20/06/2026
বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?
তুমি সাৰে আছা সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি।
বিহুৰ তলিত চিফুং বাহীৰ কৰুণ সুৰ,
বড়ো গাভৰুৰনাচোনৰতাল ভাগে–
জনতাৰ চকু,চকুৰপানীৰে পুৰ,
মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায় ,
বিষ্ণু ৰাভা নাই!!