Green Valley Academy, Namberpara,

Green Valley Academy, Namberpara, A Quality Educational Institute, G. V. Academy's President Khan Shajahan Ali Ahmed, Secretary MD. Mojnu Miah,

শুভ সংবাদঃ গ্ৰীনভেলী একাডেমী, নাম্বাৰপাৰা,, Prior Permission লাভ কৰিলেঃ
13/03/2026

শুভ সংবাদঃ গ্ৰীনভেলী একাডেমী, নাম্বাৰপাৰা,, Prior Permission লাভ কৰিলেঃ

30/01/2026

গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক অধিৱেশনত একাংশ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশ কৰা সুন্দৰ এটি আৰাম্ভনি গীত।

22/10/2025

গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাৰ মাননীয় সম্পাদক মজনু মিঞা ছাৰৰ ভাতৃ নুৰুল ইছলামৰ মৃত্যুত নাম্বাৰপাৰাত শোঁকৰ ছা পৰিছে ।
ইছলামৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোঁকসভা অনুষ্ঠিত কৰা হয়।

অসমৰ যুৱপ্ৰজন্মৰ হিয়াৰ আমঠু, মানৱতাবাদী, ঐক্য, সম্প্ৰীতিৰ বাৰ্তাবাহক, ধৰ্মনিৰপেক্ষ জুবিন গাৰ্গৰ আত্মাৰ চিৰ শান্তি কামনা ...
22/09/2025

অসমৰ যুৱপ্ৰজন্মৰ হিয়াৰ আমঠু, মানৱতাবাদী, ঐক্য, সম্প্ৰীতিৰ বাৰ্তাবাহক, ধৰ্মনিৰপেক্ষ জুবিন গাৰ্গৰ আত্মাৰ চিৰ শান্তি কামনা কৰি এক মিনিট মৌনতা অৱলম্বন কৰি শোঁকসভা অনুষ্ঠিত কৰা হয় গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত।

৮ ছেপ্টেম্বৰ তাৰিখে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ ১০০ তম উপজা দিন পালন কৰা হয়।প্ৰাগ নিউজৰ উদ্যোগত আৰু গ্ৰীনভেলী একাডেমী...
09/09/2025

৮ ছেপ্টেম্বৰ তাৰিখে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ ১০০ তম উপজা দিন পালন কৰা হয়।
প্ৰাগ নিউজৰ উদ্যোগত আৰু গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাৰ সহযোগত জন্মদিন পালন কৰা হয়।

গ্ৰীনভেলী একাডেমীত শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰাণভৰি আশিৰ্বাদ কৰিলে ছাত্ৰ ছাত্ৰীকঃ৫ ছেপ্তেম্বৰঃ সংগ্ৰহ ভাৰতবৰ্ষৰ লগতে ৰাজ্য ...
06/09/2025

গ্ৰীনভেলী একাডেমীত শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰাণভৰি আশিৰ্বাদ কৰিলে ছাত্ৰ ছাত্ৰীকঃ

৫ ছেপ্তেম্বৰঃ সংগ্ৰহ ভাৰতবৰ্ষৰ লগতে ৰাজ্য খনৰ বঙাইগাঁও জিলাৰ গ্ৰাম্যাঞ্চল কোকিলা, নাম্বাৰপাৰা, চাকলা, কীৰ্ত্তনপাৰা অঞ্চলৰ প্ৰায় সকলো স্কুল কলেজত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰে।
গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত ৰাতিপুৱা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিছবিত মাল্যৰ্পন কৰি, পুষ্পাঞ্জলি দি শুভাৰম্ভণী কৰে গ্ৰীনভেলী একাডেমীৰ অধ্যক্ষ ৰফিকুল ইছলাম, একাডেমী পৰিচালনা সমিতিৰ সভাপতি খান সাজাহান আলী আহমেদ, সম্পাদক মজনু মিঞা, উপদেষ্টা আবুবক্কাৰ ছিদ্দিকে। একাডেমী পৰিচালনা সমিতি আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসত প্ৰতিগৰাকী শিক্ষক, শিক্ষয়িত্ৰীক ফুলাম গামোচা, কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে, শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰীক প্ৰাণভৰি আশিৰ্বাদ দিয়ে । ছাত্ৰ ছাত্ৰী সকলে মহান ৰাষ্টনেতা, দাৰ্শনিক, সমাজ সংস্কাৰক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ ওপৰত ইংৰাজী, অসমীয়াত ভাষণ দি সকলোকে আপ্লুত কৰে। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলোক উদ্দেশ্য কৰি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি তথ্য সম্বলিত ভাষণ দিয়ে ক্ৰমে গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ জয়নাল আব্দিনে, উপস্থিত থাকে ক্ৰমে নাম্বাৰপাৰা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা নাৰ্জিনা খাতুন, ভাষণ দিয়ে ক্ৰমে
গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবু বক্কৰ ছিদ্দিক, গোলাপাৰা আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হবিবৰ ৰহমান, পিএম শ্ৰী নাম্বাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাডেমীক তত্বাৱধায়ক গুলজাৰ হুছেইন, নাম্বাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ইয়াছিন আলী আহমেদ, নাম্বাৰপাৰা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষক আব্দুল কালাম আজাদ, নাম্বাৰপাৰা তৃতীয় খণ্ড উত্তৰ পূৱ এল পি স্কুলৰ প্ৰধান শিক্ষক সাজাহান আলী আহমেদৰ লগতে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ।

79th Independence day Celebration at Green Valley Academy Namberpara.উলহ মালহেৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে গ...
15/08/2025

79th Independence day Celebration at Green Valley Academy Namberpara.
উলহ মালহেৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী, সন্মানীয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, অভিভাৱক, শুভাকাংক্ষী আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলে।

গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰা,২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ একতা সভা গঠন কৰা হয়।⭐উপ সভানেত্ৰীঃ আনোৱাৰা খাতুন, (দ্বাদশ শ...
12/08/2025

গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰা,
২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ একতা সভা গঠন কৰা হয়।
⭐উপ সভানেত্ৰীঃ আনোৱাৰা খাতুন, (দ্বাদশ শ্ৰেণী)
⭐সাধাৰণ সম্পাদিকাঃ জেৰিফা খাতুন, (দ্বাদশ শ্ৰেণী)
⭐সহকাৰী সাঃ সম্পাদকঃ বাবৰ আলী,( নৱম শ্ৰেণী)
⭐গুৰুখেল বিঃ সম্পাদকঃ ৰুহুল আমিন, (নৱম শ্ৰেণী)
⭐লঘু খেল বিঃ সম্পাদকঃ ৰাকিবুল ইছলাম, (অষ্টম শ্ৰেণী)
⭐আলোচনী সম্পাদিকাঃ ৰুকছানা ওৱাহিদ, (অষ্টম শ্ৰেণী)
⭐সাংস্কৃতিক সম্পাদকঃ দেৱান ইমান আলী, (দ্বাদশ শ্ৰেণী)
⭐সমাজসেৱা সম্পাদিকাঃ হালিমা খাতুন, (অষ্টম শ্ৰেণী)
⭐ছাত্ৰ জিৰণি কোঠা সম্পাদকঃ শাহিল এম ডি হাদি,
⭐ছাত্ৰী জিৰণি কোঠা সম্পাদিকাঃ উম্মে ফাৰাহ ছিদ্দিকা, (অষ্টম শ্ৰেণী)
⭐⭐শ্ৰেণী প্ৰতিনিধিঃ
🔷অংকুৰঃ
🔷পি, পিঃ
🔷প্ৰথম শ্ৰেণীঃ মাৰিয়া নাছৰিণ হাছান,
🔷দ্বিতীয় শ্ৰেণীঃমমিনুৰ ৰহমান,
🔷তৃতীয় শ্ৰেণীঃআশাদুল ইছলাম,
🔷চতুৰ্থ শ্ৰেণীঃ মোঃ মেহেবুব জামান,
🔷পঞ্চম শ্ৰেণীঃ ঈব্ৰাহীম আলী,
🔷ছষ্ঠম শ্ৰেণীঃআখিৰুল মিৰ্ধা,
🔷সপ্তম শ্রেণীঃআতিফুল ইছলাম,
🔷অষ্টম শ্রেণীঃপূৰ্ণিমা ৰবি দাস,
🔷নৱম শ্ৰেণীঃ নুৰতাজ খাতুন,
🔷দশম শ্ৰেণীঃ ৰেশমিনা খাতুন,
🔷দ্বাদশ শ্ৰেণীঃৰোশমিনা আকতাৰঃ
ধন্যবাদেৰে,
মোঃ ৰফিকুল ইছলাম, অধ্যক্ষ,
গ্ৰীনভেলী একাডেমী, নাম্বাৰপাৰা ।

উৎকট গৰমৰ বাবে পাঠদানৰ সময় পৰিৱৰ্তনঃ১০ জুন ২০২৫,ইয়াৰে গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচা...
10/06/2025

উৎকট গৰমৰ বাবে পাঠদানৰ সময় পৰিৱৰ্তনঃ
১০ জুন ২০২৫,

ইয়াৰে গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, সন্মানীয় অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোক জনোৱা যায় যে একাডেমীৰ পৰিচালনা সমিতি, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী, সন্মানীয় অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলৰ মতামত সাপেক্ষে ৰাতিপুৱা পাঠদানৰ ব্যৱস্থা কৰা হৈছে। *যোৱা কেইদিনে উৎকট গৰমৰ বাবে পাঠদানত বহুত অসুবিধা হৈছে। গতিকে অহাকালি ১১ জুন বুধবাৰ ২০২৫ ইং তাৰিখৰ পৰা ৰাতিপুৱা ৭ঃ৩০ বজাৰ পৰা ১১ঃ৩০ বজালৈ ৰাতিপুৱা পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে*
গতিকে সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

ধন্যবাদেৰে,
মোঃ ৰফিকুল ইছলাম, অধ্যক্ষ,
গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰা ।

Green Valley Academy, Namberpara ৰ নতুন সংযোজন,,,
11/04/2025

Green Valley Academy, Namberpara ৰ নতুন সংযোজন,,,

10/04/2025

গুণগত শিক্ষাৰ বাবে চতুৰ্থটো শিক্ষা বৰ্ষৰ পাঠদানৰ শুভাৰম্ভণি,,, গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰা ।

HAPPY EID UL FITOR MUBARAK— 2025💫 💐🌹❤️🌷 আনন্দ, ফুৰ্তি, প্ৰেম, ত্যাগ আৰু ভাতৃত্ববোধৰ পৱিত্ৰ উৎসৱ💫🌟 ঈদৰ -উল - ফিতৰৰ⭐💫 শুভক...
31/03/2025

HAPPY EID UL FITOR MUBARAK— 2025💫
💐🌹❤️🌷 আনন্দ, ফুৰ্তি, প্ৰেম, ত্যাগ আৰু ভাতৃত্ববোধৰ পৱিত্ৰ উৎসৱ💫🌟 ঈদৰ -উল - ফিতৰৰ⭐💫 শুভক্ষণত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🌹❤️♥️

আপোনাৰ /আপোনালোকৰ আশিৰ্বাদ বিছাৰিঃ
মোঃ ৰফিকুল ইছলাম, অধ্যক্ষ,
গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰা, বঙাইগাঁও।

Address

Bongaigaon
783392

Website

Alerts

Be the first to know and let us send you an email when Green Valley Academy, Namberpara, posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share