08/06/2024
আমাৰ বন্ধু-বান্ধৱী সকলৰ মাজৰ আড্ডাবোৰত যেতিয়া বিষয় কিতাপ হয় , তেতিয়া এখন কিতাপৰ নাম সদায় স্থায়ী, সেইখনেই হৈছে "কৌশিক নন্দন বৰুৱা "ৰ "নিৰিবিলি"🫶🏻 মনত এক হেঁপাহ পুহি থৈছিলো যে কিতাপখন পঢ়িম.... কিন্তু অনুৰণ আৰু সন্ধ্যাৰ মিলনত যিদৰে ঘাট- প্ৰতিঘাট আহিছিল ঠিক তেনেদৰে ' নিৰিবিলি ' আৰু মোৰ মাজতো একেই.. যেতিয়াই কিতাপখন বিচাৰি দোকান যাওঁ.... হয়টো কাৰোবাৰ কিতাপখন বিক্ৰী কৰি শেষ হয় নহয়টো অন্য কিবা কাৰণত কিনিবলৈ নোৱাৰোঁ🙂 অৱশেষত ' নিৰিবিলি' কিনিলোঁ ❤️🩹
এইযে 'নিৰিবিলি' য'ত আছে সহজেই সকলোকে আপোন কৰিব পৰা সন্ধ্যাজনি, য'ত আছে অভিমান্যুৰ দৰে এখন ধুনীয়া হৃদয়ৰ বন্ধু,য'ত আছে 'মই আছো' বুলি সদায় সন্ধ্যাৰ কাষত থিয় দিয়া অনুৰণ, য'ত আছে সাঁথৰ সাঁথৰ লগা ময়ুৰ আৰু যে অনুৰাধা।
কৌশিক নন্দন দাদাৰ লিখনিত এক যাদু আছে যিয়ে নিকি সহজেই চুই গৈছে হৃদয়ৰ একুণ, কিছুমান কিতাপ বিশেষকৈ 'অনুৰাধা শৰ্মা পূজাৰী' বাইদেউৰ কিতাপবোৰৰ পৰা সৰু সৰু শাৰীবোৰৰ উদাহৰনে আৰু বিশেষ কৰি তুলিছে তেওঁৰ লিখনিবোৰ🫶🏻 আচৰিত হওঁ হৃদয়ত কিমান ভাল লগা থাকিলে বাৰু কলমত নিগৰি আহিব পাৰে ইমান ধুনীয়া লিখনিবোৰ✨ মাত্ৰ তিনি ৰাতিৰ ভিতৰত কিতাপখনৰ অন্তিমটো পৃষ্ঠাত উপনীত হৈছিলোঁ তেতিয়া যেন সুখ আৰু দুখে আৱৰি ধৰিছিলে হৃদয় খনত... সুখ আছিল ইমান বেছি ধুনীয়া কিতাপ এখন পঢ়াৰ আৰু দুখ হৈছিল যে সেইখন যে পঢ়ি শেষ🥺
-"কি লাভ ইমান উজ্জ্বল বেলি হৈ? যদি জোনৰ দৰে কোনেও মন ভৰি চাবই নোৱাৰে।"
-'এদিন মমৰ শিখাটোৱে গলি থকা মমডালক সুধিছিল,"ইমান কি ট্ৰেজেদী তোমাৰ, সদায় যে চকুলো বৈয়ে থাকে?"উত্তৰত মমডালে একো নাই বুলি মাত্ৰ হাঁহে। কেনেকৈনো ক'ব,"বুকুত জুইকুৰা জ্বলাই এই কষ্ট যে সদায় তুমিয়েই দি আছা।"
-'এবাৰ সুখে দুখক ক'লে,"পৃথিৱীত তোমাৰ কি প্ৰয়োজন, মইয়েচোন কৰোঁ শান্তিৰ আয়োজন।"তেতিয়া দুখে কৈছিল,"মোৰ প্ৰয়োজন উজাগৰী নিশাৰ কবিতা ৰচিবলৈ, মোৰ প্ৰয়োজন আপোন মানুহৰ মুখ চিনিবলৈ।"