16/05/2026
অসমী আইৰ সুযোগ্য সন্তান, মহান মুক্তিযুঁজাৰু আৰু জননেতা ভীমবৰ দেউৰী দেৱক জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
দেশ বিভাজনৰ সংকটময় সময়ত গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূৰ্ব বংগৰ লগত সংযুক্ত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ভীমবৰ দেউৰী দেৱে সাহসী আৰু দৃঢ় কণ্ঠেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। অসমৰ জাতীয় অস্তিত্ব, ভাষা, সভ্যতা আৰু সংস্কৃতি সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা আছিল অতুলনীয় আৰু ইতিহাসসম্মত।
খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষা আৰু সমাজৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে তেখেতে আগবঢ়োৱা অৱদান যুগে যুগে স্মৰণীয় হৈ থাকিব।
তেখেতৰ আদৰ্শ, সাহস আৰু দেশপ্ৰেম আমাৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব।