01/11/2020
নষ্টালজীয়া, স্বপ্নভংগ ইত্যাদি...
লক্ষী পূজাৰ জোনাকী নিশা অ’ত ত’ত জোনাকী পৰুৱা বোৰে উমলি ফুৰিছে।দিনটো প্ৰানোচ্ছল হৈ থকা “নাহৰৰ দেশ” খনে যেন দিনটোৰ ভাগৰ মাৰি এতিয়া গভীৰ নিদ্ৰাত নিমগ্ন।কোমল দলিচা বনদৰাৰ ওপৰত যেন এতিয়া সৌৱা জোনাকৰ হেপাঁহৰ লুকা-ভাকু। এনে দুৰ্বাৰ আবেদনৰ আকুলতাত মই এটি স্বপ্নৰ ৰূপলৈ এখুজি দুখুজিকৈ ওলাই আহিলো। বাহিৰত শৰতৰ প্ৰথমজাক শীতল বতাহে লাহেকৈ মোক আহি সাৱটি ধৰিলেহি। অদুৰত এতিয়াও এখন দুখন গাড়ী লাইট জ্বলাই পাৰ হৈ গৈছে; হয়তো কিবা আশাৰ পিছত এতিয়াও সিহঁত দৌৰি আছে! কিন্তু কিয়জানো এনে আকুল পৰিবেশত আশাবোৰতকৈ, ঘৰৰ কাষৰ বাহঁনি দৰাত চিঞৰি থকা ডাউক জনীৰ মাতটোহে দেখোন মোৰ বাবে প্ৰায়ে ভাল লগা হৈ পৰে। তেতিয়াই মনটো উৰা মাৰে, শৈশৱৰ দৰে আইতাৰ কোলাত বহি, চোতালত জোনাকীৰ উমলৈ এতিয়াও যেন শুনি আছো কোনোবা ৰাজকোঁৱৰৰ কাহিনী। এই নিস্তব্ধ, ৰূপূৱালী নিশা মানুহৰৰ পৰা বহু দুৰত, জোনাকৰ মুকুট পিন্ধি মই পুনৰ এবাৰ ৰাজকোঁৱৰ হৈ পৰো। গাত লাগি থাকে আইতাৰ চুলিৰ সেই পুৰণি গোন্ধতেলৰ সুগন্ধ আৰু খুন্দনাত খুন্দা তামোলৰ শেৱালী যেন মাদকতা। এনেতে কাৰোবাৰ কান্দোনৰ চিঞৰত মই সাৰ পাও; হয়তো পুনৰ কাৰোবাৰ আশাৰ স্বপ্ন ভংগ হ’ল।কিন্তু কাৰ!!!!