Public Voice India: An Act of Music

Public Voice India: An Act of Music A Revive: Bringing the Folk Songs from the Land of Pratima Pande Baruah, songs of Life and Knowledge.

21/06/2026

সমগ্ৰ ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ নাগৰিক লৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাসহ মৰম ,ভালপোৱা যাচিলোঁ। আমি সকলো ভাৰতীয়ই জাতি,ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে বৃহৎ ভাৰতবৰ্ষ ৰাষ্ট্ৰৰ ভৌগোলিক ক্ষেত্ৰত "অনৈক্যৰ মাজত ঐক্য" ৰ ভেটি সুদৃঢ় কৰি ৰাখিবলৈ সকলোৰে মাজত শান্তি,
সম্প্ৰীতি, মৰম অকৃত্ৰিম ভালপোৱাৰ এনাজৰীডাল
অধিক ৰূপত শক্তিশালী হৈয়ে থাকক এয়া আমাৰ
কাম্য। এইটো সমগ্ৰ পৃথিৱীৰ মানৱ জাতিৰ মাজত চিৰসত্য আৰু চিৰযুগমীয়া হৈ থাকক। আজি ভাৰতীয়ই "অনৈক্যৰ মাজত ঐক্য "ৰ গভীৰ চেতনা
বোধৰ সম্পৰ্ক বহুজাতিক ভাৰতবৰ্ষ ৰাষ্ট্ৰ খনৰ এয়া স্বাভিমান অতি গৰ্বেৰে বিশ্ববাসীৰ সন্মুখত নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।ভাৰতবৰ্ষৰ সংবিধান স্বীকৃত ভাষাৰ উপৰিও অন্ঞ্চল বিশেষে অলিখিত আৰু অস্বীকৃত মৌখিক ভাষা নথকা নহয় । সকলোবোৰ ভাষাই কথনশৈলীৰ ওপৰত নিৰ্ভৰ। সকলোবোৰ ভাষাই সুমধুৰ। এই ভাষাৰ কথাবোৰক যেতিয়াই বাদ্যযন্ত্ৰৰ তালে তালে মিঠা আৰু সুমধুৰ কন্ঠৰ সুৰত গোৱা হয় তেতিয়াই মূল্যায়ন কৰিব পৰা যায় প্ৰতিটো ভাষাৰ গুণাগুণ।
বৰ্তমান সময়ত ছবেই আকৃষ্ট হৈ আছে -- ইণ্ডিয়ান আইডল,লিটল চেম্চ,কৌন বনেগা কড়োৰ পতি, ইত্যাদিবোৰ চেনেলৰ জৰিয়তে কণিষ্ঠ, জেষ্ঠ..... সকলোৰে সুমধুৰ কন্ঠৰ প্ৰতিভা সন্ধানী যাত্ৰাৰ । এই প্ৰতিভাৰ জৰিয়তেই ভাষা,সংস্কৃতি, কথোপকথন, বয়স,পৰিবেশ,আনন্দ, উচ্চাহ, ভাবাবেগ, পাৰিবাৰিক অৱস্থা, ইত্যাদিবোৰৰ সম্ভেদ পাওঁ। কোনোবাই লাভ কৰে প্ৰেৰণাদায়ক চিন্তা । মই ব্যক্তিগত ভাৱে তেখেত সকলৰ কৰ্মৰাজিক প্ৰসংশা আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ । চেষ্টা কৰিছোঁ এটা বাক্য - তুমকো মাৰ ডালুঙ্গা, তোমাক মাৰি পেলাম, তোমাকে মেৰে ফেলবো, আই কিল্ড ইউ, মাইৰে শেষ দিমু , এহ্ৰে মাৰি ফেলাইম। ইয়াৰ ভিতৰত কোন বাক্য কিমান শক্তিমান, তেজাল আৰু সুমধুৰ কব নোৱাৰিম নে ? বাক্য আৰু অৰ্থ একেটাই, কিন্ত্ত কথনশৈলীৰ ওপৰত নিৰ্ভৰ কৰিব সচাঁ হয় ।
" পাব্লিক ভয়্চ ইণ্ডিয়া" নামৰ এখন প্ৰতিভা বিকাশ মঞ্চ গঠন কৰা হৈছে । ঠিকনা -
Public Voice India .
HQ- Barkanda,Nayahat Tiniali.
PO-Boal Kamuri .
Vill- Boal kamuri Pt-2(ka)
Dist- Dhubri.
PIN-783348.
GP- Barkanda.(Undivided)

এই মঞ্চখনৰ জৰিয়তে আধুনিক প্ৰযুক্তিৰে সমৃদ্ধ ভাৰতবৰ্ষৰ সকলোবোৰ মোবাইল প্ৰেমী আৰু সংগীত প্ৰেমী দৰ্শকৰ মাজত অসমীয়া, হিন্দী, বড়ো
, ৰাজবংশী, গোৱালপৰীয়া ( অলিখিত ভাষা)ৰ গান
দৰ্শকৰ দৰবাৰত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ । বিশ্বাস যে , আপোনালোকে শুণি ভাল পাব। আমি অৱহেলিত শ্ৰেণীৰ ৰাইজৰ সুপ্ত প্ৰতিভা
খিনি সাৱলীল ভাৱে সুমধুৰ কন্ঠত বাদ্যযন্ত্ৰৰ জৰিয়তে সংগীতত জড়িত ব্যক্তিসকলৰ দেশ,সমাজ,জাতি,পৰিবেশ ইত্যাদিৰ ওপৰত ৰুচিবোধ সমৃদ্ধ গান উপস্থাপন কৰা হব।শ্ৰোতাসকলৰ লৈ আহ্বান প্ৰত্যেক জনে লাইক, শ্বেয়াৰ, ফলো কৰি শিল্পী সমাজ তথা মঞ্চখনক
আগুৱাই যোৱাত সাৰথি হলে কৃতজ্ঞ হ'ম।ধন্যবাদ।

Address

Barkanda
Bilasipara

Website

Alerts

Be the first to know and let us send you an email when Public Voice India: An Act of Music posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category