20/04/2026
*আন্ধাৰৰ সীপাৰে *
( দ্বিতীয় খণ্ড )
ৰাতি ৯:০ বজাত ডিব্ৰুগড় বাণিপুৰ ৰেলৱে ষ্টেচনত অৰুণাভ ডেকা উপস্থিত হলগৈ ।
প্লেটফৰ্ম নং ১-ৰ কাষৰ ক্ল’ক ৰূমটোত প্ৰচণ্ড গৰম। অৰুণাভৰ কপালৰ ঘাম চোলাৰ কলাৰলৈ বৈ গৈছে। হাতত ডাঃৰুদ্ৰৰ ফাইলটোৰ পৰা ছিঙি অনা চাবিৰ নম্বৰ লিখা কাগজখন — *৪৭*।
লকাৰটো খুলিলে সি। ভিতৰত মাথোঁ এটা বস্তু — ক’লা ৰঙৰ পেনড্ৰাইভ। গাত লিখা আছে : *"Z-PROJECT"*।
তলত সৰুকৈ ডাঃৰুদ্ৰৰ হাতেৰে লিখা :
_“ইয়াত সকলো আছে। ১২ জন সাংসদ, ৩ জন মন্ত্ৰী, আৰু ‘দাদা’। পুলিচক নিদিবি। তোৰ লেপটপত সোমালে তই ২৪ ঘণ্টা জীয়াই নাথাকিবি। কেফে ৰাজধানী, ফাৰ্ষ্ট ফ্ল’ৰ, কম্পিউটাৰ নং ৩। পাছৱৰ্ড: মেঘালী_১৯।”_
মেঘালী। ডাঃৰুদ্ৰৰ মৃত পত্নীৰ নাম। ১৯৯৯ চনটো তেওঁলোকৰ বিয়াৰ বছৰ।
অৰুণাভে পেনড্ৰাইভটো পকেটত ভৰাওঁতেই পিঠিত ঠাণ্ডা কিবা ধাতৱ বস্ত এটা লাগিল।
“লাহে লাহে পেনড্ৰাইভটো মাটিত থৈ দে অফিচাৰ।”
মাতটো চিনি পালে সি। *ভাস্কৰ কলিতা ওৰফে ‘কলি দাদা’*। অসমৰ ড্ৰাগছ সাম্ৰাজ্যৰ ৰজা। যাক ধৰিবলৈ ডাঃৰুদ্ৰই ৭ বছৰ প্ৰমাণ বিচাৰিবলৈ লগাইছিল।
“তই কেনেকৈ গম পালি মই ইয়াত আছোঁ বুলি?” অৰুণাভে সুধিলে ঘূৰি নোচোৱাকৈ।
“কাৰণ ফোনটো ময়েই কৰিছিলোঁ। ডাঃৰুদ্ৰৰ মাতটো AI-ৰে বনোৱা। মৰা মানুহক জীয়াই তোলাটো আজিকালি সহজ অ’ ডিটেক্টিভ।” কলি দাদাই হাঁহিলে, “এতিয়া ক’চোন, পেনড্ৰাইভটো দিবি নে তোৰ মূৰটো ফুটাব লাগে..?”
হঠাৎ গোটেই ষ্টেচনৰ লাইট নুমাই গ’ল। লোডশ্বেডিং।
আৰু সেইসময়তে অন্ধকাৰৰ সুযোগ লৈ অৰুণাভে জাঁপ মাৰিলে প্লেটফৰ্মৰ পৰা ৰেল লাইনলৈ। পিছফালে গুলীৰ শব্দ — ঠাং! ঠাং!........
কম্পিউটাৰ নং ৩-ৰ স্ক্ৰীণত পাছৱৰ্ড টাইপ কৰিলে সি: *মেঘালী_১৯৯৯*
পেনড্ৰাইভটো কম্পিউটাৰৰ লগত অৰুণাভে সংযোগ কৰিলে ।
ফোল্ডাৰ মাথোঁ এটা: *"অপাৰেচন ব্লেক এণ্ড হোৱাইট"*।
ভিতৰত ৪৭টা ভিডিঅ’ ফাইল। প্ৰতিটো ফাইলৰ নাম এজন এজন নেতাৰ। প্ৰথমটো খুলিলে সি।
স্ক্ৰীণত দেখা গ’ল — ৰাজ্যৰ গৃহমন্ত্ৰী, হাতত বগা পাউদাৰৰ পেকেট। কাষত থিয় দি আছে কলি দাদা ওৰফে ভাস্কৰ কলিতা । তাৰিখ: ১৫ আগষ্ট, ২০২৫।
সকলো এফালৰ পৰা অৰুণাভে চাই গ'ল । ভিডিঅ' বোৰ দেখি সি হতবাক । ৰাজ্যৰ নামী দামী মন্ত্ৰী, বিধায়ক , উকিল , আৰক্ষী বিষয়া , চিনেমাৰ প্ৰযোজক ,পৰিচালক , নায়ক নায়িকাৰ মুখাবোৰ এখন এখনকৈ তাৰ আগত দৃশ্যমান হৈ উঠিল ।
আচৰিতজনক ভাৱে ৪৭ নং ভিডিঅ’টোৰ নাম: *"অৰুণাভ_ডেকা.mp4"*
ফাইলটো উৎসুকতাৰে খোলাৰ আগতেই কেফেৰ চাটাৰখন হঠাৎ বাহিৰৰ পৰা নমাই দি অতৰ্কিতে উদ্যত পিস্তল লৈ চাৰিজন ব্যক্তি সোমাই আহিল ।
মাউছত হাত থৈ অৰুণাভে ভাবিলে — ডাঃৰুদ্ৰই কিয় তাৰ নামতো ফাইল বনালে? সি নিজেও বিক্ৰী হৈ গৈছিল নেকি? নে... সিও ট্ৰেপত পৰিছে ?
ঠিক তেনেতে ব্যক্তি এজনে অৰুণাভৰ দুৱাৰত টোকৰ দি ফিল্মী ষ্টাইলত সুধিলে ,
“অৰুণাভ ডেকা, AS-01-AB-4747 গাড়ীখন আপোনাৰ নেকি? তলত বোমা আছে বুলি খবৰ আহিছে। ওলাই আহক।”
কিন্তু অৰুণাভৰ গাড়ীৰ নম্বৰ AS-01-AB-4747 নহয়।
সি বুজি পালে — এইটো কলি দাদাৰ শেষ চাল। ওলাই গ’লেই মৃত্যু। নোলালেও মৃত্যু।
লৰালৰিকৈ সি *"অৰুণাভ_ডেকা.mp4"* ত ক্লিক কৰিলে।
[আগলৈ...]
---