Sahin Sultana

Sahin Sultana নমস্কাৰ সকলোলৈকে‌‌

26/06/2024

কেনেকৈ বুজাওঁ যে তাই শিল হৈ গ'ল,
জীৱন বাটৰ নাটৰ অভিনয়ৰ আঁৰৰ মুখবোৰ যে তাই চিনি পোৱা হ'ল | হাঁহি হাঁহি অশ্রুবোৰো যে তাই লুকুৱাব পৰা হ'ল | নানাজনৰ কথাৰ বাণবোৰেও যে তাইক একো আঘাতেই নকৰা হ'ল | আৱেগবোৰ সেঁচি সেঁচি হইতো এদিন তাই শিল হৈ ৰ'ল |কেনেকৈ বুজাওঁ যে তাই শিল হৈ গ'ল |
~চাহিন চুলতানা

আমাৰ বন্ধু-বান্ধৱী সকলৰ মাজৰ আড্ডাবোৰত যেতিয়া বিষয় কিতাপ হয় , তেতিয়া এখন কিতাপৰ নাম সদায় স্থায়ী, সেইখনেই হৈছে "কৌশ...
08/06/2024

আমাৰ বন্ধু-বান্ধৱী সকলৰ মাজৰ আড্ডাবোৰত যেতিয়া বিষয় কিতাপ হয় , তেতিয়া এখন কিতাপৰ নাম সদায় স্থায়ী, সেইখনেই হৈছে "কৌশিক নন্দন বৰুৱা "ৰ "নিৰিবিলি"🫶🏻 মনত এক হেঁপাহ পুহি থৈছিলো যে কিতাপখন পঢ়িম.... কিন্তু অনুৰণ আৰু সন্ধ্যাৰ মিলনত যিদৰে ঘাট- প্ৰতিঘাট আহিছিল ঠিক তেনেদৰে ' নিৰিবিলি ' আৰু মোৰ মাজতো একেই.. যেতিয়াই কিতাপখন বিচাৰি দোকান যাওঁ.... হয়টো কাৰোবাৰ কিতাপখন বিক্ৰী কৰি শেষ হয় নহয়টো অন্য কিবা কাৰণত কিনিবলৈ নোৱাৰোঁ🙂 অৱশেষত ' নিৰিবিলি' কিনিলোঁ ❤️‍🩹
এইযে 'নিৰিবিলি' য'ত আছে সহজেই সকলোকে আপোন কৰিব পৰা সন্ধ্যাজনি, য'ত আছে অভিমান্যুৰ দৰে এখন ধুনীয়া হৃদয়ৰ বন্ধু,য'ত আছে 'মই আছো' বুলি সদায় সন্ধ্যাৰ কাষত থিয় দিয়া অনুৰণ, য'ত আছে সাঁথৰ সাঁথৰ লগা ময়ুৰ আৰু যে অনুৰাধা।
কৌশিক নন্দন দাদাৰ লিখনিত এক যাদু আছে যিয়ে নিকি সহজেই চুই গৈছে হৃদয়ৰ একুণ, কিছুমান কিতাপ বিশেষকৈ 'অনুৰাধা শৰ্মা পূজাৰী' বাইদেউৰ কিতাপবোৰৰ পৰা সৰু সৰু শাৰীবোৰৰ উদাহৰনে আৰু বিশেষ কৰি তুলিছে তেওঁৰ লিখনিবোৰ🫶🏻 আচৰিত হওঁ হৃদয়ত কিমান ভাল লগা থাকিলে বাৰু কলমত নিগৰি আহিব পাৰে ইমান ধুনীয়া লিখনিবোৰ✨ মাত্ৰ তিনি ৰাতিৰ ভিতৰত কিতাপখনৰ অন্তিমটো পৃষ্ঠাত উপনীত হৈছিলোঁ তেতিয়া যেন সুখ আৰু দুখে আৱৰি ধৰিছিলে হৃদয় খনত... সুখ আছিল ইমান বেছি ধুনীয়া কিতাপ এখন পঢ়াৰ আৰু দুখ হৈছিল যে সেইখন যে পঢ়ি শেষ🥺
-"কি লাভ ইমান উজ্জ্বল বেলি হৈ? যদি জোনৰ দৰে কোনেও মন ভৰি চাবই নোৱাৰে।"
-'এদিন মমৰ শিখাটোৱে গলি থকা মমডালক সুধিছিল,"ইমান কি ট্ৰেজেদী তোমাৰ, সদায় যে চকুলো বৈয়ে থাকে?"উত্তৰত মমডালে একো নাই বুলি মাত্ৰ হাঁহে। কেনেকৈনো ক'ব,"বুকুত জুইকুৰা জ্বলাই এই কষ্ট যে সদায় তুমিয়েই দি আছা।"
-'এবাৰ সুখে দুখক ক'লে,"পৃথিৱীত তোমাৰ কি প্ৰয়োজন, মইয়েচোন কৰোঁ শান্তিৰ আয়োজন।"তেতিয়া দুখে কৈছিল,"মোৰ প্ৰয়োজন উজাগৰী নিশাৰ কবিতা ৰচিবলৈ, মোৰ প্ৰয়োজন আপোন মানুহৰ মুখ চিনিবলৈ।"

জীয়াই থকাৰ উৎস যেন এইয়াই❤️ বাৰে বাৰে প্ৰেমত পৰোঁ কিতাপৰ কাহিনীবোৰৰ সৈতে🌹 প্ৰতিখনতে নতুন নতুন কিছু সোৱাদ । কোনোবাখনত  ধ...
30/04/2024

জীয়াই থকাৰ উৎস যেন এইয়াই❤️ বাৰে বাৰে প্ৰেমত পৰোঁ কিতাপৰ কাহিনীবোৰৰ সৈতে🌹 প্ৰতিখনতে নতুন নতুন কিছু সোৱাদ । কোনোবাখনত ধুমুহাৰ শেষটো, যুদ্ধাৰ বেশতো এই সমাজ জীৱনৰ সৈতে যুঁজি থকা কাঞ্চন,আন এখনত আনক সদায় সহায়ৰ হাত আগবঢ়াৱা ভাস্বতি ❤️ কোনোবাখনত নৱ - প্ৰজন্মৰ মনস্তাত্বিক জগতখনক অধ্যয়ন কৰিছে✨আন এখনত প্ৰেম এনেধৰণৰ "ভাল পোৱাক স্বাধীন কৰি ৰাখিলেহে লক্ষ্য পূৰণ হয় । ভাল পুৱাক আপোন কৰিবলৈ আগ্ৰহ নকৰাই ভাল"❤️
ভাল পাওঁ সময়বোৰ কিতাপৰ সৈতে কটায় 💕 বহু উজাগৰে কটোৱা নিশাবোৰৰ সাক্ষী হৈ ৰ'ব কিতাপবোৰ💗

18/04/2024

কবিতা- মই মন্ত্ৰী হ'ব বিচাৰোঁ
কবি - গীৰেন গোপ

23/03/2024

'' কেতিয়াবা মনটোৰ ভাগৰ লাগেনে"

কথা-কৌশিক নন্দন বৰুৱা
উৎস- ' সৰাফুল'

23/03/2024

কবিতা- সোণমণি
কবি- ত্ৰিদিব কলিতা
আবৃত্তি- চাহিন চুলতানা
(গুৱাাটীৰ এখন বিখ্যাত স্কুলৰ টপাৰ পৰীক্ষাৰ চাপ সহিব নোৱাৰি প্ৰাণত্যাগ কৰে। বৰ্ণিত চৰিত্ৰসমূহ কাল্পনিক)

Address

Lakhimpur, Rangpuria
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Sahin Sultana posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category