05/01/2026
মই কৈছোঁ চিনি পাইছেনে ? আজি কালি মই আপোনালোকৰ মাজলৈ সঘনাই আহিবলৈ লৈছো । মোলৈকে আপোনালোকৰ বৰ ভয় । তথাপিও মই সঘনাই আহিবলৈ লৈছো। আপোনালোকে পাহৰি যোৱা বুলি ভাবিছিল নেকি? মোক কৰা সেই অত্যাচাৰ অনিয়মৰ কৰ্মবোৰ । মোৰ কিন্তু সকলোবোৰ এটা এটাকৈ মনত আছে। মই এটা প্ৰশ্ন সদায় কৰো আপোনালোকক কিন্তু কি হ'ব আপোনালোকেতো কেবল নিজক আৰু নিজৰ খিনিকে নিজৰ বুলি ভাবি আহে । কেতিয়াবা ভাবিছিল নে যে এই সকলোবোৰ নাথাকিলে আপোনালোক কেনেকৈ থাকিব। মই আপোনালোকক সেই বাবেই মোৰ কোলাত লৈছিলো যে আপোনালোকে সকলোৱেই মিলি জুলি এটা সুন্দৰ জীৱন যাপন পাৰ কৰিব পাৰে, মোক মোৰ পৰিয়ালৰ পৰা আপোনালোকে যেনেকৈ ভাগ ভাগ কৰি পেলাইছে তেনেকৈ সকলোকে ময়ো ভাগ ভাগ কৰিবলৈ সঘনাই আহিবলৈ লৈছো। আপোনালোকৰ লোভ,মোহ, ঘৃণা, অত্যাচাৰি, হিংসাত্মক ভাববোৰ ক'ত যায় তেতিয়া? তেতিয়া কেৱল জীয়াই থাকিবলৈ মোৰ পৰিয়ালৰ মাজলৈ দৌৰি আহে আপোনালোক। যেতিয়া মই আকৌ নিজক সজাই ল'বলৈ ধৰো । তেতিয়া আপোনালোকে মোক বিচাৰি চাই যে মই কিমান জোৰেৰে আহিছো। কিন্তু মনবোৰ সলনি নকৰে কেতিয়াও। এতিয়াওঁ সময় আছে সকলোকে নিজৰ বুলি মৰমেৰে ৰাখা । নহ'লে আকৌ আহি আছো মই ভূমিকম্প কৈছোঁ। প্ৰকৃতি মোৰ পৰিয়ালৰ , আৰু মোৰ শান্ত পুত্ৰৰ নামেই হ'ল ভূমি । গতিকে মোৰ পৰিয়ালতো বিনষ্ট নকৰিব 🙏🏻 নহ'লে মোৰ শান্ত পুত্ৰৰ খঙ উঠিলে আপোনালোকে শান্তিত থাকিব নোৱাৰিব। গতিকে হাতযোৰ 🙏🏻 কৰিছোঁ। প্ৰকৃতি সংৰক্ষণ কৰক
লিখনি: অৰূপ হালৈ