10/06/2026
#বিশেষ_ঘোষণা
চৰাইদেউ জিলাৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত ধন লাভ কৰা সকলো হিতাধিকাৰী কৃষকসকলৰ বাবে এক বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে৷। অহা ২৬ জুনৰ পূৰ্বে সকলো হিতাধিকাৰীয়ে নিকটৱৰ্টী সংবাদ কেন্দ্ৰত (CSC ) গৈ ই-কেৱাইচি (eKYC ) সম্পন্ন নকৰিলে পৰবৰ্তী কিস্তিৰ ধন লাভ কৰাত বাধাৰ সন্মুখীন হ'ব৷ গতিকে সকলোকে অতি শীঘ্ৰে ই-কেৱাইচি কৰিবলৈ চৰাইদেউ জিলা কৃষি বিভাগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ'ল৷ লগতে যিসকলে এতিয়াও কৃষক পঞ্জীয়ন কৰা নাই তেঁওলোক অতি সোনকালে পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল৷ অধিক জানিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়, নিকটতম কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়ক, গাঁও প্ৰধান, কৃষি সখী সকলৰ সৈতে যোগাযোগ কৰক ।
Charaideo District Administration District Agriculture Office, Charaideo