৷ এই বৰ লৈ তেওঁ দেৱতাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে৷ ইন্দ্ৰক গতিয়াই বাহিৰ কৰি নিজে স্বৰ্গৰ সিংহাসনত বহি ল’লে তাৰকাসুৰ৷ উপায়হীন হৈ সকলো দেৱতাই শিৱৰ কাষলৈ যাবলৈ মন মেলিলে৷ কিন্তু স্ব-নিৰ্বাসিত শিৱৰ ওচৰলৈ যায় কেনেকৈ?

অৱশেষত এই প্ৰব্লেমৰ ছলিউশ্যন উলিয়ালে জগতৰ পালনকৰ্তা বিষ্ণুৱে৷ ছলিউশ্যন উলিয়ালে যদিও ‘কিন্তু’ এটা ৰৈ গ’ল৷ ছলিউশ্যন অনুযায়ী তাৰকাসুৰক বধিবৰ বাবে এক্সট্ৰা পাৱাৰফুল দেৱতাৰ প্ৰয়োজন৷ আৰু ইয়াৰ বাবে শিৱৰ সৈতে পাৰ্বতীৰ শুভ-বিবাহৰ দৰকাৰ৷ এই বিবাহৰ পিছত জন্ম হোৱা পুত্ৰসন্তানেই হ’ব তাৰকাসুৰৰ কিলাৰ৷

ছলিউশ্যন অনুযায়ী কাম আগবঢ়োৱাৰ দায়িত্ব দিয়া হ’ল নাৰদক৷ নাৰদে সমস্যাৰ কথা বিৱৰি ক’লে হিমালয়ক৷ দক্ষৰ বিপৰীত আছিল হিমালয়৷ ষ্টেটাছ চিম্বলক গুৰুত্ব দিয়াতো তেওঁ পচন্দ নকৰিছিল৷ সেয়ে লগে লগেই তেওঁ নাৰদৰ কথাত সন্মতি জনালে৷ পত্নী মেনকাই আপত্তি কৰিছিল যদিও সেয়া নৰজিল৷

হিমালয়ে নাৰদৰ কথা শুনি শিৱৰ তপস্যাস্থলীলৈ গৈ শিৱ বন্দনা আৰম্ভ কৰিলে৷ শিৱয়ো হিমালয়ত তপস্যা কৰিবলৈ পাই হিমালয়ৰাজৰ আগত নিজৰ সন্তুষ্টি ব্যক্ত কৰিলে৷ সামান্য আলাপৰ অন্তত কন্যা পাৰ্বতীক সখীসহ শিৱই তপস্যা কৰা স্থানৰ কাষত ৰাখিব বিচাৰে বুলি কৈ তাৰ ব্যৱস্থা কৰি হিমালয়ৰাজে গমন কৰিলে দৰবাৰ অভিমুখে৷

পাৰ্বতীয়ে শিৱৰ সমুখতে শিৱক পূজিবলৈ ল’লে৷ কিন্তু দেৱতাসকলৰ প্লেনমতে কাম হোৱা দেখা নগ’ল৷ পাৰ্বতীয়ো হতাশ হৈ পৰিল৷ এইবাৰ দায়িত্ব দিয়া হ’ল কামদেৱ শ্ৰী শ্ৰী মদনক৷ দায়িত্ব পোৱা মাত্ৰকে অপাৰেশ্যন ষ্টাৰ্ট কৰিলে কামদেৱে৷ অপাৰেশ্যন চাকছেছো হোৱা যেন লাগিল৷

কামদেৱে দায়িত্ব লোৱাৰ পিছতে সখীসৱৰ সৈতে থকা পাৰ্বতীক দেখি তপস্যাৰ মাজতে শিৱৰ দিল ধৰক ধৰক কৰিবলৈ ধৰিলে৷ এই যেন কাষলৈ গৈ আই লাভ ইউ পাৰ্বতী বুলি ক’ব তেনে ভাৱ হ’ল৷ ভাৱ হোৱাই নহয়, পাৰ্বতীৰ প্ৰেমত পৰিব বুলি ধৰিয়েই লৈছিল মহাদেৱে৷

কিন্তু যোগবলৰ জৰিয়তে জানিলে যে পাৰ্বতীৰ ভক্তি আছে, তপস্যা নাই৷ অৰ্থাৎ এতিয়াও তেওঁৰ প্ৰেম পাবলৈ পাৰ্বতী উপযুক্ত হৈ উঠা নাই৷ তেন্তে এই আকৰ্ষণ কিয়? অসহায় হৈ ইফালে-সিফালে চাওতেই গুহাৰ সমুখত দেখিলে যে মদনে মুখ টিপি হাঁহি আছে৷ দৃশ্য দেখি সমগ্ৰ ক্ৰোধ আহি তৃতীয় নয়ন পালে৷ সেই সমস্ত ক্ৰোধ অগ্নি মিছাইল হৈ মদনৰ ওপৰত বৰষিলে৷

তৎমুহূৰ্ততে ভস্ম হৈ পৰিল মদন৷ হাৱা হৈ গ’ল হিমালয়ৰ সেই গুহাৰ পাৰ্কময় পৰিৱেশ৷ বিৰক্ত হৈ শিৱই উক্ত স্থান পৰিত্যাগ কৰি আৰু গভীৰ গুহাত প্ৰৱেশ কৰিলে য’ত তেওঁক কোনেও আমনি কৰিব নোৱাৰে৷ দৃশ্য দেখি হায়ৈ-বিয়ৈকৈ কান্দি উঠিল পাৰ্বতী৷

আকৌ বৈঠকত বহিল দেৱগণ৷ বৈঠকত সিদ্ধান্ত হ’ল যে পাৰ্বতীয়েই সমস্যাৰ সমাধান কৰিব পাৰিব৷ দেৱগণে পাৰ্বতীক আহি ৰিকুৱেষ্ট কৰিলে শিৱক পাব পৰাকৈ তপস্যা কৰিবলৈ৷ শিৱক পোৱাৰ এনে এটা উপায়ৰ কথা জানি তেওঁ হাঁহিমুখে তপস্যা আৰম্ভ কৰিলে৷ মাজতে নাৰদে দেৱতাকূলৰ প্ৰতিনিধি হৈ শিৱক লগ কৰি সকলো বিৱৰি ক’লে৷ চকু মুদি থাকিও সকলো দিব্যদৃষ্টিৰে দেখি থকা শিৱই নীৰৱে নাৰদৰ কথা শুনি গ’ল যদিও হা-না একো নক’লে৷

আনহাতে কঠোৰতকৈয়ো কঠোৰ তপস্যাত ব্ৰতী হৈ পৰিল পাৰ্বতী৷ তেনেতে এদিন পাৰ্বতীৰ সমুখত আহি হাজিৰ হ’ল এজন বৃদ্ধ ব্ৰাহ্মণ৷ তপস্যাৰত কিশোৰী কন্যাক দেখি অবাক হৈ ইয়াৰ কাৰণ কি সুধিলে? পাৰ্বতীয়ে বিৱৰি ক’লে সমস্ত কথা৷ সকলো শুনি বিগলিত কণ্ঠেৰে ক’লে যে শিৱৰ দৰে এজন ভাঙৰ নিচাত ডুবি থকা, য’তে ৰাতি ত’তে কাটি হোৱা অল্ড মডেলৰ লোকৰ বাবে তপস্যা কৰাতো টাইম বৰ্বাদ কৰাৰ বাদে একো নহয়৷

এনেদৰে বৃদ্ধ ব্ৰাহ্মণজনে শিৱৰ কথা আৰু বেয়াকৈ ক’বলৈ ধৰাত ক্ষুব্ধ হৈ পৰিল পাৰ্বতী৷ অতিথি বাবেহে সকলো সহ্য কৰি আছে বুলি কৈ পাৰ্বতীয়ে ব্ৰাহ্মণক সতৰ্ক কৰি দিলে৷ কিন্তু ইমানৰ পিছতো ব্ৰাহ্মণজনে শান্ত হৈ পাৰ্বতীক শিৱক লৈ পাগলামি নকৰিবলৈ পৰামৰ্শ দি থাকিবলৈ ধৰিলে৷ পৰামৰ্শ শুনি পাৰ্বতী খঙৰ ভমকত একো নাই হৈ পৰিল৷ পাৰ্বতীৰ খং দেখি সখীসকল দৌৰি আহি তাৰ পৰা আতৰাই নিবলৈ চেষ্টা কৰিলে৷

তেনেতে বৃদ্ধ ব্ৰাহ্মণে হাঁহি মাৰি ক’লে, ‘আৰু পৰীক্ষাৰ দৰকাৰ নাই, তোমাৰ তপস্যা পূৰ্ণ হৈছে পাৰ্বতী৷ মই সন্তুষ্ট৷’ এই কথা শুনি সখীসকল থৰ হৈ পৰিল৷ ক্ষন্তেক পিছতে দেখে যে সমুখত বৃদ্ধ ব্ৰাহ্মণজন নাই৷ তাৰ পৰিৱৰ্তে থিয় হৈ আছে স্বয়ং শিৱ৷ দৃশ্য দেখি অবাক পাৰ্বতী৷ পাৰ্বতীক লৈ শিৱই নিজ গৃহলৈ যাবলৈ লওঁতেই সখীসকলে ক’লে যে এনেকৈ নহয়, বৰযাত্ৰী হৈ আহিহে লৈ যাব লাগে৷ শিৱয়ো ভাবিলে যে ইমানদিনে অত কষ্ট দিয়া হ’ল, গতিকে শুভ-বিবাহৰে আয়োজন হওক৷

যথাৰীতি বিয়াৰ সকলো প্ৰস্তুতি চলিল৷ কইনা গৃহত উথপথপ পৰিৱেশ৷ আনফালে দৰাগৃহত মহা জঞ্জাল৷ দৰা সজাই সজাই সকলো ভাগৰি পৰিল৷ শিৱৰ পচন্দ নহয় হে নহয়৷ শেষত সকলোৱে শিৱক নিজৰ মতে ওলাবলৈ ক’লে৷ লগে লগে হাঁহি মাৰি শিৱই ধূতি, অংগবস্ত্ৰ, ভূষণ সলাই বাঘছাল, সৰ্পমালা, ছাই সানি ষাঁড়ৰ পিঠিত উঠিয়েই যাত্ৰা আৰম্ভ কৰিলে৷ লগত ল’লে ভূত-প্ৰেত৷ সমুখত আহিছে দেৱতাগণো৷ এনেকৈ ভোলে বম, ভোলে বম ধ্বনিৰে কইনাঘৰৰ পদূলি পালে শিৱৰ বৰযাত্ৰী৷

কইনাগৃহত সকলো দৰাক চাবলৈ উদগ্ৰীৱ৷ হিমালয় পত্নী মেনকাৰ জোৱাইক আদৰিবলৈ ৰৈ ৰৈ গাত তত নাইকিয়া হৈ পৰিছে৷ ইন্দ্ৰক দেখি ভাবিছে এইজনেই জোৱাই৷ আকৌ বৰুণক দেখি ভাবিছে এইজনেই হ’ব৷ এনেদৰে এজনৰ পিছত এজন দেৱতাক জোৱাই ভাবি ভাবি গৈ আছে মেনকাই৷ কিন্তু বৰ ৰূপী জোৱাই এজনো নাহে হে নাহে৷ তেনেতে সেই অদ্ভূত বেশভূষাৰে আহি পালে বৰ শিৱ৷ আৰু শিৱক দেখিয়ে মূৰ ঘূৰাই মাটিত পৰি গ’ল মেনকা৷

মেনকা মূৰ্ছা গ’ল যেতিয়া দৰাক কোনে বৰণ কৰিব? সমস্যা দেখি নাৰদ আগুৱাই আহি মনে মনে শিৱক বৰৰূপ ধৰিবলৈ অনুৰোধ কৰিলে৷ শিৱয়ো পৰিস্থিতি দেখি বৰ ৰূপ ধৰিলে৷ মেনকাৰ মূৰত পানী ঢলাত সম্বিৎ ঘূৰাই পালে৷ তাৰ পিছত বৰৰূপী শিৱক দেখি আনন্দ মনেৰে ৰভাতলীলৈ আদৰি নিলে৷ ধুমধামেৰে বিয়া হৈ গ’ল৷ সময়ত তেওঁলোকৰ কোলা শুৱনি কৰিলে কাৰ্তিকে৷ এই কাৰ্তিকৰ হাততে দেৱগণৰ প্লেন অনুযায়ী নিধন হ’ল তাৰকাসুৰৰ৷ 🙏

✍️ সংগৃহীত (উৎস - ফেচবুক)
Jonack2.0

26/11/2023

1000টা val kam Korilo
kuneo gom napale
Edin Mal khalo
Gutei Gaon e Gom pale😒😒😒

19/11/2023
Maaaa Durga 😍😍😍
14/10/2023

Maaaa Durga 😍😍😍

Are You Ready IndiaToday At 3.00 PMGreatest Rivalry Today              Bhargab Deka
02/09/2023

Are You Ready India
Today At 3.00 PM
Greatest Rivalry Today

Bhargab Deka

Address

Darrang

Alerts

Be the first to know and let us send you an email when Unknown Facts posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share